Raijor Dal ৰাইজৰ দল

Raijor Dal ৰাইজৰ দল আমাৰ প্ৰথম কথা উন্নয়ন
আৰু শেষ কথাও উন্নয়ন।
(2)

আজি ONGCৰ ‘অসম সম্পদ (Assam Asset)ৰ ইডি উদয় পাছোৱান ডাঙৰীয়া আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অ’এনজিচিৰ বি...
20/08/2026

আজি ONGCৰ ‘অসম সম্পদ (Assam Asset)ৰ ইডি উদয় পাছোৱান ডাঙৰীয়া আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অ’এনজিচিৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এলানি আলোচনা সম্পন্ন হয়। এই আলোচনামৰ্মে হোৱা সিদ্ধান্তসমূহঃ-

১) শিৱসাগৰৰ নগৰৰ ড্ৰেইনেজ চিষ্টেমটোৰ কাৰণে ৫০ কোটি টকা দিব।
২) শিৱসাগৰ, নাজিৰা, সোণাৰিৰ বানপীড়িত নগৰবোৰত জমা হোৱা জাবৰ-জোথৰ নিষ্কাষণ কৰি দিব।
৩) শিৱসাগৰৰ ভাগি পৰা লোৰ দলংসমূহৰ বাবে প্ৰয়োজনীয় সম্পূৰ্ণ লোৰ পাইপ যোগান ধৰিব।
৪) বানপীড়িত গাঁওবোৰত কমিউনিটী হল যেনে: নামঘৰ বা ৰাজহুৱা প্ৰেক্ষাগৃহ পৰ্যায়ক্ৰমে মিৰ্মাণ কৰিব।
৫) শিৱসাগৰ সমষ্টিৰ ১০ হাজাৰ বানপীড়িতৰ বাবে বিচনা আৰু তুলি যোগান ধৰিব।


#ৰাইজৰ_দল

20/08/2026

মিশ‍্যন আশ্রয়

২৫ হাজাৰকৈ ২০ টা কেঁচা ঘৰ নিৰ্মাণৰ বাবে মুঠ ৫ লাখ টকাৰ প্ৰথমটো সাহায‍্য। দিচাং ফাউণ্ডেশ‍্যনৰ হৈ জানমণি গগৈ আৰু শ্বেতা গগৈয়ে এই ধনৰাশি আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ হাতত তুলি দিয়ে। আমি শীঘ্ৰেই এখন গাঁৱৰ বানত একেবাৰে ভাগি যোৱা ২৫ টা ঘৰৰ বাবে খৰচ কৰিম। দিচাং ফাউণ্ডেশ‍্যনৰ সকলো সদস‍্যকে আন্তৰিক আৰু অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।



20/08/2026

চাৰিখন জিলাৰ বানপীড়িত ৰাইজৰ বাবে ভাল খবৰ। আজিৰ সংবাদ মেলত সবিশেষ:

অসমৰ এজন বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক,সুদক্ষ অভিনেতা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞানদাভিৰাম বৰুৱাদেৱক জন্মবাৰ্...
19/08/2026

অসমৰ এজন বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক,সুদক্ষ অভিনেতা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞানদাভিৰাম বৰুৱাদেৱক জন্মবাৰ্ষিকীত সশ্ৰদ্ধাৰে স্মৰণ কৰিছো। "ভেনিচৰ সাউদ", "পঞ্চৰত্ন", "দদাইৰ পঁজা" আদি বিভিন্ন গ্রন্থ ৰচনাৰে বৰুৱা ডাঙৰীয়াই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।
১৯১৪ চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত জ্ঞানদাভিৰাম বৰুৱা তাৰ অধ্যক্ষ নিযুক্ত হয়। বৰুৱা ডাঙৰীয়াই অসমৰ শিক্ষা জগতলৈয়ো বহুমূলীয়া বৰঙণি আগবঢ়াই গৈছে।
#ৰাইজৰ_দল

আজি 'জেংৰাই কবি' অজিৎ বৰুৱাদেৱৰ জন্মবাৰ্ষিকী।সাহিত্য অকাডেমিৰ বঁটা প্রাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫)  একেধাৰে কবি, গীতিকাৰ, ...
19/08/2026

আজি 'জেংৰাই কবি' অজিৎ বৰুৱাদেৱৰ জন্মবাৰ্ষিকী।
সাহিত্য অকাডেমিৰ বঁটা প্রাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫) একেধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচক আছিল। ’জেংৰাই-১৯৬৩’ নামৰ কবিতাটিৰ লিখাৰ পাছৰপৰাই তেখেত ‘জেংৰাই কবি’ হিচাপে সাৰস্বত সমাজত পৰিচিত হৈছিল৷ ১০০ সংখ্যক জন্মবাৰ্ষিকীত বৰুৱা দেৱক শ্ৰদ্ধাৰে সুৱৰিছোঁ‌।

#ৰাইজৰ_দল

পৱিত্ৰ ভাদ মাহৰ শুভেচ্ছা 🙏আজি পৱিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন। এই পৱিত্ৰ মাহৰ শুভাৰম্ভণি উপলক্ষে সমগ্ৰ অসমবাসীলৈ আন্তৰিক প্ৰ...
19/08/2026

পৱিত্ৰ ভাদ মাহৰ শুভেচ্ছা 🙏

আজি পৱিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন। এই পৱিত্ৰ মাহৰ শুভাৰম্ভণি উপলক্ষে সমগ্ৰ অসমবাসীলৈ আন্তৰিক প্ৰণিপাত আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ভক্তি, আধ্যাত্মিকতা আৰু পৱিত্ৰতাৰে ভৰা এই ভাদ মাহে প্ৰতিগৰাকী অসমবাসীৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু মংগল কঢ়িয়াই আনক—এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।

পৱিত্ৰ ভাদ মাহে সকলোৰে জীৱন আলোকিত কৰক।

🙏 জয় আই অসম।

18/08/2026
বহুমুখী প্ৰতিভাৰ অধিকাৰী স্বাধীনতা সংগ্ৰামী লক্ষ্যধৰ চৌধুৰীদেৱ অসম সাহিত্য সভা, অসম নাট্য সন্মিলন আদিৰ দৰে অনুষ্ঠানৰ লগত...
18/08/2026

বহুমুখী প্ৰতিভাৰ অধিকাৰী স্বাধীনতা সংগ্ৰামী লক্ষ্যধৰ চৌধুৰীদেৱ অসম সাহিত্য সভা, অসম নাট্য সন্মিলন আদিৰ দৰে অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। ১৯৬৭ চনত লক্ষ্যধৰ চৌধুৰীদেৱে প্ৰথম বাৰৰ বাবে অসম বিধান সভাৰ মজিয়ালৈ নিৰ্বাচিত হৈ ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভা আদিৰ সৈতে লগলাগি অসমত এক সাংস্কৃতিক গন জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। চৌধুৰীদেৱে অসমৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
অসমৰ ৰাজনৈতিক, সাংস্কৃতিক তথা সাহিত্যৰ ক্ষেত্ৰলৈ তেখেতে আগবঢ়াই যোৱা বৰঙণিৰ বাবে তেখেত আমাৰ মাজত চিৰ স্মৰণীয় হৈ ৰ'ল। চৌধুৰীদেৱৰ মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

#ৰাইজৰ_দল

শ্রদ্ধাঞ্জলিবিশিষ্ট শিক্ষাবিদআগম মিগাং টাবুৰাম টাইদ(১ আগষ্ট, ১৯৪২ - ১৭ আগষ্ট, ২০১৯)
17/08/2026

শ্রদ্ধাঞ্জলি
বিশিষ্ট শিক্ষাবিদ
আগম মিগাং টাবুৰাম টাইদ
(১ আগষ্ট, ১৯৪২ - ১৭ আগষ্ট, ২০১৯)

আধুনিক অসমীয়া সংগীত জগতৰ গণমুখী ধাৰাটোক সবল কৰি তোলা খগেন মহন্তদেৱৰ আজি জন্মবাৰ্ষিকী। অসমৰ গাঁৱে-ভূঁ‌য়ে সিঁচৰতি হৈ থকা আ...
17/08/2026

আধুনিক অসমীয়া সংগীত জগতৰ গণমুখী ধাৰাটোক সবল কৰি তোলা খগেন মহন্তদেৱৰ আজি জন্মবাৰ্ষিকী।

অসমৰ গাঁৱে-ভূঁ‌য়ে সিঁচৰতি হৈ থকা আৰু কেঁচা মাটিৰ সুবাস সনা লােক-সংগীতবোৰক বুটলি আনি গণশিল্পী খগেন মহন্তই নতুন ৰূপত পৰিৱেশন কৰিছিল৷ সেই সংগীতবোৰত মূৰ্ত হৈ উঠিছিল অসমৰ খাটিখােৱা মানুহৰ সুখ-দুখ, আশা-সপােনবােৰ৷

মানুহৰ বাবে মানুহৰ গীত গোৱা গণ শিল্পীগৰাকীক আজি জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ‌।


#ৰাইজৰ_দল

Address

House No. 1 Mathgharia, Near Modern High School
Guwahati
781020

Alerts

Be the first to know and let us send you an email when Raijor Dal ৰাইজৰ দল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Raijor Dal ৰাইজৰ দল:

Shortcuts

Share