Congress for Nazira

Congress for Nazira This page is created to support and share the ideology and the activities of congress party in Nazira.

15/07/2025
16/02/2023

আজি শিৱসাগৰ জিলা পৰিষদৰ সভাকক্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনা - (গ্ৰামীণ) ৰ অধীনত ৩.৮ লাখ হিতাধিকাৰীলৈ পুঁজি প্ৰদানৰ সম্পৰ্কত আয়োজিত এখনি সভাত নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়াদেৱৰ বক্তব্যৰ কিয়দাংশ।

Debabrata Saikia

আজি নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনত দে...
27/01/2023

আজি নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনত দেৱাল নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে বিধায়কৰ এলেকা উন্নয়ন পুঁজিৰ পৰা তেখেতে দেৱাল নিৰ্মাণৰ বাবে তেখেতে ২ লাখ টকাৰ পুঁজি আগবঢ়াই।

07/01/2023

এয়াই হৈছে মোদী নেতৃত্বাধীন New India

নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়াদেৱে নাজিৰা-শিমলুগুৰি নগৰত ই-ৰিক্সা চলাচলত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ ক...
06/01/2023

নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়াদেৱে নাজিৰা-শিমলুগুৰি নগৰত ই-ৰিক্সা চলাচলত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ দৰ্শাই আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়লৈ এক পত্ৰ প্ৰেৰণ কৰে আৰু এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়।

Debabrata Saikia DC Sivasagar

আজি ৰমণী মণ্ডল কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা ৰমণী অঞ্চলৰ সুযোগ্য সন্তান, নৱনিযুক্ত আৰক্ষী বিভাগৰ উপ-পৰিদৰ্শক মাধুৰ্য বাইলুংক স...
17/10/2022

আজি ৰমণী মণ্ডল কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা ৰমণী অঞ্চলৰ সুযোগ্য সন্তান, নৱনিযুক্ত আৰক্ষী বিভাগৰ উপ-পৰিদৰ্শক মাধুৰ্য বাইলুংক সম্বৰ্ধনা জনোৱা হয়।

08/10/2022


#ভাৰত_জোড়ো_যাত্ৰা

নাজিৰা সমষ্টিৰ নাগিনীমৰাৰ পৰা শিমলুগুৰিলৈকে থকা পথছোৱা (প্রায় ১১ কিঃমিঃ)২০১৪ চনতে ৰাষ্ট্ৰীয় ঘাইপথ ৰূপে ঘোষণা কৰিছিল, ক...
01/10/2022

নাজিৰা সমষ্টিৰ নাগিনীমৰাৰ পৰা শিমলুগুৰিলৈকে থকা পথছোৱা (প্রায় ১১ কিঃমিঃ)২০১৪ চনতে ৰাষ্ট্ৰীয় ঘাইপথ ৰূপে ঘোষণা কৰিছিল, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নিতীন গাডকাৰী ডাঙৰীয়াই। কিন্তু আজিলৈকে সেয়া হৈ নুঠিল। বৰঞ্চ বৰ্তমান এই পথটোৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিছে। এই সন্দৰ্ভত আমাৰ নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক দেবব্ৰত শইকীয়া ডাঙৰীয়াই যোৱা ০৯ ছেপ্তেম্বৰ তাৰিখে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এখন পত্ৰৰ প্ৰেৰণ কৰি অৱগত কৰাইছিল।

Himanta Biswa Sarma Debabrata Saikia Indian National Congress - Assam

নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়াদেৱে বিগত সময়চোৱাত নাজিৰাৰ স্থানীয় যুৱক-যুৱতীসকলক নিয়োগৰ ক্ষেত্ৰত অগ্...
23/09/2022

নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়াদেৱে বিগত সময়চোৱাত নাজিৰাৰ স্থানীয় যুৱক-যুৱতীসকলক নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবৰ বাবে অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ ওচৰত অনুৰোধ জনাইছিল। সেই মৰ্মে আজি অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ অধ্যক্ষ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়াৰ সৈতে এই সমিতিৰ সদস্যবৃন্দ ক্ৰমে বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া আৰু হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই ONGC আৰু ONGC য়ে নিয়োগ কৰা বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানসমূহে ৰাজ্য চৰকাৰৰ নিয়োগ নীতি অনুসৰি থলুৱা যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ দিছে নে নাই সেই সম্পৰ্কে ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি পৰ্যালোচনা চলাবলৈ নাজিৰা সমষ্টিত উপস্থিত হয়। স্থানীয় বিধায়ক হিচাপে নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়াদেৱ এই দলটোৰ সৈতে উপস্থিত থাকে। উক্ত দলটোক আজি নাজিৰা আগমনৰ সময়ত নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা সৌজন্যতামূলক সাক্ষাৎ কৰে আৰু সম্বৰ্ধনা জনায়।

Debabrata Saikia

Address

B Barua Road
Guwahati
781007

Website

Alerts

Be the first to know and let us send you an email when Congress for Nazira posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share