Janasanyog Kamrup Metro

Janasanyog Kamrup Metro This is the Official page of the Office of the DIPRO Kamrup Metropolitan

19/08/2026
15/08/2026
06/08/2026
কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছ.ৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা আয়ুক্ত...
06/08/2026

কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছ.ৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত মনজিৎ বৰকাকতী, অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্য, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য -সচিব অভিজিৎ চৌধুৰী,এডিচিপি ট্ৰেফিক -২ মৃন্ময় গোস্বামী,পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত তামচিন আফতাব ,জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসকে ধৰি পথ সুৰক্ষা সমিতিৰ সৈতে জড়িত লোক নিৰ্মাণ, স্বাস্থ্য, আবকাৰী আদি বিভাগৰ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে।
Directorate of Information and Public Relations, Assam

01/08/2026
28/07/2026
কামৰূপ মহানগৰ জিলাৰ  জিলা আয়ুক্ত স্বপ্নীল পাল, আই,এ.এছ, এ আজি সোণাপুৰ জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন স...
22/07/2026

কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পাল, আই,এ.এছ, এ আজি সোণাপুৰ জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন সা-সুবিধা আৰু সেৱাসমূহৰ বুজ লয়। পৰিদৰ্শনকালত তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM), ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ বিভিন্ন মুখ্য আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে।ইয়াৰ উপৰিওজিলা আয়ুক্তগৰাকীয়ে চিকিৎসালয়ত উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰি চিকিৎসালয়খনৰ কাৰ্যপদ্ধতি আৰু সেৱা সন্দৰ্ভত প্ৰত্যক্ষ মতামত সংগ্ৰহ কৰে।
Directorate of Information and Public Relations, Assam

ৰাজহুৱা জাননী কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈ...
20/07/2026

ৰাজহুৱা জাননী

কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে। এই স্থানসমূহ হৈছে-
* প্ৰশান্তি লজৰ পৰা ওপৰলৈ কামাখ্যা মূল পথ
* গণেশ মন্দিৰৰ ওচৰৰ কামাখ্যা কলনী
* পানীৰ টেংকাৰৰ ওচৰৰ পশ্চিম কামাখ্যা গাঁও
* পাণ্ডু মন্দিৰ ঘাট
* মাধৱদেৱ নগৰ, মালিগাঁও
ইয়াৰ পৰিপ্ৰেক্ষিতত-
👉 নাগৰিকসকলক বিশেষকৈ মালিগাঁও, পাণ্ডু আৰু আন পাহাৰীয়া অঞ্চলসমূহলৈ অপ্রয়োজনীয় যাতায়াত পৰিহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
👉 কামাখ্যা মন্দিৰৰ মূল পথত সঘনাই হোৱা ভূমিস্খলনৰ বাবে যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হ'ব পাৰে, যাৰ ফলত ভক্তসকলৰ দৰ্শনত পলম হ'ব পাৰে।
📞 বানপানী বা ভূমিস্খলন সম্পৰ্কীয় সহায়ৰ প্ৰয়োজন হ'লে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ৯৩৬৫৪-২৯৩১৪-ত যোগাযোগ কৰক।

স্বপ্নীল পাল,আই,এ,এছ
– জিলা আয়ুক্ত তথা অধ্যক্ষ, ডিডিএমএ
কামৰূপ মহানগৰ জিলা
Directorate of Information and Public Relations, Assam
Assam State Disaster Management Authority-ASDMA

Address

Guwahati
781036

Opening Hours

Monday 11am - 5pm
Tuesday 11am - 5pm
Wednesday 11am - 5pm
Thursday 11am - 5pm
Friday 11am - 5pm
Saturday 11am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Janasanyog Kamrup Metro posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share