26/06/2025
আজি আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবাধ সৰবৰাহ বিৰোধী দিৱস।
নৱপ্ৰজন্মক সমাজৰ বৰবিহ স্বৰূপ ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত ৰখাৰ উদ্যেশ্যেৰে ৰাজ্যিক নিচাযুক্ত নিষেধাজ্ঞা আয়োগ, অসমৰ উদ্যোগ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছৰ অপব্যবহাৰ আৰু অবাধ সৰবৰাহ দিৱসটি আনুষ্ঠানিকভাবে পালন কৰে।আজিৰ অনুষ্ঠানত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত ছাৰ, ৰাজ্যিক নিচাযুক্ত নিষেধাজ্ঞা আয়োগ, অসমৰ উপাধ্যক্ষ জিতু বৰগোহাঁই ডাঙৰীয়া,কাৰ্যবাহী বিষয়া ভাস্কৰজ্যোতি দাস ডাঙৰীয়া, IQAC ৰ সমন্বয়ক ড০ নমিতা দাস ছাৰৰ লগতে সমল ব্যক্তি হিচাপে ডাঃ বিষ্ণু বেশ্যাল ডাঙৰীয়া আৰু সমন্বয়ক দিপাংকৰ খাটনীয়া ডাঙৰীয়া আৰু আয়োগৰ সদস্য যোগব্ৰত হাজৰিকা ডাঙৰীয়াও উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছৰ ভয়াবহতাৰ সজাগতা অনাৰ চেষ্টা কৰা হয়।
Himanta Biswa Sarma
Pijush Hazarika