DYFI Assam

DYFI Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DYFI Assam, Political organisation, Guwahati, AS, India, Gauhati.

কৰ্মসংস্থাপন আৰু কৰ্মনিৰাপত্তাৰ দাবীত গোৰেশ্বৰত যুৱ অভিৱৰ্তন   👉২ অক্টোবৰত "দিল্লী চলো"👉৩ অক্টোবৰত যন্ত্ৰৰ মন্তৰত অসমৰ ব...
23/08/2026

কৰ্মসংস্থাপন আৰু কৰ্মনিৰাপত্তাৰ দাবীত গোৰেশ্বৰত যুৱ অভিৱৰ্তন

👉২ অক্টোবৰত "দিল্লী চলো"
👉৩ অক্টোবৰত যন্ত্ৰৰ মন্তৰত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীত ধৰ্ণা।।

আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰত DYFI ৰ উদ্যোগত দেশত সৃষ্টি হোৱা ভয়াৱহ নিবনুৱা সমস্যাকলৈ এক যুৱ অভিৱৰ্তন অনুষ্ঠিত হয়।।
কৰ্মসংস্থাপন আৰু কৰ্মনিৰাপত্তাৰ দাবীত অহা ২ অক্টোবৰত হ'বলগীয়া সংসদ ভৱন যাত্ৰা‌ আৰু ৩ অক্টোবৰত অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীত হ'বলগীয়া ধৰ্ণা কাৰ্যসূচীৰ সমৰ্থনত এই যুৱ অভিৱৰ্তন অনুষ্ঠিত হয়।।
পূৰ্ণিমা বড়ো দ্বিজেন ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনৰ প্ৰস্তাৱ উত্থাপন কৰে বিৰাজ ডেকা।
কাৰ্যসূচীত ৰাজ্যিক নেতা ৰুস্তম আলী আৰু আব্দুল বাচেদ উপস্থিত থাকে।

DYFI ৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত ৰাজ্যিক নেতা কুলজিত কলিতাৰ নেতৃত্বত বানাক্ৰান্ত অঞ্চলত এক প্ৰতিনিধি দল ব্যস্ত হৈ আছে -...
17/08/2026

DYFI ৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত ৰাজ্যিক নেতা কুলজিত কলিতাৰ নেতৃত্বত বানাক্ৰান্ত অঞ্চলত এক প্ৰতিনিধি দল ব্যস্ত হৈ আছে -

📌 বান বিধ্বস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বানাক্ৰান্তক সহায়-সাহায্য কৰাৰ লগতে ক্ষয়-ক্ষতি আৰু পৰিস্থিতি সম্পৰ্কত বুজ লয়।

📌 খাদ্য-সামগ্ৰী, কঠীয়া বিতৰণ কৰাৰ লগত যোৱ দুদিনত চিকিৎসা শিৱিৰ মাজেৰে বানাক্ৰান্তক সহায় কৰিছে।

📌 ৰাজ্যিক কেন্দ্ৰৰ পৰা যোৱা প্ৰতিনিধি দলত আছিল ৰাজ্যিক নেতা আব্দুল বাচেদ, কংকন হালৈ, জিতু হাজৰিকা আৰু শুভাংকৰ ঘোষ।

বানপীড়িত শিৱসাগৰ জিলাৰ দুঠাইত চিকিৎসা শিৱিৰ📌📌ডি ৱাই এফ আই, ইলোৰা বিজ্ঞান মঞ্চ, চিআৰইউ (এনইআৰ) আৰু জনস্বাস্থ্য অভিযান, অস...
15/08/2026

বানপীড়িত শিৱসাগৰ জিলাৰ দুঠাইত চিকিৎসা শিৱিৰ

📌📌ডি ৱাই এফ আই, ইলোৰা বিজ্ঞান মঞ্চ, চিআৰইউ (এনইআৰ) আৰু জনস্বাস্থ্য অভিযান, অসমৰ উদ্যোগত আৰু বৰাগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সহযোগত আজি ১৫ আগষ্ট তাৰিখে এই শিৱিৰ অনুষ্ঠিত হয়।

📌📌 জিলাখনৰ বানপীড়িত বালিবাট অঞ্চলৰ বাঁহগড় পথৰ ওপৰত পুৱা ১০ বজাৰ পৰা আৰু আনটো নাওজান অঞ্চলত আবেলি ২ বজাৰ পৰা আৰম্ভ হয়। এই দুয়োটা চিকিৎসা শিৱিৰৰ পৰা যথেষ্ট সংখ্যক লোক উপকৃত হয়। স্বাস্থ্য শিৱিৰলৈ অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়।

📌📌 চিকিৎসা শিৱিৰত চিকিৎসা প্ৰদান কৰা
চিকিৎসকসকল হ'ল --
ডাঃ অমিয় দাস
ডাঃ শৰৎ দাস
ডাঃ কমলেশ্বৰ নাথ
ডাঃ জয়ন্ত নাথ ।

📌📌 কাইলৈ চৰাইদেউ জিলাত চিকিৎসা শিৱিৰ অনুষ্ঠিত হ'ব।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) বৰডেকপাৰ শাখা কমিটীৰ উদ্যোগত আৰু কামৰূপ জিলা কমিটীৰ ...
15/08/2026

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) বৰডেকপাৰ শাখা কমিটীৰ উদ্যোগত আৰু কামৰূপ জিলা কমিটীৰ সহযোগত স্বাধীনতা দিৱস উপলক্ষে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

ঔষধ পেকেটলৈ উজনিৰ বানাক্ৰান্ত অঞ্চললৈ ৰাওনা DYFI ৰ প্ৰতিনিধি দল📌📌 ৰাজ্যিক নেতা কুলজিত কলিতাৰ নেতৃত্বত যোৱা দলটো আছে ৰাজ্...
15/08/2026

ঔষধ পেকেটলৈ উজনিৰ বানাক্ৰান্ত অঞ্চললৈ ৰাওনা DYFI ৰ প্ৰতিনিধি দল

📌📌 ৰাজ্যিক নেতা কুলজিত কলিতাৰ নেতৃত্বত যোৱা দলটো আছে ৰাজ্যিক নেতা আব্দুল বাছেদ, শুভংকৰ ঘোষ, কংকণ হালৈ আৰু জিতু হাজৰিকা।

📌📌 কাইলৈ চিকিৎসা শিৱিৰৰ মাজেৰে বানাক্ৰান্তৰ মাজত ঔষধসমূহ যোগান ধৰা হ'ব।।

📌📌 DYFI য়ে ৰাইজৰ সহযোগত বানাক্ৰান্ত অঞ্চলত সহায়-সাহায্য আগবঢ়াই আহিছে।।

📌📌ৰাইজৰ সহায়-সহযোগত বানাক্ৰান্তক খাদ্য-সামগ্ৰী, কঠীয়া যোগান ধৰাৰ পাছত এইবাৰ DYFI য়ে চিকিৎসা সেৱা আগবঢ়াৰ বাবে চেষ্টা চলাইছে। ইয়াৰ বাবে চিৰাং-বঙাইগাঁ‌ও জিলা আৰু নলবাৰী জিলাৰ DYFI ৰ সদস্যসকলে ঔষধ-পাতি সংগ্ৰহত উদ্যোগ লৈছে।

📌বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীয়ে কৰা বক্তব‍্য নিজৰ ব্যৰ্থতা লুকুৱাৰ আন এক প্ৰয়াস: ডিৱাইএফআই📌তুলুঙা কথাৰ সলনি বান স...
07/08/2026

📌বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীয়ে কৰা বক্তব‍্য নিজৰ ব্যৰ্থতা লুকুৱাৰ আন এক প্ৰয়াস: ডিৱাইএফআই
📌তুলুঙা কথাৰ সলনি বান সমস‍্যা সমাধানৰ বাবে কেন্দ্ৰক হেঁচা দিয়ক মুখ‍্যমন্ত্ৰীয়ে
📌ধমকিত নহয়, ৰাইজে স্বেচ্ছাই বানসাহায‍্য প্ৰদান কৰিছে

প্ৰেছ বিজ্ঞপ্তিতাৰিখ: ৭ আগষ্ট, ২০২৬বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীয়ে কৰা বক্তব‍্য নিজৰ ব্যৰ্থতা লুকুৱাৰ আন এক প্ৰয়াস...
07/08/2026

প্ৰেছ বিজ্ঞপ্তি
তাৰিখ: ৭ আগষ্ট, ২০২৬

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীয়ে কৰা বক্তব‍্য নিজৰ ব্যৰ্থতা লুকুৱাৰ আন এক প্ৰয়াস: ডিৱাইএফআই

তুলুঙা কথাৰ সলনি বান সমস‍্যা সমাধানৰ বাবে কেন্দ্ৰক হেঁচা দিয়ক মুখ‍্যমন্ত্ৰীয়ে

ধমকিত নহয়, ৰাইজে স্বেচ্ছাই বানসাহায‍্য প্ৰদান কৰিছে

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে যে বানপানীৰ বাবে সাহায্য সংগ্ৰহ কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো বাকচ বা ‘কিউ আৰ কোড’ লৈ দোকান-পোহাৰ বা সাধাৰণ ৰাইজৰ পৰা “বলপূৰ্বকভাৱে” বান সাহায্য সংগ্ৰহ কৰা কাৰ্যই অসমৰ বদনাম আনে। মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া চৰকাৰৰ ব্যৰ্থতা লুকুৱাবলৈ কৰা আন এক প্ৰয়াসৰ বাহিৰে একো নহয় বুলি ডিৱাইএফআই অসম ৰাজ্যিক কমিটিয়ে মত প্ৰকাশ কৰিছে। যিখিনি সময়ত হিমন্ত বিশ্ব চৰকাৰে সাধাৰণ মানুহৰ মৃত্যুত উপলুঙাসূচক মন্তব্য দিয়াহে পৰিলক্ষিত হৈছিল- কৈছিল বানত নহয়, বান পানী চাবলৈ গৈহে মানুহৰ মৃত‍্যু হৈছে। শিৱসাগৰ, চৰাইদেউ, আৰু যোৰহাট জিলাত সংঘটিত প্ৰলয়ংকাৰী বানত বিধ্বস্ত লোকসকলৰ সহায়াৰ্থে সাধাৰণ ৰাইজ, শিল্পী সমাজ, ছ’চিয়েল মিডিয়া ইন্ফ্লুৱেন্সাৰ আদি বিভিন্ন অংশৰ সাহায্য পুঁজিত কেনেদৰে ৰাইজে মুক্তহস্তে দান কৰিছে আৰু ই কেনেদৰে ক্ষতিগ্ৰস্ত লোকসকলক কিছু পৰিমাণে হ’লেও সকাহ প্ৰদান কৰিছে, সকলো তাৰ সাক্ষী। বিপদত এনেদৰে সহায়ৰ হাত আগবঢ়োৱা লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত পুলিচ লগাই দিম বুলি কৰা মন্তব্যটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসংবেদনশীলতাৰ পৰিচায়ক বুলি ডিৱাইএফআই অসম ৰাজ্যিক কমিটিয়ে কয়। উল্লেখযোগ্য যে অসম চৰকাৰে বানত মৃত্যুবৰণ কৰা লোকৰ পৰিয়াললৈ ঘোষণা কৰা ৯ লাখ টকাৰ ৪ লাখ টকাহে এন.ডি.আৰ.এফ., অৰ্থাৎ চৰকাৰী পুঁজি, আৰু বাকী ৫ লাখ টকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ’ব, যি হৈছে ৰাইজে নিজহাতে দান দিয়া পুঁজি। কিন্তু যোৱাটো সময়ত দেখা গৈছে মুখ্যমন্ত্ৰীৰ এই সাহায্য পুঁজিৰ পৰাই তিনি লাখ টকাকৈ ইংলে পথাৰৰ উচ্ছেদিত কৃষকৰ পৰিয়ালক ভূমি ক্ষতিপূৰণ হিচাপে নহয়, বৰঞ্চ সাহায্য হিচাপেহে প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ স্বচ্ছতাক লৈ এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আছে আৰু এনে প্ৰশ্নৰ উত্তৰ প্ৰদান নকৰি, বা হিচাপ-নিকাচ ৰাজহুৱা নকৰি, দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত মানুহৰ কাষত থিয় দিয়া লোকক ওলোটাই নিৰুৎসাহিত কৰি, ভাবুকি প্ৰদান কৰাটো অতিশয় গৰিহণাযোগ্য। ডাবল ইঞ্জিন চৰকাৰ চলি আছে বুলি গৰ্বত মত্ত হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সময়তে তুলুঙা মন্তব্য আগবঢ়াইছে যে তেওঁৰ হেনো কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান গ্ৰহণ কৰিবলৈ লাজ লাগে। ডিৱাইএফআই-এ কয় যে খোদ মুখ্যমন্ত্ৰীৰে এনে মনোভাৱৰ ফলশ্ৰুতিত অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে অসমলৈ বৈষম্যমূলক দৃষ্টিৰে চোৱাহে পৰিলক্ষিত হয়, কিয়নো উৰিষ্যা, মহাৰাষ্ট্ৰ, গুজৰাটক দুৰ্যোগ মোৰাবিলা কৰাৰ বাবে ৫০০ কোটি দিয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৩৭৯ কোটি টকাহে অনুদান হিচাপে আগবঢ়াইছে। ডিৱাইএফআই অসম ৰাজ্যিক কমিটিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰলৈ স্পষ্ট দাবী জনাইছে এনেধৰণৰ তুলুঙা, অসংবেদনশীল, অবিবেচকী মন্তব্য প্ৰদান কৰাৰ পৰিৱৰ্তে যাতে চৰকাৰে চুবুৰীয়া ৰাজ‍্যৰ সৈতে আলোচনা কৰি বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাষ্ট্ৰীয় সমস‍্যা হিচাপে ঘোষণা ‍ কৰিবলৈ কেন্দ্ৰক দাবী জনোৱা, অসমলৈ বৈ অহা নদীসমূহ নিয়ন্ত্ৰণ কৰা, অবৈধ খনন বন্ধ কৰা, নদী বান্ধৰ প্ৰভাৱ অধ‍্যয়ন নকৰা পৰ্যন্ত বান্ধ নিৰ্মাণৰ কাম বন্ধ ৰখা আদিৰ প্ৰতি মনোনিৱেশ কৰা উচিত। ইয়াৰোপৰি ডিৱাইএফআই-এ দাবী জনাইছে যে বান ক্ষতিগ্ৰস্ত লোকলৈ আগবঢ়োৱা অনুদানৰ পৰিমাণ বঢ়োৱাৰ বাবে হিমন্ত বিশ্ব চৰকাৰে গুৰুত্ব আৰোপ কৰা উচিত।

ধন‍্যবাদ সহ-

নিৰংকুশ নাথ, ৰাজ‍্যিক সম্পাদক
ৰিতু ৰঞ্জন দাস, সভাপতি
ডি ৱাই এফ আই- অসম ৰাজ‍্যিক কমিটি

05/08/2026

📌কামৰূপৰ ৰঙিয়াৰ পৰা শিৱসাগৰৰ বন‍্যাক্ৰান্তৰ বাবে কঠিয়া
📌চিপিআই(এম)ৰ উদ‍্যোগত আৰু ডি ৱাই এফ আই-ৰ সহযোগত

ডি ৱাই এফ আই আৰু চি পি আই (এম)ৰ যৌথ উদ্যোগত বানাক্ৰান্তলৈ কঠীয়া যোগানৰ প্ৰস্তুতিকাইলৈ কঠীয়ালৈ কামৰূপ জিলাৰ পৰা  শিৱসাগৰল...
04/08/2026

ডি ৱাই এফ আই আৰু চি পি আই (এম)ৰ যৌথ উদ্যোগত বানাক্ৰান্তলৈ কঠীয়া যোগানৰ প্ৰস্তুতি

কাইলৈ কঠীয়ালৈ কামৰূপ জিলাৰ পৰা শিৱসাগৰলৈ ৰাওনা হ'ব এটি প্ৰতিনিধি দল-

Address

Guwahati, AS, India
Gauhati
781008

Website

Alerts

Be the first to know and let us send you an email when DYFI Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share