Bonyabondhu

Bonyabondhu through the Bonyabondhu organization try to aware the people about the conservation of nature

চলিত বৰ্ষৰ ২৬ জুলাই ২০২৬, ৰবিবাৰে গ্ৰামীণ বিকাশ সংস্থা, বৰভাগ, আৰিকুছিৰ উদ্যোগত আৰু বন্যবন্ধুৰ সহযোগত নলবাৰী জিলাৰ আৰিকু...
28/07/2026

চলিত বৰ্ষৰ ২৬ জুলাই ২০২৬, ৰবিবাৰে গ্ৰামীণ বিকাশ সংস্থা, বৰভাগ, আৰিকুছিৰ উদ্যোগত আৰু বন্যবন্ধুৰ সহযোগত নলবাৰী জিলাৰ আৰিকুছি অঞ্চলৰ নন্দন কানন শিশু নিকেতন প্ৰাংগণত "সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ" শীৰ্ষক এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটো মূলত সাপ মানুহৰ সংঘাত আৰু সৰ্পদংশনৰ দুৰ্ঘটনা প্ৰশমনৰ স্বাৰ্থত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি পৰিৱেশ কৰ্মী প্ৰসন্ন কলিতাই উপস্থিত আটাইৰে মাজত স্থানীয় সাপৰ চিনাক্তকৰণ, পৰিৱেশত সাপৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, মানৱ জীৱনত সাপৰ প্ৰভাৱ, সাপ সম্পৰ্কীয় বিভিন্ন ভ্ৰান্ত ধাৰণা, অন্ধবিশ্বাস আৰু তাৰ আঁৰৰ সত্যতা, সৰ্পদংশনৰ দুৰ্ঘটনা উপশমৰ বাবে লবলগীয়া সাৱধানতা, সৰ্পদংশনৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু নকৰিবলগীয়া আদি প্ৰতিটো বিষয়ে বিতংভাৱে আলোচনা কৰে।

আশাকৰো উক্ত অনুষ্ঠানটোৱে উপস্থিত আটাইৰে মাজত সাপ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব আৰু ইয়ে সাপ আৰু ইয়াৰ বাসস্থান সংৰক্ষণৰ লগতে সৰ্পদংশনৰ দুৰ্ঘটনা আৰু সাপ মানুহৰ সংঘাত প্ৰশমনৰ ক্ষেত্ৰত ৰাইজৰ মাজত সামৰ্থ বৃদ্ধি কৰাত সহায় কৰিব।

উক্ত অনুষ্ঠানত গ্ৰামীণ বিকাশ সংস্থা, বৰভাগ, আৰিকুছি আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমল ব্যক্তি প্ৰসন্ন কলিতা আৰু দ্যা গ্ৰীণ গ্লোভৰ সম্পাদক ৰাজেশ দত্ত বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। পৰিৱেশ কৰ্মী ৰাজেশ দত্ত বৰুৱাই উপস্থিত ৰাইজক উদ্দেশ্যি পৰিৱেশ প্ৰকৃতি সংৰক্ষণৰ স্বাৰ্থত চমুকৈ বক্তব্য প্ৰদান কৰে।

বিষয়ৰ গুৰুত্ব বুজি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি অহা আৰিকুছি অঞ্চলৰ সচেতন নাগৰিক জুপিকা চক্ৰৱৰ্তী প্ৰমুখ্যে গ্ৰামীণ বিকাশ সংস্থা, বৰভাগ, আৰিকুছিৰ সমূহ বিষয়ববীয়া, প্ৰতিজন সহযোগী আৰু উপস্থিত আটাইলৈ 'বন্যবন্ধু' পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

বিশ্ব সৰ্প দিৱস- ২০২৬ উদযাপন World Snake Day -2026 celebration স্থান- এডুকেয়াৰ কোচিং চেণ্টাৰ, বালাগাওঁ, কামৰূপ, অসমPlace...
17/07/2026

বিশ্ব সৰ্প দিৱস- ২০২৬ উদযাপন
World Snake Day -2026 celebration

স্থান- এডুকেয়াৰ কোচিং চেণ্টাৰ, বালাগাওঁ, কামৰূপ, অসম
Place - Educare Coaching Centre, Balagaon, Kamrup, Assam

প্ৰতিবছৰে ১৬ জুলাই তাৰিখে গোটেই বিশ্বজুৰি বিশ্ব সৰ্প দিৱস উদযাপন কৰা হয়। কোনো আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই দিৱস উদযাপনৰ বাবে এই দিনটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও ২০০০ দশকৰ মাজভাগৰ পৰা বিভিন্ন সংৰক্ষণবিদ, চিৰিয়াখানা, বন বিভাগ, সৰীসৃপ বিশেষজ্ঞ আৰু বিভিন্ন বন্যপ্ৰাণী সংস্থাই ১৬ জুলাইক বিশ্ব সৰ্প দিৱস হিচাপে ব্যাপকভাৱে পালন কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছৰ পৰাই এই দিৱস বিশ্বজুৰি জনপ্ৰিয় হৈ পৰে। এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে সৰ্বসাধাৰণ ৰাইজক সাপৰ পৰিৱেশগত গুৰুত্ব বুজোৱা, জীৱবৈচিত্ৰ্য সংৰক্ষণ কৰা, চিকিৎসা গৱেষণাত ইয়াৰ অৱদান উজ্জ্বল কৰা আৰু সাপ সম্পৰ্কীয় বিভিন্ন ভ্ৰান্ত ধাৰণা বা অন্ধবিশ্বাস আঁতৰ কৰি বিজ্ঞানভিত্তিক জনসচেতনতা বৃদ্ধি কৰা।

কালি কামৰূপ জিলাৰ এডুকেয়াৰ কোচিং চেণ্টাৰ আৰু বন্যবন্ধুৰ যৌথ উদ্যোগত বালাগাওঁ স্থিত এডুকেয়াৰ কোচিং চেণ্টাৰত "বিশ্ব সৰ্প দিৱস- ২০২৬" উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত "সাপ: অন্ধবিশ্বাস, সংৰক্ষণ আৰু সজাগতা" শীৰ্ষক এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মূলত এডুকেয়াৰ কোচিং চেণ্টাৰৰ শিক্ষাৰ্থী সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা উক্ত অনুষ্ঠানত বন্যবন্ধুৰ তৰফৰ পৰা প্ৰসন্ন কলিতাই উপস্থিত আটাইৰে মাজত স্থানীয় সাপৰ চিনাক্তকৰণ, পৰিৱেশত সাপৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, মানৱ জীৱনত সাপৰ প্ৰভাৱ, সাপ সম্পৰ্কীয় বিভিন্ন ভ্ৰান্ত ধাৰণা, অন্ধবিশ্বাস আৰু তাৰ আঁৰৰ সত্যতা, সৰ্পদংশনৰ দুৰ্ঘটনা উপশমৰ বাবে লবলগীয়া সাৱধানতা, সৰ্পদংশনৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু নকৰিবলগীয়া আদি প্ৰতিটো বিষয়ে বিতংভাৱে আলোচনা কৰে। অনুষ্ঠানটো সফল ৰূপায়ণত তেখেতৰ লগত সহযোগ কৰে বন্যবন্ধুৰ মাধৱ মেধি আৰু কল্প জ্যোতি কলিতাই।

আশাকৰো উক্ত অনুষ্ঠানটোৱে উপস্থিত আটাইৰে মাজত সাপ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব আৰু ইয়ে সাপ আৰু ইয়াৰ বাসস্থান সংৰক্ষণৰ লগতে সৰ্পদংশনৰ দুৰ্ঘটনা আৰু সাপ মানুহৰ সংঘাত প্ৰশমনৰ ক্ষেত্ৰত ৰাইজৰ মাজত সামৰ্থ বৃদ্ধি কৰাত সহায় কৰিব।

অনুষ্ঠানটোৰ গুৰুত্ব বুজি আগবাঢ়ি অহা এডুকেয়াৰ কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী জ্যোতিৰ্ময় গোস্বামী প্ৰমুখ্যে প্ৰতিজন বিষয়ববীয়া আৰু উপস্থিত আটাইলৈ 'বন্যবন্ধু' পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Living Safely with Snakes | সাপৰ সৈতে সহাৱস্থানMajuli Nature Watch, in collaboration with Bonyabondhu, invites you to an...
10/07/2026

Living Safely with Snakes | সাপৰ সৈতে সহাৱস্থান

Majuli Nature Watch, in collaboration with Bonyabondhu, invites you to an online webinar on snakebite awareness, emergency first aid, myths vs facts, and conservation & coexistence.
‘মাজুলী নেছাৰ ৱাট্ছ’ (Majuli Nature Watch) আৰু ‘বন্যবন্ধু’ (Bonyabondhu)ৰ যৌথ উদ্যোগত হ’বলগীয়া সৰ্পদংশনৰ সজাগতা, জৰুৰীকালীন প্ৰাথমিক চিকিৎসা, অন্ধবিশ্বাস বনাম সত্যতা আৰু সাপ সংৰক্ষণ আৰু সহাৱস্থান সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ অনলাইন ৱেবিনাৰলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ।

Resource Person:
1) Dr. Surajit Giri (Member, National Technical Advisory Committee, MoHFW, Govt. of India)
2) Prasanna Kalita (Nature Activist, Snakebite mitigation worker, Bonyabondhu)

সমল ব্যক্তি:
১) ডাঃ সুৰজিত গিৰি, সদস্য, ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাত্ৰী সমিতি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ
২) প্ৰসন্ন কলিতা, প্ৰকৃতি কৰ্মী, সৰ্পদংশন প্ৰশমন কৰ্মী, বন্যবন্ধু

Date: 13 July 2026 (Monday)
Time: 7:00 PM onwards

তাৰিখ: ১৩ জুলাই ২০২৬, সোমবাৰ
সময়: সন্ধিয়া ৭ বজাৰ পৰা

For Further Information::
Click this link to join our WhatsApp Group: https://chat.whatsapp.com/FyTJkmolQPxGzOY3lugiN7?s=qt&p=a&ilr=4&amv=1
Or
Scan the QR code on the poster to join our WhatsApp Community to receive the live webinar link and future updates. Everyone is welcome!

অধিক তথ্যৰ বাবে:
আমাৰ হোৱাটছএপ গ্ৰুপত যোগদান কৰিবলৈ এই লিংকটোত ক্লিক কৰক: https://chat.whatsapp.com/FyTJkmolQPxGzOY3lugiN7?s=qt&p=a&ilr=4&amv=1
অথবা
পোষ্টাৰত থকা QR ক'ডটো স্কেন কৰি আমাৰ হোৱাটছএপ গ্ৰুপত যোগদান কৰক যাতে আপুনি ৱেবিনাৰৰ লিংক আৰু ভৱিষ্যতৰ সকলো আপডেট লাভ কৰিব পাৰে। সকলোকে আদৰণি জনাইছোঁ!

সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক সজাগতা অনুষ্ঠানAwareness programme on Snakebite and its Remediesস্থান- আই টি চি কেম্পাচ...
08/07/2026

সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক সজাগতা অনুষ্ঠান
Awareness programme on Snakebite and its Remedies

স্থান- আই টি চি কেম্পাচ, কুকুৰমাৰা, কামৰূপ, অসম
Place - ITC campus , Kukurmara, Kamrup, Assam

গ্ৰীষ্মৰ সময়ছোৱাত সাপৰ কাৰ্যকলাপ বৃদ্ধি হোৱা দেখা যায়। প্ৰধানত গ্ৰাম্যাঞ্চলত বসবাস কৰা মানুহৰ লগত সাপৰ সংঘাত বেছিকৈ বৃদ্ধি পায়। সাপবোৰে খাদ্যৰ সন্ধানত বা উপযুক্ত বাসস্থানৰ বাবে মানুহৰ বাসস্থানলৈ আহে। আমি যদি সাপৰ লগত কিদৰে সহবাস কৰিব নাজানো তেতিয়া সৰ্পদংশনৰ দুৰ্ঘটনা বৃদ্ধি হোৱাৰ সম্ভাৱনা বাঢ়ে। "বন্যবন্ধু"ৰ তৰফৰ পৰা সাপ মানুহৰ সংঘাত আৰু সৰ্পদংশনৰ দুৰ্ঘটনা প্ৰসমনৰ উদ্দেশ্যে উপযুক্ত পদ্ধতিৰে সাপ উদ্ধাৰ কৰাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান আদিত "সৰ্পদংশন সজাগতা অনুষ্ঠান" অনুষ্ঠিত কৰি অহা হৈছে।

আজি আই টি চি, কুকুৰমাৰাৰ উদ্যোগত আৰু বন্যবন্ধুৰ সহযোগত আই টি চি কোম্পানী চৌহদত এটা "সাপ,সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ" বিষয়ক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উদ্যোগত কৰ্মৰত বিভিন্ন বিভাগৰ সুৰক্ষা কৰ্মী আৰু বিষয়ববীয়া সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা উক্ত অনুষ্ঠানত আমাৰ 'বন্যবন্ধু'ৰ তৰফৰ পৰা সমল ব্যক্তিৰূপে উপস্থিত থাকি প্ৰসন্ন কলিতাই স্থানীয় সাপৰ চিনাক্তকৰণ, পৰিৱেশত সাপৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, সাপ সম্পৰ্কীয় বিভিন্ন অন্ধবিশ্বাস আৰু তাৰ আঁৰৰ সত্যতা, সৰ্পদংশনৰ দুৰ্ঘটনা উপশমৰ বাবে লবলগীয়া সাৱধানতা, সৰ্পদংশনৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু নকৰিবলগীয়া আদি প্ৰতিটো বিষয়ে বিতংভাৱে আলোচনা কৰে। অনুষ্ঠানটো পৰিচালনাত সহযোগ কৰে বন্যবন্ধুৰ মাধৱ মেধি আৰু জ্যোতি কুমাৰ দাসে।

আশাকৰো উক্ত অনুষ্ঠানটোৱে উপস্থিত আটাইৰে মাজত উক্ত বিষয় সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব আৰু ইয়ে সৰ্পদংশনৰ দুৰ্ঘটনা আৰু সাপ মানুহৰ সংঘাত প্ৰশমনৰ ক্ষেত্ৰত ৰাইজৰ মাজত সামৰ্থ বৃদ্ধি কৰাত সহায় কৰিব।

অনুষ্ঠানটোৰ গুৰুত্ব বুজি সফল ৰূপায়ণত উদ্যোগ লোৱা আই টি চি কুকুৰমাৰাৰ প্ৰতিজন বিষয়ববীয়া তথা উপস্থিত আটাইলৈ 'বন্যবন্ধু' পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

বি:দ্ৰ:- কোনো সচেতন লোক বা অনুষ্ঠানে যদি নিজৰ অঞ্চলত এই ধৰণৰ সজাগতামূলক অনুষ্ঠান কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে- যোগাযোগ: ৮৬৩৮৯৮৬২৮০

সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক সজাগতা অনুষ্ঠানAwareness programme on Snakebite and its Remediesস্থান- কান্ধুলিমাৰি প্ৰ...
07/07/2026

সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক সজাগতা অনুষ্ঠান
Awareness programme on Snakebite and its Remedies

স্থান- কান্ধুলিমাৰি প্ৰাথমিক বিদ্যালয়, কামৰূপ, অসম
Place - Kandulimari LP school, Kamrup, Assam

গ্ৰীষ্মৰ সময়ছোৱাত সাপৰ কাৰ্যকলাপ বৃদ্ধি হোৱা দেখা যায়। প্ৰধানত গ্ৰাম্যাঞ্চলত বসবাস কৰা মানুহৰ লগত সাপৰ সংঘাত বেছিকৈ বৃদ্ধি পায়। সাপবোৰে খাদ্যৰ সন্ধানত বা উপযুক্ত বাসস্থানৰ বাবে মানুহৰ বাসস্থানলৈ আহে। আমি যদি সাপৰ লগত কিদৰে সহবাস কৰিব নাজানো তেতিয়া সৰ্পদংশনৰ দুৰ্ঘটনা বৃদ্ধি হোৱাৰ সম্ভাৱনা বাঢ়ে। "বন্যবন্ধু"ৰ তৰফৰ পৰা সাপ মানুহৰ সংঘাত আৰু সৰ্পদংশনৰ দুৰ্ঘটনা প্ৰসমনৰ উদ্দেশ্যে উপযুক্ত পদ্ধতিৰে সাপ উদ্ধাৰ কৰাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান আদিত "সৰ্পদংশন সজাগতা অনুষ্ঠান" অনুষ্ঠিত কৰি অহা হৈছে।

ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কান্দুলিমাৰি আয়ুস্মান আৰোগ্য মন্দিৰৰ উদ্যোগত আৰু বন্যবন্ধুৰ সহযোগত আজি কামৰূপ জিলাৰ কান্ধুলিমাৰি প্ৰাথমিক বিদ্যালয় এটা "সাপ,সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ" বিষয়ক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।কান্দুলিমাৰী, পানীখাইতি আদি অঞ্চলৰ সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা উক্ত অনুষ্ঠানত আমাৰ 'বন্যবন্ধু'ৰ তৰফৰ পৰা সমল ব্যক্তিৰূপে উপস্থিত থাকি প্ৰসন্ন কলিতাই উপস্থিত ৰাইজৰ সন্মুখত স্থানীয় সাপৰ চিনাক্তকৰণ, পৰিৱেশত সাপৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, সাপ সম্পৰ্কীয় বিভিন্ন অন্ধবিশ্বাস আৰু তাৰ আঁৰৰ সত্যতা, সৰ্পদংশনৰ দুৰ্ঘটনা উপশমৰ বাবে লবলগীয়া সাৱধানতা, সৰ্পদংশনৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু নকৰিবলগীয়া আদি প্ৰতিটো বিষয়ে বিতংভাৱে আলোচনা কৰে। অনুষ্ঠানটো পৰিচালনাত সহযোগ কৰে বন্যবন্ধুৰ সদস্য জ্যোতি কুমাৰ দাস আৰু কিশোৰ নাথে।

আশাকৰো উক্ত অনুষ্ঠানটোৱে উপস্থিত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব আৰু ইয়ে সৰ্পদংশনৰ দুৰ্ঘটনা আৰু সাপ মানুহৰ সংঘাত প্ৰশমনৰ ক্ষেত্ৰত ৰাইজৰ মাজত সামৰ্থ বৃদ্ধি কৰাত সহায় কৰিব।

অনুষ্ঠানটোৰ গুৰুত্ব বুজি সফল ৰূপায়নত উদ্যোগ লোৱা কান্দুলিমাৰি আয়ুস্মান আৰোগ্য মন্দিৰৰ প্ৰতিজন চিকিৎসা কৰ্মী তথা বিষয়ববীয়া, পানীখাইতি আৰু কান্দুলিমাৰি অঞ্চলৰ দুয়োজন গাওঁবুঢ়াৰ লগতে উপস্থিত আটাইলৈ 'বন্যবন্ধু' পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

বি:দ্ৰ:- কোনো সচেতন লোক বা অনুষ্ঠানে যদি নিজৰ অঞ্চলত এই ধৰণৰ সজাগতামূলক অনুষ্ঠান কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে- যোগাযোগ: ৮৬৩৮৯৮৬২৮০

"Protecting Our Rivers, Protecting Our Future"Dolphin Conservation Awareness ProgrammeDate: 29-06-2026Venue: Kulsi Janaj...
30/06/2026

"Protecting Our Rivers, Protecting Our Future"

Dolphin Conservation Awareness Programme

Date: 29-06-2026
Venue: Kulsi Janajatiya High School
Organised by: Bonyabondhu
Supported by: ECO club, Kulsi Janajatiya High School

A meaningful awareness programme on Dolphin Conservation was organised at Kulsi Janajatiya High School with the objective of encouraging young minds to understand and protect the endangered aquatic heritage of our rivers.
During the programme, resource person Prasanna Bonyabondhu spoke to the students about the Ganges River Dolphin, its ecological significance as an indicator of a healthy river ecosystem, and the challenges involved in conserving this unique species. He also highlighted the close relationship between local communities and river dolphins, along with the importance of responsible actions towards river conservation.
As part of the programme, the documentary “Agoni of Kulsi”, prepared by Akash Das and his team, was screened. The documentary presented important aspects of the River Dolphin and the need to safeguard its natural habitat.
The programme was graced by the presence of nature-conscious citizen Pradip Rabha from the Kulsi region, along with the teachers and staff of Kulsi Janajatiya High School.
The event was successfully supported by Kalpa Jyoti Kalita and Madhab Bonyabondhu from team Bonyabondhu.
Educating the younger generation is one of the strongest steps towards conserving our rivers, wildlife, and natural heritage. Together, we can ensure a safer future for the State Aquatic animal of Assam and National Aquatic Animal of India — the Ganges River Dolphin.



বিশ্ব পৰিৱেশ দিৱস উদযাপন৫ জুন ,২০২৬ স্থান - পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়, বকো, কামৰূপ, অসম'বন্যবন্ধু'ৰ উদ্যোগত আৰ...
05/06/2026

বিশ্ব পৰিৱেশ দিৱস উদযাপন
৫ জুন ,২০২৬

স্থান - পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়, বকো, কামৰূপ, অসম

'বন্যবন্ধু'ৰ উদ্যোগত আৰু পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ৰ সহযোগত আজি বকোস্থিত পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ বিষয়ক সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰু এখন পৰিৱেশ বিষয়ক সজাগতা অনুষ্ঠান আয়োজন কৰা হয় । প্ৰায় ৩৭ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনৰ মূল বিষয়বস্তু আছিল প্ৰকৃতি । উক্ত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ কুনাল পাঠকে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে একেই স্কুলৰ খ্ৰীষ্টম ৰাভাই । সজাগতা অনুষ্ঠানত বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা সকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুকমল ৰাভা দেৱ উপস্থিতি থাকে । উক্ত অনুষ্ঠানত বন্যবন্ধুৰ তৰফৰ পৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকি জ্যোতি কুমাৰ দাসে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে পৰিৱেশ প্ৰদূষণ, ইয়াৰ কাৰক আৰু আমাৰ কৰণীয় সন্দৰ্ভত বক্তব্য আগবঢ়াই । ইযাৰ লগতে আমাৰ চৌপাশৰ প্ৰতিটো বন্যজীৱ আমাৰ পৰিৱেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই বিষয়েও অৱগত কৰাই । সভাত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়েও উক্ত বিষয়ত নিজ নিজ মন্তব্যৰে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। পুৰস্কাৰ বিতৰণ কাৰ্যসূচীৰ অন্তত অনুষ্ঠানটোৰ সামৰণি পৰে ।

সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক সজাগতা অনুষ্ঠানAwareness programme on Snakebite and its Remediesস্থান- পলাশবাৰী সংস্কৃত...
30/05/2026

সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক সজাগতা অনুষ্ঠান
Awareness programme on Snakebite and its Remedies

স্থান- পলাশবাৰী সংস্কৃতি বিকাশ ভৱন, কামৰূপ, অসম
Place - Palashbari Sanskriti Bikash Bhawan, Kamrup, Assam

গ্ৰীষ্মৰ সময়ছোৱাত সাপৰ কাৰ্যকলাপ বৃদ্ধি হোৱা দেখা যায়। প্ৰধানত গ্ৰাম্যাঞ্চলত বসবাস কৰা মানুহৰ লগত সাপৰ সংঘাত বেছিকৈ বৃদ্ধি পায়। সাপবোৰে খাদ্যৰ সন্ধানত বা উপযুক্ত বাসস্থানৰ বাবে মানুহৰ বাসস্থানলৈ আহে। আমি যদি সাপৰ লগত কিদৰে সহবাস কৰিব নাজানো তেতিয়া সৰ্পদংশনৰ দুৰ্ঘটনা বৃদ্ধি হোৱাৰ সম্ভাৱনা বাঢ়ে। "বন্যবন্ধু"ৰ তৰফৰ পৰা সাপ মানুহৰ সংঘাত আৰু সৰ্পদংশনৰ দুৰ্ঘটনা প্ৰসমনৰ উদ্দেশ্যে উপযুক্ত পদ্ধতিৰে সাপ উদ্ধাৰ কৰাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান আদিত "সৰ্পদংশন সজাগতা অনুষ্ঠান" অনুষ্ঠিত কৰি অহা হৈছে।

আজি কামৰূপ জিলাৰ পলাশবাৰী সংস্কৃতি বিকাশ ভৱনত এটা "সাপ,সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ" বিষয়ক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ষ্টুডেন্ট কেডেট কৰ্পছ, অসম উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে চলি থকা মাষ্টাৰ্ছ ট্ৰেইনিং কেম্প অনুষ্ঠানৰ এক অংশ স্বৰূপে প্ৰশিক্ষাৰ্থী সকলৰ মাজত সজাগতা আৰু সামৰ্থ বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা উক্ত অনুষ্ঠানত আমাৰ 'বন্যবন্ধু'ৰ তৰফৰ পৰা সমল ব্যক্তিৰূপে উপস্থিত থাকি প্ৰসন্ন কলিতাই উপস্থিত প্ৰশিক্ষাৰ্থী সকলৰ সন্মুখত স্থানীয় সাপৰ চিনাক্তকৰণ, পৰিৱেশত সাপৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, সাপ সম্পৰ্কীয় বিভিন্ন অন্ধবিশ্বাস আৰু তাৰ আঁৰৰ সত্যতা, সৰ্পদংশনৰ দুৰ্ঘটনা উপশমৰ বাবে লবলগীয়া সাৱধানতা, সৰ্পদংশনৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু নকৰিবলগীয়া আদি বিষয়ে বিতংভাৱে আলোচনা কৰে। অনুষ্ঠানটো পৰিচালনাত সহযোগ কৰে বন্যবন্ধুৰ সদস্যা পৰশমণি ৰাভাই।

আশাকৰো উক্ত অনুষ্ঠানটোৱে প্ৰশিক্ষাৰ্থী সকলৰ মাজত সাপ সম্পৰ্কীয় সজাগতা আৰু সামৰ্থ বৃদ্ধি কৰিব আৰু ইয়ে সৰ্পদংশনৰ দুৰ্ঘটনা আৰু সাপ মানুহৰ সংঘাত প্ৰশমনৰ লগে লগে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাত সহায় কৰিব।

অনুষ্ঠানটোৰ গুৰুত্ব বুজি সফল ৰূপায়নত উদ্যোগ লোৱা ষ্টুডেন্ট কেডেট কৰ্পছ, অসমৰ প্ৰতিজন বিষয়ববীয়াৰ লগতে উপস্থিত আটাইলৈ 'বন্যবন্ধু' পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।

বি:দ্ৰ:- কোনো সচেতন লোক বা অনুষ্ঠানে যদি নিজৰ অঞ্চলত এই ধৰণৰ সজাগতামূলক অনুষ্ঠান কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে- যোগাযোগ: ৮৬৩৮৯৮৬২৮০



মাঘ বিহু বাৰ্ড কাউণ্ট- ২০২৬Magh Bihu Bird Count- 2026স্থান : দৰাবিল, কামৰূপ, অসমতাৰিখ: ১৬ জানুৱাৰী ২০২৬'বন্যবন্ধু'ৰ উদ্য...
16/01/2026

মাঘ বিহু বাৰ্ড কাউণ্ট- ২০২৬
Magh Bihu Bird Count- 2026

স্থান : দৰাবিল, কামৰূপ, অসম
তাৰিখ: ১৬ জানুৱাৰী ২০২৬

'বন্যবন্ধু'ৰ উদ্যোগত আৰু 'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক'ৰ সহযোগত আজি অসমৰ এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি দৰাবিলৰ বুকুত "মাঘ বিহু পক্ষী গণনা" সফলতাৰে সম্পন্ন কৰা হয়। দৰাবিলৰ গো-চৰণীয়া পথাৰ আৰু বিল অঞ্চল সামৰি সম্পন্ন কৰা এই গণনাৰ সময়ত স্থানীয় আৰু পৰিভ্ৰমী মিলি ৫৯ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হয়। আজিৰ গণনাৰ সময়ত অসমৰ বাবে বিৰল ৰেড-থ্রোটেড পিপিট নামৰ চৰাইবিধ আৰু হিমালয় শগুন দেখিবলৈ পাই গণনাকাৰী দলটো উৎফুল্লিত হৈ পৰে।
উল্লেখযোগ্য যে দৰাবিল আৰ্দ্ৰভূমিৰ বুকুত এতিয়ালৈকে ২৩১ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হৈছে। চৰাইৰ উপৰিও দৰাবিল আৰ্দ্ৰভূমি বিভিন্ন স্তন্যপায়ী প্ৰাণী, সৰীসৃপ, উভচৰ, মাছ, পখিলা, জিঞা, শামুক, কেঁকোৰা, জলজ উদ্ভিদ আদি জৈৱবৈচিত্ৰৰ ভঁৰাল। গতিকে এই অঞ্চলটো প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰিব পাৰিলেহে দৰাবিলৰ চৌপাশৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হোৱাৰ লগতে প্ৰকৃতি নিৰ্ভৰশীল ৰাইজৰ ভৱিষ্যত সুৰক্ষিত হ'ব বুলি সচেতন মহলে এই অঞ্চলৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী তুলি আহিছে। আহক আমি সকলোৱে এই প্ৰাকৃতিক অঞ্চলটো সংৰক্ষণৰ বাবে হাতে ধৰি চেষ্টা কৰোঁ 🙏

Address

Guwahati
781132

Website

Alerts

Be the first to know and let us send you an email when Bonyabondhu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share