16/08/2026
বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি কেনেদৰে উপভোগ কৰিছোঁ আমাৰ সাংবিধানিক অধিকাৰ ? নাজিৰাৰ বিধায়ক য়ে মাফিয়াৰ দৰে ভাবুকি দিছেঃ
Attention মুখ্যমন্ত্ৰী Himanta Biswa Sarma
Attention Assam Police ৰ ডিজিপি হৰমিট সিং ডাঙৰীয়া,
যোৱা ১৩ আগষ্ট, ২০২৬ ৰ ৰাতি ৰাইজৰ দলৰ যুৱ বাহিনীৰ শিৱসাগৰ জিলাৰ উপসভাপতি ছাবিৰ আহমেদৰ শিৱসাগৰ সমষ্টিৰ হাঁহচৰাৰ চূণপোৰাস্থিত ঘৰত ৰাতি প্ৰায় ১২ বজাত সত্যজিৎ বৰগোহাঁই( টনি) আৰু মানস সন্দিকৈৰ নেতৃত্বত প্ৰায় ৪০ জনীয়া এটা যুৱকৰ দলে উপস্থিত হৈ ছাবিৰৰ ঘৰত সন্ত্ৰাসৰ সৃষ্টি কৰে আৰু ঘটনাস্থলীত পুলিচ উপস্থিত হোৱাত তেওঁলোকে ছাবিৰৰ ঘৰ ত্যাগ কৰে। ছাবিৰৰ অপৰাধ আছিল ৰাইজৰ দলৰ যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ম@manash.konwar.39 ৰ সৈতে ১১ আৰু ১২ আগষ্টত দুখন সংবাদ মেলত উপস্থিত আছিল। ৪০ জনীয়া বাহিনীটোৱে ছাবিৰক ভাবুকি দিয়ে যে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে শিল খননৰ ছিণ্ডিকেটত জড়িত বুলি ক’লে তেওঁলোকে ছাবিৰক জীয়াই থাকিবলৈ নিদিয়ে।
আজি ১৫ আগষ্টৰ বিয়লি ৩.৩০-৪.০০ বজাত স্বয়ং নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত মানস সন্দিকৈসহ ৪০-৫০ জনীয়া এটা যুৱকৰ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাৰ নাজিৰা সমষ্টিৰ বৰাহীবাৰী পঞ্চায়তৰ কাৰ্যালয়ৰ কাষতে থকা ঘৰলৈ আহি ঘৰৰ ভিতৰত ঋতুমণিৰ পত্নী অকলে থকা অৱস্থাত ঘৰটো বিচাৰি চলাথ কৰে আৰু ঋতুমণিৰ পত্নীক কয় যে যোৱা ৩ দিন ধৰি ঋতুমণিক ময়ূৰে বিচাৰি ফুৰিছে। ঋতুমণি পলাই থকা বুলি ময়ূৰে উল্লেখ কৰে। ময়ূৰ বৰগোহাঁইয়ে ঋতুমণিক তেওঁৰ পত্নীৰ সন্মুখত প্ৰকাৰান্তৰে হত্যাৰ ভাবুকি দিয়ে।
ঘৰৰ ভিতৰৰ কোঠাত অকলশৰীয়া অৱস্থাত নাজিৰাৰ বিধায়ক ময়ূৰে ঋতুমণিৰ পত্নীক কয় যে যিহেতু ঋতুমণি আৰু পত্নীৰ বিয়া হোৱা মাত্ৰ দুমাহ হৈছে , সেয়ে তেওঁ ছোৱালীগৰাকীক বিপদত পেলাব নোখোজে! ঋতুমণি হাজৰিকাৰো অপৰাধ হ’ল— তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ যোৱা ১২ আগষ্টত দিয়া সংবাদ মেল , য’ত তেওঁ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মহাপ্ৰলয়ৰ বাবে নাগালেণ্ডত চলি থকা অবাধ কয়লা খনন আৰু অসমৰ নাজিৰা সমষ্টিত চলি থকা অবৈধ শিল খননক জগৰীয়া কৰি সেই কামত মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিজেপিৰ বিধায়কদ্বয় সোণাৰিৰ ধৰ্মেশ্বৰ কোঁৱৰ আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ এইবোৰ অবৈধ কাৰ্যত হাত আছে বুলি অভিযোগ কৰিছিল।
বিধায়ক ময়ূৰ বৰগোহাঁয়ে স্বাভাৱিকতে তেওঁৰ বিৰুদ্ধে তোলা অভিযোগত খৰ্গহস্ত হ’বই। কিন্তু খং উঠিলে বুলিয়ে তেওঁ মানুহক এনেকৈ নিজে বা বন্ধুবৰ্গ পঠিয়াই মাফিয়াৰ ষ্টাইলত ভাবুকি দিব নোৱাৰে। তেওঁৰ ক’বলগীয়াখিনি, প্ৰতিবাদ কৰিবলগীয়াখিনি হয় সংবাদ মাধ্যমৰ জৰিয়তে কৰিব লাগিব অথবা আদালতত মানহানিৰ গোচৰ তৰিব লাগিব। তাকে নকৰি নিজে বা সংগীক পঠিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰা, ভাবুকি দিয়া , এইবোৰ কেতিয়াও মানি ল’ব নোৱাৰি। এয়া গণতন্ত্ৰ পৰিপন্থী, নৈৰাজ্যবাদ, মাফিয়াৰাজৰ লক্ষণ।
Bharatiya Janata Party (BJP) ৰ দুৰ্ঘোৰ কৰ্মী তথা Himanta Biswa Sarma ডাঙৰীয়া, বিধায়ক ময়ূৰ বৰগোহাঁইক আপুনি নিয়ন্ত্ৰণ কৰিবনে? তেওঁক এনে মাফিয়াগিৰিৰ পৰা আঁতৰি আহিবলৈ ক’বনে? পুলিচক এই সম্পৰ্কত suo moto গোচৰ ল’বলৈ আপুনি নিৰ্দেশ দিবনে?
আমাৰ ফালৰ পৰা স্পষ্ট কৰি দিওঁ, ঋতুমণি হাজৰিকা , ছাবিৰ আহমেদ বা মানস কোঁৱৰৰ কোনো শাৰীৰিক, মানসিক ক্ষতি হ’লে বিধায়ক ময়ূৰ বৰগোহাঁয়ে জগৰীয়া হ’ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই বিষয়ত আপোনাৰ সহাঁৰিলৈ অপেক্ষা কৰিম॥