চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

  • Home
  • India
  • Gauhati
  • চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha চাহ জনগোষ্ঠী ঐক্য মঞ্চ পেজটিলৈ সকলোকে স্বাগতম জনাইছোঁ। 🙏🌱🍃 যোগাযোগ - 6002606693 / 9101253758 / 6002898906
(1)

01/08/2026

২ জন সন্তান লৈ এগৰাকী অসহায় মাতৃ । আনক বচাবলৈ গৈ নিজে মৃত্যুক আঁকোৱালি ললে স্বামীয়ে। ভোক্তভোগী পৰিয়ালটিৰ বুজ ল'বলৈ উপস্থিত থাকে চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সমৰজিৎ তাঁতী আৰু আটছা মৰাণ শাখাৰ বিষয়ববীয়া সকল । পিতৃহাৰা সন্তান দুটি আৰু মহিলাগৰাকী সহায়ৰ প্ৰয়োজন হৈছে। আপোনালোকে সহায় কৰক 👏👏👏

নাম- জয়মী চাওঁৰা
চণ্টক,বগদাই গাওঁ ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা
অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA)
চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

সকলোৱে সহায় কৰোঁ আহক !! চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha
27/07/2026

সকলোৱে সহায় কৰোঁ আহক !!

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

আজিৰ পৰা ২৬ বছৰ পূৰ্বে ১৯৯৯ চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ সমীপত কাশ্মীৰৰ কাৰ...
26/07/2026

আজিৰ পৰা ২৬ বছৰ পূৰ্বে ১৯৯৯ চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ সমীপত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল ৷ প্ৰায় ৬০ দিনযোৰা যুদ্ধৰ অন্তত পাকিস্তানী সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল । সেই সময়ৰ পৰাই ভাৰতত ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয় ৷ কাৰ্গিল সংঘৰ্ষ হিচাপেও জনাজাত কাৰ্গিল যুদ্ধ আছিল ভাৰত-পাকিস্তানৰ মাজত সংঘটিত এক সশস্ত্ৰ যুদ্ধ ৷যত ৫২৭ জন ভাৰতীয় সেনা হেৰুৱাবলগীয়া হৈছিল ।কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় জোৱান সেনাবাহিনী সকলক শ্বহীদ আত্মাক শ্ৰদ্ধাৰে প্ৰণিপাত জনালোঁ ।❣️🙏

জয় হিন্দ✊
বিজয়ী ভাৰত ❤️❣️🙏
চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

সংগ্ৰামী নমস্কাৰ গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনাক/আপোনালোকক অতি দুখেৰে জনাওঁ যে পলমকৈ হ'লেও   বানপীড়িত ৰাইজক আমি চাহ জনগ...
24/07/2026

সংগ্ৰামী নমস্কাৰ গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনাক/আপোনালোকক অতি দুখেৰে জনাওঁ যে পলমকৈ হ'লেও বানপীড়িত ৰাইজক আমি চাহ জনগোষ্ঠী ‌ঐক্য মঞ্চৰ সদস্য সদস্যাৰ সহযোগত ভুক্তভোগী পৰিয়াললৈ কিছু সাহায্য আগবঢ়োৱাৰ কথা চিন্তা কৰিছোঁ। গতিকে ২৬ জুলাইৰ ভিতৰত সকলোৱে সুবিধা অনুযায়ী কমেণ্টত উল্লেখ কৰা QR code ত আৰ্থিক সহায় আগবঢ়াব বুলি বিনম্ৰ অনুৰোধ জনালোঁ।

👏👏👏

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

এজন সুদক্ষ অভিজ্ঞতাৰে পৰিপূৰ্ণ খঙাল প্ৰকৃতিৰ সাধাৰণ চাহ জনগোষ্ঠী ৰ  জনেই হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰ প্ৰতিষ্ঠাপক সভ...
26/06/2026

এজন সুদক্ষ অভিজ্ঞতাৰে পৰিপূৰ্ণ খঙাল প্ৰকৃতিৰ সাধাৰণ চাহ জনগোষ্ঠী ৰ জনেই হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চাইমন সিং হ'ৰ ।যি গৰাকী ব্যক্তিয়ে চাহ জনজাতি ছাত্ৰ সন্থা ক আধাৰ হিচাপে লৈ সমাজখনৰ উন্নতিৰ বাবে সপোন ৰচিছিল।

হ'ৰৰ পূৰ্বপুৰুষ সকল ঝাড়খণ্ড ৰাজ্যৰ ৰাঁচীৰ পৰা বগা চাহাবৰ মজদুৰ চালানত অসমৰ চাহ বাগিচাত কাম কৰিবলৈ আহিছিল । সময়ত বাগিছাৰ কাম এৰি নিমাইগড় হাবি গাঁৱলৈ গৈ বসতি স্থাপন কৰি কৃষি কৰ্ম কৰিব ধৰে । তাতে ১৯২৯ চনত চাইমন সিং হ'ৰৰ জন্ম হয় । তেওঁৰ পিতৃৰ নাম মাচি প্ৰকাশ হ'ৰ আৰু মাতৃ চাৰা হ'ৰ । হ'ৰৰ জন্ম স্থান হাবি গাওঁ খন চহৰৰ পৰা দূৰত অৱস্থিত এখন ভিতৰুৱা গাঁও। গাঁৱৰ মানুহবোৰে দুবেলা দুমুঠি খাই জীয়াই থকাৰ কথাহে চিন্তা কৰিছিল । পঢ়া শুনাৰ কথা চিন্তা কৰিবলৈ কাৰো মানসিকতাও নাছিল । তাৰ মাজতে দেউতাকে পুত্ৰৰ কথা চিন্তা কৰি হ'ৰক সাত বছৰ বয়সত শিৱসাগৰত থকা মিছন স্কুলত নাম লগাই দি তাৰ হোষ্টেলতে ৰাখি থৈ আহে । প্ৰাথমিক শিক্ষা মিছন স্কুলত শেষ কৰাৰ পিছত শিৱসাগৰতে থকা পল মেমৰিয়েল স্কুলত নাম লগাই দিয়ে ।বেছি নহ'লেও কিছু অলপ লিখা পঢ়া শিকা দেউতাকে‌ শিক্ষাৰ মূল্য সৌ তাহানিতেই বুজি উঠিছিল বাবেই পুত্ৰক ঘৰত ৰাখি আলাসৰ লাডু নকৰি মৰমসনা কঠোৰ শাসনৰ তলত ৰাখি ল'ৰা পঢ়া শুনা কৰি ডাঙৰ হওকঁ বুলি আৰ্থিক অৱস্থা বেয়া হোৱাৰ স্বত্তেও , চহৰত নি পঢ়ুৱাইছিল ।সৰুৰে পৰা পঢ়াত ধাউতি থকা হ'ৰই পৰাপক্ষত স্কুল গতি নকৰি বৰ মনোযোগেৰে পঢ়া শুনা কৰিছিল । পল মেমৰিয়েলৰ পৰা ১৯৪২ চনত এম .ই পাছ কৰি শিৱসাগৰ বেজবৰুৱা হাইস্কুলতৰ পৰা ১৯৪৬ চনত সুখ্যাতিৰে মেট্ৰিক পাছ কৰে । তাৰ পিছত শিৱসাগৰ এৰি যোৰহাটলৈ গৈ কলেজীয়া শিক্ষা তাত আৰম্ভ কৰে । যোৰহাট জে.বি . কলেজত পঢ়ি থাকোঁতে তেওঁৰ সহপাঠী আছিল মৰাণৰ সন্তোষ কুমাৰ তপ্ন । সেই সময়ত চাহ জনগোষ্ঠী সমাজৰ মাত্ৰ কেইজনমান ল'ৰাই হে কলেজত পঢ়িছিল । কলেজত পঢ়ি থাকোঁতে হ'ৰ আৰু তপ্ন বৰ নলেগলে লগা বন্ধু হৈ পৰিছিল । বন্ধুত্বৰ এনাজৰিডাল এনে নিকপকপীয়া হৈ পৰিছিল যে জীৱনৰ শেষ মূহুৰ্তলৈকে দুয়োৰে বন্ধুত্বৰ বান্দোনত ঘূণে ধৰা নাছিল । আন হাতেদি দুয়োৰে সংযোগ যেন মনিকাঞ্চনহে ।১৯৪৭ চনত জন্ম লাভ কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সাধাৰণ সম্পাদকৰূপে দুয়ো নিৰ্বাচিত হৈছিল । সভাপতি হৈছিল হ'ৰ আৰু সাধাৰণ সম্পাদক হৈছিল তপ্ন । তেওঁলোক পঢ়ি থকা কালত জে.বি. কলেজৰ অধ্যক্ষ আছিল পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ । ১৯৪৮ চনত আই .এ‌ পাচ কৰাৰ পিছত ঘৰুৱা অৱস্থা ভাল নোহোৱাৰ কাৰণে এক প্ৰকাৰ কলেজ এৰাৰ নিচিনাই হৈছিল । উচ্চ শিক্ষাৰ প্ৰতি ধাউতি থকাৰ কাৰণে বহু বাধা বিঘিনি কষ্টৰ মাজেৰে যাৰ তাৰ পৰা পুৰণি কিতাপ খুজি মেলি পঢ়ি ১৯৫৪ চনত সেইখন কলেজৰ পৰাই বি.এ পাছ কৰে । বি.এ পাছ কৰিয়েই তেওঁ কৰ্মজীৱনৰ পাতনি মেলে । সেই সময়ত শিক্ষাৰ পোহৰ নোপোৱা টেঙা পুখুৰীত এখন এম ই স্কুল পাতি ল'ৰা ছোৱালী পঢ়াবলৈ ধৰে ।তাৰ মাজতে ১৯৫৬ চনত সৰু পথাৰৰ এমলী হ'ৰক তেওঁ বিবাহ কৰাই ।এম ই স্কুলখনৰ প্ৰধান শিক্ষক হৈ থাকোঁতেই খুব কম দিনৰ ভিতৰতে স্কুলতখন চৰকাৰী কৰণ হয় । চৰকাৰীকৰণ হোৱাত বিনা বেতনে কাম কৰা শিক্ষক সকলে বেতন পোৱা হ'ল । বিনা বেতনে কাম কৰেআ হ'ৰই নিয়মিতভাৱে চৰকাৰী বেতন অলপদিন‌ লোৱাৰ পিছতে কি ভাবি জানো , এই কৰি থকা চৰকাৰী স্কুলখনৰ প্ৰধান শিক্ষক পদবী এৰি ১৯৫৭ চনত বেতবাৰীলৈ গুচি যায় আৰু তাৰ এখন নতুনকৈ পতা ভেঞ্চাৰ হাইস্কুলতৰ শিক্ষকৰ চাকৰিত সোমায় । স্কুলখনৰ প্ৰধান শিক্ষকৰ পদবীত যোগাদান কৰা হ'ৰই অশেষ কষ্ট কৰি দুবছৰ ভিতৰতে স্কুলতখন চৰকাৰীকৰণ কৰোৱাৰ সফল হয় । এইখন স্কুলো চৰকাৰীকৰণ হোৱাৰ পিছতেই স্কুলখনৰ চাকৰি এৰি পুনৰ নিজৰ গাঁৱলৈ ঘুৰি আহে। গাঁৱলৈ আহি নতুনকৈ স্থাপন কৰা বেতবাৰী হাইস্কুলত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। এইখন স্কুলো বহুত খাটি মেলি চৰকাৰীকৰণ কৰে । চৰকাৰীকৰণ হোৱাৰ পিছত তাৰ প্ৰধান শিক্ষকৰ পদবী এদিন নতুনকৈ গঢ় লোৱা ৰহদৈ পুখুৰী এম. ই স্কুলত সোমায়। তাৰ প্ৰধান শিক্ষকৰ পদবীত অধিষ্ঠিত হৈ চৰকাৰৰ দুৱাৰে দুৱাৰে ঘুৰি স্কুলখন এদিন চৰকাৰী কৰণ কৰে । হ'ৰৰ এই কাৰ্য্যবোৰৰ পৰা দেখা যায় যে স্কুল এখনত সোমাই স্কুলখন চৰকাৰী কৰণ কৰাৰ পিছত স্কুলখনত থকা তেওঁৰ দায়িত্ব যেন শেষ হৈ পৰে। সেই নিজৰ দায়িত্ব আনক অৰ্পণ কৰি নিজে আন ভেঞ্চাৰ স্কুললৈ গতি কৰে । শিক্ষা জগতত তেওঁৰ বাবে এক ব্যতিক্ৰমধৰ্মী অৱদান বুলি কব পাৰি ।কোনো এখন স্কুলতে তেওঁ বেছিদিন চাকৰি কৰা নাছিল । ইখন স্কুলতৰ পৰা সিখন স্কুললৈ সদায় দৌৰি ফুৰিছিল । ১৯৬০ চনত চণ্টক হাইস্কুল প্ৰতিষ্ঠা কৰি তাৰ প্ৰধান শিক্ষক হয় আৰু খুব কম দিনৰ ভিতৰতে এই স্কুলখনো চৰকাৰীকৰণৰ তালিকাভূক্ত কৰে ।পিছপৰা ভিতৰুৱা অঞ্চলবোৰত স্কুল পাতি অশিক্ষিত চামক শিক্ষিত কৰাৰ মানসেৰে যি প্ৰচেষ্টাৰ কামত আগবাঢ়িছিল ই অতি প্ৰশংসনীয় । সমাজৰ শিক্ষা দিক্ষাৰ কৰা চিন্তা কৰাৰ লগে লগে ঐক্য- শান্তি আৰু প্ৰগতিৰ কথাও চিন্তা কৰি অন্যান্য সামাজিক দিশতো মনোনিৱেশ কৰা দেখা গৈছিল । তেওঁৰ প্ৰচেষ্টাত স্থানীয় অঞ্চলত ৰাস্তা নোহোৱা ঠাইত ৰাস্তা হৈছিল আৰু নিজৰ মাটিত পুখুৰী খন্দাই ৰাইজৰ পানীৰ অভাৱ দূৰ কৰিছিল । সেইদৰে নিজৰ মাটিত এখন স্কুল, এখন হাইস্কুল,এখন নামঘৰ আৰু এখন গীৰ্জা স্থাপন কৰাত অৰিহনা যোগাইছিল । তেওঁৰ চেষ্টাতে নিমাই গড় গাঁৱৰ ৰাইজে বিজুলী চাকিৰ পোহৰ পাইছিল । শিৱসাগৰ জিলা বেপ্টিষ্ট খ্ৰীষ্টিয়ান সভাৰ সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰা হ'ৰ নিজে খ্ৰীষ্টান হৈয়ো হিন্দু নামঘৰ পতাত আগভাগ লৈ এক বহল মনৰ পৰিচয় দি ধৰ্ম নিৰপেক্ষতাৰ চানেকি দাঙি ধৰে।

এসময়ত ৰাজনীতিৰ পথাৰতো হ'ৰ দেৱে খোজ পেলাইছিল । ষাঠি দশকত অধুনালুপ্ত চাৰ্কোল চাহ শ্ৰমিক সংঘৰ জন্ম দিয়ে । একাধিক বাৰ ধোপাবৰ গাওঁ পঞ্চায়ত সমবায় সমিতিৰ সভাপতি হয় । এবাৰ জিলা পৰিষদ কাউন্সিলাৰো হয় ।১৯৭৭ চনত জনতা পাৰ্টীয়ে কেন্দ্ৰত শাসনভাৰ দখল কৰাৰ সময়ত কংগ্ৰেছ‌ পাৰ্টী দুভাগ হৈ এভাগ ইন্দিৰা কংগ্ৰেছ আৰু আনভাগ ৰেড্ডী কংগ্ৰেছ হোৱাৰ হ'ৰৰ ইন্দিৰা কংগ্ৰেছত যোগদান কৰি নাজিৰা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে । সেইবাৰ ৰেড্ডী কংগ্ৰেছৰ পৰা হিতেশ্বৰ শইকীয়া তাত উঠিছিল । দুয়োৰে মাজত তুমুল প্ৰতিদ্বন্দিতা হৈছিল ।হ'ৰদেৱৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান সভাত ইন্দিৰা গান্ধীয়েও আহি ভাষণ দিছিল । সেই সময়ত অসমত ৰেড্ডী কংগ্ৰেছৰ প্ৰভাৱ বেছি থকাৰ কাৰণে তেওঁ নিৰ্বাচনৰ বৈতৰণী পাৰ হব নোৱাৰিলেও খুব কম সংখ্যক ভোটৰ ব্যৱধানত হে পৰাজয় বৰণ কৰিবলগীয়া হয় ।

অসম চৰকাৰে আগবঢ়োৱা উচ্চ পদৰ চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি জনতাৰ মাজত থাকি জনতাৰ সেৱা কৰি যোৱা হ'ৰ জীৱনৰ বিয়লি বেলাত ৰোগাক্ৰান্ত হৈ পৰে। বহু চিকিৎসা কৰায়ো তাৰ কোনো ফল নাপালে। শেষত ১৯৭৯ চনৰ ২৬ জুন‌ত ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ সময়ত হ'ৰৰ পত্নী সহ দুগৰাকী পুত্ৰ আৰু পাঁচগৰাকী কন্যা এৰি থৈ যায়। হ'ৰৰ নশ্বৰ দেহ ত্যাগ কৰি আমাৰ মাজৰ পৰা আঁতৰি গলেও আটছাৰ এই প্ৰতিষ্ঠাপক সভাপতি গৰাকীক চাহ জনজাতি সমাজে সদায় স্মৰণ কৰি থাকিব ।

গোটেই জীৱন নিজৰ চাহ জনগোষ্ঠী সমাজৰ সকলো দিশত উন্নত কৰাৰ প্ৰচেষ্টাত নিজৰ জীৱন জাতি সেৱাত ব্ৰতী কৰি ইমান এক মহান আদৰ্শ হিচাপে যি কাম কৰি গ'ল তাৰ ব্যাখ্যা দিবলৈ শব্দৰ অভাৱ হ'ব। অৱশেষত আজিৰ এই দিনটোতে মৃত্যু বৰণ কৰা আমাৰ আদৰ্শ পুৰুষ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ও সমাজ হিতৈষী হ'ৰদেৱৰ ৪৭ সংখ্যক মৃত্যু বাৰ্ষিকীত আন্তৰিক শতকোটি প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।❤️🙏

জয় আই অসম

#জয়তু_আটছা ✊❤️
অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA)
অসম চাহ জনজাতি ছাত্ৰ সন্থা
চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

24/06/2026

চৰাইদেও জিলাৰ কানুবাৰীৰ শ্ৰী নৰেন কৈৰীৰ একমাত্ৰ কন্যা কণমাণি সৈনিকা কৈৰীয়ে দীৰ্ঘ দিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান দিল্লীৰ এইমছ হাস্পতালত চিকিৎসাধীন হৈ আছে। ঘৰৰ আৰ্থিক অৱস্থা সুচল নোহোৱাৰ বাবে চিকিৎসাৰ পৰা পৰিয়ালে থমকি ৰব লগা হৈছে। সেয়েহে আপোনাৰ সহায়ৰ প্ৰয়োজন হৈছে । অনুগ্ৰহ কৰি কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।

Homoy
চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

20/06/2026

কি সুন্দৰ ❤️❤️

আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱে গোৱা গীতটি - Sneha & Shreya য়ে কি সুন্দৰ প্ৰদৰ্শন কৰিছে ।
ভাল লাগিলে আগলৈ ছেয়াৰ কৰিবলৈ নাপাহৰিব।

ধন্যবাদ 👏

Zubeen Garg
The Golden Pink - Sneha & Shreya


চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

18/06/2026

নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী জীৱন মূণ্ডাৰ কণ্ঠত হাৰ্টথ্ৰব জুবিন গাৰ্গ দেৱৰ " লাল পাড়ি বগা ছাড়ি" গীতটিৰ Mashup অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ব । আশাকৰোঁ ৰাইজে মৰম দিব লগতে আগুৱাই যোৱাত উৎসাহিত কৰিব।

ধন্যবাদ

Jeeban Ind Munda
চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

১৮৭৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৫ নৱেম্বৰত তেতিয়াৰ বেংগল প্ৰভিন্সৰ লোহাৰডাগা জিলাৰ উলিহাটুত জন্ম লাভ কৰে বীৰচা মুণ্ডাই। বী...
09/06/2026

১৮৭৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৫ নৱেম্বৰত তেতিয়াৰ বেংগল প্ৰভিন্সৰ লোহাৰডাগা জিলাৰ উলিহাটুত জন্ম লাভ কৰে বীৰচা মুণ্ডাই। বীৰচা মুণ্ডাই জাৰ্মান মিছনেৰী স্কুলত স্কুলীয়া জীৱন আৰম্ভ কৰে। মিছনেৰী স্কুলে শিক্ষাদানৰ লগতে বীৰছা মুণ্ডাৰ পৰিয়ালটোক খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰা হয়।

খ্ৰীষ্টান মিছনেৰী স্কুলত পঢ়ি থকাৰ সময়ৰে পৰা অন্যায়-অত্যাচাৰ-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদী বীৰচা মুণ্ডা সত্বাৰ জাগ্ৰত হয়। প্ৰথমাৱস্থাত খ্ৰীষ্টান মিছনেৰীৰ প্ৰতি সামান্য অনুকম্পা থাকিলেও পৰৱৰ্তী সময়ত মিছনেৰী স্কুল ত্যাগ কৰে। আনকি তেওঁৰ পৰিয়ালটোৱেই খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰে। ইয়াৰ পিছতে সমাজ সংস্কাৰ লাগে বীৰছাই। লগতে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজতখনতো জড়িত হৈ পৰে।

নিজৰ জন্মভূমিত ব্ৰিটিছ আৰু ব্ৰিটিছে সংস্থাপন কৰা ভূস্বামীসকলে কেৱল ভূমি অধিকাৰতে নহয় তেওঁলোকৰ হাজাৰ বছৰীয়া সংস্কৃতিৰ ওপৰতো কুঠাৰাঘাত কৰে। দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি অত্যাচাৰ চলোৱাৰ উপৰিও তেওঁলোকৰ প্ৰাকৃতিক ভূমি অধিকাৰ হৰণ কৰে ব্ৰিটিছে। নতুন নতুন কৰ আৰোপ কৰি সেয়া বৃদ্ধি কৰিবলৈও ধৰে। এনে পৰিস্থিতিত নিজৰ অধিকাৰৰ প্ৰতি সজাগ হৈ উঠে বীৰছা মুণ্ডা। ইয়াৰ পিছতে বীৰছা মুণ্ডাই ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হোৱা সংগ্ৰামখনৰ হাজাৰ হাজাৰ জনজাতীয় মানুহক নেতৃত্ব দিয়ে। বীৰছা মুণ্ডাৰ নেতৃত্বত তেতিয়া বেংগ প্ৰভিন্সৰ জনজাতীয় অঞ্চলসমূহত ব্ৰিটিছ বিৰোধী সংগ্ৰামখন বিস্তাৰিত হয়।

আদিবাসী মানুহৰ বন আৰু ভূমি অধিকাৰৰ প্ৰতি সজাগ হৈ উঠাৰ সময়তে ১৮৯৩-৯৪ত ব্ৰিটিছে ছুট্টাগনাগপুৰ অৰণ্যত নতুন বন আইন বলৱৎ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই খবৰ বিয়পি পৰাৰ লগে লগে বীৰছা মুণ্ডাৰ নেতৃত্বত আদিবাসী লোকসকল জাঙুৰ খাই উঠে। বীৰচা মুণ্ডাৰ নেতৃত্ব সমগ্ৰ অঞ্চলটোৰ পাহাৰ আৰু ভৈয়ামৰ জনজাতীয় মানুহবোৰ ব্ৰিটিছৰ বিৰুদ্ধে গৰ্জন কৰি উঠিল। পৰম্পৰাগত ধনু-কাড়ৰেৰে আৰক্ষী তথা ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰে বীৰচা মুণ্ডাৰ গেৰিলাসকলে।

ইফালে বীৰচাই নিজৰ ৰাজ্য উদ্ধাৰ কৰিবলৈ ভগৱানে তেওঁক দূত হিচাপে পঠাইছে বুলি ঘোষণা কৰি আধিয়াৰ কৃষকক কৰ দিবলৈ মানা কৰে। বীৰচাৰ এই ঘোষণাই আদিবাসীসকলক আৰু অধিক উদ্বুদ্ধ কৰি তোলে। ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ অপৰাধত ব্ৰিটিছে বীৰচা মুণ্ডাক ১৮৯৫ চনৰ ২৪ আগষ্টত দুবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে। ১৮৯৮ চনৰ ২৮ জানুৱাৰীৰ কাৰাগাৰৰ পৰা মুকলি হৈ পুনৰ আন্দোলনত নামি পৰে বীৰচাই।

১৯০০ চনৰ ৫ জানুৱাৰীত বীৰচা মুণ্ডাৰ অনুগামীয়ে দুগৰাকী আৰক্ষীক হত্যা কৰে আৰু ৭ জানুৱাৰীত খুণ্টী নামৰ আৰক্ষী থানাত আক্ৰমণ কৰে। ইয়াৰ পিছতে বীৰচাই আত্মগোপন কৰে আৰু তেওঁৰ বিৰুদ্ধে ৫০০ টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰে ব্ৰিটিছ প্ৰশাসনে। ১৯০০ চনৰ ৩ ফেব্ৰুৱাৰিত আৰক্ষীয়ে চক্ৰধৰপুৰৰ জামক’পাই অৰণ্যত বীৰচা মুণ্ডাক গ্ৰেপ্তাৰ কৰে। বিভিন্ন গোচৰত অভিযুক্ত কৰি বীৰচা মুণ্ডাৰ বিৰুদ্ধে বিচাৰ চলি থকাৰ মাজতে ১৯০০ চনৰ ৯ জুনত কাৰাগাৰত তেওঁৰ মৃত্যু হয়।

এই বীৰ শ্বহীদ গৰাকীৰ আজি হৈছে ১২৬ তম মৃত্যু বাৰ্ষিকী। দেশৰ এই বৰণ্যে ধৰতী আবা বীৰ শ্বহীদ ভগবান বিৰছা মূণ্ডা দেৱলৈ মৃত্যু বাৰ্ষিকীত অসম চাহ জনজাতি ছাত্ৰ সন্থা পৰিয়ালে সশ্ৰদ্ধাৰ প্ৰণামেৰে স্মৰণ কৰিছো।।

হে শ্বহীদ প্ৰণামো তোমাক 👏

চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

৫ জুন - "বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে এখন সেউজ আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক ...
05/06/2026

৫ জুন - "বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে এখন সেউজ আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ লক্ষ্যৰে আমি সকলোৱে একোটিকৈ গছপুলি ৰোপণ কৰোঁ আহক -

বিচিত্ৰ ধৰিত্ৰী আমাৰ সপোন
সেউজীয়া পৃথিৱী আমাৰ লক্ষ্য আজি ৫জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস ।সমগ্ৰ বিশ্ববাসীয়ে আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উৎযাপন কৰিব আজিৰ দিনটো শ ,হাজাৰ লাখ ৰ .. ঘৰত গছ পুলিবোৰে এক নতুন প্ৰাণ(জীৱন )পাব কিন্তু অন্যহাতে আজিৰ দিনটো ইয়াৰ সম্পৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা যাব বৰ্তমান সময় গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰ মূল কাৰণ হৈছে বনাঞ্চল ধবংস গোলকীয় উষ্ণতা বৃদ্ধি ইত্যাদি এই সকলো বোৰ ঘটনা লগত জড়িত হয় আছো আমি জীৱশ্ৰেষ্ঠ মানৱ জাতিটো .
আজি কিয় অলপমান উষ্ণতা বৃদ্ধি হলে আমি সম্পূৰ্ণ মানৱ জাতিটোৱে কিয় চৌদিশে উষ্ণতা বৃদ্ধিৰ নামত চিঞৰ বাখৰ কৰিছো । এটা কথা সদায় মনত ৰাখক এই গোলকীয় উষ্ণতা বৃদ্ধিৰ এই কাৰক বোৰৰ হৈতে আপুনি বা মইয়ো জড়িত হয় আছো ।কিয় আমি এই কথাষাৰ পাহৰি গৈছে ?কেৱল মাত্ৰ আমি নিজৰ চাহিদা পূৰণত হে ব্যস্ত হৈছো।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি প্ৰত্যেক বিশ্ববাসী বৃক্ষৰোপন কৰিম ঠিক আছে কিন্তু গছ পুলিটো ৰুই দিলো জানো আমাৰ দায়িত্ব সম্পূৰ্ণ হয় ।পুলিটো ৰুই অহাৰ পাছত কিমানেনো আমি পুলিটো চাবলৈ যাও বা তাক প্ৰতি পালন কৰি ডাঙৰ দীঘল কাৰলৈ নিজৰ দায়িত্ব টো পালনকৰো ।কিছু লোকে হে এই গুৰু দায়িত্ব পালন কৰা দেখিবলৈ পোৱা যায়। গতিকে আমি অকল বৃক্ষৰোপন (গছ পুলিৰোপন) কৰিলে নহব ইয়া সম্পূৰ্ণ প্ৰতি ৰক্ষা আৰু প্ৰতিপালনৰো দায়িত্ব লব লাগিব। বৰ্তমান সময়ত আজি কালি মেল মিটিং ,সভা সমূহত বিভিন্ন ব্যক্তিয়ে বক্ষৃৰোপন কৰা কাৰ্যসূচী দেখিবলৈ পোৱা যায় ।বৃক্ষৰোপন কৰিলে তেওঁ লোকৰ দায়িত্ব জানো সমাপ্ত হয় তেওঁলোকে ৰোপান কৰা সেই পুলিটোৰ দায়িত্ব স্থানীয় কোনো লোক বা ব্যক্তি হাতত অপৰ্ন কৰিব লাগে।
অকল বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কিয় আমি প্ৰত্যকে নিজৰ নিজৰ জন্ম দিন বা অন্য কোনো এটা বিশেষ দিনত এজোপাকৈ গছ পুলি ৰোপন কৰিব লাগে।
বিশেষ প্ৰয়োজন সাপেক্ষে এজোপা গছ কটাৰ পৰিৱতে দুজোপা গছ পুলি ৰোপন কৰাৰ সেউজীয়া পৃথিৱী গঢ়ক....
আপোনাৰ মোৰ সকলোৰে প্ৰিয় প্ৰকৃতি...🍃

সেউজী ধৰনী ধুনীয়া
সোণোৱালী শইচৰ...💚

পথাৰ কোলাত শোভে
ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া...🍃🌍
✍️অংকুশমান কুম্ভকাৰ
জিলা - ডিব্ৰুগড় (চাবুৱা)

Ankushman Kumbhakar
চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha

Address

Gauhati

Alerts

Be the first to know and let us send you an email when চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to চাহ জনগোষ্ঠী ঐক্য মঞ্চ - Cha Janagusti Aikya Mancha:

Shortcuts

Share

Category