CPI - ML Liberation, অসম ৰাজ্যিক সমিতি

  • Home
  • India
  • Guwahati
  • CPI - ML Liberation, অসম ৰাজ্যিক সমিতি

CPI - ML  Liberation, অসম ৰাজ্যিক সমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CPI - ML Liberation, অসম ৰাজ্যিক সমিতি, Political Party, GUWAHATI, BHETAPARA, Guwahati.

 #বিৰোধী ঐক্য বৰ্তমান পৰিস্থিতিৰ  দাবী-চিপিআই (এম-এল ) # গুৱাহাটী, ১০ ছেপ্টেম্বৰ, ২০২৬ : চিপিআই (এম-এল ) অসম ৰাজ্যিক সমি...
12/09/2026

#বিৰোধী ঐক্য বৰ্তমান পৰিস্থিতিৰ দাবী-চিপিআই (এম-এল ) #

গুৱাহাটী, ১০ ছেপ্টেম্বৰ, ২০২৬ : চিপিআই (এম-এল ) অসম ৰাজ্যিক সমিতিয়ে বৰ্তমান বিৰোধী ঐক্য সন্দৰ্ভত নিম্নোক্ত বক্তব্য দাঙি ধৰিছেঃ
দেশ আৰু জনসাধাৰণৰ ওচৰত যেতিয়া বিজেপি প্ৰধান বিপদ হিচাপে থিয় দিছে যিটো অখিল গগৈ ডাঙৰীয়াই নিজেই বিধান সভা নিৰ্বাচনৰ পূৰ্বে বাৰে বাৰে কৈ আহিছিল আৰু কংগ্ৰেছৰ লগত ঐক্যবদ্ধ মৰ্চাৰ পোষকতা কৰিছিল তেনে ক্ষেত্ৰত এতিয়া প্ৰশ্নটো হ'ল যে এই ১৩ মাহত পৰিস্থিতিৰ এনে কি পৰিৱৰ্তন হ'ল যে কংগ্ৰেছ দল আৰু বিজেপি, সমান শত্ৰুৰ শাৰীত উপনীত হ'ল ? নগাও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঠিক আগমুহুৰ্তত ৰাইজৰ দলে লোৱা এই স্থিতিয়ে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিদণ্ডিতা কৰাত ব্যাঘাট যে জন্মাব সেয়া নিশ্চিত। কংগ্ৰেছৰ লগত এটা দল থাকিব নে নাই সেয়া এটা দলৰ সম্পূৰ্ণ নিজা সিদ্ধান্ত আৰু আম আদমী পাৰ্টি, AIUDFৰ দৰে কেইবাটাও বিৰোধী দল কংগ্ৰেছৰ লগত মিত্ৰতা বা বুজাবুজিত থকা নাই। কিন্ত আমি দৃঢ়তাৰে বিশ্বাস কৰো যে বিজপি-বিৰোধী শক্তিসমূহৰ মাজত ঐক্য অতি জৰুৰী আৰু দেশৰ অৰ্থনৈতিক পৰিস্থিতি, দিল্লীৰ আন্দোলন আৰু উজনিৰ বান পৰিস্থিতিয়ে এই প্ৰয়োজনীয়তাক বেছি গুৰুত্বসহকাৰে তুলি ধৰিছে।
কংগ্ৰেছৰ প্ৰতি সমালোচনা থকা আৰু কংগ্ৰেছক বিজেপিৰ সমানে আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা কথাটো একে নহয়। কিয়নো বিজেপিয়ে ১২ বছৰ শাসন কৰাৰ পাছতো তেওলোকৰ সকলো ব্যৰ্থতাৰ বাবে কংগ্ৰেছক দায়ী কৰিব বিচাৰে আৰু বিৰোধী ঐক্যত বিভাজন আনিব বিচাৰে।
অসমত প্ৰকৃততে বিৰোধী মৰ্চা গঢ়ি উঠা নাছিল, নিৰ্বাচনত আসন বুজাবুজিহে হৈছিল৷ তাকো বহু কচৰৎৰ পিছত৷ এই কথাও সত্য যে কংগ্ৰেছ আজিও শক্তিশালী বিৰোধী দল গতিকে কংগ্ৰেছ বাদদি বিৰোধী ঐক্যৰ ওজনেই নাথাকিব৷আনটো হৈছে , নগাঁৱৰ সংসদীয় উপনিৰ্বাচনত ৰাইজৰ দলে নিজে নেখেলিলেও কাক সমৰ্থন দিব সেই স্থিতি স্পষ্ট নহয় অথচ সেই সমষ্টিৰ অন্তৰ্গত এজন বিধায়ক ৰাইজৰ দলৰ আছে যিটো ৰাজনৈতিক ভাৱে আটাইতকৈ তাৎপৰ্যপূৰ্ণ। চিপিআই (এম-এল) দলে পূৰ্ণাংগ অৰ্থত এক বিৰোধী মৰ্চা বিচাৰে য'ত দীৰ্ঘকালীন লক্ষ্য আৰু এজেণ্ডাৰে দলসমুহ দায়ৱদ্ধতাৰে বান্ধ খাই থাকিব। চিপিআই (এম-এল) দলে এইটোও বিচাৰে যে এনে মৰ্চাত কোনোবা দল নেথাকিলেও যাতে সমন্বয় আৰু সুসম্পৰ্ক থাকে সেইটো নিশ্চিত কৰিব লাগে। চিপিআই (এম-এল) দলে ভাবে যে বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থ প্ৰথম প্ৰাধান্য দিলেহে দেশ তথা জাতিৰ মংগল হ'ব।

স্বা : বিবেক দাস
সম্পাদক
অসম ৰাজ্যিক সমিতি
চিপিআই (এম-এল)

06/09/2026
06/09/2026
23/08/2026
প্ৰেছ বিবৃতিশিৱসাগৰ দুৰ্যোগৰ ন্যায়িক তদন্ত বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰগুৱাহাটী-২২জুলাইঃ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জি...
23/08/2026

প্ৰেছ বিবৃতি
শিৱসাগৰ দুৰ্যোগৰ ন্যায়িক তদন্ত বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ

গুৱাহাটী-২২জুলাইঃ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়াবহ বান দুৰ্যোগৰ কাৰণ, ক্ষয়ক্ষতি আৰু সম্ভাব্য মানৱসৃষ্ট কাৰকৰ উচ্চ পৰ্যায়ৰ স্বাধীন আৰু ন্যায়িক তদন্তৰ দাবী জনায় চিপিআই (এম এল) অসম ৰাজ্যিক সমিতিয়ে অসমৰ ৰাজ্যপাল মহোদয়ক আজি এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে যোৱা ১২ আগষ্টত ৰাজ্যপালৰ সাক্ষাৎ বিচাৰি এখন আবেদন জনোৱা হৈছিল যদিও যোৱাকালি অৰ্থাত ২১ আগষ্ট তাৰিখে ৰাজ্যপাল মহোদয়ৰ দীৰ্ঘদিনীয়া অনুপস্থিতিৰ কথা অৱগত কৰে। সেয়ে ই-মেইল যোগে এই স্মাৰ্ক পত্ৰ আজি প্ৰেৰণ কৰা হয় বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিছে। চিপিআই (এমএল)- অসম ৰাজ্যিক সমিতিয়ে এই বিপৰ্যয়ক কেৱল অতিবৃষ্টি বা প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত কৰি খোজা নাই। কিয়নোঅতিবৃষ্টি এই বানৰ তাৎক্ষণিক কাৰণ হ’লেও নদী, পাহাৰ আৰু বনাঞ্চলৰ ওপৰত দীৰ্ঘদিন ধৰি চলি থকা অবৈজ্ঞানিক আৰু নিয়ন্ত্ৰণহীন ধংসকাৰ্যই বানৰ তীব্ৰতা বৃদ্ধি কৰাত কোনো ভূমিকা পালন কৰিছে নেকি, সেইটো বৈজ্ঞানিকভাৱে নিৰ্ণয় কৰাৰ ওপৰত স্মাৰক পত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে।লগতে ২০২২ চনৰ জানুৱাৰী মাহত জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডলৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তাই বামুণপুখুৰী চাহ বাগিচাৰ ওচৰত দিখৌ নদীৰ পাৰত ব্যাপক শিল-বালি খনন, গভীৰ খনন, নদীৰ চেনেল বহল হোৱা আৰু বিপৰীত পাৰৰ খহনীয়াৰ কথা উল্লেখ কৰি যি সতৰ্ক কৰিছিল সেই সতৰ্ক কিয় উপেক্ষা কৰা হ'ল সেই বিষয়েও চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰাহৈছে। স্মাৰক পত্ৰত কোৱা হৈছে" কয়লা খননৰ অবৈধ কাৰ্যকলাপৰ সৈতে অসমৰ আৰু নাগালেণ্ডৰ কিছু ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি বা পৃষ্ঠপোষকৰ সম্পৰ্ক থকাৰ অভিযোগো বিভিন্ন ৰাজনৈতিক মহলৰ পৰা উত্থাপিত হৈছে। এনে অভিযোগৰ সত্যতা ৰাজনৈতিক বাক-বিতণ্ডাৰ জৰিয়তে নিৰ্ধাৰণ কৰিব নোৱাৰি ৰাজনৈতিক প্ৰভাৱ থকা তদন্তৰ দ্বাৰাও নিৰ্ধাৰণ কৰা সম্ভৱ নহয়; এক স্বাধীন, শাসকীয় ৰাজনৈতিক প্ৰভাৱমুক্ত নিৰপেক্ষ আৰু প্ৰমাণভিত্তিক তদন্তৰ জৰিয়তেহে সত্যতা নিৰ্ধাৰণ কৰা উচিত। " চিপিআই (এমএল)- অসম ৰাজ্যিক সমিতিয়ে ৰাজ্যপালৰ ওচৰত-
শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ১৯ জুলাই, ২০২৬ৰ বান দুৰ্যোগৰ কাৰণ, ক্ষয়ক্ষতি আৰু প্ৰশাসনিক ব্যৱস্থাপনাৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ স্বাধীন আৰু নিৰপেক্ষ তদন্ত কৰাৰ আৰু এই তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰ নেতৃত্বত কৰিবলৈ দাবী জনাইছে।লগতে তদন্ত কমিটিখনত, জলসম্পদ বিশেষজ্ঞ, ভূতত্ত্ববিদ, জলবিজ্ঞানী, পৰিৱেশ বিজ্ঞানী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞক অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে যাতে তদন্তটো কেৱল প্ৰশাসনিক পৰ্যায়ত সীমাবদ্ধ নাথাকে।তদন্ত সম্পূৰ্ণ নোহোৱালৈকে দিখৈ নদী আৰু ইয়াৰ পাৰৰ পৰা অবৈজ্ঞানিক আৰু নিয়ন্ত্ৰণহীন শিল-বালি খনন বন্ধ কৰিবলৈ আৰু নদী, পাহাৰ আৰু বনাঞ্চল সংৰক্ষণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে স্মাৰক পত্ৰখনত। বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ ঘৰ, কৃষিভূমি, পশুধন, মীনসম্পদ, তাঁতশিল্প, পথ-ঘাট, শিক্ষানুষ্ঠান আৰু অন্যান্য জীৱিকা-সম্পদৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ আৰু স্বচ্ছ জৰীপ কৰি উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে স্মাৰক পত্ৰত। স্মাৰক পত্ৰত কোৱা হৈছে, "শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানপীড়িত ৰাইজে কেৱল তাৎক্ষণিক সাহায্য আৰু ক্ষতিপূৰণেই নিবিচাৰে; তেওঁলোকে এই বিধংসী বিপৰ্যয়ৰ প্ৰকৃত কাৰণ জানিব বিচাৰে। বানৰ তাৎক্ষণিক কাৰণ হিচাপে অতিবৃষ্টি আৰু পাহাৰীয়া অঞ্চলৰ পৰা অহা পানীৰ কথা উল্লেখ কৰা হৈছে যদিও নদী-পাহাৰৰ ওপৰত দীৰ্ঘদিন ধৰি চলি থকা একাংশ মানুহৰ হস্তক্ষেপে এই বিপৰ্যয়ক অধিক ভয়াবহ কৰি তুলিছে নেকি, সেই প্ৰশ্নৰ উত্তৰ বৈজ্ঞানিক আৰু নিৰপেক্ষ তদন্তৰ জৰিয়তে পোৱা উচিত , কিয়নো আকৌ এনে দুৰ্যোগ আহিব নেকি এই আশংকাই মানুহক খেদি ফুৰিছে।"

বিবেক দাস
সম্পাদক
অসম ৰাজ্যিক সমিতি
চিপিআই (এমএল)

প্ৰেছ বিবৃতি    গুৱাহাটী-১৮ আগষ্টঃ চি পি আই(এম এল) দলে নীতিগতভাৱে ইক' চেঞ্চিটিভ জ'নৰ নীতিক সমৰ্থন কৰে আৰু কাজিৰঙাৰ দাঁতি...
20/08/2026

প্ৰেছ বিবৃতি

গুৱাহাটী-১৮ আগষ্টঃ চি পি আই(এম এল) দলে নীতিগতভাৱে ইক' চেঞ্চিটিভ জ'নৰ নীতিক সমৰ্থন কৰে আৰু কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকসকলৰ অসুবিধাসমূহ এই নীতিৰ ওপৰত থিয় হৈ সমাধান কৰাৰ পোষকতা কৰে। কাজিৰঙা তথা ইয়াৰ পৰিবেশৰ স্বাৰ্থ আৰু দাঁতি কাষৰীয়া ৰাইজৰ স্বাৰ্থ পৰস্পৰ বিৰোধী নহয়- এই দৰে মন্তব্য কৰি দলৰ সম্পাদক বিবেকদাসে কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টোক কংগ্ৰেছ বনাম বিজেপি ৰূপ দি এক ৰাজনৈতিক বিভাজনৰ ৰূপ দিয়াৰ যি চেষ্টা চলাইছে সেয়া দুৰ্ভাগ্যজনকেই নহয় বহুতো ক্ষেত্ৰত সন্দেহৰো সৃষ্টি কৰিছে। কিয়নো কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাটোক মূলধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শিলৰ কুঁৱৰী আৰু বৃহৎ
হোটেল ব্যৱসায়ীৰ স্বাৰ্থ পূৰণ কৰিবলৈ চেষ্টা চলাইছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে বিবেক দাসে। বিবৃতিত কয়- এই কথা স্পষ্ট যে ইক' চেঞ্চিটিভ জোনৰ পৰিধি সুষমভাৱে এক কিলোমিটৰলৈ হ্ৰাস কৰিলে এক কিলোমিটাৰৰ সীমাৰ পৰাই বৃহৎ পঞ্চ তাৰকা হোটেল আৰু অন্যান্য আনুষংগিক নিৰ্মাণ আৰম্ভ হোৱাটো অৱধাৰিত। আনহাতে ইমান দিনে বন্ধ হৈ থকা শিলখননো পুৰাদমে আৰম্ভ হ'ব। যাৰ ফলত হাতীৰ চলাচলৰ স্বাভাৱিক পথ বাধাগ্ৰস্ত হোৱাটোও এক প্ৰকাৰ অৱধাৰিত। খুব স্বাভাৱিকভাৱে অন্যান্য জন্তুৰো স্বাভাৱিক বিচৰণৰ পথ বাধাগ্ৰস্ত হ'ব আৰু মাত্ৰ এক কিলোমিটাৰ দূৰত জন্মলাই থকা পঞ্চতাৰকা হোটেলবোৰেও জন্তুৰ স্বাভাৱিক আচৰণত প্ৰভাৱ পেলাব। ইক' চেনিটিভ জ'নৰ পৰিধি হ্ৰাস কৰাৰ বাবে কৰ্ণাটকৰ এখন অভয়াৰণ্যত যথেষ্ট ক্ষতিকাৰক প্ৰভাৱ পৰাৰ কথাটো পোহৰলৈ আহিছিল। দলে দাবী কৰে যে দাঁতিকাষৰীয়া ৰাইজৰ সমস্যাক সাধৰণীকৰণ নকৰি বিশেষভাৱে সমাধানৰ পেকেজ লৈ ইকেটিভ জ'নৰ সাধাৰণ নীতি বাহাল ৰাখিব লাগে। এই সাধাৰণ নীতিৰ পৰিৱৰ্তন ঘটাবলগীয়া হ'লে ভাৰতৰ বিশিষ্ট পৰিৱেশ কৰ্মী আৰু আৰ্ন্তজাতিক পৰিৱেশ কৰ্মীৰে গঠিত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মতে এনে পৰিৱৰ্তন ঘটাব লাগে। দলটোৱে কয় যে কাজিৰঙা অসমৰ পৰিচয়েই নহয় ই পৰ্যাৱৰণ ভাৰসাম্যৰো এক প্ৰাকৃতিক কাৰক। দলমত নিৰ্বিশেষে সাধাৰণ জনগণৰ কাজিৰঙাৰ প্ৰতি আহিব পৰা ভাবুকিক লৈ যি উদ্দেশ তাক ইতিবাচকভাৱে গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক বিভাজনৰ ৰূপ দিয়া কাৰ্যক চি পি আই(এম এল) এ ধিক্কাৰ জনাইছে।

বিবেক দাস
সম্পাদক
অসম ৰাজ্যিক সমিতি
টিপিলেই(এম-এল)

Address

GUWAHATI, BHETAPARA
Guwahati
781028

Website

Alerts

Be the first to know and let us send you an email when CPI - ML Liberation, অসম ৰাজ্যিক সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share