Our Super CM- HBS

Our Super CM- HBS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Our Super CM- HBS, Social service, Guwahati.

"চৰকাৰী কৰ্মচাৰীক এখনো তামোল নুখুৱাব, তেওঁলোকৰ পৰা আপুনিহে তামোল খাওঁক" -এই আহ্বান মাননীয় মুখ্যমন্ত্ৰী দেৱৰ।
23/04/2022

"চৰকাৰী কৰ্মচাৰীক এখনো তামোল নুখুৱাব, তেওঁলোকৰ পৰা আপুনিহে তামোল খাওঁক" -এই আহ্বান মাননীয় মুখ্যমন্ত্ৰী দেৱৰ।

ইতিহাসপ্ৰসিদ্ধ শদিয়াৰ চপাখোৱাস্থিত থাও মুঙ শদিয়াখোৱা গোহাঞি ক্ষেত্ৰত আয়োজিত সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯সংখ্যক অধিৱেশ...
03/04/2022

ইতিহাসপ্ৰসিদ্ধ শদিয়াৰ চপাখোৱাস্থিত থাও মুঙ শদিয়াখোৱা গোহাঞি ক্ষেত্ৰত আয়োজিত সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯সংখ্যক অধিৱেশনত আজি মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma দেৱ উপস্থিত থাকে। স্বৰ্গদেউ চাওল্যুং চুকাফাই মৈত্ৰী আৰু একতাৰ ডোলেৰে বান্ধি প্ৰতিষ্ঠা কৰা বৰ অসমৰ ভেটি সুদৃঢ় কৰাত বুঢ়াগোহাঞি ডাঙৰীয়াসকলৰ ভূমিকা আছিল অপৰিসীম।

অসমৰ ইতিহাসৰ এইসকল চিৰনমস্য বুঢ়াগোহাঞিৰ স্মৃতি কাললৈ সজীৱ কৰি ৰখাৰ লগতে তেওঁলোকৰ আদৰ্শৰে আগুৱাই দেশ আৰু জাতিৰ সেৱাত ব্ৰতী হৈ অসমীয়া জাতিটোক অধিক সবল কৰাত, জাতিটোক জগত সভালৈ লৈ যোৱাত অধিক উদ্যমেৰে আত্মনিয়োগ কৰিবলৈ আজিৰ অধিৱেশনৰ পৱিত্ৰস্থলীৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী দেৱে বুঢ়াগোহাঞি বংশধৰসকলক আহ্বান জনায়। সভাত সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ তৰফৰ পৰা প্ৰদান কৰা স্মাৰকপত্ৰৰ দাবীসমূহ ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰি লগতে বংশাৱলীৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে শদিয়াত এটুকুৰা ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ'ব বুলি তেখেতে ঘোষণা কৰোঁ।

আজিৰ সভাত মাননীয় মুখ্যমন্ত্ৰী দেৱৰ সৈতে সতীৰ্থ মন্ত্ৰী শ্ৰীসঞ্জয় কিষাণ, মাননীয় সাংসদ শ্ৰীপ্ৰদান বৰুৱা, মাননীয় স্থানীয় বিধায়ক শ্ৰীবলিন চেতিয়া, অৰুণাচল প্ৰদেশৰ ডাম্বুক সমষ্টিৰ মাননীয়া বিধায়িকা শ্ৰীগুম টায়েং, মাননীয় বিশিষ্ট শিক্ষাবিদ শ্ৰীদয়ানন্দ বৰগোহাঞি, সদৌ বুঢ়াগোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় মাননীয় সভাপতি চাও সুন্দৰ বুঢ়াগোহাঞি আৰু মাননীয় সম্পাদক চাও ৰঞ্জন বুঢ়াগোহাঞিকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

'ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ'ৰ প্ৰতিষ্ঠাপক ডাঃ কেশৱ বলিৰাম হেডগেৱাৰ দেৱক তেখেতৰ  জন্মজয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছো।
01/04/2022

'ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ'ৰ প্ৰতিষ্ঠাপক ডাঃ কেশৱ বলিৰাম হেডগেৱাৰ দেৱক তেখেতৰ জন্মজয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছো।

সু-শাসন দিৱস
21/12/2021

সু-শাসন দিৱস

15/08/2021
আজি গুৱাহাটী স্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত অধ্যাপক ননী গোপাল মহন্ত দেৱৰ...
21/07/2021

আজি গুৱাহাটী স্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত অধ্যাপক ননী গোপাল মহন্ত দেৱৰ ৰচিত "Citizenship debate over NRC & CAA" : Assam and politics of History শীৰ্ষক গ্ৰন্থখন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰধান পূজনীয় মোহন ভগৱত ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভ উন্মোচন কৰে।
Mohan Bhagwat
Himanta Biswa Sarma

ভাৰতীয় ভাষাতত্ত্ববিদ তথা বৰেণ্য সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱ আছিল অসমী আইৰ এগৰাকী কৃতবিদ্য সন্তান৷ গুৱাহাটী বিশ্...
20/07/2021

ভাৰতীয় ভাষাতত্ত্ববিদ তথা বৰেণ্য সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱ আছিল অসমী আইৰ এগৰাকী কৃতবিদ্য সন্তান৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সন্মানীয় আসন অলংকৃত কৰা প্ৰথমগৰাকী জ্ঞানতপস্বী সন্দিকৈদেৱে ১৯৩৭ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল৷ 'নৈষধ চৰিত্ৰ' (অনূদিত গ্ৰন্থ), 'যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ', 'সেতু বন্ধন' আদি কালজয়ী গ্ৰন্থৰ প্ৰণেতা প্ৰাত:স্মৰণীয় অসমীয়াগৰাকীয়ে প্ৰজ্ঞাৰ স্বীকৃতি স্বৰূপে 'পদ্মভূষণ'কে ধৰি লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা৷ অসামান্য মেধাৰ অধিকাৰী মহীৰূহগৰাকীক আজি জন্মবাৰ্ষিকীত ভকতিৰে শ্ৰদ্ধাৰ্ঘ্য যাচিলোঁ৷

ভাৰতীয় জনতা পাৰ্টি আৰু মাননীয় মুখ্যমন্ত্ৰী ড৹ Himanta Biswa Sarma  ডাঙৰীয়াৰ নেতৃত্বৰ অসম চৰকাৰখনে যোৱাকালি  দুই মাহ সম...
11/07/2021

ভাৰতীয় জনতা পাৰ্টি আৰু মাননীয় মুখ্যমন্ত্ৰী ড৹ Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বৰ অসম চৰকাৰখনে যোৱাকালি দুই মাহ সম্পূৰ্ণ কৰিলে।

এই উপলক্ষ্যে এক বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত হৈ হয়। এই বিশেষ কেবিনেট বৈঠকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন বিভাগ সমূহত সংস্কাৰ অনাৰ হেতু দুটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে৷

■ অসমৰ জনজাতীয় জনগোষ্ঠী সমূহৰ ধৰ্মীয় বিশ্বাস, কৃষ্টি-সংস্কৃতি তথা গীত-মাত আদিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে Dept. for Indigenous Faith & Culture নামেৰে এটি বিভাগ নতুনকৈ খোলা হৈছে ৷

■ বিত্ত বিভাগ আৰু প্ৰশাসনিক বিভাগৰ ৰঙা ফিটাক চুটি কৰি দীঘলীয়া পৰিক্ৰমাক সংশোধনেৰে পৰিৱৰ্তন কৰাৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এতিয়াৰে পৰা বিভাগীয় সমিতিয়ে ২ কোটি টকা পৰ্যন্ত চৰকাৰৰ আঁচনি অনুমোদন জনাব পাৰিব ৷ ২ কোটি টকাৰ ভিতৰত যিকোনো আঁচনি বিভাগীয় মন্ত্ৰী আৰু বিভাগীয় উপায়ুক্তৰ অনুমোদন ক্ৰমে আৰম্ভ কৰিব পৰা যাব ৷ ২ কোটিৰ পৰা ৫ কোটিলৈ প্ৰতি শুক্ৰবাৰে মুখ্য সচিবে পৌৰহিত্য কৰা এখন Standing Finance Committe য়ে অনুমোদন জনাব ৷ ৫ কোটিৰ পৰা ১০০ কোটি টকালৈকে বিত্ত মন্ত্ৰীৰ পৌৰহিত্যত Special Standing Finance Committe য়ে বিভাগৰ উপায়ুক্ত সকলৰ উপস্থিতিত অনুমোদন জনাব পাৰিব।

11/07/2021
ক'ভিডত স্বামীহাৰা মহিলালৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী বিধৱা মহিলালৈ ২.৫০ লা...
11/07/2021

ক'ভিডত স্বামীহাৰা মহিলালৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ব। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৮৭৪ গৰাকী মহিলাই আঁচনিখনৰ জৰিয়তে সাহায্য লাভ কৰিব।

Address

Guwahati
781010

Website

Alerts

Be the first to know and let us send you an email when Our Super CM- HBS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category