Sudarshan Thakur

Sudarshan Thakur Secretary, Srimanta Sankaradeva Kalakshetra

29/07/2026

live

শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰত গ্ৰীষ্মকালীন শিৱিৰৰসফল সামৰণি-------------------শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত যো...
27/07/2026

শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰত গ্ৰীষ্মকালীন শিৱিৰৰ
সফল সামৰণি
-------------------
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত যোৱা ১৭জুলাইৰপৰা ২৬জুলাইলৈ লখিমপুৰ জিলাৰ বৰনাৰায়ণপুৰৰ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰত আয়োজন কৰা গ্ৰীষ্মকালীন শিৱিৰৰ সামৰণী অনুষ্ঠানটি কালি সন্ধিয়া শ্ৰীশ্ৰীবদলা পদ্মআতা কলাতীৰ্থ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷
এই শিৱিৰত দুটা শাখাত চিত্ৰকলা(পুথি চিত্ৰ), মূকাভিনয়, টেৰাকোটা (মৃৎ শিল্প), বনগীত আৰু দেশপ্ৰেমমূলক গীত, কুঁহিলা শিল্প আৰু মুখাশিল্পৰ কৰ্মশালাৰ লগতে তিৱা জনগোষ্ঠীয় লোকনৃত্য আৰু ব্যক্তিত্ব বিকাশ(বক্তৃতা,আবৃত্তি, তৰ্ক, নাটক আদি)ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল৷ গীতে-মাতে মুখৰিত সামৰণী অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি প্ৰাঞ্জল শইকীয়া, সচিব সুদৰ্শন ঠাকুৰ, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মুকুল বৰা, ডা° অঞ্জন জ্যোতি চৌধুৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

22/07/2026

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত লখিমপুৰৰ বৰনাৰায়ণপুৰৰ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী বদলা পদ্ম আতা কলাতীৰ্থ প্ৰেক্ষাগৃহত
আয়োজন কৰা গ্ৰীষ্মকালীন শিৱিৰৰ কিছু মুহূৰ্ত।

এই শিৱিৰত দুটা শাখাত চিত্ৰকলা(পুথি চিত্ৰ), মূকাভিনয়, টেৰাকোটা (মৃৎ শিল্প), বনগীত আৰু দেশপ্ৰেমমূলক গীত, কুঁহিলা শিল্প আৰু মুখাশিল্পৰ কৰ্মশালাৰ লগতে তিৱা জনগোষ্ঠীয় লোকনৃত্য আৰু ব্যক্তিত্ব বিকাশ(বক্তৃতা,আবৃত্তি,তৰ্ক, নাটক আদি)ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে...

*শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত  শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালাৰ আজি তৃতীয়টো দিন* -...
22/07/2026

*শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত
সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালাৰ আজি তৃতীয়টো দিন*
-------
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ২০ জুলাইৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আৰম্ভ হোৱা সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালা-বিশাৰদ সকলৰ পৰিশীলন কাৰ্যসূচীত আজি তৃতীয় দিনাও মুখৰিত হৈ পৰিল কলাক্ষেত্ৰ প্ৰাংগন৷
সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত পদ্মভূষণ , পদ্মশ্ৰী সন্মান প্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামীৰ তত্ত্বাৱধানত কৰ্মশালাখনত
মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে
বিশিষ্ট সত্ৰীয়া গুৰু পদ্মশ্ৰী সন্মান প্ৰাপক ঘনকান্ত বৰা বৰবায়নে৷কৰ্মশালাখনত সহ-প্ৰশিক্ষক হিচাপে গুৰু হৰি শইকীয়া, বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপ্ত অন্বেষা মহন্ত আৰু দেৱজিৎ শইকীয়াই অংশগ্ৰহণ কৰিছে৷
এই কৰ্মশালাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকি কৰ্মশালাত অংশগ্ৰহণ কৰা শিল্পী সকলক উৎসাহ প্ৰদান কৰে৷

20/07/2026

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ২০ জুলাইৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আৰম্ভ হৈছে সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালা-বিশাৰদ সকলৰ পৰিশীলন কাৰ্যসূচী৷ ২০ জুলাইৰ উদ্ধোধনী অনুষ্ঠানৰ কিছু মুৰ্হূৰ্ত...

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত  কলাক্ষেত্ৰত ২০জুলাইৰ পৰা আৰম্ভ হৈছে সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালা------------...
20/07/2026

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত ২০জুলাইৰ পৰা আৰম্ভ হৈছে সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালা
------------------

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ২০ জুলাইৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আৰম্ভ হৈছে সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালা-বিশাৰদ সকলৰ পৰিশীলন কাৰ্যসূচী৷

এই কৰ্মশালাত তত্ত্বাৱধায়ক হিচাপে আছে সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত পদ্মভূষণ , পদ্মশ্ৰী সন্মান প্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামী৷ কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে বিশিষ্ট সত্ৰীয়া গুৰু পদ্মশ্ৰী সন্মান প্ৰাপক ঘনকান্ত বৰা বৰবায়ন৷ কৰ্মশালাত সহ-প্ৰশিক্ষক হিচাপে গুৰু হৰি শইকীয়া, বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপ্ত অন্বেষা মহন্ত আৰু দেৱজিৎ শইকীয়াই অংশগ্ৰহণ কৰিছে৷
আজিৰ উদ্ধোধনী অনুষ্ঠানত আদৰণি ভাষণ। আগবঢ়ায় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে৷

কৰ্মশালাখন উদ্ধোধন কৰি নৃত্যাচাৰ্য যতীন গোস্বামীয়ে উদ্ধোধনী ভাষণ প্ৰদান কৰে৷অনুষ্ঠানত ঘনকান্ত বৰা বৰবায়নেও বক্তব্য প্ৰদান কৰে৷

কৰ্মশালাখনৰ আজিৰ উদ্ধোধনী অনুষ্ঠানটিৰ আঁত ধৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিষয়া তথা কৰ্মশালাখনৰ দায়িত্ববাহী বিষয়া কবিন্দ্ৰ দাসে৷ অনুষ্ঠানটিত শুক্লেশ্বৰ বড়ো,ৰমেন হালৈ, জুৰি শইকীয়া,ৰঞ্জিত হাজৰিকা, অনিল পাঠক, মহেশ দাস, প্ৰফুল্ল ভট্টাচাৰ্য আদিকে প্ৰমুখ্য কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সকলো সদস্যই সহযোগিতা আগবঢ়ায়৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত লখিমপুৰৰ বৰনাৰায়ণপুৰৰ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ প্ৰাংগণত এক গ্ৰীষ্মকালীন শিৱিৰৰ আয়...
16/07/2026

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত লখিমপুৰৰ বৰনাৰায়ণপুৰৰ শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ প্ৰাংগণত এক গ্ৰীষ্মকালীন শিৱিৰৰ আয়োজন কৰা হৈছে৷
১৭জুলাইৰপৰা ২৬জুলাইলৈ দিনৰ ১ বজাৰপৰা সন্ধিয়া ৬বজালৈ আয়োজন কৰা এই শিৱিৰত তৃতীয় শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈ দুটা শাখাত চিত্ৰ কলা(পুথি চিত্ৰ), টেৰাকোটা(মৃৎ শিল্প), বনগীত আৰু দেশপ্ৰেমমূলক গীত, মূকাভিনয়, কুঁহিলা শিল্প আৰু মুখাশিল্পৰ কৰ্মশালা অনুষ্ঠিত হ’ব ৷
আনহাতে, কেৱল নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈ তিৱা জনগোষ্ঠীয় লোকনৃত্য আৰু ব্যক্তিত্ব বিকাশ(বক্তৃতা,আবৃত্তি,তৰ্ক,নাটক আদি)ৰ প্ৰশিক্ষণ দিয়া হ’ব ৷
কৰ্মশালাত নামভৰ্তিৰ বাবে এতিয়াও প্ৰপত্ৰ দি থকা হৈছে৷ আনহাতে, ইতিমধ্যে প্ৰপত্ৰ সংগ্ৰহ কৰাসকলক শীঘ্ৰে পূৰণ কৰা প্ৰপত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনোৱা হৈছে৷





সংগীত সত্ৰ, গুৱাহাটীৰ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰৰ অংশগ্ৰহণ——————————শ্ৰীমন্ত শংকৰদেৱ...
10/07/2026

সংগীত সত্ৰ, গুৱাহাটীৰ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰৰ অংশগ্ৰহণ
——————————
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৮ জুলাইৰপৰা সংগীত সত্ৰ, গুৱাহাটীৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত অষ্টাদশ 'ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা' প্ৰদান তথা বাৰ্ষিক নৃত্য আৰু গীতৰ উৎসৱৰ দ্বিতীয় দিনা, অৰ্থাৎ ৯জুলাইৰ অনুষ্ঠানত বিশিষ্ট অতিথি উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰসেশ্বৰ শইকীয়া বৰবায়নে সত্ৰীয়া নৃত্যৰ স্বীকৃতিৰ বাবে কৰা অহোপুৰুষাৰ্থক সুঁৱৰি সাৱলীল বক্তব্য আগবঢ়ায়৷

অনুষ্ঠানত অংশগ্ৰহণ কৰা আনসকল বিশিষ্ট অতিথি আছিল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° লিম্পন বৰা, চি বি এফ চিৰ ক্ষেত্ৰীয় সঞ্চালক দীপাংকৰ গগৈ, আই চি চি আৰৰ ক্ষেত্ৰীয় সঞ্চালক মণীষ সিং, ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টৰ ক্ষেত্ৰীয় সঞ্চালক ড° স্বপম ৰণবীৰ সিং আৰু সংগীত নাটক অকাডেমিৰ সত্ৰীয়া কেন্দ্ৰৰ সঞ্চালক ড° প্ৰতিভা শৰ্মা৷

অনুষ্ঠানত সংগীত সত্ৰৰ ছাত্ৰী প্ৰয়াত তন্ময়ী বৰদলৈৰ সোঁৱৰণত তেওঁৰ পৰিয়ালে আগবঢ়োৱা 'সংগীত ভাস্বৰ বঁটা' এইবাৰ সত্ৰীয়া শিল্পী ৰুবী বৰা বৰদলৈক প্ৰদান কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে বঁটা প্ৰদান কাৰ্যসূচীতো অংশগ্ৰহণ কৰে৷

See less

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত অৱস্থিত বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আৰাধনা মহিলা সমিতি (মানপাৰা)ৰ উদ্যোগত অন...
08/07/2026

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত অৱস্থিত বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আৰাধনা মহিলা সমিতি (মানপাৰা)ৰ উদ্যোগত অনুষ্ঠিত দিহানামৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে বন্তি প্ৰজ্বলন কৰি ভাষণ আগবঢ়ায়৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু “ধলপুৰ কচুৱা আঠাবাৰী থান সত্ৰ”ৰ শ্ৰীশ্ৰীগোপাল প্ৰভু ৷ দিহানামৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত দিহানামৰ ধ্বনিৰে মুখৰিত হৈ পৰে কলাক্ষেত্ৰ চৌহদ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালাৰ আয়োজন। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অহা ২০ জুলা...
08/07/2026

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ বিশেষ কৰ্মশালাৰ আয়োজন।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অহা ২০ জুলাইৰ পৰা ২৮ জুলাইলৈ সত্ৰীয়া নৃত্যৰ বিশাৰদসকলৰ বাবে এক বিশেষ কৰ্মশালা সাদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰে আৱাসিকৰূপে আয়োজন কৰা হৈছে৷ কৰ্মশালাখনিৰ সামগ্ৰিক তত্ত্বাৱধানৰ দায়িত্ব বহন কৰিব নৃতাচাৰ্য তথা অকাডেমি ৰত্নৰে বিভূষিত যতীন গোস্বামীয়ে৷
পদ্মশ্ৰীৰে সন্মানিত তথা সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক বায়নাচাৰ্য ঘনকান্ত বৰা বৰবায়নে কৰ্মশালাত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব৷ সহ- প্ৰশিক্ষকৰূপে থাকিব অন্বেষা মহন্ত, দেৱজিৎ শইকীয়া আৰু হৰি শইকীয়া৷ কৰ্মশালাত সত্ৰীয়া নৃত্যত ইতিমধ্যে অৰ্হতাসম্পন্ন।সৰ্বাধিক ৪০ গৰাকী নিৰ্বাচিত প্ৰশিক্ষাৰ্থীকহে আবেদনৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷
২৮ জুলাইত কৰ্মশালাৰ সামৰণী অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা সত্ৰীয়া নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰা হ’ব৷
ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে অহা ১৬ জুলাইৰ ভিতৰত কলাক্ষেত্ৰ সমাজৰপৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব৷ ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব- ৯৮৬৪০-১১৫১৩, ৭০০২৬-০৫৯৪৯
Events

Address

Srimanta Sankaradeva Kalakshetra Complex, Panjabari
Guwahati
781037

Website

Alerts

Be the first to know and let us send you an email when Sudarshan Thakur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category