05/06/2026
আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি লাচিত সেনা কামৰূপ মহানগৰ সমিতিৰ উদ্যোগত বশিষ্ঠ চাৰিআলি আৰু ছয়মাইলত সচেতন ৰাইজৰ মাজত গছপুলি বিতৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়।
কাৰ্যসূচীৰ অন্তৰ্গতভাৱে শংকৰদেৱ বিদ্যা নিকেতন, হেঙৰাবাৰীত বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো গছপুলি বিতৰণ কৰা হয়।
লাচিত সেনাৰ যিসকল সদস্য উপস্থিত থাকি এই কাৰ্যসূচী সফল কৰাত সহায়-সহযোগিতা আগবঢ়াইছে, তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
জয় আই অসম
জয় লাচিত সেনা