Queen Oja BJP

Queen Oja BJP ❖ Ex-Member of Parliament(MP), Gauhati Lok Sabha Constituency, Assam
❖ Former Mayor, Guwahati Municipal Corporation

06/09/2026
06/09/2026
06/09/2026
06/09/2026

ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ, সম্পূৰ্ণ ‘'জিৰ’ ট’লাৰেন্স''!

ড্ৰাগছৰ বেহাৰ দ্বাৰা আমাৰ যুৱপ্ৰজন্মৰ ভৱিষ্যৎ ধ্বংস কৰিবলৈ দিয়া নহ'ব। এই যুঁজ এতিয়া আৰু অধিক তীব্ৰ, কঠোৰ আৰু নিৰ্ণায়ক হ'ব। সমাজৰ এই বৰবিহৰ বিৰুদ্ধে অভিযান অধিক শক্তিশালী কৰিবলৈ ৰাজ্যত গঠন হ'ব এণ্টি নাৰ্ক’টিকছ টাস্ক ফ’ৰ্চ। ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে হ’ব কঠোৰতম ব্যৱস্থা। শাস্তি কঠোৰ হ’ব, অবৈধ সম্পত্তি জব্দ হ’ব, আৰু ড্ৰাগছৰ বেহা উৎখাত কৰা হ’ব।

আমাৰ দৃঢ় কথা-- অসমৰ মাটিত ড্ৰাগছৰ সাম্ৰাজ্য চলিবলৈ দিয়া নহ’ব।

06/09/2026

মদাৰাম ব্ৰহ্মদেৱৰ স্মৃতি দিৱসত বড়ো সাহিত্যৰ এইগৰাকী মহান সাধকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিশেষকৈ বড়ো ভাষাত সাহিত্য সৃষ্টিৰ জৰিয়তে ভাষাটোৰ সাহিত্যিক ভেটি সুদৃঢ় কৰা আৰু বড়ো সাহিত্যৰ বিকাশত আগবঢ়োৱা তেখেতৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। তেখেতৰ সৃষ্টিশীলতা আৰু সাহিত্যিক কীৰ্তিয়ে নতুন প্ৰজন্মকো অনুপ্ৰাণিত কৰি থাকিব।

05/09/2026

আজি ৰাষ্ট্ৰসংঘয়ো সেই কথাই স্বীকাৰ কৰিছে, যি কথা আমি অসমত আমাৰ বিগত কাৰ্যকালৰ পৰাই দৃঢ়তাৰে কৈ আহিছোঁ— বাল্যবিবাহ হওক বা জোৰ-জবৰদস্তিৰে কৰোৱা বিবাহ, আমাৰ সমাজত এনে অপৰাধৰ কোনো স্থান নাই। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ দাবী।

২৭ নৱেম্বৰ দিনটোক ৰাষ্ট্ৰসংঘই আন্ত:ৰাষ্ট্রীয় বাল্য, সময়পূর্ব আৰু বলপূর্বক বিবাহ বর্জন দিৱস (International Day for the Elimination of Child, Early and Forced Marriage) হিচাপে ঘোষণাই এই সামাজিক ব্যাধিৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজখনক আৰু অধিক শক্তিশালী কৰি তুলিছে।

অসমে বিগত কেইবছৰত বাল্যবিবাহৰ বিৰুদ্ধে যি দৃঢ় আৰু নিৰ্ভীক অভিযান চলাই আহিছে, তাৰ ফলাফল এতিয়া স্পষ্টভাৱে দৃশ্যমান।
✅ ১২,০০০+ বাল্যবিবাহৰ গোচৰ পঞ্জীয়ন
✅ ১১,০০০+ লোকক গ্ৰেপ্তাৰ
✅ ২০খন জিলাত বাল্যবিবাহৰ ঘটনা ৮১% হ্ৰাস
✅ কিশোৰীসকলৰ গৰ্ভধাৰণৰ হাৰ উল্লেখনীয় হ্ৰাস
✅ উচ্চ শিক্ষাত ছাত্ৰীসকলৰ নামভৰ্তিৰ হাৰতো লক্ষণীয় বৃদ্ধি

এই পৰিসংখ্যাসমূহ কেৱল সংখ্যাৰ গণ্ডীতে আবদ্ধ কৰিব নোৱাৰি। এয়া হৈছে আমাৰ কন্যাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ, তেওঁলোকক শিক্ষাৰ পথলৈ ওভতাই অনাৰ আৰু তেওঁলোকৰ ভৱিষ্যৎ অধিক সুৰক্ষিত কৰাৰ এক দৃঢ় প্ৰমাণ।

আশ্চৰ্যজনক তথা সংযোগপূর্ণভাৱে, ৰাষ্ট্ৰসংঘৰ এই ঘোষণা অহাৰ পূৰ্বেই আমি ঘোষণা কৰিছিলোঁ যে নৱেম্বৰ মাহটো বাল্যবিবাহ আৰু জোৰ-জবৰদস্তিৰে কৰোৱা বিবাহৰ বিৰুদ্ধে এক আপোচহীন অভিযানৰ মাহ হিচাপে গ্ৰহণ কৰা হ’ব। কোনো অপৰাধীকে ৰেহাই দিয়া নহ’ব আৰু আমাৰ কন্যাসকলৰ ভৱিষ্যৎ ধ্বংস কৰা প্ৰতিগৰাকী অপৰাধীক আইনৰ সন্মুখীন কৰা হ’ব। ৰাষ্ট্ৰসংঘৰ এই ঘোষণাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে অসমৰ এই যুঁজ কোনো বিচ্ছিন্ন প্ৰচেষ্টা নাছিল। প্ৰায় ৩.৫ কোটি জনসংখ্যাৰ এখন ৰাজ্যত আমি যি অপৰাধৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছিলোঁ, সেয়া আচলতে সমগ্ৰ বিশ্বৰ এক গুৰুতৰ সমস্যাৰ বিৰুদ্ধে চলি থকা বৃহত্তৰ যুঁজৰেই অংশ।

বাল্যবিবাহৰ বিৰুদ্ধে অসমৰ অভিযানেই দেশজুৰি এক নতুন দৃষ্টান্ত স্থাপন কৰিছিল। আজি সেই অভিযানেই লাভ কৰা বিশ্বব্যাপী স্বীকৃতিৰ এই ক্ষণ আমাৰ সকলোৰে বাবে বিশেষ।

শিক্ষকসকল হ'ল সমাজৰ স্তম্ভস্বৰূপ আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত দ্রষ্টা। 'শিক্ষক দিৱস'ৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্...
05/09/2026

শিক্ষকসকল হ'ল সমাজৰ স্তম্ভস্বৰূপ আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত দ্রষ্টা। 'শিক্ষক দিৱস'ৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। লগতে, বৰেণ্য শিক্ষাবিদ আৰু ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্ম দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

Address

Asram Road, Ulubari
Guwahati
781007

Website

Alerts

Be the first to know and let us send you an email when Queen Oja BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Queen Oja BJP:

Shortcuts

Share