Anup Dutta

Call Directions Contact the organization

Anup Dutta When heart is full of words are few... I am a realist. Self-respect is my entity.

26/07/2023

🤔 গাঁৱলীয়া মানুহৰ কথা ।

জনপ্ৰিয় সাংবাদিক এজনে লিখিছে যে , ভিতৰুৱা গাঁৱৰ কণমানি এজনীয়ে হেনো কৈছে - "পাপা পথাৰলৈ গৈছে ।" গাঁৱৰ মানুহলৈও পাপা শব্দটো হেনো সম্প্ৰসাৰণ হৈছে ।

বহুতৰেই অভিযোগ -- "গাওঁবোৰ এতিয়া আগৰ গাওঁ হৈ থকা নাই । আগৰ সেই মাদকতা নাই ।"

সৰুতেই গাঁৱৰ পৰা ওলাই গৈ নগৰীয়া হোৱা বহুতেই মাজে মাজে গাঁৱলৈ "গাওঁ-বিলাস" কৰিবলৈ আহি গৰু গাড়ী নেদেখি , ঢেঁকীৰ মাত নুশুনি , শিয়ালৰ হোৱা নুশুনি আক্ষেপ কৰে । চাহ-জলপানৰ নামত পিঠা-পনা বা সান্দহ-চিৰা নাপালে আক্ষেপ কৰে । টোঁকোৰা চৰাইৰ বাঁহবোৰ কেনে আছিল সেই লৈ দুখ কৰে ।

বহুতেই "গাঁও-বিলাস" কৰি নগৰলৈ উভতি গৈ গাঁৱৰ বিষয়ে ৰচনা লিখে । স্তম্ভ লিখে । গাওঁবোৰ পৰিৱৰ্তন হ'ল বুলি উষ্মা প্ৰকাশ কৰে । আলোচনী-কাকতত সেইবোৰ পঢ়ি বহুতেই হয়ভৰ দিয়ে ।

অথচ , গাৱঁৰ পৰা নগৰলৈ গৈ আধুনিক শিক্ষা লৈ নগৰীয়া আদব-কায়দা শিকি সেই মানুহবোৰে নগৰীয়া সংস্কৃতি গ্ৰহন কৰিব আৰু তেওঁলোকে এৰি যোৱা গাঁৱখন এৰি যোৱা অৱস্থাতেই থাকিব লাগিব ! তেওঁলোকে এৰি যোৱা গাঁৱখনৰ ৰাস্তাবোৰ কেঁচা হৈ থাকিব লাগিব , তেওঁলোকে বিচৰা মতে পিঠা-চাউল-দৈ খাব পাব লাগিব , ভৰ দুপৰীয়া পাৰৰ ৰুণে তেওঁলোকৰ কাণ জুৰ পেলাব লাগিব ------ যাতে তেওঁলোকে বছৰেকত এবাৰ আহি অতীত স্মৃতি-বিলাস কৰি থাকিব পাৰে ! এনে মানসিকতা কিয় ?

পৰিৱৰ্তন সকলোৰে কাম্য । দৈনন্দিন জীৱন-যাপনৰ বাবে আধুনিক সা-সুবিধা সকলোৱে পোৱা উচিত । সংস্কৃতি ৰক্ষাৰ দায়বদ্ধতা সকলোৰে থকা উচিত ।

08/06/2023

🤔 অলপ জীৱনবোধ …

মানুহ যিমানেই বিখ্যাত নহওক , যিমানেই আঢ্যবন্ত নহওক ------ সকলোৰে জীৱনত নামহীন কিবা এক হাহাকাৰ , কিবা এক অভাৱ হয়তো থাকি যায় ।

হেঁপাহৰ অনন্ত কৌতুহলে আমাক হাজাৰ প্ৰাপ্তিৰ পিছতো কৃত্ৰিম অভাৱৰ দাবীত প্ৰায়েই অশান্ত কৰে ।
নোপোৱাৰ হাহাকাৰ অথবা পাই হেৰুওৱাৰ বেদনাই অহৰহ আমাক উদ্বাউল কৰে ।

বহুসময়ত আনক দেখি আমিও কিবা এটা বিচাৰোঁ । আনে সেই প্ৰাপ্তিত কি পাইছে তাক আমি জানিবলৈ চেষ্টা নকৰাকৈয়ে আশা কৰোঁ । বহু পলমকৈ হয়তো আমি উপলব্ধি কৰোঁ যে , সেয়া হয়তো আমাৰ প্ৰয়োজনেই নাছিল ।

সাধাৰনতে আমি অভাৱ পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখোঁ যদিও কেতিয়াবা হেৰুওৱাৰ ভয়ৰ বাবে থকা বস্তুটোকেই আকৌ বিচাৰোঁ । এই হেঁপাহেও আমাক অশান্ত কৰে বাৰম্বাৰ নিজৰ অজানিতেই ।

স্বভাৱগত প্ৰবৃত্তিৰ বাবেই হওক , নিৰ্ধাৰিত জীৱনযাত্ৰাৰ বাবেই হওক --- যদিও আমি কোনো সন্তুষ্টিৰ বিন্দুত থিয় দিবহি নোৱাৰোঁ , যদিও আমাৰ হেঁপাহৰ শেষ নহয় , কৌতুহলৰ অন্ত নহয় ----- তথাপি যেন আমি আশা কৰোঁ --- চৰম তৃপ্তিত নৱলব্ধ জীৱনৰ পূৰ্ণতাৰে -- "জীৱন ইমান সুন্দৰ !"

01/06/2023

🤔 কোনো অদ্বিতীয় নহয় ।

কোনো এক ক্ষেত্ৰত কাৰোবাৰ বিশেষ দখল থাকিলে বহুতেই গৌৰৱ অনুভৱ কৰে । সেই ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ মতামতহে গ্ৰহন কৰে । সেয়া তেনেই স্বাভাৱিক কথা ।
কিন্তু , কেতিয়াবা কিছুমান সময়ত অইন ক্ষেত্ৰৰ লোকেও আমাৰ কোনো কামৰ সন্দৰ্ভত বিশেষ মতামতেৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে ।

কেতিয়াবা এনেকুৱা হয় --ক্ৰিকেট বুজি নোপোৱা ফুটবলপ্ৰেমী লোক এজনে কোনো পৰিস্থিতিত পৰি ক্ৰিকেট মেচ এখন চাবলগীয়া হ'ব পাৰে । মেচখনৰ কোনো নান্দনিক দৃশ্যত তেওঁ অভিভূত হৈ পৰিব পাৰে ঠিক ক্ৰিকেটপ্ৰেমী লোকজনৰ দৰেই । মেচখনৰ কোনো সময়ত তেওঁ কিবা আসোঁৱাহো উলিয়াই দিব পাৰে ।

কোন কি ক্ষেত্ৰত জড়িত সেয়া ডাঙৰ কথা নহয় । কোন কিমান বিখ্যাত , কোন কিমান অখ্যাত সেয়াও ডাঙৰ কথা নহয় । প্ৰতিজন লোকৰ পৰাই আমি কিবা নহয় কিবা কথা শিকিবলগীয়া থাকিব পাৰে । থাকেই ।

আমি কোনোৱেই একক আৰু অদ্বিতীয় নহয় ।

03/03/2023

🤔 জাতীয় অভ্যাস !

'স্বচ্ছ ভাৰত' সম্পৰ্কীয় সভা এখনৰ সফল সমাপ্তিৰ পিছত সেই ঠাইডোখৰ অস্বচ্ছকৈ এৰি যোৱা দেখি আচৰিত হৈছিলোঁ । তাতোকৈ আচৰিত হৈছিলোঁ সভাত দীঘলীয়া ভাষণ দিয়া লোকজনে গাড়ীৰ খিৰিকীৰ গ্লাছ খুলি গুটখাৰ পিকেৰে ৰাজপথ ৰঙীণ কৰি যোৱা দৃশ্য দেখি ।

সিদিনা এটা মন্দিৰলৈ বন্ধুৰ ইচ্ছাত যাবলগীয়া হ'ল । মন্দিৰটোৰ চৌপাশৰ পৰিৱেশ দূৰৰ পৰা খুব সুন্দৰ দেখিলোঁ । প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই যেন হাতবাউলি মাতি আছে । কিন্তু , যেতিয়া খালী ভৰিৰে মন্দিৰৰ চৌহদত খোজ কাঢ়িবলগীয়া হ'ল --- তেতিয়াই গম পালোঁ ভক্তি কৰা মানুহবোৰে কিমান লেতেৰা কৰি ৰাখে মন্দিৰৰ চৌহদ । কলৰ বাকলি , কল-কুঁহিয়াৰ , বুট মাহ , কলপাত , সেন্দুৰ য'তে-ত'তে গচকিবলগীয়া হ'ল ।
দূৰৈৰ পৰাই দেখিলোঁ -- মন্দিৰ সংলগ্ন টয়লেট । কি দুৰ্গন্ধময় টাইলছ্ লগোৱা টয়লেট !

মানুহে ঘৰ লেতেৰা কৰি থয় , নিজেই থাকে ঘৰত । ক'বলগীয়া বিশেষ নাই । কিন্তু ৰাজহুৱা স্থানৰ পৰিচ্ছন্নতা বজাই ৰখাটো মানুহৰ ধৰ্ম হোৱা উচিত ।

মানুহে মন্দিৰলৈ কি বিচাৰি যায় ! অকল নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ! প্ৰশান্তি লভিবলৈ , উপাসনা কৰিবলৈ ! অন্য কিবা কাৰণত !
কাৰণ যিয়েই নহওক -- আমি যিমানেই ধৰ্ম কৰি সন্তুষ্টি লভি নাথাকোঁ কিয় -- আমি এতিয়ালৈ নিজকে সংস্কৃতিৱান হিচাপে গঢ়ি তুলিব পৰা নাই । পৰা নাই এতিয়ালৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাক সংস্কৃতিৰ অংগ কৰি ল'ব । পৰিচ্ছন্নতাক "জাতীয় অভ্যাস" কৰি তুলিবলৈ হেজাৰ বছৰীয়া সভ্যতাই আমাক শিকাব পৰা নাই ।

25/02/2023

🤔 খেৰীঘৰ আৰু প্ৰাচুৰ্যৰ দীনতা ।

এটা খেৰীঘৰৰ সন্মুখত চেল্ফী উঠি বন্ধুৱে আপলোড্ দিছে । কেপচন -- "কিছু সতেজ মুহূৰ্ত ।"

খেৰীঘৰৰ সপোন প্ৰদৰ্শনত হ'ব পাৰে , বাস্তৱত নহয় । আজিকালি খেৰীঘৰ নোহোৱাই হৈছে । টোকোৰা চৰায়ে খেৰীঘৰৰ চালৰ পৰা এডাল দুডালকৈ খেৰ কঢ়িয়াই নি নাৰিকল গছৰ পাতত সুখৰ ঘৰ গঢ়া দৃশ্য এতিয়া দুৰ্লভ । সেয়ে হয়তো খেৰীঘৰৰ সন্মুখত ফটো উঠাটো এতিয়া আমাৰ বাবে এক ফেন্টাছী ।

বন্ধুৰ ফটোখন দেখি মোৰ কিছু শৈশৱৰ কথা মনত পৰি গ'ল । সৰুতে খেৰীঘৰ আছিল আমাৰ । ব'হাগৰ আগে-পিছে ধুমুহা আহিলে বতাহে ঘৰটো উৰুৱাই নিব বুলি খুব ভয় খাইছিলোঁ । এবাৰ পিছফালৰ বাৰাণ্ডা এখন উৰুৱাই নিছিল । তামোল গছ বহুখিনি ভাঙি পেলাইছিল । তেতিয়া ধুমুহা আহিলে আটাইবোৰেই সাৱটা-সাৱটি কৰি ধুমুহা সাম কটালৈ অপেক্ষা কৰিছিলোঁ । তেতিয়া মনে মনে ভাবিছিলোঁ -- আমাৰো পকী ঘৰ এটা থকাহেঁতেন ।

তেতিয়া অনুভৱ কৰা নাছিলোঁ পকীঘৰত থকা মানুহে বৰষুণৰ সুমধুৰ সংগীত উপভোগ কৰিব নোৱাৰে বুলি , বৰষুণৰ ৰাগত মতলীয়া হৈ নিজকে অন্য এক অনুভৱত বিলীন কৰি দিব নোৱাৰে বুলি । তেতিয়া ভবা নাছিলোঁ -- খেৰীঘৰৰ সৈতে ফটো একপি উঠাটোও ফেন্টাছী হ'ব পাৰে বুলি ।

এতিয়া পকীঘৰত থাকি ৰাতি বৰষুণ দিছিল বুলি ৰাতিপুৱাহে গম পাওঁ । এতিয়া খিৰিকী নুখুলিলে ৰ'দৰ উমান নাপাওঁ । খুলিলেও বহুতে নাপায় কংক্ৰিটে হেঁচা মাৰি ধৰা চৌহদত । আকাশ ঢাকি থোৱা হ'ৰ্ডিঙে ৰ'দক ভেটা দি ৰাখে । এতিয়া বৰষুণে ধুই থৈ নাযায় হৃদয় আৰু মন ।

সৰু ঘৰত থাকি আগতে আমি ডাঙৰ সপোন দেখিছিলোঁ । এতিয়া আমি মূলসুঁতিত চামিল হৈ থকাৰ নিৰন্তৰ প্ৰচেষ্টাত সপোন দেখিবলৈও পাহৰি গ'লোঁ । প্ৰাচুৰ্যৰ পিছতো কিছু দীনতাই আমাক আমাৰ অজানিতেই যেন খেদি ফুৰিছে ।

21/02/2023

🤔 মাতৃভাষাৰ প্ৰতি দায়বদ্ধতা ।

মোৰ স্মৃতিশক্তি অলপ দুৰ্বল । সেয়ে কিবা এটা লিখিবলৈ ল'লে বানান কিছুমান বাৰে বাৰে অভিধান মেলি চাবলগীয়া হয় । সকলো সময়তে অভিধান চাই থকাটো সম্ভৱ নহয় । সেই কাৰণে মোবাইলতো অভিধান এপ্লিকেশ্বন এটা ৰাখিছোঁ যদিও সকলো শব্দ পৰ্যাপ্ত নহয় । তথাপি বহুত ভুল থাকি যায় ।

সৰুৰে পৰাই মাতৃভাষাটো শুদ্ধকৈ লিখিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছোঁ । বাতৰিকাকতলৈ কিবা লিখি পঠিয়ালে প্ৰকাশ হোৱাৰ পিছত মোৰ হাতত থকা লিখাখিনিৰ লগত সদায় মিলাই চাওঁ । ভুলবিলাক তেনেকৈও কিছু পৰিমাণে আয়ত্ত কৰিব পাৰোঁ ।

গ্ৰন্থমেলাৰ সময়ত খৰখেদাকৈ বহুতেই কিতাপ প্ৰকাশ কৰে । বহু নতুন কিতাপত ভুল বানান দেখি হতাশ হওঁ । মাতৃভাষাৰ প্ৰতি লেখক প্ৰকাশকৰ দায়িত্ববোধ থকাটো জৰুৰী ।

কেতিয়াবা ফেচবুকত লেখা পঢ়ি কোনোবাই বাৰ্তাবাকচত দুই-এটা ভুল শুধৰাই দিয়ে । খুব ভাল লাগে তেতিয়া । মই কিবা এটা লিখি উঠি বহুবাৰ বানানবোৰ পৰীক্ষা কৰোঁ । কেতিয়াবা তাৰ মাজতো ভুল থাকি যায় । কেতিয়াবা শতাধিক 'লাইক' অহাৰ পিছতো ভুলবোৰ তেনেকৈয়ে থাকি যায় । পিছত নিজৰেই কেতিয়াবা চকুত পৰিলে বেয়া লাগে ।

আজিকালি বহুতে ভুল দেখিলেও মাত নামাতে । ময়ো বহুতৰে অসমীয়া বানান ভুল দেখা পাওঁ । আনকি বাতৰিকাকতত স্তম্ভ লেখা লেখক , সমালোচকৰো প্ৰায়েই কিছুমান ভুল বানান দেখা পাওঁ । কেতিয়াবা কিছুমান ভুল বানানে বাক্যটোৰ অন্য অৰ্থহে প্ৰকাশ কৰে । আগতে কিছুমানক কৈছিলোঁ । এতিয়া নকওঁ । দুবাৰমান ভুল দেখুৱাই দি অপমানিত হ'বলগীয়া হৈছিল । কিন্তু , এয়াও সমাধান নহয় । হ'ব নোৱাৰে । মাতৃভাষাৰ প্ৰতি সকলোৰে দায়বদ্ধতা থকাটো জৰুৰী ।

সেয়ে "আন্তৰ্জাতিক মাতৃভাষা দিৱস"ৰ শুভেচ্ছা দিয়া-লোৱাৰ উপৰিও আমি পৰস্পৰে পৰস্পৰৰ ভুলবোৰ আন্তৰিকতাৰে আঙুলিয়াই দিলে আৰু গ্ৰহণ কৰিলেহে মাতৃভাষাক প্ৰকৃতভাৱে সন্মান জনোৱা হ'ব বুলি ভাবোঁ ।

( মই নিশ্চিত নহয় যে , এই কথাখিনিতো মোৰ কোনো ভুল হোৱা নাই ।)

17/07/2022

কিছুমান সময় আহে , যেতিয়া কাৰো লগতেই কথা পাতিবলৈ মন নাযায় । একো কৰিয়েই ভাল নলগা হয় ।
আনকি , মোবাইলৰ ৰিংটনটোও হৈ পৰে বিৰক্তিদায়ক ।

কিন্তু , তেনে সময়তো মনৰ কোঠালিৰ ক'ৰবাত কাৰোবাৰ গোপন আহ-যাহ চলি থাকিব পাৰে । যাৰ লগত ইচ্ছা-অনিচ্ছা বুলি কথা নাই ----- উশাহৰ অম্লজানৰ দৰেই প্ৰতিনিয়ত লালিত হৈ থাকে ।

অপ্ৰিয় সময়তো এনে কিছু অনুভূতিৰে নিৰ্মিত ফোনকল এটাই আমাক নতুনকৈ জী থকাত সহায় কৰিব পাৰে ।

অৱশ্যে , কিছুমান সুখ-দুখো আমাৰ স্বনিৰ্মিত অজুহাত মাত্ৰ ।

03/06/2022

সকলো প্ৰশ্নৰ উত্তৰ দি দিও কেতিয়াবা"কিয়" এটাত ৰৈ যাবলগীয়া হয় । আমি উত্তৰ দিব নোৱাৰা যেন একমাত্ৰ প্ৰশ্ন হৈ ৰয় এই "কিয়"টো !

দাৰ্শনিক উপলব্ধিৰ পৰা ক্ষন্তেক আঁতৰি আহি আমি কেতিয়াবা আপাততঃ সুখী হোৱাৰ স্বাৰ্থত কোনো প্ৰশ্নৰ উত্তৰ নজনাকৈয়ে সন্তুষ্ট হৈ থকাটো শ্ৰেয় ।

কেতিয়াবা আমি নিজকেই সুখী বুলি কৈ ভাল পাওঁ । আচলতে আমি সুখী নে সন্তুষ্ট সেয়া নিজেই নিশ্চিত হ'ব নোৱাৰোঁ । বিচৰা বস্তু এটা পাই গ'লে 'সন্তুষ্ট হোৱা' আৰু 'সুখী হোৱা'ৰ মাজত পাৰ্থক্য আছে । অৱশ্যে এই কথা নুই কৰিব নোৱাৰি যে সুখ নিৰ্মানত সন্তুষ্টিৰ অৰিহনা অৱশ্যাম্ভাৱী ।

বহুতেই প্ৰাৰ্থনা কৰে "মোক সুখী কৰি তোলা " । যেন সুখৰ সিপাৰে আৰু কিবা ভাবিবলৈ তেওঁলোক অপাৰগ । আচলতে বিচৰা মানেই সুখী হোৱাত ব্যৰ্থ হোৱা ।

সুখী মানুহে একো নিবিচাৰে । কিয়নো সুখ বিচৰা বস্তু নহয়েই ।

01/01/2022

বুকুৰ বন্ধ কোঠালিবোৰ খুলি দিলোঁ
প্ৰাণ পাই উঠিল মাটিৰ বাঁহী ,

সমস্ত চেতনাৰে বাজি উঠিল
সনাতন গানৰ সুহুৰি ....

শুভ নৱবৰ্ষ ।

04/11/2021

যদি তিনি পেগেই যথেষ্ট আছিল , সেই নিচা কিয় বিচাৰি পোৱা নাই -----
যি নিচা তোমাৰ প্ৰেমতকৈও কাঢ়া …!

21/08/2021

মৃত্যুভীতি সকলোৰে আছে । মৃত্যু যেন এক ডাঙৰ বিভীষিকা । সেয়ে আমি মৃত্যুৰ কথা নাপাতোঁ । চৰ্চা নকৰোঁ । যিমান পাৰোঁ নিজক মৃত্যুবিষয়ৰ পৰা কিঞ্চিত দূৰত ৰাখোঁ ।

অথচ মৃত্যুৱেই একমাত্ৰ সত্য । মৃত্যুৱেই আটাইতকৈ সুন্দৰ । শাশ্বত । যিয়ে মৃত্যুৰ মুখামুখি হ'বলৈ সানন্দেৰে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়ে --- তেওঁৱেই আচলতে ভালকৈ জীয়াই থাকে ।

12/08/2021

কেতিয়াবা অলেখ ভালপোৱাৰ পিছতো খৰাং হৈ থাকে বুকুৰ পথাৰ । হৃদয় ভৰি নুঠে । কোনো এক অনামী হাহাকাৰে শূন্যতাৰ সৃষ্টি কৰে ।

হাজাৰ শুভবাৰ্তায়ো আমাক সুখী কৰি তুলিব নোৱাৰে । বহুত চেষ্টা কৰিও আমি এই উদাসীনতাৰ বিষয়ে অৱগত হ'ব নোৱাৰোঁ ।

কিছুমান কথা আনক কোৱাটো বাদেই , নিজেও কেতিয়াবা বুজিব নোৱাৰি । হয়তো এই বুজিব নোৱাৰা প্ৰৱনতাই আমাক অধিক জীৱন দৰ্শন উপলব্ধি কৰিবলৈ উচতনি যোগায় ।

প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয় । হ'ব নোৱাৰে ।

#বিচিত্ৰ_জীৱন

Address

HOUSE NO-37 , ANANDA NAGAR, SIXMILE
Guwahati
781022

Telephone

+919706370700

Website

Alerts

Be the first to know and let us send you an email when Anup Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Anup Dutta:

Shortcuts

Share