Kamrup Metropolitan District Administration

Kamrup Metropolitan District Administration Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kamrup Metropolitan District Administration, Government Organization, Office of the District Commissioner, Kamrup Metropolitan District, Guwahati.

কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল, আই.এ.এছ.-এ আজি ডিমৰীয়া সমষ্টিৰ বিধায়ক ডাঃ তপন দাসৰ সৈতে সাতগাঁৱৰ এছ.এফ.এছ. স্...
06/08/2026

কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল, আই.এ.এছ.-এ আজি ডিমৰীয়া সমষ্টিৰ বিধায়ক ডাঃ তপন দাসৰ সৈতে সাতগাঁৱৰ এছ.এফ.এছ. স্কুল সংলগ্ন অঞ্চল পৰিদৰ্শন কৰে। শেহতীয়া সময়ছোৱাত অঞ্চলটোত পুনৰ বানপানী সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত এই যৌথ পৰিদৰ্শন সম্পন্ন কৰা হয়।
পৰিদৰ্শনকালত জলমগ্নতাৰ কাৰণসমূহ পৰ্যালোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে লোক নিৰ্মাণ বিভাগ (পথ)-ৰ কাৰ্যবাহী অভিযন্তাক অসম্পূৰ্ণ হৈ থকা নলাৰ অংশ অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লগতে সৰ্বাধিক ক্ষতিগ্ৰস্ত প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ উচ্চতা বৃদ্ধি কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।ইয়াৰোপৰি পাথৰকুৱেৰী পথেৰে নাৰেংগী আৰ্মী কেম্পলৈ যোৱাৰ সময়ত সোঁফালৰ গলি আৰু উপগলিসমূহৰ নিষ্কাশন ব্যৱস্থাৰ এক বিস্তৃত অধ্যয়ন সম্পন্ন কৰিবলৈ নগৰ আৰু গ্ৰাম পৰিকল্পনা বিভাগক
অঞ্চলটোৰ জল নিষ্কাশন ব্যৱস্থাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
Swapneel Paul, DC Kamrup (M) alongwith Dr Tapan Das, MLA Dimoria made a joint visit to SFS school area in Satgaon in the context of repeated inundation in recent times
EE, PWD (R) have been asked to take immediate measures to complete the unfinished part of the drain and also to increase the road height in the stretch of 200 m which is the most affected. Also T&CP has been asked to cause a study of the drainage network in the lanes and byelanes on the right hand side while going through the Patharquarry road towards Army Camp, Narengi.
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

06/08/2026
06/08/2026

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ জনসাধাৰণলৈ আহ্বান

২০২৭ ৰ জনগণনা(Census 2027)ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তকৰণ আৰু দ্বিতীয় পৰ্যায় জনসংখ্যা গণনা
হিচাপে সম্পন্ন কৰা হ'ব। বৰ্তমান স্ব গণনা সুবিধা ১৬ আগষ্ট, ২০২৬লৈ সক্ৰিয় হৈ আছে।সকলো নাগৰিকক অনুৰোধ জনোৱা হৈছে যে, se.census.gov.in প'ৰ্টেলত প্ৰবেশ কৰি গৃহ তালিকাভুক্ত পৰ্যায়ৰ তথ্যসমূহ নিজে পূৰণ কৰি স্ব গণনা কৰক। এই ব্যৱস্থাই জনগণনাৰ কাৰ্য অধিক সহজ, দ্ৰুত আৰু সঠিকভাৱে সম্পন্ন কৰাত সহায় কৰিব।
DC Kamrup (M)'s appeal on Census 2027.

The Census 2027 will have two phases: Houselisting and Population Ennumeration. The Self Enumeration module will be active upto 16th August 2026. Everyone is requested to sign in and complete the houselisting phase through self enumeration @ se.census.gov.in


#লোকপিয়ল২০২৭
#স্বগণনা
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছ.ৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা আয়ুক্ত...
06/08/2026

কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছ.ৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত মনজিৎ বৰকাকতী, অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্য, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য -সচিব অভিজিৎ চৌধুৰী,এডিচিপি ট্ৰেফিক -২ মৃন্ময় গোস্বামী, পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত তামচিন আফতাব, জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসকে ধৰি পথ সুৰক্ষা সমিতিৰ সৈতে জড়িত লোক নিৰ্মাণ, স্বাস্থ্য, আবকাৰী আদি বিভাগৰ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে।

Swapneel Paul, IAS, DC,Kamrup Metro chaired a meeting of the District Road Safety Committee today. The meeting was held in the DC Office conference hall.The meeting was attended by DDC Manjit Barkakoti, ADC Raja Baishya, Member Secretary of the District Road Safety Committee Abhijit Chaudhury, ADCP Traffic-II Mrinmoy Goswami,
Tamsin Aftab Assistant Commissioner of the Transport Department, District Transport Officer ,Himanshu Kumar Das along with officials from the Public Works Department, Health Department, Excise Department, and other departments associated with the District Road Safety Committee.
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

05/08/2026
কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত আয়ুক্ত  মনজিৎ বৰকাকতীৰ অধ্যক্ষতাত আজি আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত  জিলা উন্নয়ন সমিতি(...
04/08/2026

কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত আয়ুক্ত মনজিৎ বৰকাকতীৰ অধ্যক্ষতাত আজি আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতি(DDC)ৰ বৈঠকখন অনুষ্ঠিত হয় । বৈঠকত জিলাখনত ৰূপায়িত হোৱা বিভিন্ন কল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতি তথা জনসাধাৰণৰ সুবিধাৰ সৈতে জড়িত বিষয়সমূহৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় ।আজিৰ এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত জোনটি ডেকা,জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া সমীপ ডেকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়া,আৱকাৰী,স্বাস্হ্য , জল জীৱন মিছন, শিক্ষা, সমাজ কল্যাণ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পৰিবহণ, কৃষি ,মৎস্য, ভূমি সংৰক্ষণ ,লোক নিৰ্মাণ আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।
The District Development Committee (DDC) meeting was held today in the DC Office conference hall under the chairmanship of DDC Manjit Barkakati.
During the meeting the progress of various welfare schemes being implemented in the district along with issues concerning public service delivery and citizen welfare was reviewed in detail.
The meeting was attended by ADC Jonti Deka, Deputy CEO Zilla Parishad Sameep Deka, Joint Director of Health Services Dr. Sanjib Kumar Saikia and officials from the Excise, Health, Jal Jeevan Mission, Education, Social Welfare, Assam State Rural Livelihoods Mission (ASRLM), Transport, Agriculture, Fisheries, Soil Conservation, Public Works and other concerned departments.
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছৰ অধ্যক্ষতাত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বিতীয়খন বৈঠক জিলা আ...
04/08/2026

কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছৰ অধ্যক্ষতাত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বিতীয়খন বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ।আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্য,ৰাজহ চক্ৰ বিষয়াকে আদি কৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে
The 2nd DDMA meeting was held today under the chairmanship Swapneel Paul,IAS,DC kamrup Metro in the DC office conference Hall.The meeting was attended by Additional District Commissioner Raja Baishya, Revenue Circle Officers, and officials from the concerned departments.
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি  সন্দৰ্ভত আজি কামৰূপ  মহানগৰ জিলা  আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছ.ৰ অধ্যক্ষতাত এখন বৈঠক অ...
03/08/2026

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল,আই.এ.এছ.ৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত সংশ্লিষ্ট বিভাগসমূহক নিজৰ নিজৰ দায়িত্ব শৃংখলাবদ্ধভাৱে পালন কৰিবলৈ আহ্বান জনায় । আজিৰ এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্য,দিশপুৰ সম জিলা আয়ুক্ত বিমান দাস,যুটীয়া স্বাস্হ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়া তথা বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

A preparatory meeting for the forthcoming Independence Day celebrations was held today under the chairmanship of District Commissioner Kamrup Metro Swapneel Paul I.A.S
During the meeting the District Commissioner urged all concerned departments to carry out their assigned responsibilities in a coordinated, disciplined and time-bound manner to ensure the smooth and successful celebration of Independence Day.
The meeting was attended by Additional District Commissioner Raja Baishya, Co-District Commissioner, Dispur Biman Das, Joint Director of Health Services Dr.Sanjib Kumar Saikia along with officials from various line departments.
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

01/08/2026
31/07/2026

Address

Office Of The District Commissioner, Kamrup Metropolitan District
Guwahati
781036

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+913612733052

Alerts

Be the first to know and let us send you an email when Kamrup Metropolitan District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kamrup Metropolitan District Administration:

Shortcuts

Share