Kisan Morcha, BJP Assam Pradesh

Kisan Morcha,  BJP Assam Pradesh Official Page of Kisan Morcha, BJP Assam Pradesh This page is operated by BJP Assam Pradesh E-Library Department

আমাৰ সকলোৰে পৰম শ্ৰদ্ধাস্পদ মাৰ্গদৰ্শক, অসম আৰু ত্ৰিপুৰা প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু...
04/09/2026

আমাৰ সকলোৰে পৰম শ্ৰদ্ধাস্পদ মাৰ্গদৰ্শক, অসম আৰু ত্ৰিপুৰা প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
পৰমপিতাই তেখেতক সুস্বাস্থ্য আৰু সুদীৰ্ঘ কৰ্মময় জীৱনেৰে আশীৰ্বাদ কৰক।

সকলোলৈ পৱিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জন্মাষ্টমীৰ এই পৱিত্ৰ ক্ষণত ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বা...
04/09/2026

সকলোলৈ পৱিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জন্মাষ্টমীৰ এই পৱিত্ৰ ক্ষণত ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।

আজি দৰং জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত দৰং জিলা কৃষক মৰ্চাৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।    কৃষক মৰ্চাৰ জিলা...
03/09/2026

আজি দৰং জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত দৰং জিলা কৃষক মৰ্চাৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।
কৃষক মৰ্চাৰ জিলা সভাপতি শ্রীযুত পবিত্ৰ প্ৰাণ ডেকা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ৰাজ্যিক বিজেপি কৃষক মৰ্চাৰ উপ-সভাপতি তথা দৰং জিলাৰ প্ৰভাৰী শ্ৰীযুত তিলক চৌধুৰী ডাঙৰীয়া, সহ-প্ৰভাৰী শ্ৰীযুত প্ৰবীৰ কুমাৰ ৰায় ডাঙৰীয়া আৰু জিলা বিজেপিৰ সন্মানীয় সভাপতি শ্ৰীযুত মুকুন্দ ডেকা ডাঙৰীয়া, কৃষক মৰ্চাৰ সন্মানীয় উপ-সভাপতি শ্রীযুত নিপন নাথ ডাঙৰীয়াৰ লগতে জিলা আৰু মণ্ডল পৰ্যায়ৰ বিষয়ববীয়া তথা দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
সভাত দলীয় সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰিও আগন্তুক দিনবোৰত কৃষকসকলৰ উপাৰ্জন দ্বিগুণ কৰাৰ লক্ষ্যৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণৰ ওপৰত আলোকপাত কৰা হয়। বিশেষকৈ জিলাখনত মাকৈ আৰু সৰিয়হ খেতিৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰিবলৈ এক সুকীয়া বজাৰৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজি নগাঁও জিলা কৃষক মৰ্চাৰ উদ্যোগত মৰিকলঙস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য জিলা কাৰ্যালয়ত এক বিশেষ সাংগঠনিক সভা আয়োজিত হ...
03/09/2026

আজি নগাঁও জিলা কৃষক মৰ্চাৰ উদ্যোগত মৰিকলঙস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য জিলা কাৰ্যালয়ত এক বিশেষ সাংগঠনিক সভা আয়োজিত হয় ।
আসন্ন লোকসভা উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত এই সভাত বিজেপিৰ নগাঁও জিলাৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকলৰ লক্ষ্য, উদ্দেশ্য আৰু কৰ্তব্যৰ বিষয়ে আলোকপাত কৰি এক ফলপ্ৰসূ মত-বিনিময় অনুষ্ঠান সম্পন্ন হয়। নিৰ্বাচনকেন্দ্রিক এই আলোচনাৰ উপৰিও আমাৰ কৃষিখণ্ডৰ স্থিৰতা তথা বজাৰৰ ধাৰণক্ষমতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অসম চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সঠিক ৰূপায়ণ, এফ.পি.চি. (FPC) আৰু এফ.পি.অ’. (FPO) সমূহৰ জৰিয়তে কৃষিজীৱী ৰাইজৰ প্ৰত্যক্ষ উৎপাদন আৰু সামগ্ৰিক উন্নয়ন আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক সামৰি এক গঠনমূলক আলোচনা অনুষ্ঠিত হয়।
আজিৰ এই অনুষ্ঠানত কৃষক মৰ্চাৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্রীযুত পংকজ বৰবৰা ডাঙৰীয়া, প্ৰভাৰী তথা কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী দিগন্ত কলিতা ডাঙৰীয়া, নগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়া, ৰাজ‍্যিক বিজেপিৰ সম্পাদক শ্রী অভিজিত নাথ ডাঙৰীয়া, নগাওঁ জিলাৰ প্ৰভাৰী দেৱপ্ৰতিম বৰা, নগাঁও জিলা বিজেপিৰ সভাপতি শ্ৰী সুবৰ্ণ সিং ডাঙৰীয়া, কৃষক মৰ্চাৰ নগাওঁ জিলাৰ প্ৰভাৰী শ্রী পংকজ বৰুৱা ডাঙৰীয়া, ৰাজ্যিক কৃষক মৰ্চাৰ সাধাৰণ সম্পাদকদ্বয় শ্ৰী ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া আৰু শ্ৰী সঞ্জীৱ বৰা ডাঙৰীয়া, ৰাজ‍্যিক কৃষক মৰ্চাৰ সম্পাদকদ্বয় শ্রী হৰদীপ চৌধুৰী ডাঙৰীয়া আৰু বিশ্বজিৎ বসাক ডাঙৰীয়া, ৰাজ‍্যিক কাৰ্যালয় সম্পাদক শ্রী প্ৰকাশ শইকীয়া ডাঙৰীয়া আৰু সহ-কাৰ্যালয় সম্পাদক শ্রী প্ৰীতম গোস্বামী ডাঙৰীয়া, ৰাজ‍্যিক সহ-কোষাধ‍্যক্ষ শ্রী পবিত্ৰ শইকীয়া ডাঙৰীয়া, ৰাজ‍্যিক সামাজিক মাধ‍্যম কোষৰ আহ্বায়ক শ্রী হৃষীকেশ কলিতা ডাঙৰীয়া আৰু সহ-আহ্বায়ক শ্রী অনুৰাগ ৰাজখোৱা ডাঙৰীয়া, ৰাজ‍্যিক প্ৰশিক্ষণ কোষৰ আহ্বায়ক শ্রী পৰাগ মোদৈ ডাঙৰীয়া, ৰাজ‍্যিক কাৰ্যনিৰ্বাহক ক্ৰমে শ্রী দিব‍্যজ‍্যোতি বৰদলৈ ডাঙৰীয়া, শ্রী ৰঞ্জন মহন্ত ডাঙৰীয়া, শ্রী হিমন্ত বৰা ডাঙৰীয়া, কৃষক মৰ্চাৰ নগাওঁ জিলাৰ সভাপতি শ্রী সঞ্জীৱ বৰাৰ সহিতে জিলা আৰু মণ্ডলৰ বিষয়ববীয়া তথা দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
BJP Assam Pradesh

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ২০০টা পশু চিকিৎসা ক্ষেত্ৰ সহায়ক আৰু ...
03/09/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ২০০টা পশু চিকিৎসা ক্ষেত্ৰ সহায়ক আৰু সংযুক্ত পদৰ বাবে আজি আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

চৰকাৰৰ নতুন কাৰ্যকালৰ ২ লাখ চৰকাৰী নিযুক্তিৰ সংকল্পৰ এয়া প্ৰথমটো পদক্ষেপ। অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে ২৩ ছেপ্টেম্বৰৰ পূৰ্বে নিজৰ আবেদন দাখিল কৰিব পাৰিব।

02/09/2026

দিনযোৰা কাৰ্যসূচীৰে আজি তামুলপুৰত বিভিন্ন উন্নয়নমূলক কামকাজ আচঁনি আৰু জলসিঞ্চন প্ৰকল্প সমূহ পৰিদৰ্শন কৰে অসম চৰকাৰৰ সন্মানীয় কৃষি আৰু জলসিঞ্চন মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰী পিয়ুষ হাজৰিকা দেৱে।

ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে আজি নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি মণ্ডল সভাপতিৰ বাসগৃহত আয়োজন কৰা ...
02/09/2026

ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে আজি নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি মণ্ডল সভাপতিৰ বাসগৃহত আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাঁও জিলা কৃষক মৰ্চাৰ প্ৰভাৰী শ্ৰী পংকজ বৰুৱা ডাঙৰীয়াই। ১ নং ভাটিয়া গালি গাঁৱৰ ১৮০ নং বুথত স্থানীয় ৰাইজ তথা দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বিভিন্ন বিষয়ত সৌহাৰ্দ্যপূৰ্ণ মত-বিনিময় কৰে।
আজিৰ এই কাৰ্যসূচীত জিলা প্ৰভাৰীগৰাকীৰ উপৰিও বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক শ্ৰীযুত বিশ্বজিৎ বসাক, ৰাজ্যিক সহ-কোষাধ্যক্ষ শ্ৰীযুত পৱিত্ৰ শইকীয়া আৰু নগাঁও জিলা কৃষক মৰ্চাৰ বিভিন্ন বিষয়া-ববীয়াসকল উপস্থিত থাকে।
BJP Assam Pradesh

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দেৰগাঁ‌ৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত অসম আৰক্ষীৰ ৩২গৰাকী উপ-আৰক...
02/09/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দেৰগাঁ‌ৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত অসম আৰক্ষীৰ ৩২গৰাকী উপ-আৰক্ষী অধীক্ষক (প্ৰবেচনাৰ্ছ) আৰু যোগাযোগ শাখাৰ ৩৭১গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

মাননীয় মুখ্যমন্ত্ৰীয়ে পেৰেড পৰিদৰ্শন কৰাৰ লগতে প্ৰশিক্ষণকালত উৎকৃষ্ট সেৱা আগবঢ়োৱা বিষয়া আৰু জোৱানসকলক পুৰস্কৃত কৰে। ৰাইজৰ নিৰাপত্তা আৰু সেৱাত সততাৰে নিয়োজিত হ'বলৈও মাননীয় মুখ্যমন্ত্ৰীয়ে সকলোলৈ আহ্বান জনায়।

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৱিত্র তিৰোভাৱ তিথি উপলক্ষে তেৰাৰ চৰণত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদ...
01/09/2026

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৱিত্র তিৰোভাৱ তিথি উপলক্ষে তেৰাৰ চৰণত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ প্ৰপন্ন শিষ্য শ্রীশ্রীমাধৱদেৱৰ আধ্যাত্মিক-সাংস্কৃতিক আদৰ্শ আৰু জীৱন দর্শনে অসমীয়া জাতিসত্তাক এক সুদৃঢ় ভিত্তি প্ৰদান কৰিছিল, যাৰ ধাৰা আজিও অসমীয়াৰ হৃদয়ত অনুভূত হয়।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ 'বিকাশ-যাত্ৰা'ই আজি ল'ব এক নতুন গতি।সংকটৰ সময়ত পীড়িত জনতাৰ সকা...
01/09/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ 'বিকাশ-যাত্ৰা'ই আজি ল'ব এক নতুন গতি।

সংকটৰ সময়ত পীড়িত জনতাৰ সকাহ নিশ্চিত কৰাৰ সমান্তৰালকৈ নৱপ্ৰজন্মৰ বাবে মুকলি হ'ব সপোনক বাস্তৱ ৰূপ দিয়াৰ অপাৰ সম্ভাৱনাৰ দুৱাৰ।

Address

BJP Assam Pradesh Head Office
Guwahati
781036

Telephone

9085333464

Alerts

Be the first to know and let us send you an email when Kisan Morcha, BJP Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kisan Morcha, BJP Assam Pradesh:

Shortcuts

Share