Jayanta Mallabaruah

Jayanta Mallabaruah Minister for Finance, Environment, Forest and Climate Change, Mines & Minerals Govt.

of Assam
Vice President: Athletics Federation of India
Senior Vice President: Assam Olympic Association
President: Assam Athletics Association
Trustee: KMB Foundation MLA, Nalbari / Political Secretary to Hon'ble CM, Assam / Ex Chairman, Assam Tourism Development Corporation(ATDC)

05/09/2026

: শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন উপলক্ষে আয়োজিত কার্যকর্তা সন্মিলনৰ পৰা...

📍 ৰাজীৱ ভৱন, শিলচৰ।

ৰঙিয়া সমষ্টিৰ মাননীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন ৰাজ্যিক সভাপতি শ্রী ভৱেশ কলিতা ডাঙৰীয়াক জন...
05/09/2026

ৰঙিয়া সমষ্টিৰ মাননীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন ৰাজ্যিক সভাপতি শ্রী ভৱেশ কলিতা ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আগন্তুক দিনবোৰত ৰাইজৰ বাবে অবিৰত সেৱা আগবঢ়াই যাবলৈ মা কামাখ্যাই তেখেতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্রদান কৰক, আজিৰ শুভ দিনটোত তাকে কামনা কৰিছোঁ।

05/09/2026

মন্ত্ৰীৰ দিনলিপি
০৪, চেপ্তেম্বৰ,২০২৬
📍 গুৱাহাটী - মৰিগাঁও

আজিৰ শুভ ওপজা দিন উপলক্ষে অসমীয়া ভাষা-সাহিত্যৰ 'ভাঙনি কোঁৱৰ' আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ সোঁৱৰণত গভীৰ শ্ৰদ্ধাঞ্জলি  নিবেদন ...
05/09/2026

আজিৰ শুভ ওপজা দিন উপলক্ষে অসমীয়া ভাষা-সাহিত্যৰ 'ভাঙনি কোঁৱৰ' আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ সোঁৱৰণত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। 'জোনাকী যুগ'ৰ অন্যতম কাণ্ডাৰী, বিশিষ্ট কবি, অনুবাদক তথা শিক্ষাবিদ আনন্দচন্দ্ৰ আগৰৱালাদেৱে বিদেশী সাহিত্যৰ উৎকৃষ্ট ৰত্নবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰি আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

বিশ্বসাহিত্যৰ সুবাসেৰে অসমীয়া পঢ়ুৱৈক মুগ্ধ কৰা তেওঁৰ কালজয়ী সৃষ্টিসমূহৰ বাবেই সাহিত্য জগতত তেওঁক 'ভাঙনি কোঁৱৰ' সন্মানেৰে ভূষিত কৰা হৈছিল। 'জিলিকি জিলিকা তৰা', 'ফুলনি', 'জীৱন সংগীত' আদি অমৰ সৃষ্টিৰ লগতে ইতিহাস আৰু পুৰাতত্ত্বৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ অৱদান অসমীয়া জাতিয়ে চিৰদিন কৃতজ্ঞতাৰে স্মৰণ কৰিব।

05/09/2026

আজিৰ চিন্তা!

উত্তৰ-পূৰ্বাঞ্চলৰ নিভৃত কোণলৈ শিক্ষাৰ পোহৰ কঢ়িয়াই অনা শিক্ষাবিদ, 'পদ্মশ্ৰী' সন্মানেৰে বিভূষিত ইন্দিৰা মিৰি (মেৰেং) ডাঙ...
05/09/2026

উত্তৰ-পূৰ্বাঞ্চলৰ নিভৃত কোণলৈ শিক্ষাৰ পোহৰ কঢ়িয়াই অনা শিক্ষাবিদ, 'পদ্মশ্ৰী' সন্মানেৰে বিভূষিত ইন্দিৰা মিৰি (মেৰেং) ডাঙৰীয়ানীক তেখেতৰ পৱিত্ৰ মৃত্যুবার্ষিকী উপলক্ষে পৰম শ্ৰদ্ধাসহকাৰে স্মৰণ কৰিছোঁ।

মাৰিয়া মণ্টেছৰীৰ সান্নিধ্য আৰু স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়ৰ শিক্ষাগ্ৰহণেৰে সমৃদ্ধ ইন্দিৰা মিৰি ডাঙৰীয়ানীয়ে স্বামীৰ অকাল বিয়োগৰ ধুমুহাকো নেওচি সমগ্ৰ জীৱন শিক্ষা আৰু সমাজ সংস্কাৰৰ বাবে উৎসৰ্গা কৰিছিল। ত্যাগ, আত্মবিশ্বাস আৰু সেৱাৰ প্ৰতীকস্বৰূপ এইগৰাকী মহান বিদুষীৰ আদৰ্শ আমাৰ বুকুত চিৰপ্ৰবাহমান হৈ ৰওক।

মহান দাৰ্শনিক, বিশিষ্ট শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্মদিৱসত তেখেতলৈ গভীৰ শ্ৰদ্...
05/09/2026

মহান দাৰ্শনিক, বিশিষ্ট শিক্ষাবিদ তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্মদিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ জন্মদিৱস উপলক্ষে উদযাপিত ‘শিক্ষক দিৱস’ত প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ আন্তৰিক শুভেচ্ছা আৰু সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

এগৰাকী শিক্ষকে কেৱল জ্ঞান প্ৰদান নকৰে, বৰং শিক্ষাৰ্থীৰ চিন্তা, চৰিত্ৰ আৰু ভৱিষ্যৎ গঢ় দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সমাজ আৰু সভ্যতাৰ নিৰ্মাণত শিক্ষক সমাজৰ অৱদান সদায়েই অনন্য আৰু চিৰস্মৰণীয়।

এই পৱিত্ৰ দিনটোত জ্ঞানৰ পোহৰেৰে আমাৰ সমাজক আলোকিত কৰি অহা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতসকলৰ সুস্বাস্থ্য, সুখ আৰু সফলতা কামনা কৰিছোঁ।

ৰোমন্থন..
04/09/2026

ৰোমন্থন..

আজি বিয়লি ৰহা বিধান সভা সমষ্টিৰ বুথ প্রভাৰীসকলৰ সৈতে এখন সাংগঠনিক সভাত মিলিত হওঁ। বৈঠকত দলৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ প...
04/09/2026

আজি বিয়লি ৰহা বিধান সভা সমষ্টিৰ বুথ প্রভাৰীসকলৰ সৈতে এখন সাংগঠনিক সভাত মিলিত হওঁ। বৈঠকত দলৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰা হয়।

মাননীয় বিধায়ক শ্ৰী শশীকান্ত দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, নগাঁও জিলাৰ মাননীয় সভাপতি শ্ৰীসুবৰ্ণ সিং ডাঙৰীয়া, দলৰ মাননীয় ৰাজ্যিক সম্পাদক শ্ৰীঅভিজিত নাথ ডাঙৰীয়া তথা অন্যান্য শ্ৰদ্ধাৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

📍 মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভৱন, ৰহা।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সংগঠক, শ্ৰী Ravindra Raju ডাঙৰীয়াল...
04/09/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সংগঠক, শ্ৰী Ravindra Raju ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

সংগঠনৰ প্ৰতি তেখেতৰ নিষ্ঠা, অভিজ্ঞতা আৰু অক্লান্ত সেৱাই দলৰ সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনাগত দিনতো অধিক শক্তি আৰু উদ্যমেৰে দল তথা ৰাইজৰ সেৱা কৰি যাবলৈ মা কামাখ্যাই তেখেতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক, আজিৰ এই শুভ দিনটোত তাকে কামনা কৰিছোঁ।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Jayanta Mallabaruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jayanta Mallabaruah:

Shortcuts

Share