AISF - Assam State Council

Call Directions Website

AISF - Assam State Council Revolutionary salute to all friends, comrades, students and people of the world
PEACE! PROGRESS!! SCIENTIFIC SOCIALISM!!! STUDY & STRUGGLE

এছিয়ান গেমছ ২০২৬ৰ মহিলাৰ ৭৫ কেজি বক্সিং শাখাত স্বৰ্ণ পদক জয় কৰা অসমৰ সু-সন্তান লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জনা...
02/10/2026

এছিয়ান গেমছ ২০২৬ৰ মহিলাৰ ৭৫ কেজি বক্সিং শাখাত স্বৰ্ণ পদক জয় কৰা অসমৰ সু-সন্তান লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জনালোঁ।AISF অসম

“বাপু, আমি লজ্জিত—তোমাৰ হত্যাকাৰীসকল আজিও জীয়াই আছে।”মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সত্য, অ...
02/10/2026

“বাপু, আমি লজ্জিত—তোমাৰ হত্যাকাৰীসকল আজিও জীয়াই আছে।”
মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সত্য, অহিংসা, শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতি তেওঁৰ অটুট আদৰ্শই আজিও প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
#সত্য #অহিংসা #সাম্প্ৰদায়িকসম্প্ৰীতি

01/10/2026

অসম চৰকাৰ মেডিকেল কলেজ সমুহত পাঠ্যক্ৰমৰ বাৰ্ষিক মাচুল ২৪০০ টকা পৰিৰ্ৱতে ১০০০০০ (এক লাখ ) লৈ বৃদ্ধি কৰা কায্যক কোনো কাৰণত মানি লোৱা নহব ।

আজি AISF গোলাঘাট জিলা পৰিষদে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্তৰ জৰিয়ত...
01/10/2026

আজি AISF গোলাঘাট জিলা পৰিষদে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

শিৱসাগৰ নাজিৰাত ONGC ৰ সন্মুখত AISF, AIYF, AIKS আৰু AITUC ৰ নিযুক্তিকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ ।
30/09/2026

শিৱসাগৰ নাজিৰাত ONGC ৰ সন্মুখত AISF, AIYF, AIKS আৰু AITUC ৰ নিযুক্তিকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ ।

30/09/2026
AISF আৰু AIYF-ৰ উদ্যোগত গুৱাহাটীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ...
30/09/2026

AISF আৰু AIYF-ৰ উদ্যোগত গুৱাহাটীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। গণতান্ত্ৰিক অধিকাৰ আৰু নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা ৰক্ষাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়

30/09/2026

AEC আৰু CIT–কোকৰাঝাৰৰ প্ৰতিবাদী শিক্ষাৰ্থীসকললৈ AISF অসম ৰাজ্য পৰিষদৰ সংহতি
AEC আৰু CIT–কোকৰাঝাৰৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে এটুপি বিশুদ্ধ খোৱাপানী আৰু বিশুদ্ধ খাদ্যৰ দৰে মৌলিক অধিকাৰৰ বাবেও প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱাটো অত্যন্ত উদ্বেগজনক। শিক্ষাৰ্থীসকলৰ ন্যায্য দাবীৰ প্ৰতি AISF অসম ৰাজ্য পৰিষদে পূৰ্ণ সংহতি জ্ঞাপন কৰিছে।
শিক্ষাৰ্থীসকলৰ মৌলিক সুবিধা আৰু অধিকাৰ নিশ্চিত কৰাটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়িত্ব। শিক্ষানুষ্ঠানসমূহত উদ্ভৱ হোৱা এনে সমস্যাসমূহ শীঘ্ৰে সমাধান কৰি শিক্ষাৰ্থীসকলৰ বাবে সুস্থ, সুৰক্ষিত আৰু উপযুক্ত শৈক্ষিক পৰিৱেশ নিশ্চিত কৰিবলৈ AISF অসম ৰাজ্য পৰিষদে দাবী জনাইছে।
ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰত শেহতীয়াকৈ দেখা দিয়া বিভিন্ন সমস্যাৰ সমাধানৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু গণতান্ত্ৰিক শক্তিসমূহৰ ঐক্যবদ্ধ সংগ্ৰামেই হৈছে মূল শক্তি। শিক্ষাৰ্থীসকলৰ ন্যায্য অধিকাৰৰ সংগ্ৰামত AISF অসম ৰাজ্য পৰিষদ সদায় তেওঁলোকৰ কাষত থাকিব।
নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (AISF)
অসম ৰাজ্য পৰিষদ

 #চিৰাল_ফাটত_মন্ত্ৰীৰ_Photoshoot_নহয় ! শিৱসাগৰত কৃষকৰ হাহাকাৰ ,কৃষি বিভাগ ,জলসিঞ্চন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জন...
29/09/2026

#চিৰাল_ফাটত_মন্ত্ৰীৰ_Photoshoot_নহয় ! শিৱসাগৰত কৃষকৰ হাহাকাৰ ,কৃষি বিভাগ ,জলসিঞ্চন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালো ।
AISF
শিৱসাগৰ জিলা পৰিষদ ।

29/09/2026



প্ৰেছ বিবৃতি

গণতন্ত্ৰ ৰক্ষাৰ বাবে দেশৰ জনসাধাৰণক ঐক্যবদ্ধ হোৱাৰ আহ্বান AISF আৰু AIYFৰ

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ, ২০২৬:
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটিতো নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (AISF) আৰু নিখিল ভাৰত যুৱ ফেডাৰেচন (AIYF)-ৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীত AISFৰ মুখ্য আহ্বায়ক কমৰেড যদু বৰাই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা তথা নিৰপেক্ষতা সুৰক্ষিত কৰাটো অত্যন্ত জৰুৰী। তেওঁ অভিযোগ কৰে যে চৰকাৰৰ ছত্ৰছায়াত নিৰ্বাচনী ব্যৱস্থাক প্ৰভাৱিত কৰাৰ যিকোনো প্ৰচেষ্টাই দেশৰ গণতন্ত্ৰৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে। সেয়েহে গণতন্ত্ৰ আৰু জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে দেশৰ জনসাধাৰণক ঐক্যবদ্ধভাৱে মাত মাতিবলৈ তেওঁ আহ্বান জনায়।
প্ৰতিবাদী কাৰ্যসূচীত কৃষক সভা ৰাজ্য পৰিষদৰ সম্পাদক কমৰেড জয়ন্ত গগৈ, যুৱ নেতা তাৰিণী তেজ বৰ্মন, AISFৰ নয়নমণি গগৈ আৰু কুমাৰ দেৱাশীষ দাসে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
AISF আৰু AIYF-এ দেশৰ গণতান্ত্ৰিক অধিকাৰ, সংবিধান আৰু নিৰ্বাচনী ব্যৱস্থাৰ নিৰপেক্ষতা ৰক্ষাৰ দাবীত গণতান্ত্ৰিক আন্দোলন অধিক শক্তিশালী কৰাৰ আহ্বান জনায়।

Address

Head Office/Rajgarh Road , Near By-Lane 6
Guwahati
781007

Telephone

7577890598

Alerts

Be the first to know and let us send you an email when AISF - Assam State Council posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share