BJP Minority Morcha Assam Pradesh

BJP Minority Morcha Assam Pradesh Welcome to BJP Minority Morcha Assam Pradesh! Led by former Rajya Sabha MP Shantiuse Kujur.

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ শুভক্ষণত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পৱিত্ৰ জন্মাষ্টমীয়ে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই...
04/09/2026

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ শুভক্ষণত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
এই পৱিত্ৰ জন্মাষ্টমীয়ে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক সুখ-শান্তি, সমৃদ্ধি আৰু আশীৰ্বাদ।

भारतीय जनता पार्टी, असम प्रदेश के सम्माननीय संगठन महामंत्री एवं हम सभी के मार्गदर्शक आदरणीय श्री Ravindra Raju जी को जन्...
04/09/2026

भारतीय जनता पार्टी, असम प्रदेश के सम्माननीय संगठन महामंत्री एवं हम सभी के मार्गदर्शक आदरणीय श्री Ravindra Raju जी को जन्मदिन के शुभ अवसर पर हार्दिक बधाई एवं शुभकामनाएँ प्रेषित करता हूँ। 🙏💐

उनका कुशल संगठनात्मक नेतृत्व, समर्पण और मार्गदर्शन हम सभी कार्यकर्ताओं के लिए सदैव प्रेरणादायी रहा है।

ईश्वर से प्रार्थना है कि उन्हें उत्तम स्वास्थ्य, दीर्घायु, सुख-शांति एवं सफलताओं से परिपूर्ण दीर्घ कर्ममय जीवन प्रदान करें तथा राष्ट्र एवं संगठन की सेवा के लिए उन्हें निरंतर शक्ति और ऊर्जा प्रदान करें।

जन्मदिन की हार्दिक शुभकामनाएँ, Raju Ji! 🎉🎂🙏

আধুনিক আৰক্ষী প্ৰশিক্ষণৰ ক্ষেত্ৰত অসমৰ এক নতুন দিগন্ত। লাচিত বৰফুকন পুলিচ একাডেমীক ৰাষ্ট্ৰীয় মানদণ্ডৰ অত্যাধুনিক প্ৰশিক...
03/09/2026

আধুনিক আৰক্ষী প্ৰশিক্ষণৰ ক্ষেত্ৰত অসমৰ এক নতুন দিগন্ত।

লাচিত বৰফুকন পুলিচ একাডেমীক ৰাষ্ট্ৰীয় মানদণ্ডৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি একাডেমী চৌহদত চলি থকা আন্তঃগাঁথনি উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্মাণকাৰ্য খৰতকীয়া কৰাৰ লগতে ৰাজ্যৰ আৰক্ষী থানা, বেটেলিয়ন আৰু ৪খন জিলাৰ আদৰ্শ আৰক্ষী ছাউনিৰ আৱাসিক প্ৰকল্পসমূহৰো অগ্ৰগতিৰ বুজ লয়। বৈঠকৰ পূৰ্বে নৱগঠিত Smart Response Unit (SRU)-ৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰে।

এখন অধিক আধুনিক, দক্ষ আৰু জনমুখী আৰক্ষী ব্যৱস্থা গঢ়ি তোলাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

📍 লাচিত বৰফুকন পুলিচ একাডেমী, দেৰগাঁও

03/09/2026
02/09/2026
🎉 জন্মদিনৰ আন্তৰিক শুভেচ্ছা 🎂🌷ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি তথা সাংসদ আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত Dilip ...
01/09/2026

🎉 জন্মদিনৰ আন্তৰিক শুভেচ্ছা 🎂🌷

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি তথা সাংসদ আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত Dilip Saikia ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা শুভকামনা জ্ঞাপন কৰিলোঁ।
মা কামাখ্যাই তেখেতক সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু ভাৰত মাতৃৰ সেৱা কৰিবলৈ অধিক শক্তি, সাহস আৰু সামৰ্থ্য প্ৰদান কৰক—এয়াই আমাৰ আন্তৰিক প্ৰাৰ্থনা। 🙏

বিশ্ববৰেণ্য নেতা, যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বৰ্ণিল পৰিক্ৰমা...
31/08/2026

বিশ্ববৰেণ্য নেতা, যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বৰ্ণিল পৰিক্ৰমাৰ ২৫ বছৰ পূৰ্তি উপলক্ষে মাহজোৰা **‘সেৱা সংকল্প অভিযান’**ৰ সফল ৰূপায়ণৰ উদ্দেশ্যে আজি অনুষ্ঠিত ৰাজ্যিক কৰ্মশালাত বিজেপি সংখ্যালঘু মৰ্চাৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত শান্তিয়াছ কুজুৰ ডাঙৰীয়াই অংশগ্ৰহণ কৰে।

বশিষ্ঠস্থিত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ কৰ্মশালাত দলৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত বি এল সন্তোষ ডাঙৰীয়া, উত্তৰ-পূৰ্বাঞ্চলৰ সহ-তত্বাৱধায়ক শ্ৰীযুত ৰাজীৱ বব্বৰ ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত অনুপ বৰ্মন ডাঙৰীয়াৰ লগতে দলৰ জ্যেষ্ঠ নেতা তথা বিষয়ববীয়াসকল উপস্থিত থাকে।

সেৱা, সুশাসন আৰু জনকল্যাণৰ সংকল্পৰে ‘সেৱা সংকল্প অভিযান’ক সফল কৰি তোলাৰ বাবে সকলো কাৰ্যকৰ্তাই ঐক্যবদ্ধভাৱে আগবাঢ়ি যাওঁ।

📍 ৰাজ্যিক কাৰ্যালয়, বিজেপি অসম প্ৰদেশ | বশিষ্ঠ, গুৱাহাটী

‘মন কী বাত’ — জনতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ হৃদয়ৰ সংযোগ 🎙️আজি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দেশৰ যশস্বী প্ৰধানমন্ত...
30/08/2026

‘মন কী বাত’ — জনতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ হৃদয়ৰ সংযোগ 🎙️

আজি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে একেলগে শ্ৰৱণ কৰে।

প্ৰতি মাহৰ শেষৰ দেওবাৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই **‘মন কী বাত’**ৰ জৰিয়তে আগবঢ়োৱা অনুপ্ৰেৰণাদায়ক বক্তব্যই বিকশিত ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰাৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক দেশৰ উন্নয়ন যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছে।

‘মন কী বাত’ — জনতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ হৃদয়ৰ সংযোগ 🎙️দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয...
30/08/2026

‘মন কী বাত’ — জনতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ হৃদয়ৰ সংযোগ 🎙️

দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান **‘মন কী বাত’**ৰ এই মাহৰ খণ্ডটি আজি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ৰজা গাধোৱা মণ্ডলৰ ১৮১ নং বুথত দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰা হয়।

উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত শান্তিয়াছ কুজুৰ ডাঙৰীয়াই উপস্থিত থাকি সকলোকে উৎসাহিত কৰে।

এই অনুষ্ঠানত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীঋষভ সিপানি ডাঙৰীয়া, ৰাজ্যিক উপসভাপতি শ্ৰী নৱৰোজ মনোৱাৰ ডাঙৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শ্ৰী মইদুল আলম ইছলাম ডাঙৰীয়াৰ লগতে আন-আন বিষয়ববীয়াসকল উপস্থিত থাকে।

Address

Atal Bihari Vajpayee Bhawan, Basistha Chariali, Beltola
Guwahati
781028

Website

Alerts

Be the first to know and let us send you an email when BJP Minority Morcha Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share