06/08/2026
ডাৱৰ বিস্ফোৰণ কিয় হয় ?
পৃথিৱীৰ উপৰিভাগ (জলপৃষ্ঠ বা ভূমিপৃষ্ঠ) ৰ পৰা যেতিয়া জলীয় বাস্প ওপৰলৈ যায় তেতিয়া বায়ুমণ্ডলৰ ট্ৰপস্ফেয়াৰত এক ডাৱৰৰ তৰপৰ সৃষ্টি কৰে। এই ডাৱৰৰ তৰপটো দেখাত কপাহৰ দৰে আৰু কাঠফুলাৰ আকাৰৰ হয়। এই ধৰণৰ ডাৱৰে বজ্ৰপাত শিলাবৃষ্টি আদিৰ দৰে ভয়ংকৰ কাৰ্য কৰিব পাৰে।
নিম্ন স্তৰৰ ওপৰৰ অংশটোত জলীয়বাস্পবোৰ ঘনীভূত হৈ বৰফৰ ৰূপত থাকে আৰু অধিক পৰিমাণে পানী জমা কৰি ৰাখে।ইয়ে শিলাবৃষ্টি, বজ্ৰপাত বা ডাৱৰ বিস্ফোৰণৰ দৰে পৰিঘটনা সংঘটিত কৰিব পাৰে।
বতৰ বিজ্ঞানীৰ মতে পানীৰ টোপালেৰে ভৰা ডাৱৰ সমলেৰেও প্ৰবাহিত হয় কিন্ত উৰ্ধমূখী গৰম বায়ুৰ সোতে এই ডাৱৰবোৰক বৰষুণ দিয়াত বাধা দিয়ে ফলত ডাৱৰত থকা পানীৰ টোপালবোৰ ডাঙৰ হৈ পৰে আৰু ঠাণ্ডা বায়ুৰ পাহাৰিয়া অঞ্চলত অৱস্থান কৰে। পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ফলত উক্ত পাহাৰিয়া অঞ্চলটোত প্ৰৱল বৰষুণ হয়, বৰষুণৰ পানী দ্ৰুত গতিৰে নামনিলৈ নামি আহি জলাশয়, নদ-নদীবোৰ ভৰাই পেলাই আৰু খুব কম সময়ৰ ভিতৰতে প্ৰবল বানপানীৰ সৃষ্টি কৰে। এয়াই ডাৱৰ বিস্ফোৰণ।
সাধাৰণতে ডাৱৰ বিস্ফোৰণ মানে হ্ঠাতে ভয়ঙ্কৰ ৰূপত কম সময়ৰ বাবে অনিয়মিত ভাবে কোনো এক বিশেষ স্থানত হোৱা প্ৰবল বৰষুণ।