BJP Guwahati City District

BJP Guwahati City District The page aims to interact with the people of Guwahati City and enable them to know the activities of the party in The City.

Everyone who wants to play a part in nation building and is yearning to see a growth-oriented, corruption free and a strong willed leader at the center, please like this page and help us spread the word!

02/09/2026

'মোদী হ্যেয় টু মুমকীন হ্যেয়'

ভাৰতৰ GDP বৃদ্ধিৰ হাৰ ৭.৮%।

ৰাহুল গান্ধীয়ে ভাৰতৰ অৰ্থনীতিক মৃত অৰ্থনীতি বুলি দেশৰ কুৎসা ৰটনা কৰি ফুৰা বিপৰীতে সমৃদ্ধিৰ বাটত দ্ৰুতগতিত আগুৱাইছে ভাৰত।

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ ৩২গৰাকী উপ আৰক্ষী ...
02/09/2026

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ ৩২গৰাকী উপ আৰক্ষী অধীক্ষক আৰু যোগাযোগ শাখাৰ ৩৭১গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ তথা ‘পাছিং আউট পেৰেড’ত অংশগ্ৰহণ কৰে। নৱনিযুক্ত আৰক্ষী বিষয়া আৰু জোৱানসকলৰ শৃংখলা, সাহস আৰু কৰ্তব্যনিষ্ঠাই আমাৰ ৰাজ্যৰ জনসাধাৰণৰ সুৰক্ষা আৰু সেৱাৰ ক্ষেত্ৰত এক নতুন শক্তি সংযোজন কৰিব।

আজিৰ দীক্ষান্ত সমাৰোহত প্ৰশিক্ষণকালত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিষয়া আৰু কনিষ্টবলসকলকো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মান জনায়।

01/09/2026

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৭.৮% GDP বৃদ্ধিৰ বাবে দেশবাসীক অভিনন্দন জনাই ইয়াৰ কৃতিত্ব ১৪০ কোটি ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম, সংকল্প আৰু সামূহিক শক্তিক প্ৰদান কৰিছে।

বিশ্বব্যাপী যুদ্ধ, অৰ্থনৈতিক অনিশ্চয়তা আৰু যোগান শৃংখলাৰ সংকটৰ মাজতো ভাৰতৰ দ্ৰুত অগ্ৰগতি উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত, স্বদেশী, Vocal for Local আৰু Made in India গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে সঠিক নীতি, স্বচ্ছ উদ্দেশ্য আৰু ১৪০ কোটি দেশবাসীৰ ঐক্যবদ্ধতাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সংকল্প বাস্তৱায়িত হ'ব।

ভাৰতীয় জনতা পাৰ্টি, গুৱাহাটী মহানগৰ জিলাৰ মাননীয় জিলা সভাপতি শ্ৰীযুত তপন চন্দ্ৰ দাস ডাঙৰীয়াৰ সভাপতিত্বত আজি জিলা কাৰ্...
01/09/2026

ভাৰতীয় জনতা পাৰ্টি, গুৱাহাটী মহানগৰ জিলাৰ মাননীয় জিলা সভাপতি শ্ৰীযুত তপন চন্দ্ৰ দাস ডাঙৰীয়াৰ সভাপতিত্বত আজি জিলা কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।

সভাত আগন্তুক দিনসমূহত গ্ৰহণ কৰিবলগীয়া বিভিন্ন সাংগঠনিক কাৰ্যসূচী, দলীয় কাম-কাজ আৰু সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

উক্ত সভাত মাননীয় জিলা প্ৰভাৰী তথা বিধায়ক শ্ৰীযুত Rupak Sarmah ডাঙৰীয়া, জিলা সহ-প্ৰভাৰী তথা ৰাজ্যিক সম্পাদক শ্ৰীযুত মহেশ দেউৰী ডাঙৰীয়া, জিলা বিষয়ববীয়াসকল, জিলা মৰ্চাসমূহৰ সভাপতি, জিলা সামাজিক মাধ্যম বিভাগৰ কাৰ্যকৰ্তাসকল, জিলা সংবাদ বিভাগৰ কাৰ্যকৰ্তাসকলৰ লগতে দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

আজি বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়া ডাঙৰীয়া ক মাননীয় জিলা সভাপতি শ্ৰীযুত ...
01/09/2026

আজি বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়া ডাঙৰীয়া ক মাননীয় জিলা সভাপতি শ্ৰীযুত তপন চন্দ্ৰ দাস ডাঙৰীয়া আৰু জিলা সহ প্ৰভাৰী তথা ৰাজ্যিক সম্পাদক শ্ৰীযুত মহেশ দেউৰী ডাঙৰীয়াই সাক্ষাৎ কৰি তেখেতেক ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সাংগঠনিক বিষয় সন্দৰ্ভত আলোচনা কৰে ।

Dilip Saikia

মধ্য গুৱাহাটী বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীবিজয় গুপ্তা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।তেখে...
01/09/2026

মধ্য গুৱাহাটী বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীবিজয় গুপ্তা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

তেখেতৰ ভৱিষ্যতৰ দিনসমূহ সুস্বাস্থ্য, সুখ-শান্তি আৰু সফলতাৰে পৰিপূৰ্ণ হওক- তাৰ বাবে মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।
Vijay Gupta

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা দৰঙ-ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত Dilip Saikia  ডাঙ...
01/09/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা দৰঙ-ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত Dilip Saikia ডাঙৰীয়ালৈ জন্মদিনৰ শুভকামনা জনাইছোঁ।

তেখেতৰ সুদক্ষ নেতৃত্বৰে আমাৰ দলটোৱে ৰাজ্যজুৰি সাংগঠনিক পৰিকাঠামোক আৰু অধিক সবল কৰি তুলিবলৈ সক্ষম হৈছে। মা কামাখ্যা আৰু গুৰু দুজনাৰ শ্ৰীচৰণত তেখেতৰ সু-স্বাস্থ্য, দীৰ্ঘায়ুৰ কামনা কৰিছোঁ।

অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনক ভক্তিৰস আৰু মানৱীয় মূল্যবোধেৰে সমৃদ্ধ কৰা পৰম গুৰু মহাপুৰুষ শ্ৰী...
01/09/2026

অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনক ভক্তিৰস আৰু মানৱীয় মূল্যবোধেৰে সমৃদ্ধ কৰা পৰম গুৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আজি পৱিত্ৰ তিৰোভাৱ তিথিত তেখেতৰ শ্ৰীচৰণ কমলত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ।

গুৰুজনাৰ অমৰ সৃষ্টি ‘নামঘোষা’ৰ অমৃতবাণী আৰু ভক্তিৰসৰ অনন্ত ধাৰা আজিও অগণন ভক্তৰ হৃদয়ত চিৰপ্ৰৱাহমান।

আজি ভাৰতীয় জনতা পাৰ্টি, গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত বিমানকোঠ মণ্ডলৰ ৪২ নং বুথত অনুষ্ঠিত বৈঠকত মাননীয় জিলা সভাপতি শ্...
31/08/2026

আজি ভাৰতীয় জনতা পাৰ্টি, গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত বিমানকোঠ মণ্ডলৰ ৪২ নং বুথত অনুষ্ঠিত বৈঠকত মাননীয় জিলা সভাপতি শ্ৰীযুত তপন চন্দ্ৰ দাস ডাঙৰীয়া উপস্থিত থাকি নিষ্ঠাবান কাৰ্যকৰ্তা সকলৰ সৈতে মত-বিনিময়ত কৰে।

বুথ পৰ্যায়ত সংগঠন অধিক শক্তিশালী কৰা, জনসাধাৰণৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰা আৰু দলীয় কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰা আদি বিভিন্ন দিশত উক্ত বৈঠকত আলোচনা কৰা হয়।

31/08/2026

কিৰ্গিস্তান ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মানাৰ্থে আয়োজিত এক ভব্য অনুষ্ঠানত শিল্পীসকলে ‘বন্দে মাতৰম্’ৰ মধুৰ সুৰৰ সৈতে মনোমোহা যোগাভ্যাস প্ৰদৰ্শন কৰে।

ভাৰতৰ এই প্ৰাচীন ঐতিহ্যই আজি সমগ্ৰ বিশ্বক সুস্থ আৰু নিৰোগী জীৱন-যাপনৰ প্ৰেৰণা যোগাইছে।

Address

অটল বিহাৰী বাজপেয়ী ভৱন, হেঙেৰাবাৰী, গুৱাহাটী
Guwahati
781036

Website

Alerts

Be the first to know and let us send you an email when BJP Guwahati City District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Guwahati City District:

Shortcuts

Share