Pothar Amar - Bazar Amar

Directions

Pothar Amar - Bazar Amar Welcome to the page of Pothar Amar - Bazar Amar

🎵 এটা বছৰ পাৰ হ’ল… কিন্তু জুবিন আজিও আমাৰ মাজতেই আছে। 🖤আজি অসমৰ হিয়াৰ আমঠু, জনপ্ৰিয় কণ্ঠশিল্পী, সংগীতশিল্পী তথা শিল্পী...
19/09/2026

🎵 এটা বছৰ পাৰ হ’ল… কিন্তু জুবিন আজিও আমাৰ মাজতেই আছে। 🖤

আজি অসমৰ হিয়াৰ আমঠু, জনপ্ৰিয় কণ্ঠশিল্পী, সংগীতশিল্পী তথা শিল্পী জুবিন গাৰ্গদেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকী।

তেওঁ শাৰীৰিকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ কণ্ঠ, সুৰ, সৃষ্টি আৰু অসমীয়া জাতিৰ প্ৰতি থকা ভালপোৱাই তেওঁক সদায় আমাৰ হৃদয়ত জীয়াই ৰাখিব।

জুবিন গাৰ্গৰ গীতে অসমৰ মাটি, মানুহ, পথাৰ আৰু জীৱনৰ কথা কৈছিল। তেওঁৰ সৃষ্টিৰ মাজেৰে অসমৰ মাটিৰ গোন্ধ আৰু অসমীয়াৰ আৱেগে যুগ যুগ ধৰি প্ৰতিধ্বনিত হৈ থাকিব।

এই পবিত্ৰ দিনটোত মহান শিল্পীগৰাকীৰ পৱিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। 🙏

জুবিনদা, আপুনি নোহোৱা হৈছে, কিন্তু আপোনাৰ সুৰ কেতিয়াও নোহোৱা নহয়।
আপোনাৰ গীতেৰে আপুনি সদায় আমাৰ মাজত জীয়াই থাকিব। ❤️

🕯️ শ্ৰদ্ধাৰে স্মৰণ — জুবিন গাৰ্গ
প্ৰথম মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি।

#জুবিনগাৰ্গ #শ্ৰদ্ধাঞ্জলি #অসম #পথাৰআমাৰবজাৰআমাৰ

পথাৰো আমাৰ, বজাৰো আমাৰআমি প্ৰায়ে বিভিন্ন সময়ত এটা কথা শুনি আহিছোঁ—“আমাৰ বজাৰ আমাৰ হ'ব লাগে।” কিন্তু কেৱল এই কথাষাৰ ক'ল...
16/09/2026

পথাৰো আমাৰ, বজাৰো আমাৰ
আমি প্ৰায়ে বিভিন্ন সময়ত এটা কথা শুনি আহিছোঁ—“আমাৰ বজাৰ আমাৰ হ'ব লাগে।” কিন্তু কেৱল এই কথাষাৰ ক'লেই নহ'ব; আমাৰ বজাৰখন সঁচাকৈয়ে নিজৰ কৰি তুলিবলৈ হ'লে প্ৰথমে আমাৰ পথাৰখন সেউজীয়া কৰিব লাগিব। আমাৰ নিজৰ মাটিত উৎপাদন বৃদ্ধি কৰিব লাগিব, আমাৰ কৃষক স্বাৱলম্বী হ'ব লাগিব আৰু আমাৰ বজাৰখন আমাৰ নিজৰ উৎপাদনেৰে ভৰি পৰিব লাগিব।
ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে বহু কৃষকে কৃষিক কেৱল পৰম্পৰাগত জীৱিকা হিচাপে নলৈ বিজ্ঞান, প্ৰযুক্তি আৰু আধুনিক পদ্ধতিৰ সৈতে সংযোগ কৰি কৃষিক এক লাভজনক উদ্যোগ হিচাপে গঢ়ি তুলিছে। পঞ্জাব, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যৰ কৃষিক্ষেত্ৰত বহুতো ইতিবাচক পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। আমাৰ অসমতো কৃষিৰ ক্ষেত্ৰত অপৰিসীম সম্ভাৱনা আছে। আমাৰ উৰ্বৰ মাটি আছে, পানীৰ প্ৰাচুৰ্য আছে, অনুকূল জলবায়ু আছে, আছে পৰিশ্ৰমী কৃষক আৰু সম্ভাৱনাৰে ভৰা যুৱসমাজ।
কিন্তু দুখৰ বিষয় যে আমাৰ ইমান সম্ভাৱনা থকাৰ পিছতো বহু কৃষিভূমি আজিও পৰি থাকে। বহু ঠাইত বছৰত এবাৰ খেতি কৰাৰ পিছত পথাৰখন দীঘলীয়া সময়ৰ বাবে চন পৰি থাকে। আনহাতে, আমাৰ বজাৰত প্ৰয়োজন হোৱা বহু কৃষিজাত সামগ্ৰী আমি বাহিৰৰ ৰাজ্যৰ পৰা আনিবলগীয়া হয়। এই পৰিস্থিতি সলনি কৰাৰ দায়িত্ব কেৱল চৰকাৰৰ নহয়, আমাৰ সকলোৰে। বিশেষকৈ আমাৰ যুৱসমাজে এই বিষয়টো নতুন চিন্তাধাৰাৰে চাব লাগিব।
আজিৰ যুগত কৃষি কেৱল কোৰ-কটাৰী লৈ পথাৰত নামি কৰা কাম নহয়। বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আধুনিক কৃষি পদ্ধতি, উন্নত বীজ, আধুনিক জলসিঞ্চন, কৃষি যান্ত্ৰিকীকৰণ, মাটিৰ পৰীক্ষা, সংৰক্ষণ আৰু বজাৰ ব্যৱস্থাপনাৰ জৰিয়তে কৃষিক অধিক উৎপাদনশীল আৰু লাভজনক কৰি তুলিব পাৰি। একেডৰা মাটিত বছৰৰ বিভিন্ন সময়ত বিভিন্ন শস্য উৎপাদন কৰাৰ লগতে শাক-পাচলি, ফল-মূল, ধান, মাহজাতীয় শস্য, মচলা, ফুল, উদ্যান শস্য আদিৰ জৰিয়তেও কৃষকসকলে নিজৰ আয় বৃদ্ধি কৰিব পাৰে।
চৰকাৰে কৃষকসকলৰ বাবে আগবঢ়োৱা বিভিন্ন আঁচনি, কৃষি যন্ত্ৰপাতি, প্ৰশিক্ষণ, জলসিঞ্চন আৰু অন্যান্য সহায়-সুবিধাসমূহৰ সঠিক ব্যৱহাৰ কৰি আমাৰ কৃষকসকলে নিজৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে কৃষিক এক শক্তিশালী জীৱিকাৰ মাধ্যম হিচাপে গঢ়ি তুলিব পাৰে। চৰকাৰৰ সুবিধা আৰু আঁচনিৰ সদ্ব্যৱহাৰ কৰাৰ লগতে আমাৰো নিজৰ উদ্যোগ আৰু পৰিশ্ৰম থাকিব লাগিব।
ইয়াৰ লগতে কৃষিৰ ক্ষেত্ৰত আমি অধিক সজাগ আৰু সচেতন হোৱাটোও অতি প্ৰয়োজনীয়। অতিমাত্ৰা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰে মাটিৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়ে সম্ভৱপৰ ক্ষেত্ৰত গোবৰ সাৰ, পচন সাৰ, ভাৰ্মি কম্পোষ্ট আদি জৈৱিক উপাদানৰ ব্যৱহাৰ বৃদ্ধি কৰি মাটিৰ উৰ্বৰতা আৰু স্বাস্থ্য ৰক্ষা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলগীয়া হ'লেও মাটিৰ পৰীক্ষা আৰু কৃষি বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি সঠিক পৰিমাণত ব্যৱহাৰ কৰাটো উচিত। স্বাস্থ্যসন্মত খাদ্য উৎপাদন আৰু সুস্থ পৰিৱেশ ৰক্ষা—দুয়োটাই আমাৰ দায়িত্ব।
মই আমাৰ যুৱসমাজলৈ বিশেষভাৱে আহ্বান জনাব বিচাৰোঁ—চাকৰিৰ সন্ধান কৰাৰ লগতে নিজৰ মাটিত নিজৰ কৰ্মসংস্থাপন সৃষ্টি কৰাৰ কথাও চিন্তা কৰক। কৃষিক সৰু কাম বুলি নাভাবিব। নিজৰ মাটিত পৰিশ্ৰম কৰি স্বাৱলম্বী হোৱাতকৈ গৌৰৱৰ কথা আৰু কি হ'ব পাৰে? আমি যদি বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত কৃষিক নতুন ৰূপ দিব পাৰোঁ, তেন্তে কৃষি কেৱল আমাৰ পৰিয়ালৰ জীৱিকা নহয়, আমাৰ সমাজ আৰু ৰাজ্যৰ অৰ্থনৈতিক শক্তিৰো এক অন্যতম ভেটি হ'ব পাৰে।
আহক, আমি পৰি থকা কৃষিভূমি পুনৰ সেউজীয়া কৰোঁ। নিজৰ মাটিক ভাল পাওঁ, কৃষিক সন্মান কৰোঁ আৰু কৃষকক শক্তিশালী কৰোঁ।
আমাৰ পথাৰ সেউজীয়া হ’লে, আমাৰ বজাৰো এদিন আমাৰ নিজৰ উৎপাদনেৰে ভৰি পৰিব। 🙏

মহেন্দ্ৰ ৰাজখোৱা
মিডিয়া সহ-আহ্বায়ক
কৃষক মৰ্চা, অসম

BJP Assam Pradesh
Kisan Morcha, BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Pankaj Borbora

🎯 লক্ষ্য — নগাঁও লোকসভা উপ-নিৰ্বাচন             #2026BJP Assam Pradesh Dilip Saikia Himanta Biswa Sarma CMO Assam Kisan ...
13/09/2026

🎯 লক্ষ্য — নগাঁও লোকসভা উপ-নিৰ্বাচন

#2026

BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
CMO Assam
Kisan Morcha, BJP Assam Pradesh
Pankaj Borbora

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ কৃষক মৰ্চাৰ নৱনিযুক্ত তত্বাৱধায়ক শ্ৰীযুত দিগন্ত কলিতা ডাঙৰীয়াক আন্তৰিক আদৰণি।আজি ভাৰতী...
26/07/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ কৃষক মৰ্চাৰ নৱনিযুক্ত তত্বাৱধায়ক শ্ৰীযুত দিগন্ত কলিতা ডাঙৰীয়াক আন্তৰিক আদৰণি।

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত কৃষক মৰ্চা, অসম প্ৰদেশৰ নৱনিযুক্ত তত্বাৱধায়ক শ্ৰীযুত দিগন্ত কলিতা ডাঙৰীয়াক ৰাজ্যিক কৃষক মৰ্চাৰ তৰফৰ পৰা অসমীয়াৰ বাপতিসাহোন গামোচা, জাপি আৰু শৰাইৰে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়।

সভাত নৱনিযুক্ত তত্বাৱধায়কগৰাকীয়ে কৃষকৰ কল্যাণ, কৃষি উন্নয়ন আৰু সংগঠন অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আগন্তুক দিনবোৰত নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যোৱাৰ দৃঢ় সংকল্প ব্যক্ত কৰে।

কৃষকৰ সৰ্বাংগীণ বিকাশ আৰু সংগঠনৰ উত্তৰণৰ এই যাত্ৰাত তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু সফল কাৰ্যকালৰ বাবে অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ।

জয় আই অসম।
ভাৰত মাতা কি জয়।

BJP Assam Pradesh
Kisan Morcha, BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Pijush Hazarika
Diganta Kalita
Pankaj Borbora

অভিনন্দন |
21/07/2026

অভিনন্দন |

15/07/2026

অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত

" বৈজ্ঞানিক ভিত্তিত পশুপালন " প্ৰশিক্ষণ কাৰ্যসূচী ।

উদ্বোধক : শ্ৰীমতী নীলিমা দেৱী ।
কেবিনেট মন্ত্ৰী, পশুপালন আৰু পশুচিকিৎসা বিভাগ তথা মীন বিভাগ ( অসম চৰকাৰ )

BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Pijush Hazarika
Kisan Morcha, BJP Assam Pradesh

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Pothar Amar - Bazar Amar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share