18/08/2026
অত্যন্ত দুখ আৰু গধুৰ হৃদয়েৰে জনাবলগীয়া হৈছে যে বৃহত্তৰ বৰছলি অঞ্চলৰ সন্মানীয়, সমাজহিতৈষী তথা অভিভাৱকস্বৰূপ অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া জয়ান আলী (৭০) ডাঙৰীয়া আৰু আমাৰ মাজত নাই।
বৰছলি বৰছলি অঞ্চলৰ বটবৃক্ষস্বৰূপে জয়ান আলী ডাঙৰীয়াই নিজৰ কৰ্ম, সততা, সৰলতা আৰু মানৱীয় গুণেৰে বৃহত্তৰ বৰছলি অঞ্চলৰ ৰাইজৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিছিল। তেখেত বহু লোকৰ বাবে এগৰাকী অভিভাৱক, পথপ্ৰদৰ্শক আৰু শুভাকাংক্ষী আছিল।
পৱিত্ৰ উমৰা হজ্জ কৰিবলৈ সৌদি আৰৱৰ মক্কা শ্বৰীফলৈ যোৱাৰ পিছত তেখেতে শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। বিগত প্ৰায় ১৫ দিন ধৰি আই চি ইউত চিকিৎসাধীন হৈ থকাৰ পিছত আজি ভাৰতীয় সময় অনুসৰি দিনৰ ১২:৪০ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।তেখেতৰ মৃত্যু বৃহত্তৰ বৰছলি অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি।
বৰছলি শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জয়ান আলী ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি আৰু ধৈৰ্য প্ৰদান কৰক।
বৰছলি শাখা ছাত্ৰ সন্থা, হাজো