Janasanyog Hojai

Janasanyog Hojai জনসংযোগ হোজাই

‘আৰোহণ’ৰ শিক্ষামূলক ভ্ৰমণে শিক্ষাৰ্থীৰ জ্ঞান, আত্মবিশ্বাস আৰু ভৱিষ্যৎ সপোনক নতুন দিশ দিব: জিলা আয়ুক্ত, হোজাই অসম চৰকাৰৰ...
19/08/2026

‘আৰোহণ’ৰ শিক্ষামূলক ভ্ৰমণে শিক্ষাৰ্থীৰ জ্ঞান, আত্মবিশ্বাস আৰু ভৱিষ্যৎ সপোনক নতুন দিশ দিব: জিলা আয়ুক্ত, হোজাই

অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি ‘আৰোহণ’ৰ অধীনত শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা শিক্ষামূলক ভ্ৰমণৰ বাবে হোজাই সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত নিৰ্বাচিত ৫৮ গৰাকী শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণৰ আজি শুভাৰম্ভ কৰা হয়।

হোজাই জিলা আয়ুক্ত শ্ৰী সঞ্জয় দত্তই আজি এগৰাকী ছাত্ৰীৰ দ্বাৰা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা উক্ত শিক্ষামূলক ভ্ৰমণৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰোৱাই যাত্ৰাৰ শুভাৰম্ভ কৰে।

নিৰ্বাচিত শিক্ষাৰ্থীসকলৰ শিক্ষামূলক ভ্ৰমণ সন্দৰ্ভত হোজাই জিলাৰ জিলা আয়ুক্ত শ্ৰী সঞ্জয় দত্তই উল্লেখ কৰে যে এই ভ্ৰমণ কাৰ্যসূচিত শিক্ষাৰ্থী সকলে গুৱাহাটীস্থিত আইআইটি, এইমছ আদিৰ দৰে অগ্ৰণী অনুষ্ঠান, প্ৰতিষ্ঠান ভ্ৰমণৰ লগতে আয়োজন কৰা বৃত্তিমুখী পৰামৰ্শদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ আৰু কয় যে, এই ভ্ৰমণ কেৱল এক সাধাৰণ ভ্ৰমণ নহয়; ই শিক্ষাৰ্থীসকলৰ বাবে বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে জ্ঞান আহৰণ, নতুন বিষয়ৰ সৈতে পৰিচয় অর্জন আৰু নিজৰ ভৱিষ্যৎ লক্ষ্য নিৰ্ধাৰণৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব।

জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে শ্ৰেণীকোঠাৰ শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলে বিভিন্ন শিক্ষানুষ্ঠান, ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শনৰ জৰিয়তে মূল্যবান অভিজ্ঞতা লাভ কৰিব। এনে অভিজ্ঞতাই তেওঁলোকৰ চিন্তাধাৰা অধিক বিস্তৃত কৰাৰ লগতে আত্মবিশ্বাস বৃদ্ধিত সহায় কৰিব।

তেওঁ শিক্ষাৰ্থীসকলক ভ্ৰমণকালত নতুন বিষয়সমূহ জানিবলৈ আগ্ৰহী হোৱা, প্ৰশ্ন উত্থাপন কৰা আৰু প্ৰতিটো অভিজ্ঞতাৰ পৰা শিকিবলৈ আহ্বান জনায়। শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশ আৰু উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ‘আৰোহণ’ৰ দৰে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

জিলা আয়ুক্ত শ্ৰী সঞ্জয় দত্তই লগতে উল্লেখ কৰে যে চৰকাৰে শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এনে কাৰ্যসূচীৰ জৰিয়তে বিশেষভাৱে প্ৰতিভাশালী তথা সম্ভাৱনাপূৰ্ণ শিক্ষাৰ্থীসকলক আগুৱাই যোৱাৰ সুযোগ প্ৰদান কৰা হৈছে।

তেওঁ শিক্ষাৰ্থীসকলক এই সুযোগৰ সদব্যৱহাৰ কৰি নতুন অভিজ্ঞতা আৰু জ্ঞান আহৰণৰ জৰিয়তে নিজৰ ভৱিষ্যৎ অধিক উজ্জ্বল কৰি তুলিবলৈ উৎসাহিত কৰে।
Directorate of Information and Public Relations, Assam
Hojai District Administration

জিলা আয়ুক্ত সঞ্জয় দত্তৰ ফৰমাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন, ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময়হোজাই জিলাৰ জিলা আয়ুক্...
18/08/2026

জিলা আয়ুক্ত সঞ্জয় দত্তৰ ফৰমাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন, ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময়

হোজাই জিলাৰ জিলা আয়ুক্ত শ্ৰী সঞ্জয় দত্তই আজি ফৰমাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ, ছাত্ৰ-ছাত্ৰীৰ সুবিধা আৰু শিক্ষাদান প্ৰক্ৰিয়াৰ বুজ লয়।

পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিদ্যালয় ইউনিফৰ্ম বিতৰণ কৰাৰ লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আন্তৰিকভাৱে মত-বিনিময় কৰি তেওঁলোকৰ পঢ়া-শুনা, বিদ্যালয়ৰ অভিজ্ঞতা আৰু ভৱিষ্যতৰ লক্ষ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা এই মত-বিনিময়ত তেওঁ নিয়মিতভাৱে অধ্যয়ন কৰা, শৃংখলাবদ্ধ জীৱন-যাপন কৰা আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰে।

ইয়াৰ পিছতে জিলা আয়ুক্ত শ্ৰী সঞ্জয় দত্তই নিজেই বিদ্যালয়ৰ বিভিন্ন শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পাঠদানত অংশগ্ৰহণ কৰে আৰু বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান কৰে। এগৰাকী প্ৰশাসনিক বিষয়াই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এনেদৰে পোনপটীয়াকৈ শিক্ষাদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষ উৎসাহ আৰু আনন্দৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

জিলা আয়ুক্তগৰাকীৰ এই ব্যতিক্ৰমী পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ লগতে শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ মাজৰ আন্তৰিক সম্পৰ্ক আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অধিক সুদৃঢ় কৰাত এক ইতিবাচক বাৰ্তা বহন কৰিব।

পৰিদৰ্শন কালত জিলা আয়ুক্তৰ লগত অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) শ্ৰীমতী নীতিশা বৰা আৰু বিদ্যালয় পৰিদৰ্শক ৰঞ্জন ডেকা উপস্থিত থাকে।
Hojai District Administration

অংগনবাড়ী কৰ্মী/সহায়িকা পদৰ বাবে আবেদন আহ্বান অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত যোগীজান সংহত শিশু উন্নয...
18/08/2026

অংগনবাড়ী কৰ্মী/সহায়িকা পদৰ বাবে আবেদন আহ্বান

অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত যোগীজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত খালী হৈ থকা অংগনৱাড়ী কেন্দ্ৰত অংগনৱাড়ী কৰ্মী/সহায়িকা হিচাপে স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ ইচ্ছুক মহিলা প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে।
Directorate of Information and Public Relations, Assam
Hojai District Administration

নিচামুক্ত ভাৰত গঢ়াৰ সংকল্প নিচামুক্ত ভাৰত অভিযানৰ ৬ষ্ঠ বৰ্ষ উপলক্ষে হোজাই জিলাৰ সকলো চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, বিশ্ব...
17/08/2026

নিচামুক্ত ভাৰত গঢ়াৰ সংকল্প

নিচামুক্ত ভাৰত অভিযানৰ ৬ষ্ঠ বৰ্ষ উপলক্ষে হোজাই জিলাৰ সকলো চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয়, স্বেচ্ছাসেৱী সংগঠন, নাগৰিক সমাজ, গাঁও পঞ্চায়ত, যুৱ ক্লাব তথা সন্মানীয় নাগৰিকসকলক “নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় শপত” গ্ৰহণ কৰিবলৈ হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

নিচাৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰি এখন সুস্থ, সুৰক্ষিত আৰু নিচামুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আহক আমি সকলোৱে একেলগে সংকল্পবদ্ধ হওঁ।

“নিচাৰ বিৰুদ্ধে যুঁজ-সুস্থ সমাজৰ বাবে আজিৰ সংকল্প।”


Directorate of Information and Public Relations, Assam
Hojai District Administration

হোজাই জিলাত গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা জাৰিহোজাই জিলাৰ জিলা দণ্ডাধীশ শ্ৰী সঞ্জয় দত্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)...
17/08/2026

হোজাই জিলাত গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা জাৰি

হোজাই জিলাৰ জিলা দণ্ডাধীশ শ্ৰী সঞ্জয় দত্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ধাৰা ১৬৩ অনুসৰি এক আদেশযোগে জিলাখনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞাৰ মূল উদ্দেশ্য হৈছে:

🔹 সাধাৰণতে ‘লালী গুৰ’ নামেৰে পৰিচিত মলাছেছ (গুৰ), যিটো কেৱল গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগে, তাৰ অপব্যৱহাৰ ৰোধ কৰা।
🔹 ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰা গুড়ৰ গুড়িৰ অপব্যৱহাৰ ৰোধ কৰা।
🔹 দেশীয়/অবৈধ/ভেজাল সুৰা প্ৰস্তুত আৰু বিক্ৰী ৰোধ কৰা।
🔹 জনস্বাস্থ্য সুৰক্ষিত ৰখা আৰু জনসাধাৰণৰ জীৱন-নিৰাপত্তা নিশ্চিত কৰা।

📢 সকলো সংশ্লিষ্ট ব্যক্তি আৰু ৰাইজক জিলা প্ৰশাসনৰ এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

জনস্বাস্থ্য আৰু জনসুৰক্ষা সকলোৰে সামূহিক দায়িত্ব।
Directorate of Information and Public Relations, Assam
Hojai District Administration

হোজাই জিলা প্ৰশাসনৰ শোক দিৱস পালনহোজাই জিলা প্ৰশাসনে আজি গভীৰ শ্ৰদ্ধাৰে ২০০৪ চনৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত ধেমাজিত সং...
16/08/2026

হোজাই জিলা প্ৰশাসনৰ শোক দিৱস পালন

হোজাই জিলা প্ৰশাসনে আজি গভীৰ শ্ৰদ্ধাৰে ২০০৪ চনৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত ধেমাজিত সংঘটিত হোৱা হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ স্মৃতিত শোক দিৱস পালন কৰে।

হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলনী কক্ষত অনুষ্ঠিত শোক দিৱসৰ কাৰ্যসূচীত জিলা আয়ুক্ত শ্ৰী সঞ্জয় দত্ত, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

অনুষ্ঠানত সন্ত্ৰাসবাদী কাৰ্যকলাপত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি একমিনিট সময় মৌনতা অৱলম্বন কৰা হয়। লগতে সন্ত্ৰাসবাদ, উগ্ৰপন্থা আৰু সকলো ধৰণৰ হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিয়াৰ লগতে ৰাজ্যখনত শান্তি, সম্প্ৰীতি আৰু ঐক্য বজাই ৰখাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্পৰে শপত গ্ৰহণ কৰা হয়।

শোক দিৱসৰ জৰিয়তে হিংসাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে মাত মাতি সমাজত শান্তি, ভাতৃত্ববোধ আৰু সম্প্ৰীতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰদ্ধা আৰু শোকৰ প্ৰতীক হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।

হোজাই জিলা প্ৰশাসনে হিংসামুক্ত, শান্তিপূৰ্ণ আৰু সুৰক্ষিত সমাজ গঢ়াৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰাৰ লগতে হিংসাত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।
Directorate of Information and Public Relations, Assam
Hojai District Administration

16/08/2026

লোকপিয়ল ২০২৭ৰ স্ব-গণনা প্ৰক্ৰিয়াৰ বাবে মাজত মাথোঁ কেইঘন্টামান বাকী। আজিয়েই আপোনাৰ গৃহ আৰু ইয়াৰ সুবিধাসমূহৰ সবিশেষ তথ্য লিপিবদ্ধ কৰক আৰু লোকপিয়লৰ অংশীদাৰ হওক।

স্ব-গণনাৰ বাবে লিংক - se.census.gov.in

হোজাইত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ভাৰতবৰ্ষৰ ৮০ তম স্বাধীনতা দিৱস, ২০২৬ উদযাপনসমগ্ৰ ভাৰতবর্ষৰ লগতে হোজাই জিলাতো দেশৰ ৮০ তম স্...
15/08/2026

হোজাইত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ভাৰতবৰ্ষৰ ৮০ তম স্বাধীনতা দিৱস, ২০২৬ উদযাপন

সমগ্ৰ ভাৰতবর্ষৰ লগতে হোজাই জিলাতো দেশৰ ৮০ তম স্বাধীনতা দিৱস-২০২৬ হোজাই জিলা প্ৰশাসনৰ উদ্যোগত জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। হোজাই জিলাৰ জিলা আয়ুক্ত শ্ৰী সঞ্জয় দত্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদ তৰ্পণ, জাতীয় পতাকা উত্তোলন, কুচ-কাৱাজ প্ৰদৰ্শন আদি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

মুখ্য অতিথি তথা জিলা আয়ুক্ত শ্ৰী দত্তই জনসাধাৰণক উদ্দেশ্য কৰি দিয়া ভাষণত দেশৰ বীৰ শ্বহীদ আৰু মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। তেখেতে বৰ্তমান ৰাজ্য চৰকাৰে হোজাই জিলাৰ জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নতিকল্পে লোৱা বিভিন্ন উন্নয়ন মূলক কাম- কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে হোজাই জিলাবাসী ৰাইজ, কুচ-কাৱাজত অংশগ্ৰহণ কৰা দল আৰু ছাত্ৰ-ছাত্ৰী সকলক পৱিত্ৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

আজি স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক দলৰ দ্বাৰা পৰম্পৰাগত নৃত্য বিহু, বেংগলী লোক নৃত্য আৰু দেশপ্ৰেমমূলক গীতত নৃত্য প্ৰদৰ্শন কৰে।

স্বাধীনতা দিৱস আৰু ৰাষ্ট্ৰীয় গীত বন্দেমাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন শিক্ষানুষ্ঠানত আয়োজিত কুইজ, ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগীতাত বিজয়ী সকলক পুৰস্কৃত কৰা হয়। তদুপৰি, বিভিন্ন বিভাগৰ নিষ্ঠাবান আৰু কৰ্তব্যপৰায়ণ কৰ্মচাৰীক হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানৰ অন্তত কুচ - কাৱাজত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা দল সমূহক বঁটা প্ৰদান কৰা হয়।

আজি ৮০ তম
স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা প্ৰমুখ্যে আমন্ত্ৰিত অতিথি সকল, জিলাখনৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, গণ্য মান্য ব্যক্তি আৰু হোজাই জিলাবাসী জনসাধাৰণ স্বতঃস্ফূৰ্ত ভাৱে অংশগ্ৰহণ কৰি সমূহ কাৰ্যসূচীক এক অনন্য মাত্ৰা প্ৰদান কৰে।
Directorate of Information and Public Relations, Assam
Hojai District Administration

13/08/2026

হোজাইত ইংৰাজী ১২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ (ASLSA), গুৱাহাটীৰ নিৰ্দেশনা অনুসৰি আগন্তুক ৰাষ্ট্ৰীয় লোক আদালত ১২ ছেপ্টেম্বৰ (শনিবাৰ), ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব। উক্ত লোক আদালতৰ জৰিয়তে বিভিন্ন ধৰণৰ গোচৰ আপোচ আৰু আলোচনাৰ মাধ্যমেৰে নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হ’ব। ৰাষ্ট্ৰীয় লোক আদালতত মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ গোচৰ (MACT), বৈবাহিক গোচৰ, NI Act-ৰ অধীনৰ চেক বাউন্স গোচৰ, যানবাহন সম্পৰ্কীয় গোচৰ, ধন আদায়ৰ গোচৰ, শ্ৰমিক বিবাদ, ৰাজহুৱা উপযোগী সেৱা (PUS)-ৰ বিষয়, আপোচযোগ্য ফৌজদাৰী গোচৰ আৰু অন্যান্য দেৱানী গোচৰ আদি নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হ’ব।
পক্ষসমূহক গোচৰসমূহ আপোচৰ মাধ্যমেৰে নিষ্পত্তি কৰাৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰি-লোক আদালত বৈঠক আৰু প্ৰি-কাউন্সেলিং অধিৱেশন অনুষ্ঠিত কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। এই অধিৱেশনসমূহ ভিডিঅ’ কনফাৰেন্সিং, টেলি-কনফাৰেন্সিং অথবা প্ৰয়োজন অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি প্ৰত্যক্ষভাৱে অনুষ্ঠিত কৰিব পৰা যাব।

জিলা আইন সেৱা প্ৰাধিকৰণ, হোজাইৰ উদ্যোগত বিভিন্ন বেংক, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড শাখা, ভাৰত সঞ্চাৰ নিগম লিমিটেড, বীমা কোম্পানী আদিক লোক আদালতৰ বৈঠক তথা প্ৰি-কাউন্সেলিং অধিৱেশন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। লগতে জিলা আইন সেৱা প্ৰাধিকৰণ, হোজাইৰ পেনেলভুক্ত অধিবক্তাসকলকো এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে প্ৰি-কাউন্সেলিং আৰু প্ৰি-লিটিগেচন অধিৱেশনসমূহ সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়।

জিলা আইন সেৱা প্ৰাধিকৰণ, হোজাইয়ে যোগ্য আৰু সংশ্লিষ্ট পক্ষসমূহক আগন্তুক ৰাষ্ট্ৰীয় লোক আদালতৰ সুবিধা গ্ৰহণ কৰি পাৰস্পৰিক বুজাবুজি আৰু আপোচৰ মাধ্যমেৰে গোচৰ নিষ্পত্তিৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

Address

Hojai
782442

Website

Alerts

Be the first to know and let us send you an email when Janasanyog Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Janasanyog Hojai:

Shortcuts

Share