SMH ASSAM

SMH ASSAM সৰুক মৰম কৰক জেষ্ঠক সম্মান কৰক তেতিয়াহে আপুনি সন্মানী ব্যক্তি হ'ব।

এচামে লোকক দেখাবলৈ ৰাজহুৱা স্থানত ইফতাৰীৰ বিৰোধ কৰিব আকৌ মনে মনে বোৱাৰীৰ ঘৰৰ পৰা ইফতাৰী অহাৰ আশাও কৰিব।আন এচামে ইফতাৰীৰ ...
22/03/2023

এচামে লোকক দেখাবলৈ ৰাজহুৱা স্থানত ইফতাৰীৰ বিৰোধ কৰিব আকৌ মনে মনে বোৱাৰীৰ ঘৰৰ পৰা ইফতাৰী অহাৰ আশাও কৰিব।

আন এচামে ইফতাৰীৰ পক্ষ লৈ কথা পাতিব।
(কিন্তু তেওঁলোকে নাজানে এজন দুখীয়া পিতৃয়ে কেনেকৈ এই বোজা কঢ়িয়াই ফুৰিব লগা হয়)

আন এচামে কব এইবোৰ কথা ফেচবুকত দি কি লাভ!?
কিন্তু তেওঁলোকে ঘৰত গাখীৰ চাহ একাপ খালে, কৰবাত Ultra Bus এখনত উঠিলে Facebookত পোষ্ট কৰি ছবকে জনায় এনে লাগে যেন তাতেই চব লাভ।

আন এচাম যুক্তিবাদী ওলাব ক'ব পূৰ্বৰ পৰা এই প্ৰথা প্ৰচলিত গতিকে আমি চলাই আছোঁ, তেওঁলোকক কওঁ যে পূৰ্বৰ দিনত তোমাৰ দেউতায় খোজ কাঢ়ি বজাৰ গৈছিল আজি তোমাক কিয় গাড়ী লাগে?
পূৰ্বৰ দিনত তোমাৰ মা - আইতা সকলে ঘৰত চাকি বন্তি জ্বলাইছে এতিয়া তোমাক কিয় Electric বিদ্যুৎ লাগে?

সময়ৰ সোতত কিছু নিয়ম নীতি সলনি কৰিব লাগে । ইফতাৰী কৰোৱা চুন্নত কিন্তু কাৰোবাক জুলুম অত্যাচাৰ কৰি ইফতাৰী কৰা চাফ হাৰাম হব নিশ্চয়।( এই ক্ষেত্ৰত মুফতি আলিম সকলে ভাল জানিব)

সেয়েহে প্ৰতিজ্ঞা কৰক নিজৰ বুকুত হাত ৰাখি শপত খাওক এজন পুৰুষ হিচাপে কেতিয়াও পত্নী অথবা বোৱাৰীৰ ঘৰক বাধ্য নকৰোঁ এই হাৰাম ইফতাৰিৰ বাবে।

(ৰাজহুৱা বাবে যেনেকৈ বিৰোধ কৰে সেই বিৰোধীতাত সদায় অটল থকাৰ চেষ্টাও কৰিব তেতিয়া এজন প্ৰকৃত কু-প্ৰথা বিৰোধী বুলি নিজকে গৌৰৱ কৰিব পাৰিব। লোকক দেখাব এটা কৰিব আন এটা এয়া মাথো ভন্ডামী)।

বি:দ্ৰ:- যদি কোনোবাই বিৰোধ নকৰে আৰু এই প্ৰথা প্ৰচলিত ৰাখে তাত আমাৰ কবলগীয়া একো নাই কিন্তু অনুৰোধ এইটোৱেই যে বিৰোধ কৰা সকলৰ মাজত যাতে ভৰি নুসুমায় কাৰণ এই ইফতাৰীৰ কাৰণে কিমান মহিলা নিৰ্যাতিত হয় এয়া কেৱল ভুক্তভোগী আৰু তেঁওলোকৰ দুখ বুজোতা সকলে বুজি পায়!!

-হুছাইন আহমেদ তালুকদাৰ
সভাপতি, মানৱ অধিকাৰ সংস্থা (অসম)

ক্ষন্তেকীয়া সময়ৰ শাৰীৰিক উপভোগ আপোনাৰ জীৱনৰ বাবে কাল হৈ যাব পাৰে।আপোনাৰ যিমানেই মজবুত দৃঢ় বিশ্বাসী মধুৰ সম্পৰ্ক নহওঁক...
09/03/2023

ক্ষন্তেকীয়া সময়ৰ শাৰীৰিক উপভোগ আপোনাৰ জীৱনৰ বাবে কাল হৈ যাব পাৰে।

আপোনাৰ যিমানেই মজবুত দৃঢ় বিশ্বাসী মধুৰ সম্পৰ্ক নহওঁক কিয় এয়া লাগিলে প্ৰেমিক-প্ৰেমিকা,স্বামী-স্ত্ৰী সম্পৰ্ক নহওঁক কিয় ।

যিমানেই ৰোমাঞ্চক মিলন সময় বা পৰিস্থিতি তেওঁৰ সৈতে উপভোগ নকৰক কিয়।

কেমেৰা, ফটো, বিডিঅ নতুবা কোনো ধৰণৰ ৰোমাঞ্চক স্মৃতি ৰখাৰ সুযোগ নিদিব।

সত্য প্ৰেমিক-প্ৰেমিকা,প্ৰেম ভালপোৱা নতুবা জীৱন সংগীয়ে কেতিয়াও এনেধৰণৰ ঘৃণনীয় স্মৃতি নিবিচাৰে।

আৰু যদি বিচাৰিছে আৰু আপুনি স্মৃতি ৰখাৰ সুযোগ দিছে তেন্তে এদিন ব্লেকমেইলিংৰ বলি হবলৈ সাজু থাকক।

যোৱা ১৫ দিনত দুটাকৈ অভিযোগ পাইছোঁ ১ম টো এজন স্বামীৰ পৰা আন ২য় টো আন এগৰাকী মহিলাৰ পৰা স্বামীৰ বিৰুদ্ধে। স্বামীয়ে Divorce ৰ পাছত Social Media ত চব ভাইৰেল কৰি দিছে। (এতিয়া আইনে আইনৰ কাম কৰিব)

কিন্তু দুয়োটা স্মৃতিৰ নামত শাৰীৰিক মিলনৰ সময়ত আৱদ্ধ কৰি ৰখা অভিসপ্ত স্মৃতি আছিল। যাৰ ফল সম্পৰ্ক নষ্ট হোৱাৰ পাছত উপভোগ কৰি আছে তেওঁলোকে।

এক কথাত যদি কও আপুনি জীৱন সংগীৰ সৈতে মৃত্যু লৈকে থাকিব বিচাৰে কিন্তু এই কথাৰ কিমান গেৰেণ্টি দিব পাৰিব যে আপোনাৰ জীৱন সঙ্গীয়ে আপোনাকো জীৱন জুৰি লগত ৰাখিব বা থাকিব?

আৰু আঁতৰি যোৱাৰ সময়ত পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে সন্মূহৰ বেক্তি গৰাকীক সৰু বনাব বিচাৰে, আপোনাৰ কম জুৰি টোৰে আপোনাক দোষাৰোপ কৰি মুখ বন্ধ ৰখাৰ সঁজুলি ব্যৱহাৰ কৰি আঁতৰি যাব বিচাৰে।

পোষ্টৰ উদেশ্য সদায় যিমান প্ৰেম হয় তাৰ আশে পাশে প্ৰেম বিচ্ছেদো হয় Divorce হয় গতিকে সজাগতা সৃষ্টি কৰা।

-হুছাইন আহমেদ তালুকদাৰ
হোজাই অসম।
তাং:- ০৯|০৩|২০২৩ ইংৰাজী

ভাৰতৰ আটাইতকৈ দীঘল ৭ খন নদী।🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
05/03/2023

ভাৰতৰ আটাইতকৈ দীঘল ৭ খন নদী।
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

22/02/2023

SMH ASSAM ৰ মাধ্যমে এক নতুন যাত্ৰাৰ শুভাৰম্ভণি।
যত নাথাকিব কোনো বাতৰি,বিজ্ঞাপন অথবা কোনোবা নেতা- মন্ত্ৰীৰ প্ৰচাৰ।

আমাৰ লক্ষ্য, সহজ ভাষাত সাধাৰণ মানু্হক সজাগ কৰা।
কৰ্যবোৰ কিছু প্ৰত্যাহ্বানৰ মাজেৰে চলাই যাব লাগিব যত সহায় সহযোগ কৰিব লাগিব আপোনালোকে।

বি: দ্ৰ:- এইটো কোনো নিউজ চেনেল নহয় ইয়াত একান্ত সহজ ভাষাত সময় উপযোগী কিছুমান আলোচনা প্ৰকাশ পাব।

আপোনালোক সকলোকে আমাৰ এই যাত্ৰাত সহায় সহযোগীতাৰ কামনা কৰিলোঁ।

Address

Hojai
782439

Alerts

Be the first to know and let us send you an email when SMH ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category