19/03/2026
১৪৪৭-৪৮হিজৰী মুতাবিক ২০২৬-২৭বৰ্ষত দাৰুল উলুম লাম্বাবাসা আহমদীয়া মাদ্ৰাছাৰ
নাম ভৰ্তিৰ নিয়মীৱলী
১) ৫ শ্বাওৱাল, ১৪৪৭ হিজৰী/২৫মাৰ্চ ,২০২৬ বুধবাৰে মাদ্ৰাছা খুলিব।
২) আমাৰ মাদ্ৰাছাৰ সকলো পুৰণি ছাত্ৰ সকলে ২৫ মাৰ্চ পৰা ২ এপ্ৰিল বৃহস্পতিবাৰৰ ভিতৰত ভৰ্তিৰ কাম সম্পূৰ্ণ কৰিব লাগিব। অন্যথায় পুৰণি ভৰ্তি বাতিল হৈ যাব আৰু কোনো ধৰণৰ ওজৰ-আপত্তি গ্ৰহণ কৰা নহ'ব ।
৩) নতুন ছাত্ৰ সকলৰ ২৫ মাৰ্চৰ পৰা ৭ এপ্ৰিল মঙ্গলবাৰ পৰ্য্যন্ত ভৰ্তিৰ কাম চলিব । ৮ এপ্ৰিল বুধবাৰৰ পৰা নতুন বছৰৰ পাঠ দান ইন শ্বাহ আল্লাহ আৰম্ভ কৰা হ'ব।
৪) আমাৰ মাদ্ৰাছাত নতুন ভৰ্তি হ'ব খোজা সকলো ছাত্ৰয় প্ৰথমতে দাখিলা পৰীক্ষা দিব লাগিব, পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ভৰ্তি কাম সম্পূৰ্ণ কৰিব লাগিব।
৫) মাদ্ৰাছাত ভৰ্তি হ'ব খোজা সকলো ন-পুৰণি ছাত্ৰৰ চৰিত্ৰ ভাল হ'ব লাগিব, আৰু সকলো চুন্নত মুতাবিক হ'ব লাগিব।
৬) কোনো ছাত্ৰৰ লগত কোনো ধৰণৰ মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব। মোবাইল লগত পোৱাৰ লগে-লগে মাদ্ৰাছাৰ পৰা বহিষ্কাৰ কৰা হ'ব, আৰু মাদ্ৰাছাৰ সকলো ধৰণৰ নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক।
৭) দিনীয়াত শাখাৰ মক্তব আওৱালত ভৰ্তি হোৱা ছাত্ৰজন স্কুলত পঞ্চম-মান শ্ৰেণী উৰ্ত্তীণ হোৱাৰ লগতে Transfer Certificate জেৰেক্স কপি দিব লাগিব। পঞ্চম শ্ৰেণীৰ তলৰ ছাত্ৰক ভৰ্তি লোৱা নহ'ব।
৮) হিফ্জ শাখাৰ নতুন ছাত্ৰৰ বয়স ১৫ বছৰ বয়সৰ তলত হব লাগিব আৰু ১৫ বছৰ বয়সৰ উপৰৰ ছাত্ৰক ভৰ্তি দিয়া নহ'ব।
৯) ভৰ্তিৰ লগত সকলো ছাত্ৰৰ প্ৰমান-পত্ৰ লাগিব, যেনে: ছাত্ৰজনৰ আধাৰ কাৰ্ড, জন্ম প্ৰমান-পএ, স্কুলৰ প্ৰমাণ-পএ, ফটো (তিনি কপি)আৰু লগতে অভিভাৱকৰ আধাৰ কাৰ্ড, ভোটৰ আইডি (যিকোনো এখন দিব লাগিব)।
১০) ভৰ্তি হ'ব খোজা নতুন ছাত্ৰজনৰ ভৰ্তি মাচুল ৩২০০ টকা, আৰু পুৰণি ছাত্ৰজনৰ ভৰ্তি মাচুল ২২০০ টকা ভৰ্তিৰ সময়তে আদায় কৰিব লাগিব। এতিম ছাত্ৰৰ বাবে ৰেহাই দিয়া হ'ব।
১১ ) ভৰ্তিৰ সময়ত ছাত্ৰজনৰ লগত অভিভাৱক অহাটো বাধ্যতামূলক।
হাফিজ মৌলানা আব্দুল কুদ্দুছ ।
প্ৰধান শিক্ষক। যোগাযোগ নম্বৰ: 9395649834
মৌলানা আজিজুল হক।
নাজিমে তালিমাত।
দাৰুল উলুম লাম্বাবাসা আহমদীয়া মাদ্ৰাছা
যোগাযোগ নম্বৰ -8011236889