মোৰ সৃষ্টিৰ ফচল

মোৰ সৃষ্টিৰ ফচল মোৰ নিজৰ সৃষ্টিবোৰ সংৰক্ষণ কৰাৰ উদ্দ? মোৰ প্ৰকাশিত সৃষ্টিৰ সংৰক্ষিত ভঁড়াল

06/04/2026
সম্ভাৱনাময় কবি শাবানা খানৰ কবিতা " মই ভালপোৱা বাবে" : এক পৰ্যালোচনা ___________________________________________________...
07/12/2025

সম্ভাৱনাময় কবি শাবানা খানৰ কবিতা " মই ভালপোৱা বাবে" : এক পৰ্যালোচনা
______________________________________________________________________________
✍️ এন হক (জান)
ফোন- ৯১০১৮২৮১৫৯

কবিতা সাহিত্যৰ জটিল সৃষ্টি। শব্দৰ কলিজা মন্থন কৰি আৱেগ আৰু পাৰিপাৰ্শ্বিকতাক সমাযোজন ঘটাই আঙুলিৰ ফাঁকেৰে নিগৰি পৰা ৰৌমন্যাশিক অমৃত বাক্য প্ৰকাশ কৰা সৰল নহয় । ই দুৰ্ভেদ্য। এনে এটি জটিল কাম সম্পাদন কৰিয়ো দুই এজনেহে পাঠকৰ মনত সাঁচ বহাব পাৰিছে। ইয়াৰ কাৰণো নথকা নহয় । আজিকালি বহু কবিয়েই (সকলো নহয়) নতুন কবিৰ কবিতাৰ ৰসস্বাদন নকৰে । আলোচনা নকৰে। পুৰণি খিনিকে খামুচি ধৰি আগবাঢ়িছে কাব্যিক সমাজ। ফলত এনে জটিল কাৰ্য্য সমাধা কৰিয়ো উপযুক্ত স্থান নাপাই অকালতে মৰহি যায় বহু সম্ভাৱময় প্ৰতিভা । তেনেই এক সম্ভাৱনাময় কবি শাবানা খানৰ " মই ভালপোৱা বাবে " নামৰ কবিতাটিয়ে হৃদয়ত কোৰ্হাল সৃষ্টি কৰিলে। আহকচোন কবিতাটি শাব্দিক অস্ত্ৰপচাৰেৰে ৰসস্বাদন কৰোঁ।
কবিতাটিৰ প্ৰথমতে কৈছে "শুনিছেনে, মই ভালপোৱা বাবেই যে ৰুইছিলে আপোনাৰ পদুলিত এজোপা ৰজনীগন্ধা।"/- ইয়াত প্ৰেমময় স্মৃতিত সুগন্ধ, আশা আৰু কোমলতা মিশ্ৰিত হৈছে। কবিৰ প্ৰেমকোঁৱৰৰ প্ৰেমানুভূতিৰ তীব্ৰতাক উন্মোচিত কৰিছে । আত্মাৰ সমস্তখিনি যেন সমৰ্পণ কৰিছিল কবিৰ প্ৰতি ।ইয়াত কবিয়ে "ৰজনীগন্ধা " আশা ,প্ৰেম, অনুভূতিৰ কোমলতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি সফলো হৈছে । কবিয়ে সেই কথা অকপটে স্বীকাৰ কৰি কৈছে --মই ভালপোৱা বাবেই হেনো আপুনি কফিৰ সলনি খাবলৈ লৈছিলে ৰঙা চাহ ।/
মই ভালপোৱা ক'লা ছাৰ্টটো কিমান যে পিন্ধিলে! /" ভালপোৱাৰ আমোগ সম্ভাৰত ত্যাগৰ জিলকনিয়ে সন্মোহিত কৰি তুলিছে । নিজস্বতা আজুৰি থৈ ভালপোৱাজনক সন্তুষ্ট কৰাজনেই প্ৰকৃত প্ৰেমিক পুৰুষ।“ৰঙা চাহ”, “ক’লা ছাৰ্ট”, “বগা ৰং” — ৰঙৰ এই পৰিৱর্তনে অনুভৱৰ পৰিৱৰ্তন , জীৱনশৈলীৰ মাত্ৰা, আৰু প্ৰণয়ৰ গভীৰতাক প্ৰতীকীভাৱে দেখুৱাইছে; ই সমকালীন নগৰ-কবিতাৰ ৰঙ-প্ৰতীক ধাৰণাৰ লগত খাপ খায় । সময় গতিশীল। সময়ৰ সৈতে মানুহৰ মনৰো পৰিৱৰ্তন হয় । সলনি হয় প্ৰেমৰ পৰিকাঠামো। কবিৰ মনতো প্ৰেমিকৰ বাহ্যিক আচৰণৰ অমিলতা দেখি বিপাঙত পৰি কৈছে ---"এতিয়া হেনো সময় সলনি হৈছে,/
সলনি হৈছে আপুনি।/
ক'লা নহয় বগা ৰংটোহে বোলে প্ৰিয় ।"/-আগতে ক’লা ছাৰ্ট পিন্ধা, কফিৰ সলনি ৰঙা চাহ খোৱা—এইবোৰে ঘনিষ্ঠতা আৰু সাঁজ সুৰ্য্যাস্তৰ দৰে উষ্ণ মুহূৰ্তৰ স্মৃতি বহন কৰে, যি এতিয়া বগা ৰঙৰ, দূৰত্বৰ, “ড্ৰেছ-আপ” প্ৰকৃতিৰ জীৱনতে বিলীন হৈ গ’ল বুলি আভাস পোৱা যায়। ইয়াতেই কবিয়ে মানৱিক গতিশীলতাক উদঙাই দিবলৈ প্ৰয়াস কৰিছে। জীৱনৰ আলিদোমোজাত বিভিন্ন প্ৰত্যাহ্বানে মনৰ অলক্ষিতে বাঢ়ি যায় হৃদয়ৰ দূৰত্ব । সেই আশংকাত শংকিত হৈ কবিয়ে কৈছে --"এখোজ, দুখোজ কৰি হেনো অতিক্ৰম, ইপাৰৰ পৰা সিপাৰৰ বাট ।" / কবিৰ ভালপোৱা যেন ক্ৰমশঃ আঁতৰি গৈছে । সেয়ে কবিৰ মনৰ দ্বন্দ্ব প্ৰকাশ কৰি সুধিছে -" পাহৰা নাই যদি ভাগৰিছে নেকি ?/
হেৰাইছে নেকি এন্ধাৰত পোহৰৰ গান ? /" ইতিবাচক সম্ভাৱনা (পাহৰা নাই) আৰু নেতিবাচক আশঙ্কা (ভাগৰিছে নেকি) একেলগে ৰাখি মানসিক দ্বন্দ্ব আৰু বিৰোধ অলংকাৰিক স্বাদ অনুভৱ কৰা যায়। ইয়াত পোহৰক গান গোৱা জীৱন্ত সত্ত্বা হিচাপে কল্পনা কৰা হৈছে; সেয়া কবিৰ মানসিক অৱস্থা অধিক তীব্ৰভাৱে উপলব্ধি কৰাবলৈ এক অত্যুক্তি কল্পনা উৎপ্ৰেক্ষা-ধৰ্মী অলংকাৰ হিচাপে ধৰা যায়।কবিয়ে আকৌ কৈছে --"দায়িত্বত জুৰুলা হৈছে যদি ভালপোৱাৰ বাট ।/
তেনেহলে শুনিবলৈ পাব জানো চৰাই গীত,/
বৈ অহা পানীৰ কুলু কুলু শব্দ।/
ৰামধেনু বুলীয়া এখন ধুনীয়া আকাশ দেখিব জানো!" /- ইয়াত ভালপোৱাক জীৱনৰ এখন বাস্তৱ “বাট” হিচাপে কল্পনা কৰা হৈছে; দায়িত্ববোধে কোঙা কৰা সেই পথটোৱে যেন কণ্টকাকীৰ্ণ হৈ পৰিছে বুলি 'বাট"ক ৰূপকধর্মী ৰূপত প্ৰকাশ কৰিবলৈ যি প্ৰচেষ্টা কৰিছে সেয়া সফল ভাবেই সম্পন্নও কৰিছে। ইয়াত কবিৰ কাব্যিক চাতুৰ্যতা বিদ্যমান। কবিয়ে কবিতাটিৰ শেষ অংশটোত এক প্ৰশ্নবোক উক্তিৰে সামৰিছে বুলিব পাৰি । কবিয়ে হেৰুওৱাৰ ভয়ত ভয়াৰ্ত নে পাই হেৰুওৱাৰ বেদনাত দগ্ধ সেয়া এক ৰহস্যাবৃত্ত। কবিয়ে কৈছে -" শুনিছেনে, দেখিছেনে ৰাতিৰ আকাশৰ পৰা খহি পৰা পপীয়া তৰা ,/
সাগৰ পাৰৰ বলীয়া বতাহ অনুভৱ কৰিছেনে ?/
শুনিছেনে, মই ভালপোৱা বাবেই যে......।/"
“ৰামধেনু বুলীয়া এখন ধুনীয়া আকাশ”, “সাগৰ পাৰৰ বলীয়া বতাহ”, “পপীয়া তৰা” এইবোৰ দূৰৰ, সপোনৰ, অথচ প্ৰৱল আকাঙ্ক্ষাৰ চিত্ৰ; অনাগত সুখ, অপ্রাপ্ত প্ৰেম আৰু বহুদূৰৰ সম্ভাৱনাৰ প্ৰতীকী ৰূপত উঠি আহিছে। কবিৰ মনৰ উদ্বেগৰ অসমাপ্ত যৱনিকাই পাঠকৰ মনত আফচোচ ৰাখি গৈছে ।
উপসংহাৰঃ কবি শাবানা খানৰ এই " মই ভালপোৱা বাবে" নামৰ কবিতাটি প্ৰধানতঃ প্ৰেম আৰু বিৰহৰ দ্বন্দ্বই পাঠকক মোহাচ্ছন্ন কৰিব পৰাকৈ সঠিক প্ৰতীকী শব্দ, অলংকাৰ, সঠিক চিত্ৰকল্পৰে নিৰ্মিত এটি উৎকৃষ্ট সৃষ্টি বুলিব পাৰি । ৰূপক অলংকাৰৰ ব্যৱহাৰে কবিতাটি ওপৰলৈ তুলি আনিছে । সৰল ভাষাৰে জটিল অনুভৱক প্ৰকাশ শৈলী শলাগ ল'বলগীয়া। কবিগৰাকীয়ে নিয়মিত সাধনা কৰিলে যে এদিন সৃষ্টিৰ উৰ্বৰ মঞ্চত খোপনি পুতিব পাৰিব সেয়া নিশ্চিত। আগলৈয়ো কবিৰ কাঁপ নিগৰি পৰক শব্দৰ নিজৰা । উত্তৰোত্তৰ কামনা কৰিলোঁ ।

Address

Howli
BAKSA

Website

Alerts

Be the first to know and let us send you an email when মোৰ সৃষ্টিৰ ফচল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category