06/04/2022
আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানত মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু জাগীৰোড ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত মূল্য বৃদ্ধি ওপৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী জাগীৰোড নগৰত পালন কৰা হয়। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মাননীয় মীৰা বৰঠাকুৰ দেৱ, নিখিল মহিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা মিছ চেহনাজ হুছেইন, APCC সাধাৰণ সম্পাদক শ্ৰী স্বপন কুমাৰ মণ্ডল, কামৰুল চৌধুৰী, মৰিগাঁও জিলা কংগ্রেছ কমিটিৰ সভাপতি শ্ৰী বীৰ কুমাৰ কোঁৱৰ, মৰিগাঁও জিলা কংগ্রেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ নেকিবুৰ ৰহমান, মৰিগাঁও জিলা মহিলা কংগ্রেছ কমিটিৰ সভানেত্ৰী শ্বাহনাজ খানম, মৰিগাঁও জিলা কংগ্রেছ কমিটিৰ বিষয় ববীয়া সদস্য সকল উপস্থিত থকাৰ লগতে জাগীৰোড ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী প্ৰনয় বিশ্বাস, মোহন দাস, শ্ৰী মতি মনখুচি মান্তা, ব্লক সংখ্যালঘু বিভাগৰ অধ্যক্ষ হাজী আব্দুল কাদিৰ তথা ব্লক কংগ্ৰেছৰ কমিটীৰ বিষয় ববীয়া আৰু মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি সদস্য সকল উপস্থিত থাকি কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো মৰিগাঁও জিলা কংগ্রেছ কমিটি সংখ্যালঘু বিভাগৰ তৰফৰ পৰা।