AGP JamunamukH

AGP JamunamukH Regional Political Party.

12/05/2026

জয় আই অসম ✊️

সুদূৰ গোলাঘাটৰ এখন দূৰণিবটীয়া গাঁৱৰপৰা তৃতীয়বাৰলৈ অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণলৈ ~ ঈশ্বৰৰ আশিসধন্য এই যাত্ৰা মোৰ বাবে এক সপোন পূৰণৰ অনন্য অনুভূতি। মোৰ এই সমগ্ৰ যাত্ৰাত আশীৰ্বাদ প্ৰদান কৰাৰ বাবে পৰমপিতা পৰমেশ্বৰৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ। অসীম ত্যাগ, মৰম আৰু আদৰ্শেৰে মোক গঢ় দিয়া পৰম পূজনীয় পিতৃদেৱ আৰু মোৰ মাতৃৰ শ্ৰীচৰণতো সেৱা জনাই আশীৰ্বাদ কামনা কৰিছোঁ।

আজি অসম চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এগৰাকী সদস্য হিচাপে শপতগ্ৰহণৰ প্ৰাকমুহূৰ্তত মোৰ অভিভাৱকস্বৰূপ অসমবাসীৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ আৰু জনসেৱাৰ হকে মই গ্ৰহণ কৰা প্ৰতিজ্ঞাক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিম বুলি পুনৰাই প্ৰতিশ্ৰুতি ব্যক্ত কৰিলোঁ। আপোনালোকৰ বিশ্বাস আৰু আশীৰ্বাদে মোক সদায়েই দৃঢ়তা, দায়বদ্ধতা আৰু নিষ্ঠাৰে কৰ্তব্য পালনৰ দিশত উদ্বুদ্ধ কৰি আহিছে।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী Amit Shah ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক প্ৰদান কৰি অহা নিৰন্তৰ মাৰ্গদৰ্শন, বিশ্বাস আৰু আশীৰ্বাদৰ বাবে এই শুভক্ষণত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী Nitin Nabin ডাঙৰীয়া প্ৰমুখ্যে এনডিএ-ৰ নেতৃবৃন্দ তথা উৎসাহী কৰ্মকৰ্তাসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

অসমৰ উন্নয়নমুখী যাত্ৰাত সেৱা আগবঢ়োৱাৰ যি সৌভাগ্য লাভ কৰিছোঁ, সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ আৰু সঁহাৰি সদায়েই আন্তৰিকতাৰে কামনা কৰিলোঁ।

12/05/2026

অসমবাসীৰ আশিস শিৰত লৈ ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা মাননীয় ড° Himanta Biswa Sarma ডাঙৰীয়ালৈ অসম গণ পৰিষদৰ তৰফৰপৰা আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী শ্ৰী Amit Shah ডাঙৰীয়াকে ধৰি এনডিএ-ৰ শীৰ্ষ নেতৃত্বৰ গৌৰৱময় উপস্থিতিত আজি অনুষ্ঠিত এই ঐতিহাসিক শপতগ্ৰহণ অনুষ্ঠানে অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন প্ৰেৰণা আৰু সম্ভাৱনাৰ দুৱাৰ উন্মোচন কৰিলে।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব, দৃঢ় সিদ্ধান্ত আৰু জনমুখী কৰ্মধাৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনক উন্নয়ন আৰু অগ্ৰগতিৰ নতুন শিখৰলৈ আগুৱাই নিব বুলি দৃঢ়বিশ্বাসী। এনডিএ-ৰ দীৰ্ঘদিনীয়া বিশ্বস্ত অংশীদাৰ হিচাপে অসম গণ পৰিষদেও অসমৰ জাতীয় স্বাৰ্থ, জনগণৰ কল্যাণ আৰু ৰাজ্যৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে পূৰ্ণ সহযোগিতা অব্যাহত ৰাখিব। মাননীয় মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে সফল নেতৃত্বৰ বাবে পুনৰবাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

জয় আই অসম

অভিনন্দন...🙏
05/05/2026

অভিনন্দন...🙏

অগপৰ কাৰ্য্যকাৰী সভাপতি মাননিয় কেশৱ মহন্ত ডাঙৰীয়াৰ কলিয়াবৰত বৃহৎ জয় ৷আমাৰ ফালৰপৰা তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ...
04/05/2026

অগপৰ কাৰ্য্যকাৰী সভাপতি মাননিয় কেশৱ মহন্ত ডাঙৰীয়াৰ কলিয়াবৰত বৃহৎ জয় ৷
আমাৰ ফালৰপৰা তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏
জয় আই অসম ৷ আঞ্চলিকতাবাদ জিন্দাবাদ ৷

দলৰ সভাপতি মাননিয় অতুল বৰা ডাঙৰীয়াৰ বৃহৎ জয় ৷ আমাৰ ফালৰপৰা তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏জয় আই অসম ৷ আঞ্চলিকতা...
04/05/2026

দলৰ সভাপতি মাননিয় অতুল বৰা ডাঙৰীয়াৰ বৃহৎ জয় ৷ আমাৰ ফালৰপৰা তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏
জয় আই অসম ৷ আঞ্চলিকতাবাদ জিন্দাবাদ ৷

09/04/2026

বঢ়মপুৰত ৮৩.৪১% ৰে মুঠ ১,৯২,২৩৬ জন ভোটাৰে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ ইয়াৰে ৭২,০০০ মুছলমান ৷ এতিয়া অগপৰ নিজৰ পকেটত থকা ৩০,০০০ ভোটাৰে সমষ্টিটোত ল’ব নিৰ্ণায়ক ভূমিকা 😊

09/04/2026
05/04/2026

আজি দ্বায়িত্বভাৰ গ্ৰহণ কৰা বঢ়মপুৰ সমষ্টিৰ সভাপতি সম্পাদক শ্ৰীযুত ঘনকান্ত বৰদলৈ আৰু শ্ৰীযুত ৰামচন্দ্ৰ বৰাদেবক অভিনন্দন জন...
18/03/2026

আজি দ্বায়িত্বভাৰ গ্ৰহণ কৰা বঢ়মপুৰ সমষ্টিৰ সভাপতি সম্পাদক শ্ৰীযুত ঘনকান্ত বৰদলৈ আৰু শ্ৰীযুত ৰামচন্দ্ৰ বৰাদেবক অভিনন্দন জনালোঁ🙏

টিকট ঘোষণাৰ আগে আগে আজি শপতগ্ৰহণ কৰা বঢ়মপুৰ বিধান পৰিষদৰ নতুন সমিতিখনলৈ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏
18/03/2026

টিকট ঘোষণাৰ আগে আগে আজি শপতগ্ৰহণ কৰা বঢ়মপুৰ বিধান পৰিষদৰ নতুন সমিতিখনলৈ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏

Address

Jamunamukh

Website

Alerts

Be the first to know and let us send you an email when AGP JamunamukH posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share