District Fishery Development Office, Jorhat

District Fishery Development Office, Jorhat Fishery Office Jorhat

Feed and lime distribution (2nd installment) to the beneficiaries of Randhanijan FPG for the year 2022-23.
05/07/2023

Feed and lime distribution (2nd installment) to the beneficiaries of Randhanijan FPG for the year 2022-23.

আজি তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত RIDF - XXVI আচনিৰ অধীনত মীন বিভাগে প্ৰদান কৰা মাছ পৰিবহন কৰা তিনিচকীয়া বাহন তিতাবৰ উ...
20/05/2023

আজি তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত RIDF - XXVI আচনিৰ অধীনত মীন বিভাগে প্ৰদান কৰা মাছ পৰিবহন কৰা তিনিচকীয়া বাহন তিতাবৰ উন্নয়ন খণ্ডৰ দুজন হিতাধিকাৰীক প্ৰদান কৰা হয় । অনুস্থানত তিতাবৰ নিৰ্বাচনী বিষয়া শ্রীমতী অংকিতা দত্ত, যোৰহাট জিলা মীন উন্নয়ন বিষয়া শ্ৰী খনিন্দ্ৰ ভূঞা আৰু তিতাবৰৰ মীন উন্নয়ন বিষয়া শ্ৰী মানস প্ৰতিম গগৈ উপস্থিত থাকে।

আজি ইং ১৯/০৫/২০২৩ তাৰিখ শুক্ৰবাৰে যোৰহাট জিলা মীন উন্নয়ন বিষয়াৰ নেতৃত্বত মীন বিভাগৰ বিষয়া ও কৰ্মচাৰীৰ এটা দলে যোৰহাট ...
19/05/2023

আজি ইং ১৯/০৫/২০২৩ তাৰিখ শুক্ৰবাৰে যোৰহাট জিলা মীন উন্নয়ন বিষয়াৰ নেতৃত্বত মীন বিভাগৰ বিষয়া ও কৰ্মচাৰীৰ এটা দলে যোৰহাট জিলাৰ বহু কেইখন মাছৰ বজাৰ পৰিদৰ্শন কৰে। ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মীন আইন বলবৎ হৈ থকা সময়খিনিত থলুৱা গভিনী মাছ, পোনামাছ আদি যাতে নৈ, বিল, জলাশয় আদিত সম্পূৰ্ণৰূপে ধৰা বন্ধ হয় আৰু এই মাছ যাতে কোনো বজাৰত বিক্ৰী কৰিব নোৱাৰে তাৰবাবে বজাৰ সমূহ পৰিদৰ্শন কৰে। আজি বিভিন্ন মাছৰ বজাৰৰ লগতে মৰিয়নী পাইকাৰী মাছৰ বজাৰ পৰিদৰ্শন কৰি মাছ ব্যৱসায়ী সন্থাৰ লগতে খুচুৰা মাছ বিক্ৰেতা আদিৰ সৈতে সৌহায্যমূলক আলোচনাত মিলিত হয়। উক্ত দলটোৱে লি‌চুবাৰি মাছৰ বজাৰ, চিনামৰা মাছৰ বজাৰ, দেবেৰাপাৰা মাছৰ বজাৰ, টীয়ক মাছৰ বজাৰ আদিত মাছ ব্যৱসায়ী, খুচুৰা মাছ বিক্ৰেতা আদিৰ লগত আলোচনাত মিলিত হয়। জিলা মীন উন্নয়ন বিষয়া মহোদয়ে মীন আইন সফলতাৰে ৰূপায়ন কৰাৰ ক্ষেত্ৰত মাছমৰীয়া আৰু মাছ বিক্ৰেতাসকলক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাই।

05/05/2023
মাছৰ খাদ্য নিৰ্মাণ কৰা কাৰখানাৰ শুভ উদ্বোধনযোৰহাট জিলাখনৰ বিভিন্ন আঁচনি সমূহৰ ক্ষীপ্ৰ ৰূপায়নৰ বাবে জিলা উপায়ুক্ত মহোদয়...
28/04/2023

মাছৰ খাদ্য নিৰ্মাণ কৰা কাৰখানাৰ শুভ উদ্বোধন

যোৰহাট জিলাখনৰ বিভিন্ন আঁচনি সমূহৰ ক্ষীপ্ৰ ৰূপায়নৰ বাবে জিলা উপায়ুক্ত মহোদয়ে গ্ৰহণ কৰা গতিশীল প্ৰদক্ষেপ "মৰমৰ যোৰহাট" ৰ আধাৰত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত মাছৰ সুষম আহাৰ প্ৰস্তুত কৰা কাৰখানাৰ আজি ইং ২৮/০৪/২০২৩ তাৰিখে জিলা উপায়ুক্ত শ্ৰী পুলক মহন্ত মহোদয়ে শুভ উদ্ধোধন কৰে । উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ পুলিবৰ ভাতেমৰা গাওঁৰ নিবাসী শ্ৰী সুস্মিতা ভূঞা বৰাক উক্ত আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছিল। দৈনিক ২.০ মেট্ৰিক টন উৎপাদন ক্ষম মাছৰ দানা প্ৰস্তুত কৰা কাৰখানাটো সৰ্বমুঠ ৩০.০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে । উদ্বোধনী অনুষ্ঠান টোত জিলা মীন উন্নয়ন বিষয়া প্ৰমুখ্যে বিভাগীয় বিষয়া কৰ্মচাৰী সকল, কেইবাগৰাকীও প্ৰগতিশীল মীন পালক আৰু স্থানীয় মীনপালক সকল উপস্থিত থাকে ।
উদ্ধোধনী অনুষ্ঠানত জিলা উপায়ুক্ত মহোদয়ে মীনপালক সকললৈ আহ্বান জনায় যে সচৰাচৰ বাঢ়নক্ষম মাছৰ উপৰিও বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ তথা উচ্চ বজাৰ মূল্যৰ মাছ পালন কৰি অধিক লাভাৱান্বিত হবলৈ অনুপ্ৰেৰণা যোগায় ।
জিলা উপায়ুক্ত মহোদয়ে সমীপৱৰ্তী স্থানত মাছ পুনা উৎপাদন কেন্দ্ৰ (Eco hatchery) পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত উক্ত কেন্দ্ৰত কৃতিম প্ৰজননৰ জৰিয়তে মাছৰ পুনা উৎপাদন কৰি থকা প্ৰত্যক্ষ কৰি যথেষ্ট আপ্লুত হৈ পৰে । তেখেতে উপস্থিত থকা মীনপালক সকলক একাগ্ৰতাৰে মীন পালনত মনোনিবেশ কৰি নিজকে স্বাৱলম্বী কৰাৰ লগতে জিলাখনত মাছ উৎপাদনৰ ক্ষেত্ৰত সবল ভূমিকা গ্ৰহণ কৰি জিলাখনৰ মাছৰ চাহিদা পূৰণ কৰাত গুৰুত্ব আৰোপ কৰে ।

Address

JEC Road, Near Bhogdoi Bridge
Jorhat
785001

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when District Fishery Development Office, Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Fishery Development Office, Jorhat:

Share