Rajabari Yuva Sangha

Rajabari Yuva Sangha *কেৱল ৰাইজৰ স্বাৰ্থত ৰাইজলৈ সেৱা আগবঢ়োৱাই হৈছে আমাৰ মূল লক্ষ্য*

যোৱা ইংৰাজীৰ ২৭/০৭/২০২৫ তাৰিখে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত হোৱা Reseal.in ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় ব্যৱসায় বঁটা ২০...
30/07/2025

যোৱা ইংৰাজীৰ ২৭/০৭/২০২৫ তাৰিখে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত হোৱা Reseal.in ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় ব্যৱসায় বঁটা ২০২৫ ৰ বঁটা প্ৰাপক তাৰিক হুছেইন ডাঙৰীয়াক ৰজাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আজি ইংৰাজীৰ ৩০/০৭/২০২৫ তাৰিখে ৰজাবাৰী যুৱ সংঘৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয় ।

আমাৰ সকলোৰে পৰিচিত ৰজাবাৰী অঞ্চলৰ বাসিন্দা তথা ৰজাবাৰী যুৱ সংঘৰ সন্মানীয় সভাপতি তাৰিক হুছেইন ডাঙৰীয়াক যোৱা কালি ইংৰাজীৰ ...
28/07/2025

আমাৰ সকলোৰে পৰিচিত ৰজাবাৰী অঞ্চলৰ বাসিন্দা তথা ৰজাবাৰী যুৱ সংঘৰ সন্মানীয় সভাপতি তাৰিক হুছেইন ডাঙৰীয়াক যোৱা কালি ইংৰাজীৰ ২৭/০৭/২০২৫ তাৰিখে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত হোৱা Reseal.in ৰ তৰফৰ পৰা অসমৰ গৌৰৱ জুবিন গাৰ্গৰ হাতেৰে ৰাষ্ট্ৰীয় ব্যৱসায় বঁটা ২০২৫ প্ৰদান কৰা হয় । ৰজাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তাৰিক হুছেইন ডাঙৰীয়াক ৰজাবাৰী যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ ।

ধন্যবাদেৰে
ৰজাবাৰী যুৱ সংঘ

13/01/2025

যোৱা কালি ইংৰাজীৰ ১২/০১/২০২৫ তাৰিখ দেওবাৰে ৰজাবাৰী যুৱ সংঘৰ উদ্যোগত ও ডঃ নাজৰীণ বেগম ডাঙৰীয়ানীৰ সহযোগত মাঘ বিহু উপলক্ষে ৰজাবাৰী ৰাজহুৱা খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিনামূলীয়া দন্ত পৰীক্ষা শিবিৰত ৰজাবাৰী তথা যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা অহা ১৫০ জন ব্যক্তিক বিনামূলীয়াকৈ দন্ত পৰীক্ষা কৰাৰ লগতে বহু মূল্যবান ঔষধ বিতৰণ কৰা হয় । ডঃ নাজৰীণ বেগম ডাঙৰীয়ানীয়ে বিনামূলীয়াকৈ এই দন্ত পৰীক্ষা শিবিৰতি অনুষ্ঠিত কৰাত যি সহায়-সহযোগ আগবঢ়ালে তাৰ বাবে তেওঁক ৰজাবাৰী যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

ৰজাবাৰী যুৱ সংঘৰ উদ্যোগতবিনামূলীয়া দন্ত পৰীক্ষা শিবিৰডঃ  নাজৰীণ বেগৰদিনাংক : ১২/০১/২০২৫ (দেওবাৰে)সময় :  দিনৰ ১১.০০ বজাৰ ...
26/12/2024

ৰজাবাৰী যুৱ সংঘৰ উদ্যোগত
বিনামূলীয়া দন্ত পৰীক্ষা শিবিৰ
ডঃ নাজৰীণ বেগৰ
দিনাংক : ১২/০১/২০২৫ (দেওবাৰে)
সময় : দিনৰ ১১.০০ বজাৰ পৰা
স্থান : ৰজাবাৰী ৰাজহুৱা খেলপথাৰ
সমূহ ৰাইজৰ উপস্থিতি তথা দিশা-পৰামৰ্শ একান্তই কামনা কৰিলোঁ ।

যোৱা ইংৰাজীৰ ২৬/০৫/২০২৪ তাৰিখ দেওবাৰে ৰজাবাৰী যুৱ সংঘৰ উদ্যোগত ২য় বাৰৰ বাবে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্...
28/05/2024

যোৱা ইংৰাজীৰ ২৬/০৫/২০২৪ তাৰিখ দেওবাৰে ৰজাবাৰী যুৱ সংঘৰ উদ্যোগত ২য় বাৰৰ বাবে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৰজাবাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰজাবাৰী যুৱ সংঘই অনুষ্ঠিত কৰা ২০২২ আৰু২০২৩ বৰ্ষৰ ৰক্তদান শিবিৰত ৰক্তদান কৰা ৰক্তদাতা সকলক সম্বৰ্ধনা জনোৱা হয় ।

(০১) ৩৯ জন ৰক্তদাতাৰ মাজত প্রশংসা পত্ৰ বিতৰণ কৰা হয় ।

(০২) ০৭ গৰাকী ছাত্ৰ-ছাত্ৰীক হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন পত্ৰ বিতৰণ কৰা হয় ।

(০৩) ০৯ গৰাকী ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন পত্ৰ বিতৰণ কৰা হয় ।

(০৪) ৰজাবাৰী অঞ্চলৰ পৰা যোৰহাট কৱস্থানলৈ এম্বুলেঞ্চৰে জানাজা নিয়াৰবাবে মুকিবুদ্দিন আহমেদ ডাঙৰীয়াই আগবঢ়োৱা সেৱাৰ বাবে তেওঁক প্ৰশংসা পত্ৰ প্ৰদান কৰা হৈছে ।

আজি ইংৰাজী ১১/০৯/২০২২ তাৰিখ দেওবাৰে  ৰজাবাৰী মছজিদ যুৱ সংঘৰ উদ্যোগত  ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা বৰ নামঘৰলৈ অসমৰ বিভিন্ন ...
11/09/2022

আজি ইংৰাজী ১১/০৯/২০২২ তাৰিখ দেওবাৰে ৰজাবাৰী মছজিদ যুৱ সংঘৰ উদ্যোগত ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা বৰ নামঘৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক বিশুদ্ধ খোৱা পানী আৰু শিতল ফলৰ ৰস বিতৰণ কৰা হয় । উক্ত কাৰ্যসূচীটি সাফল্যমণ্ডিত কৰাত ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিয়ে আমাক যি সহায় সহযোগিতা আগবঢ়ালে তাৰবাবে তেওঁলোকক ৰজাবাৰী মছজিদ যুৱ সংঘৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ।



ইতি
সভাপতি/সম্পাদক
ৰ:ম:যু:স:

ৰজাবাৰী মছজিদ পৰিচালনা সমিতিৰ  উদ্যোগত ৭৬তম স্বাধীনতা দিৱস উদযাপন ।
16/08/2022

ৰজাবাৰী মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত ৭৬তম স্বাধীনতা দিৱস উদযাপন ।

ঈদ উপলক্ষে ৰজাবাৰী মছজিদ যুৱ সংঘৰ উদ্যোগত ৰাইজৰ মাজত চৰবত বিলোৱাৰ কিছু মুহূৰ্তৰ আলোকচিত্ৰ ।                        *_ঈদ ...
10/07/2022

ঈদ উপলক্ষে ৰজাবাৰী মছজিদ যুৱ সংঘৰ উদ্যোগত ৰাইজৰ মাজত চৰবত বিলোৱাৰ কিছু মুহূৰ্তৰ আলোকচিত্ৰ ।


*_ঈদ মুবাৰাক_*

যোৱা ইংৰাজী ১৯/০৬/২০২২ তাৰিখ দেওবাৰে ৰজাবাৰী মছজিদ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত ৰক্তদান শিবিৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বি...
22/06/2022

যোৱা ইংৰাজী ১৯/০৬/২০২২ তাৰিখ দেওবাৰে ৰজাবাৰী মছজিদ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত ৰক্তদান শিবিৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সহযোগিতাত শিবিৰটি সাফল্যমণ্ডিত কৰা প্ৰত্যেকজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমাৰ এই নতুন যাত্ৰাত অংশীদাৰ হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ।

সকলোৰে সহযোগিতা কামনা কৰিলোঁ ।
16/06/2022

সকলোৰে সহযোগিতা কামনা কৰিলোঁ ।

Address

Rajabari
Jorhat
785014

Website

Alerts

Be the first to know and let us send you an email when Rajabari Yuva Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category