29/03/2025
যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত নাৰী সবলীকৰণৰ হকে "Empowering Young Minds: Essay Competition for Girls" প্ৰতিযোগিতাৰ আয়োজন কৰি কন্যা শিক্ষাৰ্থীৰ মাজত সৃষ্টিশীলতাক উৎসাহিত কৰাৰ লগতে নাৰীয়ে সবলভাৱে আগুৱাই যাবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপৰ বাবে শলাগ লৈছে৷ এই প্ৰতিযোগিতা ১৪-১৮ বছৰ আৰু ১৯-২৫ বছৰ বয়সৰ বাবে মুকলি থাকিব৷ অংশগ্ৰহণকাৰীসকলে "এদিন জিলা আয়ুক্ত হিচাপে" বিষয়ত ৫০০-৭৫০ শব্দৰ মৌলিক ৰচনা ইংৰাজী বা অসমীয়াত লিখিব লাগিব। ১৬ এপ্ৰিলৰ ভিতৰত অনলাইন বা অফলাইনত জমা দিব পাৰিব এই লেখা৷ ১৯ মে’ ২০২৫ত ফলাফল ঘোষণা কৰা হ’ব৷ অংশগ্ৰহণকাৰী যোৰহাট জিলাৰ হ'ব লাগিব আৰু বয়সৰ প্ৰমাণ পত্ৰ দিব লাগিব। বিতং জানিবলৈ তলৰ বিজ্ঞাপনৰ QR code scan কৰিলে বিশদভাৱে জানিব পাৰিব৷
Dear young minds of Jorhat,
SANKALP: HUB for Empowerment of Women, under the Department of Women and Child Development, Jorhat, is organising "Empowering Young Minds: Essay Competition for Girls" under the scheme. Open to girls aged 14-25, the competition invites original essays (500-750 words) on "One Day as District Commissioner" in English or Assamese. Winners will receive trophies, certificates, and a rare opportunity to serve as DC or ADC for a day.
District Administration, Jorhat