District Agriculture Office, Jorhat

District Agriculture Office, Jorhat District Agriculture Office,
Jorhat

যোৰহাট জিলা কৃষি বিভাগৰ এলেংমৰা কৃষি চক্ৰৰ ৩৯ নং উত্তৰ বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বানপীড়িত কৃষকসকলৰ মাজ...
28/08/2026

যোৰহাট জিলা কৃষি বিভাগৰ এলেংমৰা কৃষি চক্ৰৰ ৩৯ নং উত্তৰ বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বানপীড়িত কৃষকসকলৰ মাজত কৃষি বিভাগৰদ্বাৰা স্থাপন কৰা 'সামূহিক নাৰ্চাৰী'ত উৎপাদিত ধানৰ কঠীয়া বিতৰণ কৰা হয়। উন্নতমানৰ ধানৰ কঠীয়া বিতৰণে বানপীড়িত কৃষকসকলক যথেষ্ট সহায় কৰাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৃষিকাৰ্য পুনৰ স্বাভাৱিক কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Pijush Hazarika
Department of Agriculture, Assam
District Administration, Jorhat
DIPRO Jorhat Deputy Commissioner Jorhat
District Agriculture Office, Jorhat

28/08/2026

ড্ৰাম ছীডাৰে সলনি কৰিব ধান খেতিৰ পৰম্পৰাগত পদ্ধতি
ঘৰফলীয়াত কৃষকক 'প্ৰত্যক্ষ বীজ সিঁচা ধান' DSR পদ্ধতিৰ ব্যৱহাৰিক প্ৰশিক্ষণ

Pijush Hazarika




#অংকুৰিতঅসম #যোৰহাট #চেলেংহাট #চিন্তামণিগড় #ঘৰফলীয়া #প্ৰত্যক্ষবীজসিঁচাধান #আধুনিককৃষি #বৈজ্ঞানিককৃষি #ধানখেতি #কৃষিপ্ৰযুক্তি #কৃষক #কৃষিউন্নয়ন #কৃষকৰস্বাৱলম্বিতা #ব্যয়সাপেক্ষকৃষি

যোৰহাট জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ যৌথ উদ্যোগত আজি চেলেংহাট কৃষি চক্ৰৰ চিন্তামণিগড় গাঁও পঞ্চায়তৰ...
27/08/2026

যোৰহাট জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ যৌথ উদ্যোগত আজি চেলেংহাট কৃষি চক্ৰৰ চিন্তামণিগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘৰফলীয়া গাঁৱত 'প্ৰত্যক্ষ বীজ সিঁচা ধান' (Direct Seeded Rice—DSR) পদ্ধতিৰ এক ব্যৱহাৰিক প্ৰদৰ্শন অনুষ্ঠিত হয়।

কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড° সঞ্জয় বৰঠাকুৰে ড্ৰাম ছীডাৰৰ জৰিয়তে পোনপটীয়াকৈ ধানৰ বীজ সিঁচাৰ পদ্ধতি প্ৰদৰ্শন কৰি কৃষকসকলক আধুনিক, দক্ষ আৰু ব্যয়-সাপেক্ষ ধান খেতিৰ পদ্ধতি সম্পৰ্কে ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে।

Pijush Hazarika
Department of Agriculture, Assam
DIPRO Jorhat Deputy Commissioner Jorhat
District Administration, Jorhat
Krishi Vigyan Kendra Jorhat
Krishi Vigyan Kendra, Jorhat

যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকসকলৰ সুবিধাৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে সাৰ ক্ৰয়ৰ এক সহজ, স্বচ্ছ আৰু সুসংগঠিত ব্যৱস্...
27/08/2026

যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকসকলৰ সুবিধাৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে সাৰ ক্ৰয়ৰ এক সহজ, স্বচ্ছ আৰু সুসংগঠিত ব্যৱস্থা মুকলি কৰা হৈছে। আজিৰপৰা যোৰহাট জিলাৰ কৃষি চক্ৰসমূহত এই ডিজিটেল সাৰ ক্ৰয় ব্যৱস্থা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে।

এই ব্যৱস্থাৰ জৰিয়তে কৃষকসকলে দীঘলীয়া শাৰীত থিয় নোহোৱাকৈ নিজৰ প্ৰয়োজন অনুসৰি ইউৰিয়া, ডি.এ.পি., এন.পি.কে. আদি সাৰ ক্ৰয় কৰিব পাৰিব। ইয়াৰ বাবে কৃষকজনৰ আধাৰ OTP, e-KYC, কৃষক আই ডি (Farmer ID) বা ভূমিৰ তথ্য থকাটো অতি জৰুৰী। তাৰ পিছত নিজৰ শস্য অনুসৰি প্ৰয়োজনীয় সাৰ আৰু পৰিমাণ বাচনি কৰি স্থানীয় অনুমোদিত সাৰ বিক্ৰেতাৰ দোকান নিৰ্বাচন কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত লাভ কৰা QR Code বা Token Number দেখুৱাই নিৰ্ধাৰিত দোকানৰ পৰা সাৰ সংগ্ৰহ কৰিব পাৰিব। কৃষকজন নিজে উপস্থিত থাকিব নোৱাৰিলে আধাৰ বা OTP-ৰ সহায়ত পৰিয়ালৰ সদস্য বা অনুমোদিত ব্যক্তিয়েও সাৰ সংগ্ৰহ কৰিব পাৰিব। কৃষক আই ডি নথকা চুক্তিবদ্ধ বা অংশীদাৰী কৃষকসকলেও ভূমিৰ তথ্য প্ৰদান কৰি এই সুবিধা লাভ কৰিব পাৰিব।

অধিক সহায়ৰ বাবে কৃষক কল চেণ্টাৰৰ ট'ল-ফ্ৰী নম্বৰ ১৮০০-১৮০-১৫৫১-ত যোগাযোগ কৰিব পাৰিব।
ডিজিটেল ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰি সহজ, স্বচ্ছ আৰু সুশৃংখলভাৱে সাৰ ক্ৰয় কৰিবলৈ যোৰহাট জিলাৰ কৃষকসকলক আহ্বান জনোৱা হৈছে।

আজি যোৰহাট জিলাৰ বিভিন্ন কৃষি চক্ৰসমূহত ডিজিটেল সাৰ ক্ৰয় ব্যৱস্থা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা অনুষ্ঠানৰ কিছু দৃশ্য সংলগ্ন কৰা হ'ল।

Pijush Hazarika
Department of Agriculture, Assam
District Administration, Jorhat
Deputy Commissioner Jorhat
DIPRO Jorhat District Agriculture Office, Jorhat

26/08/2026

⏺ বাঘছুং কৃষি চক্ৰৰ বানপীড়িত কৃষকলৈ উন্নতমানৰ কঠিয়া বিতৰণ
⏺ পুনৰ খেতি আৰম্ভৰ লক্ষ্যৰে যোৰহাট জিলা কৃষি বিভাগৰ বিশেষ পদক্ষেপ

#অংকুৰিতঅসম

কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠানৰ সফল সামৰণিযোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA...
26/08/2026

কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠানৰ সফল সামৰণি

যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)-ৰ অধীনত এদিনীয়া কাৰ্যসূচীৰে আজি ২৬-০৮-২০২৬ তাৰিখে আয়োজিত 'কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠান'ৰ সফল সামৰণি পৰে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডৰ অধীনৰ কৃষকসকলে অংশগ্ৰহণ কৰে।

জিলা কৃষি বিষয়া ৰুবুল বৰগোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত 'কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠান'ত কলিয়াপানীস্থিত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড° সঞ্জয় বৰঠাকুৰ, জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ড° ৰিপুঞ্জয় চক্ৰৱৰ্তী আৰু মীন উন্নয়ন বিষয়া শিল্পীশিখা ডেকা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সমল ব্যক্তিসকলে কৃষকসকলক কৃষি, পশুপালন আৰু মীনপালন খণ্ডৰ বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু তথ্য প্ৰদান কৰে।

অনুষ্ঠানটিত কৃষকসকলক আধুনিক কৃষি প্ৰযুক্তি গ্ৰহণ, বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য সম্পাদন, উৎপাদনশীলতা বৃদ্ধি আৰু কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজনৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ উৎসাহিত কৰা হয়। লগতে কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানসমূহ সমল ব্যক্তিসকলৰ সৈতে আলোচনা কৰি তাৰ সম্ভাব্য সমাধানৰ বিষয়েও মত বিনিময় কৰে।

অনুষ্ঠানত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)-ৰ উপ-প্ৰকল্প সঞ্চালক তথা মহকুমা কৃষি বিষয়া বিশ্বজিৎ দাস, উপ-প্ৰকল্প পৰিচালক অৰুণ জ্যোতি ছেত্ৰী, কৃষি উন্নয়ন বিষয়াসকল, ATMA-ৰ BTM আৰু ATM সকলৰ লগতে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Pijush Hazarika
District Administration, Jorhat
Department of Agriculture, Assam
Deputy Commissioner Jorhat
DIPRO Jorhat District Agriculture Office, Jorhat

যোৰহাট জিলা কৃষি বিভাগৰ বাঘছুং কৃষি চক্ৰৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ সুবিধাৰ্থে উন্নত মানৰ বীজ যোগান ধৰি বি...
25/08/2026

যোৰহাট জিলা কৃষি বিভাগৰ বাঘছুং কৃষি চক্ৰৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ সুবিধাৰ্থে উন্নত মানৰ বীজ যোগান ধৰি বিতৰণৰ ব্যৱস্থা কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে বানপীড়িত কৃষকসকলক পুনৰ খেতি আৰম্ভ কৰাত সহায় কৰাৰ লগতে কৃষিকাৰ্য স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে বিভাগটোৱে পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলৰ মাজত কঠিয়া বিতৰণ কৰাৰ কিছু দৃশ্য।

Pijush Hazarika
Department of Agriculture, Assam
Deputy Commissioner Jorhat
DIPRO Jorhat District Administration, Jorhat

ডিজিটেল শস্য জৰীপ, খাৰিফ-২০২৬কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি কৃষিভূমিৰ তথ্য ডিজিটেলভাৱে সংগ্ৰহৰ উদ্দেশ্যে আৰম্ভ হোৱা 'ড...
25/08/2026

ডিজিটেল শস্য জৰীপ, খাৰিফ-২০২৬

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি কৃষিভূমিৰ তথ্য ডিজিটেলভাৱে সংগ্ৰহৰ উদ্দেশ্যে আৰম্ভ হোৱা 'ডিজিটেল শস্য জৰীপ, খাৰিফ-২০২৬' যোৰহাট জিলাতো জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আৰম্ভ হৈছে।

এই উপলক্ষ্যে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ সকলো উন্নয়ন খণ্ডতে ৰাজহ চক্ৰ পৰ্যায়ৰ জৰীপকাৰী, তত্ত্বাৱধায়ক আৰু পৰীক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণত Agristack এপৰ জৰিয়তে ডিজিটেলভাৱে শস্যৰ তথ্য সংগ্ৰহ, তথ্য সংৰক্ষণ, জৰীপৰ পদ্ধতিৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয়।

ডিজিটেল শস্য জৰীপৰ জৰিয়তে শস্য উৎপাদনৰ সঠিক তথ্য লাভ, কৃষি পৰিকল্পনা আৰু নীতি প্ৰস্তুতকৰণ, জলসিঞ্চন তথা শস্য উৎপাদন সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ লগতে PM-KISAN, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদি আঁচনিৰ সফল ৰূপায়ণত সহায় লাভ কৰিব।

কৃষকৰ সামগ্ৰিক কল্যাণ আৰু কৃষিখণ্ডৰ উন্নত পৰিকল্পনাৰ ক্ষেত্ৰত এই ডিজিটেল ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেয়েহে, জিলাখনত জৰীপ কাৰ্যসূচী সুকলমে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগে সকলো জনসাধাৰণৰ সহযোগিতা আশা কৰিছে।

জিলাখনত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ কিছু স্থিৰচিত্ৰ সংলগ্ন কৰা হ’ল।

Pijush Hazarika
Department of Agriculture, Assam
District Administration, Jorhat
DIPRO Jorhat
District Agriculture Office, Jorhat

25/08/2026

যোৰহাটত কৃষি বিভাগৰ উদ্যোগত কৃষকৰ মাজত বিতৰণ কমিউনিটি নাৰ্ছাৰীৰ কঠীয়া

#অংকুৰিতঅসম

25/08/2026

Address

District Agriculture Office
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Agriculture Office, Jorhat:

Shortcuts

Share