District Administration, Jorhat

District Administration, Jorhat Official Page of Jorhat District Administration

05/08/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৪৫২খন শিক্ষানুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ আবেদনপত্ৰ বিতৰণ পদক্ষেপৰ শুভাৰম্ভ কৰিব আৰু লগতে শিক্ষাৰ্থীসকলে অধ্যয়নৰ সামগ্ৰী ক্ৰয় কৰিব পৰাকৈ শিক্ষাৰ্থী সহায়ক প্ৰয়াস (SSP)ৰো শুভাৰম্ভ কৰিব। এই পদক্ষেপে অসমত উচ্চ শিক্ষা অধিক সহজলভ্য আৰু অন্তৰ্ভুক্তিমূলক কৰি তোলাৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা কৰিব।

6 August marks another step towards making higher education more accessible in Assam.

HCM Dr. Himanta Biswa Sarma will launch the distribution of application forms for Mukhya Mantrir Nijut Moina Aasoni and Mukhya Mantrir Nijut Babu Aasoni across 452 institutions, alongside Shikhyarthee Sahayak Prayas (SSP) to help students purchase study materials.

05/08/2026
আজি যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই টিয়ক, বৈচাহাবী আৰু চেলেং চাহ বাগিছাৰ বানপীড়িত অঞ্চল প...
05/08/2026

আজি যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়াই টিয়ক, বৈচাহাবী আৰু চেলেং চাহ বাগিছাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু কিছু সাহায্য সামগ্ৰী প্ৰদান কৰে। তেখেতৰ এই পৰিদৰ্শন সময়ছোৱাত অসমৰ উপ শ্ৰম আয়ুক্ত শ্ৰী কনপাই দাস, সহকাৰী শ্ৰম আয়ুক্ত, যোৰহাট শ্ৰীমতী ৰূপালী পেগু আৰু শ্ৰম পৰিদৰ্শক অংকিত শইকীয়া উপস্থিত থাকে।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

05/08/2026

যোৰহাট জিলাৰ প্লাবিত অঞ্চলসমূহত ক্ষিপ্ৰতাৰে চলিছে বীজাণুমুক্তকৰণ অভিযান:

যোৰহাট জিলাৰ বানপীড়িত অঞ্চলসমূহত ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ব্যাপক হাৰত বীজাণুমুক্তকৰণ প্ৰক্ৰিয়া চলাই থকা হৈছে। জিলাখনৰ ঘৰফলীয়া গাঁও, লাহন গাঁও, ১ নং ভালুকমৰা আৰু টীয়ক চাহ বাগিচা আদিকে ধৰি কেইবাটাও বানপ্ৰভাৱিত এলেকাত এই কাৰ্যসূচী সক্ৰিয়ভাৱে ৰূপায়ণ কৰা হৈছে।

উক্ত বীজাণুমুক্তকৰণ অভিযানৰ কিছু বিশেষ দৃশ্যাংশ :

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

বান-পৰৱৰ্তী সময়ত সৃষ্টি হ'ব পৰা বিভিন্ন ৰোগ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আজি টীয়ক চাহ বাগিচাৰ চিকিৎসালয় আৰু টীয়ক ...
05/08/2026

বান-পৰৱৰ্তী সময়ত সৃষ্টি হ'ব পৰা বিভিন্ন ৰোগ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আজি টীয়ক চাহ বাগিচাৰ চিকিৎসালয় আৰু টীয়ক চাহ বাগিচা নিম্ন প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰসমূহত ফগিং (Fogging) কৰা হয়।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

যোৰহাট  জলসম্পদ  সংমণ্ডলৰ অধীনত মথাউৰি মেৰামতিৰ কাৰ্যসূচীৰ শেহতীয়া স্থিতি:জাঁজী মথাউৰিৰ ধনতোলাত চতুৰ্থটো জিঅ’ টিউব (Geo ...
05/08/2026

যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনত মথাউৰি মেৰামতিৰ কাৰ্যসূচীৰ শেহতীয়া স্থিতি:

জাঁজী মথাউৰিৰ ধনতোলাত চতুৰ্থটো জিঅ’ টিউব (Geo tube) স্থাপনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, য’ত বৰ্তমানলৈকে মুঠ ভৌতিক অগ্ৰগতি ৬৫ শতাংশ হৈছে। আনহাতে চৰাইপানী মথাউৰিৰ অন্তৰ্গত হল'গুৰিত দ্বিতীয়টো জিঅ’ টিউব বহুওৱাৰ কাম চলি থকাৰ সমান্তৰালভাৱে 'টাইপ-এ' আৰু 'টাইপ-বি' জিঅ’ বেগ স্থাপন কৰাৰ কামো আগবঢ়াই নিয়া হৈছে আৰু এই স্থানত কামৰ মুঠ অগ্ৰগতি ৭৫ শতাংশলৈ বৃদ্ধি পাইছে।

ভোগদৈ নদীৰ সোঁপাৰৰ পহুৰমৰাত চতুৰ্থটো জিঅ’ টিউব প্ৰতিস্থাপনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। যদিও ভোগদৈ নদীৰ পানীৰ স্তৰে বিপদসীমা অতিক্ৰম কৰিছে, তথাপিও কফাৰ বান্ধৰ (Coffer dam) ভিতৰত 'টাইপ-বি' জিঅ’ বেগ পেলোৱাৰ কাম অবিৰতভাৱে চলাই থকা হৈছে আৰু ইয়াত বৰ্তমানলৈকে ৪৫ শতাংশ কাম সম্পূৰ্ণ হৈছে। ইফালে কলাইচুকত 'টাইপ-বি' জিঅ’ বেগ পেলোৱাৰ কামেৰে ৮০ শতাংশ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে, শ’লমৰাত প্ৰাথমিক ভেটি প্ৰস্তুতিৰ পিছত চতুৰ্থটো জিঅ’ টিউব বহুওৱাৰ কাম চলি আছে আৰু ইয়াৰ অগ্ৰগতি ৭৫ শতাংশ হৈছেগৈ। মজিয়াভেটিত ভেটি নিৰ্মাণৰ বাবে 'টাইপ-বি' জিঅ’ বেগ পেলোৱাৰ কাম অব্যাহত আছে, যাৰ মুঠ অগ্ৰগতি বৰ্তমান ৩৫ শতাংশ।

পূৰ্বে প্ৰকাশ কৰা অনুসৰি, কাকডোঙা মথাউৰিৰ ছিগা অংশ জিঅ’ টিউব প্ৰতিস্থাপনৰ জৰিয়তে ইতিমধ্যে সফলতাৰে বন্ধ কৰা হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ মণ্ডল গাঁৱৰ ছিগা অংশত প্ৰথমতে 'টাইপ-বি' জিঅ’ বেগ আৰু পৰৱৰ্তী সময়ত মাটিৰ কামৰ জৰিয়তে পুনৰুদ্ধাৰ কৰা হৈছে।

প্ৰতিকূল বতৰ আৰু নদীসমূহৰ উচ্চ পানীৰ স্তৰ সত্ত্বেও যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ সকলোবোৰ গুৰুত্বপূৰ্ণ স্থানতে মথাউৰি পুনৰুদ্ধাৰ তথা সুৰক্ষাৰ কাম পূৰ্ণগতিত চলি আছে। বাকী থকা কামসমূহ যিমান সোনকালে পৰা যায় সম্পূৰ্ণ কৰি তুলিবলৈ সংমণ্ডলে পৰ্যাপ্ত শ্ৰমিক, যন্ত্ৰপাতি আৰু প্ৰয়োজনীয় সামগ্ৰী নিয়োজিত কৰি সামূহিক প্ৰচেষ্টা অব্যাহত ৰাখিছে।

CMO Assam
National Disaster Management Authority, India
Directorate of Information and Public Relations, Assam
Assam State Disaster Management Authority-ASDMA
DIPRO Jorhat

আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত টীয়ক বাগান প্ৰাথমিক বিদ্যালয় আশ্ৰয় শিবিৰত শিবিৰাৰ্থীসকলৰ মাজত খোৱাপানীৰ বটল বিত...
05/08/2026

আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত টীয়ক বাগান প্ৰাথমিক বিদ্যালয় আশ্ৰয় শিবিৰত শিবিৰাৰ্থীসকলৰ মাজত খোৱাপানীৰ বটল বিতৰণ আৰু ব্যক্তিগত স্বচ্ছতা তথা স্বাস্থ্য সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এক কাৰ্যসূচী হাতত লোৱা হয়।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

বাঘচুং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (Baghchung BPHC) উদ্যোগত বিশেষ সজাগতামূলক কাৰ্যসূচীৰে 'বিশ্ব মাতৃদুগ্ধ পান সপ্তা...
05/08/2026

বাঘচুং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (Baghchung BPHC) উদ্যোগত বিশেষ সজাগতামূলক কাৰ্যসূচীৰে 'বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ' (World Breastfeeding Week) আদি সফলতাৰে পালন কৰা হয়। এই উপলক্ষে স্বাস্থ্য কেন্দ্ৰটোৰ অধীনস্থ অঞ্চলসমূহৰ গৰ্ভৱতী আৰু মাতৃসকলৰ লগতে আশা (ASHA) আৰু অংগনৱাডী কৰ্মীসকলৰ উপস্থিতিত এক বিশেষ সচেতনতামূলক সভা অনুষ্ঠিত হয়।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকাভূক্তিকৰণ আৰু গৃহ লোকপিয়ল উপলক্ষে যোৰহাট পৌৰসভা, তিতাবৰ পৌৰসভা আৰু তিতাবৰ ৰা...
05/08/2026

২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকাভূক্তিকৰণ আৰু গৃহ লোকপিয়ল উপলক্ষে যোৰহাট পৌৰসভা, তিতাবৰ পৌৰসভা আৰু তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গণনা কৰোঁতা আৰু পৰিদৰ্শকসকলৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰসমূহত অনুষ্ঠিত গুৰুত্বপূৰ্ণ তিনিদিনীয়া প্ৰশিক্ষণৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আজি সফলতাৰে সম্পন্ন হয়।

প্ৰশিক্ষণত গণনা কৰোঁতা আৰু পৰিদৰ্শকসকলক লোকপিয়লৰ বিভিন্ন কাৰিকৰী, নীতিগত আৰু কাৰ্যপদ্ধতিৰ দিশসমূহৰ ওপৰত বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হয়। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত দ্যোতিভা বৰা, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া জ্যোতিকণা চেতিয়া আৰু ক্ষেত্ৰ প্ৰশিক্ষকসকল উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে।

CMO Assam
Census India 2027
Directorate of Information and Public Relations, Assam
Census Operations Assam
DIPRO Jorhat

Address

A. T. Road
Jorhat
785001

Alerts

Be the first to know and let us send you an email when District Administration, Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share