27/08/2026
নেপালত আকস্মিকভাৱে সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰা অসমৰ নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি আমি সম্পূৰ্ণৰূপে উদ্বিগ্ন আৰু তেওঁলোকৰ নিৰাপত্তাৰ বাবে আমি সচেতন। এই কঠিন সময়ত তেওঁলোকক প্ৰয়োজনীয় সহায় তথা সেৱা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ নতুন দিল্লীস্থিত অসম ভৱনৰ জৰিয়তে ২৪ ঘণ্টাই কাৰ্যক্ষম হেল্পলাইন সেৱা মুকলি কৰা হৈছে। জৰুৰীকালীন সাহায্য, তথ্য বা যিকোনো সহযোগিতাৰ প্ৰয়োজন হ’লে সংলগ্ন নথিত উল্লেখ কৰা নম্বৰসমূহত যোগাযোগ কৰিবলৈ আহ্বান জনালোঁ।