Amrit Beck

Amrit Beck Executive Member ( Education Department)
Adivasi Welfare & Development Council, (AWDC) Govt. of Assam

09/08/2026
यह दिन दुनिया भर के आदिवासी समुदायों की पहचान, संस्कृति, भाषा, परंपरा और अधिकारों के सम्मान और संरक्षण के लिए समर्पित है...
09/08/2026

यह दिन दुनिया भर के आदिवासी समुदायों की पहचान, संस्कृति, भाषा, परंपरा और अधिकारों के सम्मान और संरक्षण के लिए समर्पित है।

इस दिन का मुख्य उद्देश्य आदिवासी समुदायों के सामने मौजूद सामाजिक, आर्थिक और शैक्षणिक चुनौतियों के प्रति जागरूकता बढ़ाना और उनके अधिकारों की आवाज़ को मजबूत करना है।

यह दिन हमें याद दिलाता है कि आदिवासी समाज की संस्कृति और परंपराएँ हमारी साझा विरासत का महत्वपूर्ण हिस्सा हैं। उनकी भाषा, लोककला, ज्ञान और प्रकृति के साथ उनका पारंपरिक संबंध आने वाली पीढ़ियों तक सुरक्षित रहना चाहिए।

विश्व आदिवासी दिवस केवल उत्सव का दिन नहीं, बल्कि सम्मान, अधिकार, समानता और अपनी पहचान पर गर्व करने का दिन है।

31/07/2026

NEET আৰু ADRE coaching class চলি থকা সময়ত ছাত্ৰ ছাত্ৰী সকলৰ খা খৱৰ লোৱা মুহূৰ্ত,,,

আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদৰ তৰফৰ পৰা বৰ্তমান বানপানীৰ কাৰণে অতি কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে চৰাইদেউ, শিৱসাগৰ আৰু...
29/07/2026

আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদৰ তৰফৰ পৰা বৰ্তমান বানপানীৰ কাৰণে অতি কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বহু পৰিয়াল।

এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদৰ ১৬ সদস্য তৰফৰ পৰা এমাহৰ দৰমাহ ৫লাখ ৫৫হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ল।

আহক, সকলোৱে একেলগে এই দুৰ্যোগক অতিক্ৰম কৰোঁ। প্ৰয়োজনৰ সময়ত মানৱতাইয়ে আটাইতকৈ ডাঙৰ ধৰ্ম।

কেইবা দশক পূৰ্বে আমাৰ খাটি-খোৱা, সহজ-সৰল অসমৰ আদিবাসী জনগোষ্ঠীটোক  "কুলি জাতি, বঙাল জাতি, লেবাৰ জাতি, মজদুৰ জাতি"  আদি অ...
13/07/2026

কেইবা দশক পূৰ্বে আমাৰ খাটি-খোৱা, সহজ-সৰল অসমৰ আদিবাসী জনগোষ্ঠীটোক
"কুলি জাতি, বঙাল জাতি, লেবাৰ জাতি, মজদুৰ জাতি"
আদি অপমানজনক নামেৰে মতা হৈছিল।

কিন্তু আমাৰ মানুহে কেতিয়াও সেই অপমান আঁকোৱালি লোৱা নাছিল আৰু ল'বও নোৱাৰে।

এই বিশৃঙ্খল জনগোষ্ঠীটোক একত্ৰিত কৰি, এটা উচিত আৰু সাংবিধানিক পৰিচয় দিবলৈ আগবাঢ়ি আহিছিল এজন মহান ব্যক্তি।
যাক আজি আমি সকলোৱে "জাতিৰ পিতা" বুলি কওঁ।

তেখেত আৰু কোনো নহয় -
আদিবাসী ছাত্ৰ সংস্থা, আছা ৰ প্ৰতিষ্ঠাপক সভাপতি
স্বৰ্গীয় জাষ্টিন লাক্ৰা দেৱ।

১৯৯৬ চনত তেখেতৰ সৱল নেতৃত্বত গঠন হোৱা AASAA য়ে
সমগ্ৰ আদিবাসী সমাজক জগাই তুলিলে, একগোট কৰিলে।
তেখেত আৰু সমাজৰ গণ্য-মান্য ব্যক্তিৰ ত্যাগৰ ফলতেই
আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ - মই আদিবাসী।

আজি আছা ৰ জন্মদাতা স্বৰ্গীয় জাষ্টিন লাক্ৰা দেৱৰ পুণ্য তিথি।
তেখেতৰ মহান আত্মালৈ জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি 🙏
জয় আদিবাসী।
জয় AASAA।
Amrit Beck

💐 অভিনন্দন! 💐“Adivasi Welfare and Development Council, Govt. of Assam”-ৰ উদ্যোগত অনুষ্ঠিত ADRE & Banking Free Coaching P...
03/07/2026

💐 অভিনন্দন! 💐

“Adivasi Welfare and Development Council, Govt. of Assam”-ৰ উদ্যোগত অনুষ্ঠিত ADRE & Banking Free Coaching Programme-ৰ বাবে ২৮ জুন ২০২৬ তাৰিখে অনুষ্ঠিত হোৱা Entrance Test-ৰ ফলাফল ঘোষণা কৰা হৈছে।

মেধা আৰু পৰীক্ষাত প্ৰদৰ্শন কৰা নৈপুণ্যৰ ভিত্তিত Online Coaching Programme-ৰ বাবে ১৩১ গৰাকী প্ৰাৰ্থীক চূড়ান্তভাৱে নিৰ্বাচন কৰা হৈছে।

নিৰ্বাচিত হোৱা সকলো প্ৰাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ। এই সফলতা আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ খোজ। নিষ্ঠা আৰু অধ্যৱসায়েৰে আগবাঢ়ি যাওক।

সকলোলৈ পুনৰবাৰ আন্তৰিক অভিনন্দন আৰু শুভকামনা। 🌸

অভিনন্দন💐💐"Adivasi Welfare and Development Council, Govt. of Assam" ৰ উদ্যোগত অনুষ্ঠিত হোৱা ADRE & BANKING Free Coaching...
03/07/2026

অভিনন্দন💐💐

"Adivasi Welfare and Development Council, Govt. of Assam" ৰ উদ্যোগত অনুষ্ঠিত হোৱা ADRE & BANKING Free Coaching Programme" ৰ বাবে অনুষ্ঠিত Entrance Test, 28 June 2026 ৰ ফলাফল ঘোষণা কৰা হৈছে।

মেধা আৰু পৰীক্ষাত দেখুওৱা নৈপুণ্যৰ ভিত্তিত OFFLINE ভিত্তিত বাবে 25 গৰাকী প্ৰাৰ্থীক চূড়ান্তভাৱে নিৰ্বাচন কৰা হৈছে।

নিৰ্বাচিত হোৱা সকলো প্ৰাৰ্থীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ।
আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লক্ষ্যত উপনীত হোৱাৰ বাবে এইটো এটা ডাঙৰ খোজ!

Adivasi Welfare and Development Council (AWDC) ৰ উদ্যোগত আয়োজিত Free NEET Coaching Programme-ৰ বাবে 29 June 2026 তাৰিখে...
02/07/2026

Adivasi Welfare and Development Council (AWDC) ৰ উদ্যোগত আয়োজিত Free NEET Coaching Programme-ৰ বাবে 29 June 2026 তাৰিখে অনুষ্ঠিত সাক্ষাৎকাৰ ভিত্তিত অস্থায়ীভাৱে নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে।

Provisionally Selected: 10 জন প্ৰাৰ্থী।
Dhemaji, Kokrajhar, Udalguri, Chirang জিলাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ লাভ কৰিছে।

Waiting List: 7 জন প্ৰাৰ্থী।
Charaideo, Tinsukia, Golaghat, Karbi Anglong, Udalguri জিলাৰ প্ৰাৰ্থীসকল Waiting List-ত আছে।

ADWC পৰিয়ালৰ তৰফৰ পৰা সকলো নিৰ্বাচিত আৰু Waiting List-ত থকা ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন জনাইছো ।
তোমালোকৰ কঠোৰ পৰিশ্ৰমে নিশ্চিতভাৱে ডাক্তৰ হোৱাৰ সপোন সফল কৰিব।

Address

Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Amrit Beck posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Amrit Beck:

Shortcuts

Share

Category