24/05/2026
এই ফটোখন হৈছে বহিঃৰাজ্যত ঠগবাজিৰ বলি হৈ ঘৰ অভিমুখে উভতি গৈ থকা কেইগৰাকীমান নিবনুৱা অসমীয়া যুৱকৰ। মে মাহৰ উৎকট গৰমত ৰেলৰ শৌচাগাৰৰ বাহিৰত ঠেলা-হেঁচাকৈ বহি-ঠিয় হৈ তেওঁলোক ঘৰলৈ উভতিছে পিতৃ-মাতৃৰ কষ্টৰ ধন ঠগৰ হাতত হেৰুৱাই আৰু স্বপ্নভংগৰ বেদনা লৈ।
তিনিচুকীয়াত অৱস্থিত আইটিআইৰ অধ্যক্ষই যোৱা ২০ এপ্ৰিলৰ দিনা এলজি কোম্পানীৰ নামত লাভ কৰিছিল এখন ইমেইল। ইমেইলত কোৱা হৈছিল কোম্পানীয়ে আকৰ্ষণীয় বেতনত প্ৰতিষ্ঠানটোৰ পৰা ৮০ গৰাকীমান যুৱকক নিযুক্তি দিব। পৰৱৰ্তীকালত অধ্যক্ষ মহোদয়ৰ উদ্যোগত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয় আৰু কোম্পানীয়ে ৩৩ গৰাকী যুৱকক নিযুক্তিপত্ৰ দি দিল্লীলৈ আহি ২৩ মে'ত চাকৰিত যোগ দিবলৈ নিৰ্দেশ দিয়ে। সেইমতে অনেক সপোন বুকুত লৈ যুৱকসকল আহি দিল্লীত উপস্থিত হয়। পিছে আহি পোৱাৰ পিছতেই এলজি কোম্পানীৰ বিষয়া হিচাপে পৰিচয় দি যোগাযোগ চলাই অহা ব্যক্তিগৰাকীয়ে প্ৰতিজন যুৱকৰ পৰা প্ৰশিক্ষণৰ নামত ৬,০০০ টকাকৈ সংগ্ৰহ কৰে। তাৰ পিছত আৰু তথাকথিত কোম্পানীৰ কোনো বিষয়া-কৰ্মচাৰীক কতো পোৱা নগ'ল। সকলোবোৰ ফোনো অফ হৈ গ'ল। তেতিয়াহে সকলোৰে মূৰত সৰগ ভাঙি পৰে। দিল্লী-নয়দাৰ অভাৱনীয় গৰমত থাকিবৰ বাবে বা আহাৰ-পানীৰ বাবেও ধন নাছিল কেইবাগৰাকী যুৱকৰ হাতত। কোনো-কোনোৱে ৰেল ষ্টেচনৰ প্লেটফৰ্মতে দুটাকৈ দিন কটাবলগীয়া হ'ল। অৱশেষত পৰিয়াল-আত্মীয়ই কোনোমতে যা-যোগাৰ কৰি ল'ৰাখিনিক উভোতাই নিয়াৰ ব্যৱস্থা কৰিলে।
কৰ্মসংস্থাপনৰ আশাত বন্দী হৈ প্ৰবঞ্চনাৰ বলি হোৱা অসমীয়া যুৱককেইজনৰ লগতে তেওঁলোকৰ পৰিয়ালে পোৱা কষ্টখিনি অভাৱনীয়। পিছে ঠগবাজিৰ ইমানবোৰ খবৰ-বাতৰি ওলাই থকাৰ পিছতো এখন চৰকাৰী শিক্ষা প্ৰতিষ্ঠানে কিদৰে নিজৰ ছাত্ৰখিনিক ভুৱা কোম্পানী এটাৰ হাতত গতাই দিলে সেইয়া চিন্তাৰ বিষয়। তিনিচুকীয়া আইটিআইৰ অধ্যক্ষই লাভ কৰা মেইলখন যে ভুৱা আছিল, সেই কথা চাইবাৰ সুৰক্ষা সম্পৰ্কে ন্যূনতম জ্ঞান থকা মানুহেও প্ৰথম দৃষ্টিতে ধৰিব পাৰিলেহেঁতেন। অসংখ্য ভাষাগত বিভ্ৰান্তিৰ লগতে মেইলখন প্ৰেৰণ কৰা হৈছিল [email protected] ঠিকনাটোৰ পৰা। কোনো এটা নামী কোম্পানীয়ে Rediffmail বা Gmail ৰ পৰা মেইল নপঠিয়াই। এই ক্ষেত্ৰত মেইল অহাৰ সম্ভাৱনা থাকিব lg.com ধৰণৰ কিবা মেইল ঠিকনা এটাৰ পৰা। চাইবাৰ-সুৰক্ষা সম্পৰ্কীয় সজাগতা সাধাৰণ মানুহৰ মাজত কম হলেও উদ্যোগিক শিক্ষা প্ৰতিষ্ঠান এটাৰ নেতৃত্বত থকা ব্যক্তি এগৰাকীৰ জ্ঞানৰ নমুনা এনে হলে কি হ'ব?