26/08/2026
এগৰাকী প্ৰিয় ব্যক্তিত্বৰ বিদায়…
মাননীয় BTC-ৰ উপাধ্যক্ষ শ্ৰী বিজিত গৌৰা নাৰ্জাৰী ডাঙৰীয়াৰ আকস্মিক বিয়োগৰ খবৰটোৱে গভীৰভাৱে শোকাহত কৰি তুলিছে। তেখেতৰ এই আকস্মিক বিদায় কেৱল পৰিয়ালৰ বাবেই নহয়, আমাৰ সমাজৰ , আমাৰ দলৰ বাবেওএক অপূৰণীয় ক্ষতি।
কিছুমান মানুহ আমাৰ মাজৰ পৰা আঁতৰি যায়, কিন্তু তেওঁলোকৰ কৰ্ম, আদৰ্শ আৰু স্মৃতিবোৰ কেতিয়াও আঁতৰি নাযায়। তেখেতৰ স্মৃতি সদায় আমাৰ হৃদয়ত জীয়াই থাকিব।
এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জনাইছোঁ গভীৰ সমবেদনা। ঈশ্বৰে তেওঁলোকক এই অপূৰণীয় বেদনা সহ্য কৰাৰ শক্তি দিয়ক।
বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ,
ঔঁ শান্তি।