ABVP Lumding

ABVP Lumding अखिल भारतीय विद्यार्थी परिषद!

15/08/2026
15/08/2026
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লামডিং শাখাৰ উদ্যোগত বিভিন্ন শিক্ষানুষ্ঠানত সদস্যতা অভিযান চলোৱা হয়। এই অভিযানৰ জৰিয়তে ...
10/08/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লামডিং শাখাৰ উদ্যোগত বিভিন্ন শিক্ষানুষ্ঠানত সদস্যতা অভিযান চলোৱা হয়। এই অভিযানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় চিন্তা, সামাজিক দায়বদ্ধতা, নেতৃত্বৰ গুণ আৰু সেৱাৰ মানসিকতা গঢ়ি তোলাৰ প্ৰয়াস কৰা হয়।

🌱 প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এজোপা গছ, ভৱিষ্যতৰ বাবে এক সেউজীয়া প্ৰতিশ্ৰুতি। 🌿আজি দেওবাৰে লামডিং মহাবিদ্যালয়ত ABVP Lumding U...
09/08/2026

🌱 প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এজোপা গছ, ভৱিষ্যতৰ বাবে এক সেউজীয়া প্ৰতিশ্ৰুতি। 🌿

আজি দেওবাৰে লামডিং মহাবিদ্যালয়ত ABVP Lumding Unit-ৰ SFD কাৰ্যসূচীৰ অংশ হিচাপে বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

গছ কেৱল প্ৰকৃতিৰ সৌন্দৰ্য নহয়, গছেই আমাৰ জীৱনৰ অন্যতম আধাৰ। সেউজীয়া পৰিৱেশ গঢ়ি তোলা আৰু আগন্তুক প্ৰজন্মৰ বাবে এখন সুস্থ পৃথিৱী সংৰক্ষণ কৰাৰ সংকল্পৰে এই বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

🌱 এজোপা গছ ৰোপণ কৰোঁ, সেউজীয়া ভৱিষ্যৎ গঢ়োঁ।
🤝 ABVP Lumding Unit | SFD

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম প্ৰদেশৰ সদস্যতা অভিযানৰ প্ৰথমটো দিন সফলতাৰে পাৰ হয়। এই দিনটোত লামডিং শাখাৰ বিভিন...
06/08/2026

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম প্ৰদেশৰ সদস্যতা অভিযানৰ প্ৰথমটো দিন সফলতাৰে পাৰ হয়। এই দিনটোত লামডিং শাখাৰ বিভিন্ন বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰী সকলে ABVP ৰ বিষয়ে জানিব পাৰি অতি আগ্ৰহৰে পৰিষদৰ সদস্যতা গ্ৰহণ কৰে।



ABVP Assam

আজি, ১ আগষ্ট ২০২৬, নতুন শিক্ষাবৰ্ষৰ শুভাৰম্ভ উপলক্ষে HS 1st Year (1st Semester)-ৰ নবাগত শিক্ষাৰ্থীসকলক ABVP Lumding Unit...
02/08/2026

আজি, ১ আগষ্ট ২০২৬, নতুন শিক্ষাবৰ্ষৰ শুভাৰম্ভ উপলক্ষে HS 1st Year (1st Semester)-ৰ নবাগত শিক্ষাৰ্থীসকলক ABVP Lumding Unit-ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু উষ্ম আদৰণি জনোৱা হয়।

এই উপলক্ষে আয়োজন কৰা Welcome Ceremony-ত নবাগত শিক্ষাৰ্থীসকলক ফুল আৰু শুভেচ্ছাৰে আদৰণি জনোৱা হয়। অনুষ্ঠানটোত এক আন্তৰিক, আনন্দময় আৰু উৎসাহব্যঞ্জক পৰিৱেশৰ সৃষ্টি হয়। লগতে সকলো নবাগত শিক্ষাৰ্থীক তেওঁলোকৰ নতুন শিক্ষাজীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰা হয়।

ABVP Lumding Unit-ৰ তৰফৰ পৰা সকলো নবাগত শিক্ষাৰ্থীক পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ, তোমালোকৰ কলেজ জীৱন জ্ঞান, মূল্যবোধ, সফলতা আৰু সুন্দৰ অভিজ্ঞতাৰে সমৃদ্ধ হৈ উঠিব।

“নতুন যাত্ৰাৰ শুভাৰম্ভ হওক সফলতা, আত্মবিশ্বাস আৰু অসীম সম্ভাৱনাৰে।”
ABVP Assam
ABVP Lumding
Akhil Bharatiya Vidyarthi Parishad (ABVP)

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) লামডিং শাখাৰ তথা আমাৰ সকলোৰে অতি প্ৰিয় ভগ্নী শ্ৰীমতী উৰ্বী ৰয়-ক অখিল ভাৰতীয় বিদ্...
29/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) লামডিং শাখাৰ তথা আমাৰ সকলোৰে অতি প্ৰিয় ভগ্নী শ্ৰীমতী উৰ্বী ৰয়-ক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, হোজাই জিলাৰ "জিলা মাধ্যম সমন্বয়ক" (District Media Convener) হিচাপে দায়িত্ব লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 🎉💐
আপোনাৰ এই নতুন দায়িত্ব সফলতাৰে পালন কৰি সংগঠনক অধিক শক্তিশালী কৰি তোলক—এইয়াই আমাৰ আন্তৰিক শুভকামনা। আগন্তুক দিনবোৰত আপোনাৰ নেতৃত্বত সংগঠনে অধিক সাফল্য লাভ কৰক। জয়তু ABVP! 🚩

ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) লামডিং শাখাৰ সম্পাদক তথা আমাৰ সকলোৰে অতি প্ৰিয় ভাতৃ শ্ৰী Sujay Malakar-ক ABVP হোজা...
29/07/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) লামডিং শাখাৰ সম্পাদক তথা আমাৰ সকলোৰে অতি প্ৰিয় ভাতৃ শ্ৰী Sujay Malakar-ক ABVP হোজাই জিলাৰ "District SFD Convener" হিচাপে দায়িত্ব লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 🎉💐
আপোনাৰ এই নতুন দায়িত্ব সফলতাৰে পালন কৰি সংগঠনক অধিক শক্তিশালী কৰি তোলক—এইয়াই আমাৰ আন্তৰিক শুভকামনা। আগন্তুক দিনবোৰত আপোনাৰ নেতৃত্বত সংগঠনে নতুন উচ্চতা স্পৰ্শ কৰক। জয়তু ABVP! 🚩
ABVP Assam

Address

Lumding, Hojai
Lumding

Website

Alerts

Be the first to know and let us send you an email when ABVP Lumding posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category