13/07/2026
ভাৰতীয় জনতা যুৱ মৰ্চা, মাজুলী জিলাৰ দক্ষিণ-পূৱ মণ্ডলৰ সামাজিক মাধ্যম কোষৰ প্ৰাক্তন আহ্বায়ক, মাজুলীৰ ফুলনি অঞ্চলৰ অতি অমায়িক তথা উদীয়মান যুৱক পাৰ্থ প্ৰতিম শইকীয়াৰ আকস্মিক বিয়োগত আমি গভীৰভাৱে মৰ্মাহত হৈছো।
ভাৰতীয় জনতা যুৱ মৰ্চা, মাজুলী জিলাৰ সমুহ কাৰ্যকৰ্তাৰ তৰফৰ পৰা ভগৱানৰ শ্ৰীচৰণত যুৱ সতীৰ্থ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।
ঔঁ শান্তি: 🙏