District Administration Majuli

District Administration Majuli An Interface between District Administration & Public... Majuli, the seat of Neo-Vaishnavite Bhakti Renaissance, is the 33rd district of Assam.

The picturesque river island, was made the newest district by the Government of Assam on 8th September, 2016. This is the page of District Administration Majuli to share important activities undertaken by the administration, Senior government official's visits, important circulars & public information. This page will also serve as a platform to air & post public grievances, opinions, feedbacks, etc.

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক তথা শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৱিত্ৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি মা...
05/09/2026

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক তথা শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৱিত্ৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি মাজুলী জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ যৌথ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৬৫ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়।
গড়মূৰস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ শুভাৰম্ভণিতে ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে মাজুলীৰ জিলা আয়ুক্ত শ্ৰীযুত ৰাতুল চন্দ্ৰ পাঠক মহোদয়ে। গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ শোভা বঢ়ায় আৰু আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা ভাৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীমতী লিপিকা বুঢ়া গোঁহাইয়ে।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক শ্ৰীযুত সত্যব্ৰত দত্তই সমাজ নিৰ্মাণ আৰু শিক্ষাৰ প্ৰসাৰত শিক্ষকসকলৰ অনবদ্য ভূমিকা সন্দৰ্ভত তথ্যসমৃদ্ধ ভাষণ আগবঢ়ায়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাজুলী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভুৱন গামে সকলো শিক্ষাগুৰুলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা স্বচ্ছতা বজাই ৰখা আৰু উপযুক্ত মানৱ সম্পদ গঢ়ি তুলি মাজুলীক এক আদৰ্শ, অগ্ৰণী আৰু সমৃদ্ধিশালী ভূমি হিচাপে প্ৰতিষ্ঠা কৰাৰ আহ্বান জনাই নিজৰ সাৰুৱা বক্তব্যই সকলোকে মোহিত কৰে। লগতে সন্মানীয় অতিথি হিচাপে অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) অপৰূপা বৰগোহাঁই, সমাজ কৰ্মী দীপক গোস্বামীকে ধৰি জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। জিলা আয়ুক্ত শ্ৰীযুত ৰাতুল চন্দ্ৰ পাঠকে সভাত উপস্থিত সকলো শিক্ষক-শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ শুভেচ্ছা জনাই সমাজ গঠনত শিক্ষকৰ দায়িত্বক লৈ বক্তব্য ডাঙি ধৰে।

দিৱসটিৰ লগত সংগতি ৰাখি জিলাখনৰ ৬ গৰাকী কৃতী শিক্ষকক আনুষ্ঠানিকভাৱে বিশেষ সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত শিক্ষকসকল হ'ল ক্ৰমে— ১৭ নং বেচামৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মিন্টু মণি দাস, কাঠচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ৰাম পেগু, লুইত চাপৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল চন্দ্ৰ বৈৰাগী, বালিচাপৰি কঠনিআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত কুমাৰ নাথ, পি এম শ্ৰী চি.এছ. ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক সৰ্বানন্দ নাথ আৰু শ্ৰী ৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তিলেশ্বৰ কলিতা।

একেদৰে শৈক্ষিক দিশত উৎকৃষ্ট ফলাফল আৰু পাৰদৰ্শিতা দেখুওৱাৰ বাবে জিলাখনৰ ৪ খন বিদ্যালয় আৰু সুচাৰুৰূপে দায়িত্ব পালন কৰা ২ গৰাকী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক (CRCC)-ক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়।

CMO Assam
Ranoj Pegu
Sushanta Borgohain
Bhuban Gam
Directorate of Information and Public Relations, Assam

শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত অসম চৰকাৰৰ নিৰ্দেশনা আৰু অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ পদক্ষেপ অনুসৰি মাজুলী জিলাৰ ৫ গৰাকী বৰি...
05/09/2026

শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত অসম চৰকাৰৰ নিৰ্দেশনা আৰু অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ পদক্ষেপ অনুসৰি মাজুলী জিলাৰ ৫ গৰাকী বৰিষ্ঠ শিক্ষাগুৰুক আজি আনুষ্ঠানিকভাৱে 'ৰাজ্যপাল বৰিষ্ঠ শিক্ষক সন্মান-২০২৬' (Governor Assam Varishtha Shikshak Samman-2026) প্ৰদান কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আৰু খণ্ড পৰ্যায়ত প্ৰশাসনিক বিষয়াৰ উপস্থিতিত এই বৰেণ্য শিক্ষাগুৰুসকলক তেওঁলোকৰ জীৱনজোৰা সেৱা আৰু সমাজলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে আন্তৰিক শ্ৰদ্ধাৰে সম্বৰ্ধনা জনোৱা হয়।

জিলা পৰ্যায়ত বৰিষ্ঠ শিক্ষক শ্ৰীযুত পদ্ম শইকীয়াক মাজুলীৰ জিলা আয়ুক্ত শ্ৰীযুত ৰাতুল চন্দ্ৰ পাঠক আৰু অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) অপৰূপা বৰগোহাঁই মহোদয়ে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। একেদৰে, বৰিষ্ঠ শিক্ষক শ্ৰী জগনেশ্বৰ বৰা, শ্ৰী চন্দ্ৰ হাজৰিকা, শ্ৰী অনুৰূপ মিলি, শ্ৰী প্ৰবীণ চন্দ্ৰ বৰাক নিজ নিজ বাসগৃহত নিৰ্বাচনী বিষয়া শ্ৰী সীমান্ত বুঢ়াগোহাঁই, সহকাৰী আয়ুক্ত শ্ৰী অনুৰাগ প্ৰীতম বৰবৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীমতী লিপিকা বুঢ়াগোহাঁই, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী নৱৰত্ন কাকতি, সহকাৰী বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰী ৰাজীৱ দলেৰ উপস্থিতিত মৰ্যাদাপূৰ্ণ সন্মান প্ৰদান কৰা হয়।

জীৱনৰ সিংহভাগ সময় শিক্ষাৰ পোহৰ বিলাই এখন সুস্থ সমাজ গঢ়াত ব্ৰতী থকা এইসকল মহান শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ এই শুভ ক্ষণত জিলা প্ৰশাসনৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা আৰু প্ৰণাম নিবেদন কৰা হয়।

CMO Assam
Ranoj Pegu
Sushanta Borgohain
Bhuban Gam
Directorate of Information and Public Relations, Assam

মাজুলীৰ প্ৰশাসনিক আন্তঃগাঁথনি অধিক সুদৃঢ় আৰু উন্নত কৰি তোলাৰ উদ্দেশ্যে আজি মাজুলী জিলাৰ মাননীয় জিলা আয়ুক্ত ৰাতুল চন্দ...
04/09/2026

মাজুলীৰ প্ৰশাসনিক আন্তঃগাঁথনি অধিক সুদৃঢ় আৰু উন্নত কৰি তোলাৰ উদ্দেশ্যে আজি মাজুলী জিলাৰ মাননীয় জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক মহোদয়ে জিলাখনত নৱনিৰ্মাণৰত অত্যাধুনিক মডেল আৱৰ্ত ভৱনৰ (Model Circuit House) নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰভিত্তিক অগ্ৰগতি পৰিদৰ্শন কৰে।

​পৰিদৰ্শন কালত জিলা আয়ুক্ত মহোদয়ে ভৱনটোৰ মূল গাঁথনি, অতিথি কক্ষ, সভাকক্ষ আৰু অন্যান্য আনুসংগিক আন্তঃগাঁথনিৰ বুজ লয়। নিৰ্মাণকাৰ্যৰ গুণগত মান নিশ্চিত কৰাৰ লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ তেখেতে লোকনিৰ্মাণ বিভাগ (PWD) তথা সংশ্লিষ্ট ঠিকাদাৰ আৰু অভিযন্তাসকলক স্পষ্ট নিৰ্দেশনা প্ৰদান কৰে।

​এই পৰিদৰ্শন কালত অতিৰিক্ত জিলা আয়ুক্ত শুভ্ৰম আদিত্য বৰা আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তাসকল উপস্থিত থাকে। এই আধুনিক আৱৰ্ত ভৱনটো সম্পূৰ্ণ হৈ উঠিলে নদীদ্বীপটোলৈ আগমন ঘটা বিশিষ্ট অতিথি, প্ৰশাসনিক বিষয়া আৰু পৰ্যটকসকলৰ বাবে আতিথ্যৰ এক সুচল ব্যৱস্থা গঢ় লৈ উঠিব।

CMO Assam
Sushanta Borgohain
Bhuban Gam
Directorate of Information and Public Relations, Assam

03/09/2026
দেশজোৰা লোকপিয়ল প্ৰক্ৰিয়াৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যৰ লগতে  মাজুলী জিলাত  ১৭ আগষ্টৰ পৰা চলি থকা প্ৰথম পৰ্যায়ৰ 'গৃহ তালিক...
03/09/2026

দেশজোৰা লোকপিয়ল প্ৰক্ৰিয়াৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলাত ১৭ আগষ্টৰ পৰা চলি থকা প্ৰথম পৰ্যায়ৰ 'গৃহ তালিকাভুক্তকৰণ আৰু গৃহ গণনা' (Houselisting & Housing Census) কাৰ্যসূচীৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক উচ্চপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত সভাপতিত্ব কৰে মাজুলী জিলাৰ মাননীয় জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক মহোদয়ে। আলোচনাত লোকপিয়ল সঞ্চালকালয়, অসমৰ যুটীয়া সঞ্চালক শ্ৰী বিকাশ নাথ ডাঙৰীয়াই উপস্থিত থাকি পিয়লৰ নীতি-নিৰ্দেশনাৱলী আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে ডিজিটেল তথ্য সংগ্ৰহৰ দিশসমূহ বিশদভাৱে পৰ্যালোচনা কৰে।

তদুপৰি জিলাখনৰ প্ৰতিটো পৰিয়াললৈ গৈ সঠিক তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত পিয়লকৰ্মীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ মাজুলীবাসীক আহ্বান জনোৱা হয়।

উক্ত পৰ্যালোচনা বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত মনীষা কলিতা, নিৰ্বাচনী বিষয়া, ৰাজহ চক্ৰ বিষয়াসকল আৰু জিলাখনৰ লোকপিয়ল তত্ত্বাৱধায়কসকল (Census Supervisors) উপস্থিত থাকে।

CMO Assam
Sushanta Borgohain
Bhuban Gam
Census India 2027
Census Operations Assam
Directorate of Information and Public Relations, Assam

03/09/2026
03/09/2026

Shri Bikash Nath, Joint Director, Directorate of Census Operations, Assam, along with Smt. Natasha Natalia Marak, ACS, Circle Officer (Attached), Shri Satyendra Morang, DPA-A & District Liaison Officer and Shri Pragyan Borthakur, Junior Executive, carried out a field visit in areas under Majuli Revenue Circle to inspect
the ongoing Houselisting & Housing Census operations.

02/09/2026

Today, Shri Kamal Jyoti Bora, ACS, Circle Officer, Ujani Majuli Revenue Circle, made a visit to the a field to track the ongoing Houselisting & Housing Census operations under .

02/09/2026
ৰাজ্যৰ নৱ-স্নাতকসকলক আৰ্থিক সকাহ প্ৰদান কৰি তেওঁলোকৰ নিযুক্তি আৰু কেৰিয়াৰৰ সুযোগসমূহ সুগম কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ এক ...
01/09/2026

ৰাজ্যৰ নৱ-স্নাতকসকলক আৰ্থিক সকাহ প্ৰদান কৰি তেওঁলোকৰ নিযুক্তি আৰু কেৰিয়াৰৰ সুযোগসমূহ সুগম কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ "জীৱন প্ৰেৰণা আঁচনি" (CM Jibon Prerana Scheme) আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছপুৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা ভাৰ্চুৱেল মাধ্যম যোগে এই গুৰুত্বপূৰ্ণ আঁচনিখনৰ শুভাৰম্ভ কৰে।

​এই আঁচনিৰ অধীনত, যোগ্য নৱ-স্নাতকসকলে তেওঁলোকৰ শিক্ষা সাং কৰাৰ পিছত কৰ্মসংস্থাপনৰ প্ৰস্তুতি আৰু নিযুক্তিৰ সন্ধানৰ সময়ছোৱাত আৰ্থিক সাহায্য হিচাপে এবছৰৰ বাবে প্ৰতিমাহে ২,৫০০ টকাকৈ লাভ কৰিব।

​ৰাজ্যিক শুভাৰম্ভণী কাৰ্যসূচীৰ লগত সংগতি ৰাখি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক ভাৰ্চুৱেল অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত জিলা আয়ুক্ত অপৰূপা বৰগোহাঁই মহোদয়া, জিলাখনৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

​অসম চৰকাৰৰ এই বিশেষ পদক্ষেপে যুৱ-প্ৰজন্মক সৱলীকৰণ কৰাৰ লগতে তেওঁলোকৰ এক সুৰক্ষিত আৰু স্বাৱলম্বী ভৱিষ্যত গঢ়ি তোলাত বিশেষভাৱে সহায় কৰিব।

CMO Assam
Sushanta Borgohain
Bhuban Gam
Director of employment and craftsmen training,Assam employment department
Directorate of Information and Public Relations, Assam

Address

Garamur
Majuli
785104

Alerts

Be the first to know and let us send you an email when District Administration Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Administration Majuli:

Shortcuts

Share