ASSP Gadhowa And Kharpori Ancholik

ASSP Gadhowa And Kharpori Ancholik ASOM SANKHYALAGHU SANGRAM PARISHAD (ASSP)

30/03/2026

দৰং জিলাৰ গা-ধোৱাত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আৰু বসন্ত দাসে এখন দলংৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষাত বিফল হৈছে ।
ASSP, Darrang.

উজনি অসমৰ কেইবাখনো জিলাত গণ উন্মাদনা (Mob Violence) সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আজি অসম সংখ্যালঘু সংগ্ৰ...
08/08/2025

উজনি অসমৰ কেইবাখনো জিলাত গণ উন্মাদনা (Mob Violence) সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সঁজাতি দলে অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত আৰক্ষী মহাপৰিদৰ্শক (আইন শৃংখলা) শ্ৰী অখিলেষ কুমাৰ সিং ডাঙৰীয়াক সাক্ষাৎ কৰি এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ দৰং জিলা সমিতিৰ অন্তৰ্গতগাধোৱা ও খাৰপুৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক...
13/02/2025

অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ
দৰং জিলা সমিতিৰ অন্তৰ্গত

গাধোৱা ও খাৰপুৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক (HS) আৰু উচ্চ মাধ্যমিক (HSLC)ৰ সমূহ পৰীক্ষাৰ্থীলৈ

আন্তৰিক হিয়াডৰা শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।

ASSP Official
দৰং সংখ্যালঘু সংগ্ৰাম পৰিষদ
@

27/01/2025

গণতন্ত্ৰ দিৱস উপলক্ষে 26/01/2025 তাৰিখে গাধোৱা ও খাৰপুৰি আঞ্চলিক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ যি সজাগতা আৰু সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল উক্ত সভাত পুৰণি আঞ্চলিক সমিতি খন ভংগ কৰি নতুন এখন সমিতি গঠন কৰা হয় , নতুন সমিতি খনত সভাপতি হিচাপে নিৰ্বাচিত হৈ Abul Kalam Azad , কাৰ্য্যকৰি সভাপতি হিচাপে নিৰ্বাচিত হয় Islam Uddin আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় Mujammil Hoque Choudhory & Abbas Ali লৈ ৩১ জনীয়া এক শক্তশালী সমিতি গঠন হয়।

ASSP Official
দৰং সংখ্যালঘু সংগ্ৰাম পৰিষদ

ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।ASSP Official দৰং সংখ্যালঘু সংগ্ৰাম পৰিষদ
24/01/2025

ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

ASSP Official
দৰং সংখ্যালঘু সংগ্ৰাম পৰিষদ

02/12/2024

এয়া কোনো ৰাষ্ট্ৰীয় ঘাই পথ নহয়, এয়া হৈছে গাধুৱা নতুন বজাৰৰ টাংনি সুঁতিৰ ওপৰত নিৰ্মাণ কৰা বাঁহৰ সাকুৰ দৃশ্য , ৰাষ্ট্ৰীয় ঘাইপথৰ টোল টেক্স সংগ্ৰহ কৰাৰ নিয়ম সমূহ হুবোহু মানিছে, আপুনি লাগিলে বজাৰ ২০ টকা কম কৰক কিন্তু টোল টেক্স দিয়াটো বাধ্যতামূলক, এয়া দেখাই পাইছে নিশ্চয় আপোনাৰ পকেটৰ পৰা ২০ টকা ওলাই দিয়ক আৰু বাঁহ ডাল ওপৰলৈ উঠাই লওক অন্যথা বাঁহ ডাল ওপৰলৈ নুঠে , উদাহৰণ এটা সোনক সৌ সিদিনা এজন সাধাৰণ লৰা সাঁকো খন পাৰ হওঁতে ১০ টকা দিয়ে আৰু টোল টেক্স সংগ্ৰহ কৰা মহান কৰ্মিক এজনে অমান্তি হয় সেই লৰা জনৰ বাইকৰ চাবি পাত বাইকৰ পৰা খুলি লৈ আৰু ২০ টকা নিদিয়া লৈকে সাঁকোত উঠিব নোৱাৰিব, মুখৰ পৰা কিমান যে ভাল ভাষা ওলাইছে আপোনালোকক বহলাই কোৱাৰ কোনো দৰকাৰ নাই আপোনালোকে নিশ্চয় বুজি পাইছে ।
এতিয়া কথা হল এয়া কোন ধৰনৰ গুণ্ডা গিৰি কোনে দিলে ইমান শক্তি কাৰ বলত প্ৰয়োগ কৰিছে ইমান শক্তি । যেতিয়া সেই বাঁহৰ সাঁকো খন নিৰ্মাণ কৰিছিল ৰাইজে অমান্তি হোৱাত ADC আৰু মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মুকুট কাকতি আহি ৰাইজৰ আগত কৈছিল এজনৰ ভাৰা লব ২.৫০ টকা অৰ্থাৎ অহা যোৱা মিলি ৫ টকা তাৰ পিছত ৰাইজে মান্তি হল তাৰ পিছত ২দিন মান ঠিক মতে ভাৰা সংগ্ৰহ কৰি আছিল কিন্তু তাৰ পিছৰ পৰাই ২০ টকাকে ভাৰা সংগ্ৰহ কৰি আছে আচলতে ইয়াত আছে কাৰ হাত ।
তাতকৈ ভাবিব লগা কথা হল ADC আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিকে আৰম্ভ কৰি গাঁওৰ গাঁওবুঢ়া আৰু কেইজনক মানক লৈ মুঠ ৮ জনীয়া এটা অভিযোগ সমিতি গঠন কৰি দিলে ADC য়ে কাৰণ এই খন সাঁকোত যদি কিবা খেলিমিলি হৈ তেতিয়া এই অভিযোগ সমিতিয়ে ব্যৱস্থা লব অথবা ADC ক জনাব ৰাইজৰ সুবিধা সাৰ্থত, এতিয়া এয়া নেকি ৰাইজৰ সুবিধা, এয়া আছিল নেকি ৰাইজৰ বাবে কাম অভিযোগ সমিতিৰ , অভিযোগ সমিতিৰ লাজ থাকিব লাগে , ৰাইজৰ কাৰণে অভিযোগ সমিতিৰ ইমান ভয়ংকৰ সিদ্ধান্ত লব নালাগিছিল , ৰাইজ কাক বিশ্বাস কৰিব গাঁওৰ গাঁও বুঢ়াক না গাঁওৰ মুখিয়াল ব্যক্তিক ADC আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ৰ কথা নকলো ইহঁতে উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া ইহঁতে আমাৰ পৰা দূৰত থাকে কিন্তু নিজৰ গাঁওৰ গাঁও বুঢ়াক আদি কৰি যিসকল মুখিয়াল ব্যক্তিক অভিযোগ সমিতি বনাই দিছে কমছে কম ইহঁতে বুজি পাব লাগিছিল।
কিমান দিন চলিব আৰু এই গুণ্ডা গিৰি।

*আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ নৱ নিযুক্ত কাৰ্য্যকৰী সভাপতি _মফিদুল ইছলাম_ ডাঙৰীয়াক আদৰণি জনোৱাৰ লগত...
15/05/2024

*আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ নৱ নিযুক্ত কাৰ্য্যকৰী সভাপতি _মফিদুল ইছলাম_ ডাঙৰীয়াক আদৰণি জনোৱাৰ লগতে অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেতৰ নেতৃত্বত দৰং জিলা সমিতি খন অধিক শক্তিশালী হ'ব বুলি আমি গাধোৱা ও খাৰপুৰি আঞ্চলিক সমিতিয়ে আশাবাদী।*

।। গাধোৱা ও খাৰপুৰি আঞ্চলিক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ।।
ASSP Official
Mafidul Islam II

দ্বাদশ প্ৰতিষ্ঠা দিৱস, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ।-----------------------------------------------সাংগঠনিক অভিন্দন গ্ৰহণ...
29/04/2024

দ্বাদশ প্ৰতিষ্ঠা দিৱস,
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ।
-----------------------------------------------
সাংগঠনিক অভিন্দন গ্ৰহণ কৰিব।আজি ২৯ এপ্ৰিল, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSPৰ প্ৰতিষ্ঠা দিৱস।২০১২চনৰ ২৯ এপ্ৰিল তাৰিখে অসমৰ লাঞ্ছিত বঞ্চিত, নিপীড়িত, নিস্পেক্ষিত, অবহেলিত, নিৰ্যাতিত, জনতাৰ এক অপ্ৰতিৰোধ্য প্ৰতিবাদী কণ্ঠ ৰুপে আত্মপ্ৰকাশ কৰা বিশেষকৈ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সকলৰ সামাজিক, ৰাজনৈতিক, আৰ্থিক আৰু সাংস্কৃতিক অধিকাৰৰ ক্ষেত্ৰত সম অধিকাৰ, সমমৰ্যদা, সম বিকাশ প্ৰতিষ্ঠা কৰাৰ অৰ্থে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জন্ম লাভ কৰে।

এই সুযোগতে যিসকল মনিষীৰ মহান ত্যাগ, চিন্তা আৰু দৰ্শনৰ ফলশ্ৰুতিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ এই অৰাজনৈতিক সংগঠনটিৰ জন্ম হৈছিল, সেই মহান ব্যক্তিসকলক দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো।অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি, তথা সংগঠনটিৰ আদৰ্শ মৰহুম নজিৰ উদ্দিন আহমেদ চাহাবৰ নেতৃত্বত গঢ় লৈ উঠা এই অৰাজনৈতিক সংগঠনটিত নিজকে এগৰাকী কৰ্মকৰ্তা হিচাপে সেৱা আগবঢ়াব পাই গৌৰৱ অনুভৱ কৰিছো।

সেয়ে এই শুভ মুহূৰ্তত যাৰ চিন্তা আৰু দৰ্শনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ জন্ম, সেই মহান আত্মত্যাগী সংগ্ৰামী সত্তা, আপোচহীন বলিষ্ঠ কণ্ঠ, সংখ্যালঘু সকলৰ হিয়াৰ আমঠু, #সদৌ_অসম #সংখ্যালঘু_ছাত্ৰ_ইউনিয়ন_চমুকৈ_আমছুৰ #প্ৰাক্তন_কেন্দ্ৰীয়_সভাপতি_তথা_অসম_সংখ্যালঘু #সংগ্ৰাম_পৰিষদৰ_প্ৰতিষ্ঠাপক_কেন্দ্ৰীয় #সভাপতি_প্ৰয়াত_নজিৰ_উদ্দিন_আহমেদ চাহাবৰ বিদেহী আত্মাৰ মাগফিৰাত কামনা কৰিলো।

অইন অইন বছৰৰ দৰে এইবেলিও অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসটি দৰং জিলাৰ, দলগাওঁ কল্যাণ পঞ্চায়তৰ সমুহীয়া ভৱনত কেন্দ্ৰীয় ভাৱে পালন কৰা হয়।সেয়ে অসমৰ সকলো স্তৰৰ জনসাধৰনলৈ সংগ্ৰামী অভিনন্দন জনোৱাৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী সদস্য হিচাপে আকৌ এবাৰ পণ ললো, অসম আৰু অসমীয়াৰ লগতে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সকলৰ ন্যায্য অধিকাৰ বিচাৰি আপোচহীন সংগ্ৰাম অব্যাহত থাকিব, আমি যুজি যাম, জাতিৰ হকে, দেশ আৰু দশৰ হকে, অসম আৰু অসমীয়াৰ হকে।
জয় আই অসম,

গাধোৱা ও খাৰপুৰি আঞ্চলিক,
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ জিন্দাবাদ।

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when ASSP Gadhowa And Kharpori Ancholik posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category