Janasanyog Darrang

Janasanyog Darrang It is the official page of District Information & Public Relations Office, Darrang.

The aim of the page is to disseminate authentic government information and act as a bridge between both district administration and public.

জনসংযোগ, দৰংপ্ৰেছ বিজ্ঞপ্তি নং-৯৯/২০২৪*দৰঙত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচী উপলক্ষে মাৰাথান দৌৰ*মঙলদৈ ,১৪ আগষ্টঃ , 'হৰ ঘৰ তিৰংগ...
14/08/2024

জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯৯/২০২৪

*দৰঙত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচী উপলক্ষে মাৰাথান দৌৰ*

মঙলদৈ ,১৪ আগষ্টঃ , 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশস্বৰূপে আজি দৰং জিলাত এক মাৰাথান দৌৰ অনুষ্ঠিত হয়।এই মাৰাথান দৌৰ উদ্বোধন কৰি মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে কয় যে এই কাৰ্যসূচী ৰূপায়নে নৱপ্ৰজন্মক দেশপ্ৰেম তথা ৰাষ্ট্ৰীয় চেতনাৰে উদ্ধুদ্ধ কৰিব। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলৰ আদৰ্শ অনুসৰণ কৰি দেশৰ সামগ্ৰিক কল্যাণৰ বাবে নিজ নিজ ক্ষেত্ৰত আন্তৰিকতাৰে সেৱা আগবঢ়াবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।
আজি বিধায়ক বসন্ত দাস আৰু জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে এই মাৰাথান দৌৰৰ শুভাৰম্ভ কৰে। শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, অতিৰিক্ত আয়ুক্ত ইহছানুল হুছেইন, জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।
আজিৰ এই মাৰাথান দৌৰত জিলাখনৰ বিভিন্ন স্থানৰ খেলুৱৈ তথা ছাত্ৰ-ছাত্ৰী আৰু ক্ৰীড়ানুৰাগীয়ে অংশগ্ৰহণ কৰে।

জনসংযোগ, দৰংপ্ৰেছ বিজ্ঞপ্তি নং-৯৮/২০২৪*দৰঙত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচী উপলক্ষে বাইক ৰেলী আৰু পদযাত্ৰা*মঙলদৈ ,১৩ আগষ্টঃ সমগ...
14/08/2024

জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯৮/২০২৪

*দৰঙত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচী উপলক্ষে বাইক ৰেলী আৰু পদযাত্ৰা*

মঙলদৈ ,১৩ আগষ্টঃ সমগ্ৰ দেশজুৰি উদযাপিত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশস্বৰূপে আজি দৰং জিলাতো এক বাইক ৰেলী উলিওৱা হয়। ইয়াৰ লগতে এক পদযাত্ৰাও সম্পন্ন কৰা হয়। এই দুয়োটা সমদলৰে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে কয় যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰাম কৰি আমাৰ দেশে বৃটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন আমাৰ সমূহীয়া গৌৰৱ আৰু ঐক্যৰ প্ৰতীক। হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশ লৈ নিজৰ নিজৰ ঘৰত পতাকা উত্তোলন কৰাৰ লগতে পতাকাৰ সৈতে ছেলফি তুলি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। এই সমদল যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে আমি সকলোৱে এখন স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰোঁ। বৈচিত্ৰ্যতাৰ মাজত ঐক্য আমাৰ শক্তি। হৰ ঘৰ তিৰংগা কাৰ্যসূচীয়ে সকলোকে দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ লগতে ৰাষ্ট্ৰীয় গৌৰৱৰ চেতনা জাগ্ৰত কৰিব বুলি তেওঁ কয়। এই কাৰ্যসূচীয়ে নতুন প্ৰজন্মক ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা ভালদৰে হৃদয়ংগম কৰিবলৈ প্ৰেৰণা যোগাব বুলিও তেওঁ মন্তব্য কৰে।
আজিৰ এই দুয়োটা সমদলৰ উদ্বোধনী অনুষ্ঠানত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।
আজিৰ পদযাত্ৰাত বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শইকীয়া, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ লগতে বিশিষ্ট নাগৰিক, আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গাওঁ প্ৰধান, স্বেচ্ছাসেৱী আৰু যুৱক-যুৱতী আদিয়ে অংশগ্ৰহণ কৰে। এই পদযাত্ৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈ মঙলদৈ নগৰৰ মাজেৰে গৈ পুনৰ জিলা আয়ুক্তৰ কাৰ্যালয়তে সামৰণি পৰে।
সেইদৰে এই উপলক্ষে আয়োজিত বাইক ৰেলীৰো জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈ মঙলদৈ নগৰৰ মাজেৰে গৈ পুনৰ জিলা আয়ুক্তৰ কাৰ্যালয়তে সামৰণি পৰে। এই বাইক ৰেলীত আৰক্ষী, জীৱিকা সখী আৰু যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে।

10/08/2024
10/08/2024

The pride of our nation shines through our Tiranga. Let's hoist the National Flag from 9th to 15th Aug in our homes with this spirit & multiply the joy of . Share your selfie with Tiranga on

Har Ghar Tiranga is a platform to show your love for the nation by hoisting the flag at your home.

জনসংযোগ, দৰং প্ৰেছ বিজ্ঞপ্তি নং-৯৪/২০২৪*দৰঙত লোক কল্যাণ দিৱস পালন*মঙলদৈ, ৫ আগষ্ট: আজি দৰঙৰ জিলা পুথিভঁৰালত লোক কল্যাণ দি...
05/08/2024

জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯৪/২০২৪

*দৰঙত লোক কল্যাণ দিৱস পালন*

মঙলদৈ, ৫ আগষ্ট: আজি দৰঙৰ জিলা পুথিভঁৰালত লোক কল্যাণ দিৱস পালন কৰা হয়। ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ কৰ্মৰাজি আৰু অৱদানৰ ওপৰত আলোকপাত কৰে। জিলা আয়ুক্তগৰাকীয়ে গ্ৰুপিঙৰ সময়ত বৰদলৈয়ে গ্ৰহণ কৰা ভূমিকাই অসমক কিদৰে ৰক্ষা কৰিলে সেই বিষয়ে উল্লেখ কৰে। ৰাজ্যখনত উচ্চ ন্যায়ালয়, বিশ্ববিদ্যালয় আদি স্থাপনৰ ক্ষেত্ৰতো বৰদলৈৰ ভুমিকাৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। লোক কল্যাণ দিৱস পালনে আধুনিক অসমৰ অন্যতম নিৰ্মাতা লোকপ্ৰিয় বৰদলৈৰ জীৱন আৰু আদৰ্শৰে উদ্বুদ্ধ হৈ সমাজৰ হিতৰ কাৰণে কাম কৰি যাবলৈ সকলোকে প্ৰেৰণা যোগাব বুলি তেওঁ মন্তব্য কৰে।
আজিৰ অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধিয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ শৈক্ষিক জীৱন, স্বাধীনতা সংগ্ৰামীৰূপে তেওঁৰ ভুমিকা, স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰূপে আগবঢ়োৱা তেওঁৰ অৱদান আদিৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। এগৰাকী মহান সংগঠক, জনপ্ৰিয় নেতা আৰু সুপ্ৰশাসকৰূপে খ্যাত লোকপ্ৰিয় বৰদলৈয়ে দেশ বিভাজনৰ সময়ত অসমক পূব পাকিস্তানত চামিল হোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভুমিকাৰ কথাও তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত মানস কুমাৰ শইকীয়াই। অনুষ্ঠানৰ আৰম্ভণিতে সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে।
সভাত মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰঙৰ অতিৰিক্ত জিলা আয়ুক্তকেইগৰাকীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী,বিশিষ্ট নাগৰিক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।
আজি জিলা আয়ুক্তগৰাকীয়ে মঙলদৈত অৱস্থিত গোপীনাথ বৰদলৈ উদ্যানত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

জনসংযোগ, দৰং প্ৰেছ বিজ্ঞপ্তি নং-৯১/২০২৪*দৰঙত দেশভক্তি দিৱস পালন*মঙলদৈ, ২৮ জুলাই: দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য...
28/07/2024

জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯১/২০২৪
*দৰঙত দেশভক্তি দিৱস পালন*

মঙলদৈ, ২৮ জুলাই: দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত দেশভক্তি দিৱস পালন কৰা হয়। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।
আজিৰ সভাত ভাষণ প্ৰদান কৰি অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে দেশভক্তি দিৱস পালনৰ তাৎপৰ্যৰ ব্যাখ্যা কৰে। মহৎ ব্যক্তিসকলৰ আদৰ্শ অনুকৰণেৰে নৱপ্ৰজন্মই কিদৰে নিজৰ ব্যক্তিত্বৰ উৎকৰ্ষ সাধন কৰিব পাৰিব সেই বিষয়েও তেওঁ ভাষণত উল্লেখ কৰে। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীয়ে ৰাজ্যখনৰ ঐতিহ্য তথা সম্পদৰাজিক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাই তুলিছে বুলি তেওঁ মন্তব্য কৰে। এই প্ৰসংগত তেওঁ লাচিত দিৱস উদযাপনৰ পৰা শেহতীয়াকৈ চৰাইদেউ মৈদাম ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত হোৱা আদিৰ কথা উল্লেখ কৰে। সভাত ভাষণ প্ৰদান কৰি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰাই নৱপ্ৰজন্মক 'মহা মহা পুৰুষৰ চানেকিৰে জীৱন'ৰ নিজৰ জীৱন গঢ়ি তুলিবলৈ আহ্বান জনায়। দেশভক্ত তৰুণৰাম ফুকনৰ বিভিন্ন গুণৰাজিৰ কথা উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় যে তেওঁ শিক্ষা জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰা এগৰাকী সম্পূৰ্ণ ব্যক্তি আছিল। দেশভক্তি দিৱস পালনে নৱপ্ৰজন্মক এই গৰাকী মহান অসম সন্তানৰ আদৰ্শ অনুসৰণ কৰি সফলতাৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
সভাত মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংগীৰসে শিক্ষাৰ প্ৰকৃত লক্ষ্য, মানৱ জীৱনৰ মহত্বৰ সন্ধান, ব্যক্তিত্বৰ উৎকৰ্ষতাৰ বাবে নিৰলস সাধনাৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰোঁতে তেওঁৰ সমসাময়িক দেশ আৰু বিশ্বৰ বিভিন্ন ঘটনাৰাজিৰ বিষয়েও অধ্যাপকগৰাকীয়ে ভাষণত উল্লেখ কৰে। আজিৰ সভাত ভাষণ প্ৰদান কৰি জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে দেশভক্তি দিৱসৰ পালনৰ তাৎপৰ্যৰ প্ৰসংগত নিজৰ দেশ আৰু জন্ম ঠাইক ভালপোৱাৰ লগতে সেই ঠাইসমূহৰ অতীত আৰু ঐতিহ্যৰ বিষয়ে জ্ঞান আহৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই প্ৰসংগত তেওঁ স্বাধীনতাপ্ৰিয় দৰঙী ৰাইজৰ ইতিহাস, কৃষ্টি- সংস্কৃতিৰ-শিক্ষা আদি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ দৰঙৰ অৱদান আৰু দৰঙৰ কেইবাগৰাকী বিশিষ্ট সন্তানৰ কৰ্মৰ বিষয়ে উল্লেখ কৰে।
আজিৰ অনুষ্ঠানত দেশভক্তি দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাৰ জিলা ভিত্তিত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাৰ 'ক' শাখাত প্ৰথম স্থান লাভ কৰে সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লুনা প্ৰিয়া কলিতা, দ্বিতীয় স্থান লাভ কৰে গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰণবীৰ কলিতাই আৰু তৃতীয় স্থান লাভ কৰে বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যোতিস্মিতা কুমাৰে। সেইদৰে 'খ' শাখাত ত্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিপাশা বৰুৱাই প্ৰথম স্থান, ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
অদিতি গোস্বামীয়ে দ্বিতীয় স্থান আৰু মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিমাশ্ৰী শৰ্মাই তৃতীয় স্থান লাভ কৰে। এই ৰচনা প্ৰতিযোগিতাৰ 'গ' শাখাত ছিপাঝাৰ মহাবিদ্যালয়ৰ কল্যাণী গোস্বামীয়ে প্ৰথম, মঙলদৈ মহাবিদ্যালয়ৰ পাৰ্থ শৰ্মাই দ্বিতীয় আৰু মঙলদৈ মহাবিদ্যালয়ৰ হিয়া কলিতাই তৃতীয় স্থান লাভ কৰে।
দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত উপাসনা দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিভিন্ন বিদ্যালয়ৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰী উপস্থিত আছিল।

জনসংযোগ, দৰং প্ৰেছ বিজ্ঞপ্তি নং-৯০/২০২৪*দৰঙত নতুন নৌকা স্বাস্থ্য সেৱাৰ শুভাৰম্ভ*মঙ্গলদৈ, ২৬ জুলাই:  আজি মঙলদৈৰ গা-ধোৱা ঘ...
26/07/2024

জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯০/২০২৪

*দৰঙত নতুন নৌকা স্বাস্থ্য সেৱাৰ শুভাৰম্ভ*

মঙ্গলদৈ, ২৬ জুলাই: আজি মঙলদৈৰ গা-ধোৱা ঘাটত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ কাৰণে এক নৌকা স্বাস্থ্য সেৱাৰ শুভাৰম্ভ কৰা হয়। দৰং জিলা প্ৰশাসনে চেন্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচী ৰিচাৰ্ছ (চি-নেছ) আৰু গ্লেনমাৰ্ক ফাউণ্ডেশ্যনৰ সহযোগত এই নৌকা স্বাস্থ্য সেৱা প্ৰৱৰ্তন কৰিছে।
আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈৰ বিধায়ক বসন্ত দাসে জিলাখনৰ স্বাস্থ্য ক্ষেত্ৰত আজিৰে পৰা এক নতুন মাত্ৰাৰ সংযোজন হ'ল বুলি মন্তব্য কৰে।ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে এই অঞ্চলটোৰ স্বাস্থ্য, যোগাযোগ আদি ক্ষেত্ৰৰ উন্নয়নৰ বাবে তেওঁ পূৰ্বে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ প্ৰসংগত অঞ্চলবাসীৰ বাবে এখন নৌকা এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে।

আজিৰ সভাত উপস্থিত থাকি অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব টি ৱাই দাসে কয় যে প্ৰান্তীয় অঞ্চলৰ লোক, বিশেষকৈ মহিলা, স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত পিছপৰি থাকে। পাৰ্বত্য অঞ্চলৰ এগৰাকী জীয়ৰী হিচাপে নিজৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি তেওঁ কয় যে হিমালয়ৰ পৰ্বতীয়া অঞ্চলৰ পিছপৰা গ্ৰামাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ বাসিন্দালৈকে সকলো পিছপৰা অঞ্চলৰ বাসিন্দাই চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত পিছপৰি ৰয়। অৱশ্যে বৰ্তমান চৰকাৰ আৰু বিভিন্ন সংস্থাৰ উদ্যোগত এই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহিছে। আজিৰ পৰা আৰম্ভ হোৱা নৌকা স্বাস্থ্য সেৱাই দৰঙৰ চৰ-চাপৰি অঞ্চলৰ চিকিৎসা সেৱাৰ যথেষ্ট উন্নয়ন সাধন ককৰিব বুলি তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব আৰু চি-নেছৰ ন্যাসৰক্ষী হিমাংশু শেখৰ দাসে কয় যে পিছপৰা অঞ্চলত সামান্য স্বাস্থ্য সচেতনতা আৰু ন্যূনতম চিকিৎসা সেৱাৰ অভাৱতে মানুহে কষ্ট ভোগে। নিজৰ চাকৰি জীৱনৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে এই কথা প্ৰযোজ্য বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে স্বাস্থ্য সচেতনতা আৰু সামান্য সুবিধাৰ অভাৱত মহিলাসকলে জীৱনজুৰি যন্ত্ৰনা ভোগে। এইক্ষেত্ৰত যথেষ্ট কৰণীয় আছে। চৰকাৰৰ সৈতে বেচৰকাৰী প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন আদিৰ সহযোগিতাই স্বাস্থ্য খণ্ডত বিভিন্ন পৰিৱৰ্তন সাধন কৰিব পাৰে আৰু আজি আৰম্ভ হোৱা নৌকা স্বাস্থ্য সেৱা ইয়াৰে উদাহৰণ বুলি তেওঁ লগতে কয়।

আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে দৰং জিলাই স্বাস্থ্য ক্ষেত্ৰত শেহতীয়াভাৱে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। পূৰ্বে নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত জিলাখন যথেষ্ট পিছপৰি আছিল। কিন্তু স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট সকলোৰে সহযোগত এনে মৃত্যুৰ হাৰ শেহতীয়াকৈ উল্লেখনীয়ভাবে হ্ৰাস পাইছে। জিলাখনত চৰ অঞ্চলত নাৱেৰে সময়ে সময়ে টীকাকৰণ আৰু অন্যান্য চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হয়। আজিৰে পৰা আৰম্ভ হোৱা নৌকা স্বাস্থ্য সেৱাৰ পৰা চৰ-চাপৰিৰ ৰাইজ চিকিৎসা লাভৰ ক্ষেত্ৰত বিশেষভাবে উপকৃত হ'ব বুলি মন্তব্য কৰে। ইয়াৰ বাবে তেওঁ গ্লেনমাৰ্ক ফাউণ্ডেশ্যন আৰু চি-নেছলৈ ধন্যবাদ জ্ঞাপন কৰে।
আজিৰ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, গ্লেনমাৰ্ক ফাউণ্ডেশ্যন আৰু চি-নেছৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

নদীপৰীয়া ৰাইজৰ সুবিধাৰ বাবে C-NES আৰু Glenmark ৰ সহযোগত জিলাখনত আৰম্ভ হয় এই সেৱা। আজি গা-ধোৱা ঘাটত অনুষ্ঠিত এক অনুষ্ঠানত মঙ্গলদৈৰ বিধায়ক বসন্ত দাসৰ উপস্থিতিত এই নৌকা স্বাস্থ্য সেৱা অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব টি. ৱায়. দাসে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে। অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এইচ এছ দাস, দৰং জিলাৰ আয়ুক্ত মুনীন্দ্র নাথ ঙাটে,স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ লগতে C-NES আৰু Glenmark ৰ বিষয়ববীয় আৰু স্বাস্থ্য বিভাগৰ জিলা আৰু খণ্ড পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

জনসংযোগ, দৰংপ্ৰেছ বিজ্ঞপ্তি নং-৮ ৮/২০২৪*দৰঙত শিশু অধিকাৰ সুৰক্ষা বিষয়ক সজাগতা সভা**জিলা আয়ুক্তলৈ অসম ৰাজ্যিক শিশু অধিকাৰ...
24/07/2024

জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৮ ৮/২০২৪

*দৰঙত শিশু অধিকাৰ সুৰক্ষা বিষয়ক সজাগতা সভা*

*জিলা আয়ুক্তলৈ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিশেষ স্বীকৃতি*

মঙলদৈ, ২৪ জুলাইঃ আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত শিশু সৰবৰাহ সজাগতা বিষয়ক এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।এই সভাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শইকীয়া উপস্থিত আছিল। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু দৰঙ জিলা প্ৰশাসনৰ সহযোগত আজিৰ এই সজাগতা সভাৰ আয়োজন কৰা হৈছিল।

আজিৰ সভাত আয়োগৰ অধ্যক্ষ ড০ শইকীয়াই দৰঙ জিলাত শিশু অধিকাৰৰ সুৰক্ষা আৰু শিশুৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে গ্ৰহণ কৰা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে ল’ৰা-ছোৱালীৰ মাজত নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ প্ৰতিৰোধ আৰু এইবোৰৰ অবৈধ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে দৰঙ জিলাই ইতিমধ্যে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছে। জিলা আয়ুক্তগৰাকীৰ সবল নেতৃত্বৰ বাবেই এইয়া সম্ভৱ হৈছে বুলি তেওঁ মন্তব্য কৰে।তেওঁ লগতে কয় যে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগেও এইবাৰৰ পৰা শিশুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱাসকলক সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ কৰিছে। আয়োগে এনে প্ৰথমগৰাকী সন্মানপ্ৰাপকৰূপে দৰঙৰ জিলা আয়ুক্তগৰাকীক নিৰ্বাচিত কৰিছে বুলি ঘোষণা কৰি ড০ শ্যামল শইকীয়াই দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ হাতত আজিৰ অনুষ্ঠানতে প্ৰশস্তি পত্ৰ তুলি দিয়ে।

সভাত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষগৰাকীয়ে শিশুৰ সৰবৰাহ, এনে সৰবৰাহৰ ফলত শিশুৰ দুৰ্ভোগ, সৰবৰাহকাৰীৰ বিৰুদ্ধে থকা আইনী ব্যৱস্থা, এইক্ষেত্ৰত আৰক্ষী, শ্ৰম, সমাজ কল্যাণ আদি বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আদিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। শিশু সৰবৰাহৰ দৰে অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, অভিভাৱক আৰু সচেতন ৰাইজৰ ভূমিকা সম্পৰ্কেও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। ‘অবৈধ সৰবৰাহ (প্ৰতিৰোধ) আইন, ১৯৫৬’ ( আই টি পি এ) আৰু ‘যৌন নিৰ্যাতনৰ পৰা শিশুৰ সুৰক্ষা আইন’ ( পি অ’ চি এছ অ’) আদি শিশু সুৰক্ষা বিষয়ক আইনৰ বিষয়েও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। আয়োগৰ অধ্যক্ষগৰাকীয়ে তেওঁৰ ভাষণত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত বাল্য বিবাহ বিৰোধী অভিযানে বিশেষ সফলতা লাভ কৰিছে। এইক্ষেত্ৰত সংশ্লিষ্ট সকলোৱে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি ২০২৬ চনৰ ভিতৰত অসমক শিশু শ্ৰমিক আৰু বাল্য বিবাহ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন সাকাৰ কৰিব লাগিব বুলি তেওঁ লগতে কয়।

আজিৰ সভাত ভাষণ প্ৰদান কৰি মঙলদৈৰ বিধায়ক বসন্ত দাসে কয় যে শিশু বিৰোধী সকলো অপৰাধ প্ৰতিৰোধ কৰিবৰ বাবে সমাজৰ সকলো স্তৰতে সজাগতা বৃদ্ধি কৰিব লাগিব। ইয়াৰ সৈতে শিক্ষানুষ্ঠান, অভিভাৱক, স্বেচ্ছাসেৱী সংগঠন, সংবাদ মাধ্যম আদি সকলোকে জড়িত কৰাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰে।

সভাত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে জিলাখনত কমবয়সীয়া ল’ৰা-ছোৱালীক নিচাযুক্ত ঔষধৰ ব্যৱহাৰৰ পৰা মুক্ত কৰা, বাল্যবিবাহ ৰোধ কৰা, শিশু শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰা, শিশুৰ স্বাস্থ্যৰ যতন আদিৰ ক্ষেত্ৰত দৰঙ জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা আৰু এইক্ষেত্ৰত লাভ কৰা সফলতাৰ বিষয়ে অৱগত কৰে। দৰঙ জিলাত নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ কথাও তেওঁ নিজৰ বক্তব্যত উল্লেখ কৰে ।
আজিৰ অনুষ্ঠানত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে শিশু সুৰক্ষাৰ বাবে সজাগতাৰ লগতে এইক্ষেত্ৰত শিক্ষক, অভিভাৱক , স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকাৰ কথা উল্লেখ কৰে।

আজিৰ সভাত জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ ড০ বুধিন হাজৰিকা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: ৰমেশ চন্দ্ৰ ভট্টাচার্য, জিলা সমাজ কল্যাণ বিষয়া কোষেশ্বৰ বৰা, জিলা শ্ৰম বিষয়া প্ৰসেনজিত তালুকদাৰ, বিশেষ দত্তক গ্ৰহণকেন্দ্ৰ, দৰঙৰ মুখ্য কাৰ্যবাহী ময়ুখ গোস্বামী আদিয়েও বক্তব্য আগবঢ়ায়। জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই শলাগৰ শৰাই আগবঢ়ায়।

Address

Mangaldai
784125

Alerts

Be the first to know and let us send you an email when Janasanyog Darrang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Janasanyog Darrang:

Share