Civil Defence, Darrang, Assam

Civil Defence, Darrang, Assam Join Civil Defence and Serve the Nation

17/05/2026

Yesterday, from around 6:58 PM to 8:00 PM, an Air Raid / Blackout Mock Exercise Drill was conducted successfully in Darrang District under the guidance of the Honourable DC Ma’am, ADC Sir, and all other line departments. The exercise was successfully carried out by the Civil Defence staff and volunteers of Darrang.
Director General of Civil Defence & Commandant General of Home Guards Assam
Civil Defence, Assam
Darrang District Administration

🇮🇳 দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগ 🇮🇳“সতৰ্কতা, শৃংখলা আৰু প্ৰস্তুতিয়েই জৰুৰীকালীন পৰিস্থিতিত সুৰক্ষাৰ মূল শক্তি।”কেন্দ্ৰীয...
16/05/2026

🇮🇳 দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগ 🇮🇳

“সতৰ্কতা, শৃংখলা আৰু প্ৰস্তুতিয়েই জৰুৰীকালীন পৰিস্থিতিত সুৰক্ষাৰ মূল শক্তি।”

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে আজি ১৬ মে’ ২০২৬ তাৰিখে সন্ধিয়া ৬:০০ বজাৰ পৰা ৮:০০ বজালৈ দৰং জিলাত দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু গুৱাহাটীহাটীস্থিত ভাৰতীয় বায়ুসেনাৰ সহযোগত এক জৰুৰীকালীন “Air Raid Mock Exercise” তথা সুৰক্ষা প্ৰস্তুতিমূলক অনুশীলন সফলতাৰে সম্পন্ন কৰা হয়।

এই গুৰুত্বপূৰ্ণ অনুশীলনৰ লক্ষ্য আছিল সম্ভাব্য আকাশমাৰ্গীয় আক্ৰমণ, যুদ্ধকালীন বিপদ বা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত জনসাধাৰণ আৰু বিভিন্ন চৰকাৰী বিভাগসমূহক অধিক সজাগ, সচেতন আৰু কাৰ্যক্ষম কৰি তোলা। অনুশীলনৰ সময়ত অতিৰিক্ত জিলা আয়ুক্ত অনুৰাগ ফুকন মহোদয়ে উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচী পৰ্যবেক্ষণ কৰাৰ লগতে অংশগ্ৰহণকাৰী দলসমূহক উৎসাহ আৰু প্ৰেৰণা যোগায়।

এই অনুশীলনটিত যুতীয়া সঞ্চালক স্বাস্থ্য বিভাগ, জিলা পৰিবহন বিষয়া, আৰক্ষী বিষয়া সকল, জিলা বিষয়া, উপস্থিত থাকে। দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত উপ নিয়ন্ত্ৰক পলাশ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত অনুশীলন সুচাৰুৰূপে পৰিচালিত হয়।

🚨 অনুশীলনৰ অংশ হিচাপে “Danger Siren” আৰু “All Clear Siren” বজোৱা হয়।

🟢 অবিৰতভাৱে বাজি থকা চাইৰেণ (Continuous Siren) ক “All Clear Siren” বুলি কোৱা হয়, যিয়ে বিপদমুক্ত বা স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি অহাৰ সংকেত প্ৰদান কৰে।

🔴 আনহাতে, ৰৈ ৰৈ বাজি থকা চাইৰেণ (Intermittent Siren) ক “Danger Siren” বুলি কোৱা হয়, যিয়ে সম্ভাৱ্য বিপদ বা জৰুৰী অৱস্থাৰ সতৰ্কবাণী প্ৰদান কৰে।

এই অনুশীলনৰ সময়ত ব্লেকআউট ব্যৱস্থা, সুৰক্ষিত স্থানলৈ স্থানান্তৰণ, আহত লোকৰ উদ্ধাৰ, জৰুৰীকালীন চিকিৎসা সহায় আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ ওপৰত বাস্তৱসম্মত প্ৰদৰ্শন কৰা হয়। মংগলদৈ অসামৰিক চিকিৎসালয়, অগ্নি নিৰ্বাপক বাহিনী, APDCL, DDMA,DTO, DIPRO,Police, Homeguard, Health ৰ বিভিন্ন বিষয়াসকল তথা অন্যান্য সংশ্লিষ্ট বিভাগসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আন্তঃবিভাগীয় সমন্বয় আৰু সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে।

জনসাধাৰণৰ সহযোগিতা, স্বেচ্ছাসেৱকসকলৰ নিষ্ঠা আৰু সকলো বিভাগৰ একত্ৰিত প্ৰচেষ্টাৰ ফলতেই এই বৃহৎ অনুশীলন সফলতাৰে সম্পন্ন হয়। এই ধৰণৰ অনুশীলনে ভৱিষ্যতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত দ্ৰুত, সুসংগঠিত আৰু ফলপ্ৰসূ সঁহাৰি আগবঢ়োৱাত বিশেষ সহায় কৰিব।

🙏 দৰং জিলাৰ মঙ্গলদৈ বাসী আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সহযোগিতা আৰু সচেতনতাৰ বাবে।

🚨 “সতৰ্ক থাকক, সচেতন থাকক, সুৰক্ষিত থাকক।”
Director General of Civil Defence & Commandant General of Home Guards
Civil Defence, Assam Assam
Darrang District Administration

*দৰং জিলাত সম্ভাৱ্য বিমান আক্ৰমন/ ব্লেকআউট সমন্ধীয় অনুষ্ঠিতব্য অনুশীলনৰ প্ৰস্তুতি সন্দর্ভত বৈঠক সম্পন্ন*মঙ্গলদৈ, ১৫ মে'...
15/05/2026

*দৰং জিলাত সম্ভাৱ্য বিমান আক্ৰমন/ ব্লেকআউট সমন্ধীয় অনুষ্ঠিতব্য অনুশীলনৰ প্ৰস্তুতি সন্দর্ভত বৈঠক সম্পন্ন*

মঙ্গলদৈ, ১৫ মে': আজি দৰং জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত বিয়লি ৩.০০ বজাত জিলাখনত কালিলৈ অৰ্থাৎ ১৬ মে' তাৰিখে সন্ধিয়া ৭.০০ বজাত মঙ্গলদৈ সদৰৰ কৰিম চকত থকা ট্ৰেন্ডছ শ্বপিং ম'ল প্ৰাংগনত অনুষ্ঠিত হ'বলগীয়া সম্ভাব্য বিমান আক্ৰমণ/ ব্লেকআউটৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতা বিষয়ক আখৰা বা অনুশীলন কাৰ্য্যসূচী সন্দৰ্ভত এক প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হৈ যায়।

অতিৰিক্ত জিলা আয়ুক্ত অনুৰাগ ফুকনে সঞ্চালন কৰা এই সভাখনত ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা - মন্ত্ৰালয়, অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নির্দেশনা অনুসৰি অহা ১৬ মে'ত অৰ্থাৎ কালিলৈ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'বলগীয়া এই অনুশীলন কাৰ্যসূচীত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগ, স্বাস্থ্য বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, বিদ্যুৎ বিভাগ, বি.এছ.এন.এল, তথ্য আৰু জনসংযোগকে ধৰি সকলো সংশ্লিষ্ট বিভাগৰ মুৰব্বী উপস্থিতিত বিভাগীয় দায়িত্ব আৰু কৰ্তব্যসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

দৰং জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু দৰং জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই প্ৰস্তুতিমূলক আখৰাৰ মূল উদ্দ্যেশ্য হৈছে সম্ভাব্য বিমান আক্রমণ (Air-raid)ৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহ সন্দৰ্ভত ৰাইজৰ মাজত পৰ্য্যাপ্ত সজাগতাৰ সৃষ্টি কৰা আৰু বিভিন্ন বিভাগৰ তৰফৰ পৰা এনে জৰুৰীকালীন সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনাৰ এক বাস্তৱিক পৰিৱেশত অনুশীলনৰ জৰিয়তে বিভাগসমূহৰ কাৰ্যদক্ষতা পৰীক্ষা কৰাৰ লগতে সচেতন কৰি তোলা।

উক্ত অনুশীলনী সন্ধিয়া ৭.০০ বজাৰ পৰা আৰম্ভ হৈ প্ৰায় এক ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হ'ব। এই প্ৰস্তুতিমুলক অনুশীলনী সন্ধিয়া ৭.০০ বজাত বিপদ সংকেত অৰ্থাৎ প্ৰথমটো চাইৰেন বাজি উঠাৰ লগে লগে আৰম্ভ হ'ব। এই চাইৰেন ২ মিনিট জুৰি ৰৈ ৰৈ বাজিব। চাইৰেন বাজি উঠাৰ লগে লগে ৰাইজে নিজৰ ঘৰৰ বিজুলী বাতি বন্ধ ৰাখি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰা আখৰা বা অনুশীলন আৰম্ভ হ'ব। এই সময়ছোৱাত উক্ত অঞ্চলত বিদ্যুৎ সেৱাও বন্ধ থাকিব। অনুশীলনীৰ শেষত পুনৰ সেউজ সংকেত অৰ্থাৎ পুনৰ ২ মিনিট জুৰি একেৰাহে অন্তিমটো চাইৰেন বাজি উঠাৰ লগে লগে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিব, বিদ্যুৎ সেৱা পুনৰ আৰম্ভ হ'ব তথা অঞ্চলবাসী সাধাৰণ ৰাইজে পুনৰ নিজৰ স্বাভাৱিক কৰ্মত আত্মনিয়োগ কৰিব পাৰিব।
অনুষ্ঠিতব্য উক্ত সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতা বিষয়ক অনুশীলনীৰ সময়ছোৱাত দৰং জিলাবাসী ৰাইজক অনাহকত শংকিত নহ'বলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ কৰাৰ লগতে পূৰ্ণ সহায় সহযোগিতা আহবান কৰা হৈছে।
উল্লেখ্য যে- আজিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত অনুৰাগ ফুকন, আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল,অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্রক (জেষ্ঠ্য) পলাশ বৰুৱা, সংশ্লিষ্ট বিভাগীয় বিষয়াসকল, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ৱাৰ্ডেন স্বেচ্ছাসেৱীসকলৰ লগতে আৰক্ষী, অগ্নি আৰু আপাতকালীন বিভাগ আৰু গৃহৰক্ষী বিভাগৰ প্রতিনিধিসকল উপস্থিত থাকে।
Director General of Civil Defence & Commandant General of Home Guards Assam
Darrang District Administration

A training programme on “Rescue in Emergency” was successfully conducted on 01-05-2026, focusing on flood disaster prepa...
01/05/2026

A training programme on “Rescue in Emergency” was successfully conducted on 01-05-2026, focusing on flood disaster preparedness. The training was designed by Civil Defence, Darrang, and organized by SACAH in collaboration with Jilmil Gramya Puthi Bharal, Bagachala, Darrang.

Today, a Road Safety Meeting was held at the DC Conference Hall on 29-04-2026, attended by Civil Defence Darrang, Mangal...
29/04/2026

Today, a Road Safety Meeting was held at the DC Conference Hall on 29-04-2026, attended by Civil Defence Darrang, Mangaldai.
Director General of Civil Defence & Commandant General of Home Guards Assam
Darrang District Administration

Today on 29-04-2026 Civil Defence, Darrang has conducted a Flood Preparedness and Earthquake Safety Awareness-cum-Mock E...
29/04/2026

Today on 29-04-2026 Civil Defence, Darrang has conducted a Flood Preparedness and Earthquake Safety Awareness-cum-Mock Exercise programme at Dhula HS School among students and school staff to enhance disaster readiness and awareness. The programme focused on emergency response measures, evacuation procedures, and safety practices during floods and earthquakes.
Director General of Civil Defence & Commandant General of Home Guards Assam Darrang District Administration

বিধানসভা নিৰ্বাচনৰ দায়িত্ব পালনকালত নিশা মংগলদৈ কলেজত  ১০৮ এম্বুলেন্স ড্ৰেইনত ফচি যোৱাৰ ঘটনাত দৰং অসামৰিক প্ৰতিৰক্ষা বি...
11/04/2026

বিধানসভা নিৰ্বাচনৰ দায়িত্ব পালনকালত নিশা মংগলদৈ কলেজত ১০৮ এম্বুলেন্স ড্ৰেইনত ফচি যোৱাৰ ঘটনাত দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱকসকলে তাৎক্ষণিকভাৱে সহায় আগবঢ়ায়।
ঘটনাটো তেতিয়া সংঘটিত হয় যেতিয়া নিৰ্বাচনী দায়িত্বত নিয়োজিত এগৰাকী অসুস্থ ব্যক্তিক মংগলদৈ কলেজ চৌহদৰ পৰা স্থানান্তৰ কৰাৰ সময়ত হঠাতে বাহনৰ এটি চকা কাষৰ ড্ৰেইনত সোমাই যায় আৰু এম্বুলেন্সখন ফচি পৰে। পৰিস্থিতিৰ প্ৰতি দ্ৰুত আৰু সুসমন্বিত প্ৰতিক্ৰিয়া জনাই স্বেচ্ছাসেৱকসকলে এম্বুলেন্সখন সুৰক্ষিতভাৱে উঠাই আনে আৰু চিকিৎসা সেৱা অব্যাহত ৰখাত সহায় কৰে।
জিলা প্ৰশাসনক বিধানসভা নিৰ্বাচনত দৰ‍ং অসামৰিক প্ৰতিৰক্ষা বিভাগে যান বাহন নিয়ন্ত্ৰণ, ঘোষণা কা‌ৰ্য, খাদ্য বিতৰণ, ভীৰ নিয়ন্ত্ৰণ তথা আন আন দিশত প্ৰত্যক্ষ ভাবে এক বৃহৎ স্বেচ্ছাসেৱক দলেৰে সহযোগিতা আগবঢ়াই।
Director General of Civil Defence & Commandant General of Home Guards Assam
Darrang District Administration

As per initial information received from the public...due to the the ongoing ashok asthami mela at Chereng Ghat under Ma...
26/03/2026

As per initial information received from the public...due to the the ongoing ashok asthami mela at Chereng Ghat under Mangaldai Revenue Circle, a group of five boys residents of Kharupetia, Kheteswar under Dalgaon Rev. Circle came for attending the mela and they went for bathing in the neraby tributary of Brahmaputra at around 11:00 am.
Unfortunately a boy named Shivam Das S/o Kamakhya Das aged approx 16years supposedly drowned and didn't come up after bathing.
Upon receipt of the message the SDRF team immediately started search and rescue operation along with local public and another team of diver from udalguri sdrf also arrived at the spot.
The deceased body was recoverd at around 2:50 pm byt the search effort of the parties.
Concerned LM, Gaon pradhan,Civil defence team along with Field Officer Mangaldai Revenue Circle and Circle officer sir Pub Mangaldai Revenue Circle also visited the spot where the incident took Place.
Police personell are present at the site and one 108 ambulance is on the way to the site as family members of the deceased are also present and seems to have shock and health issue after the body was recoverd.
Regards Field Officer Mangaldai Revenue Circle.
District Administration Director General of Civil Defence& Commandant General of Home Guards Assam Civil Defence, Darrang, Assam Hemanga Talukdar National Disaster Response Force, India Civil Defence, Assam

ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত, দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হোৱা জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত দৰং অসামৰ...
27/02/2026

ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত, দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হোৱা জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগে সতৰ্কতা মূলক বাৰ্তা আৰু প্ৰশিক্ষণ সেৱা আগবঢ়ায়।
Director General of Civil Defence & Commandant General of Home Guards Assam Darrang District Administration Civil Defence, Darrang, Assam Civil Defence, Assam National Disaster Response Force, India

দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সদ্য পদোন্নতি লাভ কৰা সন্মানীয় পলাশ বৰুৱা ছাৰ আৰু ইলোৰা তাৰা‌ বাইদেউক আমাৰ স্বেচ্ছাসেৱক স...
04/02/2026

দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সদ্য পদোন্নতি লাভ কৰা সন্মানীয় পলাশ বৰুৱা ছাৰ আৰু ইলোৰা তাৰা‌ বাইদেউক আমাৰ স্বেচ্ছাসেৱক সকলে উষ্ম আদৰণি জনায়।
সন্মানীয় বাইদেউ এ কামৰূপ মেট্ৰ'জিলালৈ বদলি হ'ব। বাইদেউৰ বিদায় সম্বৰ্ধনা কাৰ্যসূচী ও অনুষ্টুপীয়াকৈ আয়োজন কৰা হয়।আমি দুয়ো গৰাকী সন্মানীয় বিষয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Director General of Civil Defence & Commandant General of Home Guards Assam
Darrang District Administration

Address

NH 15
Mangaldai
784125

Telephone

+919435385663

Website

Alerts

Be the first to know and let us send you an email when Civil Defence, Darrang, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share