20/08/2026
১০০ দিনৰ সফল যাত্ৰা, এক বিকশিত অসম নিৰ্মাণৰ দিশে...
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ১০০ দিন সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। একে সময়তে অসমত তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰৰ ১০০ দিনৰ সফল যাত্ৰাৰ বাবেও ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত বিকশিত ভাৰত আৰু বিকশিত অসম গঢ়াৰ সংকল্পৰে আমি Team Assam একেলগে নিষ্ঠা আৰু সমৰ্পণেৰে কাম কৰি আহিছোঁ।
জনসেৱা, উন্নয়ন আৰু প্ৰগতিৰ এই যাত্ৰা অনাগত দিনতো অধিক শক্তিশালী হৈ আগুৱাই যাওক—এয়াই আমাৰ সংকল্প। ১০০ দিনৰ সফলতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সমগ্ৰ এন ডি এ পৰিয়াল আৰু Team Assamলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জনতাৰ আশিস শিৰত লৈ আমি এখন শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়াৰ বাবে কৰ্মযজ্ঞ অব্যাহত ৰাখিম।