11/01/2026
"দেশী" সম্প্ৰদায় অসমৰ এটা নিৰ্দিষ্ট জনগোষ্ঠী। গোৱালপাৰাকে ধৰি মূলতঃ বঙাইগাঁও, ধুবুৰী, জিলাত বিস্তৃত মুছলমান জনসংখ্যাৰ এটা অংশ (প্ৰায় ৬০%) তেওঁলোকে গঠন কৰে। গোৱালপাৰা জিলাত মুছলমান সংখ্যাগৰিষ্ঠ (৫৭.৫২%) যদিও
প্ৰধানত অসমীয়া ভাষা ৫১.৮%, বাংলা ২৮.৮%, গাৰো ৭.৫৬%, আৰু ৰাভা ৫.১৬% এ ব্যৱহাৰ কৰে।
দেশী মুছলমানসকল ইছলাম ধৰ্ম গ্ৰহণ কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ (যেনে কোচ, ৰাভা, মেচ) বংশধৰ বুলি জনা যায়।ভোগালী বিহুৰ প্ৰাক্ষণৎ আজি গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিৰ বিভিন্ন পৰ্যায়ৰ বিষয়বৱীয়া আৰু কৰ্মী সকলে অসম গণ পৰিষদ, গোৱালপাৰা জিলাৰ মুখ্য কাৰ্যালয়ত অসম কৃষক পৰিষদৰ তৰফৰ পৰা সংবাদকৰ্মী বন্ধু সকলৰ লগত আয়োজন কৰা "চাহ-মেল আৰু মত-বিনিময় অনুস্থান" ত উপস্থিত থাকো। অসম কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য দেৱে অনুষ্ঠানটোৰ গুৰি ধৰি "ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উৎপাদন" সন্দৰ্ভত বিতং ভাবে বুজাই দিয়ে। আমাৰ লগত উপস্থিত থাকে অগপ গোৱালপাৰা জিলাৰ সভাপতি জিতেন দাস, অগপ দুধনৈ সমষ্টিৰ সভাপতি দিগন্ত ৰাভা, অসম কৃষক পৰিষদৰ সম্পাদক বিকাশ বৰুৱা, প্ৰচাৰ সচিব আজিবৰ ৰহমান, সম্পাদিকা বাবলী গোস্বামী, জিলা কৃষক সভাপতি সমৰউদ্দিন আহমেদ।