26/07/2026
মানুহে মানুহৰ বাবে — এই বিশ্বাসক হৃদয়ত লৈ...
আমাৰ সামৰ্থ্য অনুযায়ী কুলা পথাৰ গাঁও, লুঠি চেতিয়া গাঁও, ২ নং কুঁৱৰ গাঁও, পদুমণি, চেণ্ট্ৰেল বেতবাৰী, টিপছিটিং, মাজি গাঁও, কাকটি গাঁওকে আদি কৰি প্ৰায় ৮ খনৰো অধিক গাঁওত বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় হৈ সাহায্য বিতৰণ কৰাৰ সৰু প্ৰয়াস কৰিলোঁ।
এই সহায় কেৱল কিছু সামগ্ৰীৰ বিতৰণ নহয়, ই হৈছে একতাৰ শক্তি, মানৱতাৰ পৰিচয় আৰু দুখৰ সময়ত একেলগে থকাৰ অংগীকাৰ।
এই মহৎ কাৰ্যত সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতিজন দাতা, স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সহায় অবিহনে এই প্ৰয়াস সম্ভৱ নহ'লহেঁতেন।