10/08/2020
"পথাৰো আমাৰ, বজাৰো আমাৰ”
সমাজৰ কামত বহুখিনি ঘূৰি ফুৰা হয় আমাৰ। অসমৰ বিভিন্ন স্থান। দেখি ভাল লাগে আজিকালি। আমাৰ ল’ৰাবোৰে বেপাৰ কৰিবলৈ শিকিছে লাহে লাহে। পান দোকানেই হওক, শাক-পাচলিৰ দোকানেই হওক অথবা মাংসৰ দোকানেই হওক। আমাৰখিনিয়েও শিকিছে। দাম একেই লবলৈও শিকিছে, দুটকা বেছি নুখুজিবলৈ জানিছে।
ধৰ্ণা, আন্দোলন বা দাবী ধমকি দি অসমলৈ অহা অনাঅসমীয়া উদ্যোগপতিবোৰৰ পৰা টকা উঠাবলৈ বাদ দি স্বাৱলম্বী হবলৈ শিকিছে।
এনেদৰে থাকিলে "অসম আকৌ উন্নতি পথত" কথাটো প্ৰকৃতাৰ্থত যেন সত্য হবলৈ গৈ আছে। "জয় আই অসম" সচাঁকৈয়েই হব।
আৰু এটা কথা, জুবিন গাৰ্গক মই তেঁওৰ সিদ্ধান্তৰ বাবে সন্মান জনাইছোঁ। যদি অসম বচাব লাগে, "আত্মনিৰ্ভৰ অসম" হবই লাগিব আৰু এনে এটা মহৎ কামত চৰকাৰক সহযোগ কৰাটো প্ৰত্যেক সজাগ নাগৰিকৰ কৰ্তব্য বুলি মই ব্যক্তিগত ভাবে বিবেচনা কৰো (irrespective of which party is in power).
আৰু এটা কথা, আগতে তেখেতক উচটাই তৰকাৰী খাই থকাখিনিৰতো হজম নোহোৱাটো স্বাভাৱিক। মানুহজন "Normal" হৈছে, তেখেতক মানুহ হিচাবে নিজৰ মতে নিজৰ জীৱনতো কটাবলৈ দিয়ক।
জয় আই অসম।
জয় হিন্দ।
জয় "আত্মনিৰ্ভৰ অসম"।
Kumar Pinku Pratim Jugal krishna doley Raktim Tamuli Dr. Nasimur Riaz Kumar Partha Pratim