District Agriculture Office, Morigaon

District Agriculture Office, Morigaon Agriculture

মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত জিলা খনৰ আটাইকেইটা কৃষি উন্নয়ন চক্ৰৰ অধীনত সোমবাৰে কৃষক পঞ্জীয়নৰ উদ্দেশ্যে আয়োজিত শি...
07/09/2026

মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত জিলা খনৰ আটাইকেইটা কৃষি উন্নয়ন চক্ৰৰ অধীনত সোমবাৰে কৃষক পঞ্জীয়নৰ উদ্দেশ্যে আয়োজিত শিবিৰৰ কিছু দৃশ্য

Pijush Hazarika
Himanta Biswa Sarma
Morigaon District Administration
Department of Agriculture, Assam

Department of Agriculture, Assam Morigaon District Administration
07/09/2026

Department of Agriculture, Assam
Morigaon District Administration

*তৈল খেজুৰৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ সন্দৰ্ভত মৰিগাঁও জিলা কৃষি বিভাগৰ বিশেষ প্ৰশিক্ষণ* মৰিগাঁও জিলাত তৈল খেজুৰ খেতিৰ সম্প...
05/09/2026

*তৈল খেজুৰৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ সন্দৰ্ভত মৰিগাঁও জিলা কৃষি বিভাগৰ বিশেষ প্ৰশিক্ষণ*

মৰিগাঁও জিলাত তৈল খেজুৰ খেতিৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান–তৈলবীজ (National Mission on Edible Oils–Oilseeds: NMEO–OP)-ৰ অধীনত মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ প্ৰশিক্ষণ তথা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে বিষয়া কৰ্মচাৰী সকলক তৈলখেজুৰ বৈজ্ঞানিক কৃষি পদ্ধতি আৰু আধুনিক কৃষি প্ৰযুক্তিৰ বিষয়ে বিস্তৃতভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত তৈল খেজুৰ খেতিৰ ব্যৱস্থাপনা, উন্নত জাতৰ বীজ নিৰ্বাচন, বীজ সিঁচা তথা ৰোপণৰ উপযুক্ত পদ্ধতি, সুষম সাৰ প্ৰয়োগ, শস্যৰ উপযুক্ত পৰিচৰ্যা আদি বিষয়ত ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়। অসম কৃষি সঞ্চালকালয়ৰ বিষয়া তথা আঁচনি খনৰ ৰাজ্যিক ন'ডেল বিষয়া কল্পনা বৰ্মন সমল ব্যক্তি হিচাপে উপস্থিত থকা অনুষ্ঠানত তৈল খেজুৰ শস্যৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত বৈজ্ঞানিক কৃষি পদ্ধতি গ্ৰহণৰ গুৰুত্ব সম্পৰ্কেও বিষদভাৱে অৱগত কৰাৰ লগতে আঁচনি খন কৃষক সকলৰ কাষলৈ লৈ যাবলৈ দিহা পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি তৈল খেজুৰ খেতিত দেখা দিব পৰা বিভিন্ন ৰোগ আৰু কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে সমন্বিত ৰোগ ব্যৱস্থাপনা (Integrated Disease Management–IDM) আৰু সমন্বিত কীট-পতংগ ব্যৱস্থাপনা (Integrated Pest Management–IPM) সম্পৰ্কে কৃষকসকলক সজাগ কৰা হয়। কৃষকসকলৰ উৎপাদন ব্যয় হ্ৰাস, উৎপাদনশীলতা বৃদ্ধি আৰু তৈলজাত শস্যৰ খেতিৰ জৰিয়তে অধিক উপাৰ্জনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে আধুনিক আৰু বৈজ্ঞানিক কৃষি পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়। উক্ত অনুষ্ঠানত মহকুমা কৃষি বিষয়া মূছাহীদ ফাৰুকী, আঁচনি খনৰ জিলা ন'ডেল বিষয়া কিশোৰ কুমাৰ কলিতা, জিলা কৃষি তথ্য বিষয়া গৌতম নাথ, কৃষি উন্নয়ন বিষয়া সকল, কৃষি পৰিদৰ্শক, BTM, ATM, কৃষি সম্প্ৰসাৰণৰ সহায়ককে প্ৰমূখ্যে সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Pijush Hazarika
CMO Assam
Morigaon District Administration
Department of Agriculture, Assam

মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত জিলা খনৰ বিভিন্ন কৃষি উন্নয়ন চক্ৰৰ অধীনত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সুনিশ্চিত কৰাৰ উদ্দে...
05/09/2026

মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত জিলা খনৰ বিভিন্ন কৃষি উন্নয়ন চক্ৰৰ অধীনত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে আয়োজিত বিভিন্ন কাৰ্যসূচীৰ কিছু দৃশ্য।

Department of Agriculture, Assam
Morigaon District Administration

চৰকাৰী মাটিত খেতি কৰা কৃষকৰো কৃষক পঞ্জীয়নৰ ব্যৱস্থাকৃষক পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক গতিশীল আৰু সৰ্বাংগীন কৰাৰ উদ্দেশ্যে স...
03/09/2026

চৰকাৰী মাটিত খেতি কৰা কৃষকৰো কৃষক পঞ্জীয়নৰ ব্যৱস্থা
কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক গতিশীল আৰু সৰ্বাংগীন কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো জিলা কৃষি বিভাগৰ উদ্যোগত চৰকাৰী মাটিত খেতি কৰি অহা কৃষকসকলৰ কৃষক পঞ্জীয়ন নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা আৰম্ভ কৰা হৈছে।
এই নতুন ব্যৱস্থাৰ জৰিয়তে চৰকাৰী মাটিত খেতি কৰি অহা কৃষকসকলেও এতিয়াৰে পৰা কৃষক পঞ্জীয়নৰ বাবে যোগ্য হিচাপে বিবেচিত হ’ব। ইয়াৰ ফলত পঞ্জীয়নৰ আওতালৈ অধিক সংখ্যক কৃষকক সামৰি লৈ চৰকাৰী কৃষি আঁচনি আৰু কৃষককেন্দ্ৰিক বিভিন্ন সুবিধা প্ৰদানৰ ক্ষেত্ৰত অধিক গতি লাভ কৰিব বুলি আশা কৰা হৈছে।
কৃষক পঞ্জীয়নৰ এই বিশেষ ব্যৱস্থাৰ জৰিয়তে চৰকাৰী মাটিত খেতি কৰি অহা যোগ্য কৃষকসকলকো পঞ্জীয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজৰ কৃষক পৰিচয় নিশ্চিত কৰিবলৈ জিলা কৃষি বিভাগে আহ্বান জনাইছে।

Pijush Hazarika
CMO Assam
Himanta Biswa Sarma
Ramakanta Dewri
Department of Agriculture, Assam
Morigaon District Administration

বিভিন্ন বিভাগীয় আঁচনিৰ অধীনত অনুমোদিত হিতাধিকাৰীৰ মাজত কৃষি সামগ্ৰী বিতৰণকৃষকসকলক কৃষি উৎপাদনৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰ...
03/09/2026

বিভিন্ন বিভাগীয় আঁচনিৰ অধীনত অনুমোদিত হিতাধিকাৰীৰ মাজত কৃষি সামগ্ৰী বিতৰণ

কৃষকসকলক কৃষি উৎপাদনৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰাৰ লগতে আধুনিক কৃষি প্ৰযুক্তি আৰু উন্নত কৃষি সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে আজি মৰিগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন বিভাগীয় আঁচনিৰ অনুমোদিত হিতাধিকাৰীসকলৰ মাজত বিভিন্ন কৃষি সামগ্ৰী বিতৰণ কৰা হয়। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ৰূপায়ণ কৰা এই বিতৰণ কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক আঁচনি অনুসৰি অনুমোদিত কৃষি সামগ্ৰী আৰু কৃষি উপকৰণ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত HMNEH (Horticulture Mission for North East and Himalayan States) আঁচনিৰ অধীনত পলিহাউচ আৰু মালচিং, Mission for Aatmanirbharta in Pulses-ৰ অধীনত মাটিমাহৰ বীজ, NMEO-OS (National Mission on Edible Oils – Oilseeds)-ৰ অধীনত VCC-ৰ বিপৰীতে তিলৰ বীজ, লগতে মিলেট আৰু ড্ৰেগন ফ্ৰুটৰ কৃষি সামগ্ৰী/ৰোপণ সামগ্ৰী আদি অন্তৰ্ভুক্ত। কৃষি বিভাগৰ এনে আঁচনিসমূহে কৃষকসকলক উন্নত কৃষি পদ্ধতি গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে বৈচিত্ৰ্যময় কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ উপাৰ্জনৰ নতুন সম্ভাৱনা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
আজিৰ এই কাৰ্যসূচীত কৃষি উন্নয়ন বিষয়াসকলকে ধৰি সংশ্লিষ্ট কৃষি সম্প্ৰসাৰণ সহায়কসকল উপস্থিত থাকি হিতাধিকাৰীসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ প্ৰদান কৰে।

Pijush Hazarika
Morigaon District Administration
Department of Agriculture, Assam

02/09/2026

Address

Gasbari
Morigaon

Website

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Morigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share