Bowalguri Gaon Panchayat

Bowalguri Gaon Panchayat গাঁওবাসীৰ সেৱা, তথ্য আৰু উন্নয়নমূলক কামৰ খবৰ ইয়াত পাব।

🇮🇳 দেশপ্ৰেমৰ উছাহ, জনসেৱাৰ অংগীকাৰ৮০সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় উপলক্ষত বোৱালগুৰি গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় পতাকা উত্...
15/08/2026

🇮🇳 দেশপ্ৰেমৰ উছাহ, জনসেৱাৰ অংগীকাৰ

৮০সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় উপলক্ষত বোৱালগুৰি গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগতে VB-G RAM G ৰ ওপৰত বিশেষ গাঁও সভা অনুষ্ঠিত হয়।
স্বাধীনতাৰ বীৰসকলক সন্মান জনাই, দেশ আৰু সমাজৰ উন্নয়নৰ বাবে একেলগে আগুৱাই যোৱাৰ সংকল্পৰে উদযাপন কৰিলোঁ স্বাধীনতাৰ এই গৌৰৱময় দিন।
জয় হিন্দ। বন্দেমাতৰম্! 🇮🇳

🇮🇳 একতা, দেশপ্ৰেম আৰু গৌৰৱৰ প্ৰতীক—৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তিৰংগা যাত্ৰা।
14/08/2026

🇮🇳 একতা, দেশপ্ৰেম আৰু গৌৰৱৰ প্ৰতীক—৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তিৰংগা যাত্ৰা।

খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিতিলৈবজাৰতকৈ সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ পুনৰাম্ভণি অনুষ্ঠানঅসমৰ ...
10/08/2026

খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিতিলৈ

বজাৰতকৈ সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ পুনৰাম্ভণি অনুষ্ঠান

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্ন সেৱা যোজনাৰ অধীনত আজি ৰাজ্যৰ ৭০.২০ লাখ ৰেচন কাৰ্ডধাৰীৰ বিপৰীতে বিনামূলীয়া ৰেচনৰ লগতে ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

এই শুভক্ষণত বোৱালগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বোৱালগুৰি গাঁৱৰ আবুল হুছেইন ডাঙৰীয়াৰ সুলভ মূল্যৰ দোকানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সন্মানীয় হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কৰোঁ।

এই পদক্ষেপে দৰিদ্ৰ আৰু সাধাৰণ পৰিয়ালসমূহৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লগতে পৰিপুষ্টি আৰু জীৱন-যাপনৰ মান উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

খাদ্য সুৰক্ষা নিশ্চিত হওক, পৰিপুষ্টিৰে সমৃদ্ধ হওক প্ৰতিটো পৰিয়াল। 🇮🇳

আজি ইংৰাজী ০১/০৮/২০২৬ তাৰিখ শনিবাৰে বোৱালগুৰি গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত অৰুণোদয় ৩.০ আঁচনিৰ ২০২৬–২৭ ব...
01/08/2026

আজি ইংৰাজী ০১/০৮/২০২৬ তাৰিখ শনিবাৰে বোৱালগুৰি গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত অৰুণোদয় ৩.০ আঁচনিৰ ২০২৬–২৭ বিত্তীয় বৰ্ষৰ প্ৰথম আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়।

কাৰ্যসূচীত উপস্থিত থকা সকলো সন্মানীয় অতিথি, পঞ্চায়তৰ বিষয়া-কৰ্মচাৰী, জনপ্ৰতিনিধি আৰু হিতাধিকাৰীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

সকলোৰে সহযোগিতা আৰু অংশগ্ৰহণে কাৰ্যসূচীখন সাফল্যমণ্ডিত কৰি তুলিলে। আগন্তুক দিনতো জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত সকলোৱে একেদৰে সহযোগিতা আগবঢ়াব বুলি আশা ব্যক্ত কৰিলোঁ।

📢 জৰুৰী জাননীনমস্কাৰ।শ্ৰদ্ধাৰ বোৱালগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় ৩.০ আঁচনিৰ সকলো হিতাধিকাৰী সকলক জনোৱা হৈছে যে, ...
31/07/2026

📢 জৰুৰী জাননী

নমস্কাৰ।

শ্ৰদ্ধাৰ বোৱালগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় ৩.০ আঁচনিৰ সকলো হিতাধিকাৰী সকলক জনোৱা হৈছে যে, অহাকালি ০১/০৮/২০২৬ তাৰিখ (শনিবাৰ), পুৱা ১১:০০ বজাত বোৱালগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ২০২৬–২৭ বিত্তীয় বৰ্ষৰ প্ৰথম আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব।

সেয়েহে, অৰুণোদয় ৩.০ আঁচনিৰ সকলো হিতাধিকাৰীক সময়মতে বোৱালগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল।

আজি, ইংৰাজী ৩১/০৭/২০২৬ তাৰিখে শুক্ৰবাৰে দিনৰ ১০:০০ বজাত বোৱালগুৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বোৱালগুৰি গাওঁ প...
31/07/2026

আজি, ইংৰাজী ৩১/০৭/২০২৬ তাৰিখে শুক্ৰবাৰে দিনৰ ১০:০০ বজাত বোৱালগুৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বোৱালগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২৬টা অংগনবাড়ী কেন্দ্ৰৰ সকলো অংগনবাড়ী কৰ্মী আৰু দায়িত্বত থকা পৰ্যবেক্ষক শ্ৰীমতী নমিতা বৰ্মনৰ উপস্থিতিত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

সভাত সভাপতিত্ব কৰে বোৱালগুৰি গাওঁ পঞ্চায়তৰ সভাপতি মিজানুল হক-এ। সভাত অংগনবাড়ী কেন্দ্ৰসমূহত চলি থকা বিভিন্ন সমস্যা, সেৱা প্ৰদানৰ মানদণ্ড, শিশু আৰু মাতৃ কল্যাণমূলক কাৰ্যসূচীৰ ফলপ্ৰসূ ৰূপায়ণ, লগতে কেন্দ্ৰসমূহৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।

সভাত উপস্থিত সকলো অংগনবাড়ী কৰ্মীয়ে নিজ নিজ কেন্দ্ৰৰ সমস্যা আৰু প্ৰয়োজনীয়তাসমূহ দাঙি ধৰে। সেইসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ সমাধানৰ বাবে আলোচনা কৰি আগন্তুক দিনত সমন্বয় আৰু সহযোগিতাৰে কাম আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

সভাৰ শেষত সভাপতি মিজানুল হকে সকলো অংগনবাড়ী কৰ্মীক আন্তৰিকতা, নিষ্ঠা আৰু দায়িত্ববোধেৰে জনসাধাৰণক উন্নত সেৱা আগবঢ়োৱাৰ আহ্বান জনায়।

Address

Bowalguri
Morigaon
782104

Website

Alerts

Be the first to know and let us send you an email when Bowalguri Gaon Panchayat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share